অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

জনসংখ্যা নিয়ন্ত্ৰণ আৰু পুৰুষ বন্ধ্যাকৰণৰ সহজ উপায়

জনসংখ্যা নিয়ন্ত্ৰণ আৰু পুৰুষ বন্ধ্যাকৰণৰ সহজ উপায়

আজিৰ ভাৰতবৰ্ষত বহু সমস্যাৰ ভিতৰত জনসংখ্যা বিস্ফোৰণটোও এটা ডাঙৰ সমস্যা। অকল ভাৰতবৰ্ষতে নহয়, সমগ্ৰ বিশ্বৰ কাৰণেও জনসংখ্যা বিস্ফোৰণটো এটা ডাঙৰ সমস্যা। আদিম কালৰ পৰা জনসংখ্যা নিয়ন্ত্ৰণৰ কাৰণে মানৱ সমাজে বহুতো বেলেগ বেলেগধৰণৰ উপায় অবলম্বন কৰি আহিছে। আজিৰ সমাজত নতুন চিকিৎসা বিজ্ঞানৰ দিনত জনসংখ্যা নিয়ন্ত্ৰণৰ বহুতো নতুন নতুন পদ্ধতি ওলাই আছে। সেইসকলোখিনি জনসংখ্যা নিয়ন্ত্ৰণৰ পদ্ধতিক বিস্তৃতভাবে দুটা ভাগত ভগাব পাৰি; জনসংখ্যা নিয়ন্ত্ৰণ পদ্ধতি মহিলাৰ বাবে আৰু পুৰুষৰ বাবে। পুৰুষ-মহিলা দুয়োৰে কাৰণে থকা পদ্ধতিখিনিক আকৌ বিস্তৃতভাবে দুটাভাগত ভগাব পাৰি; অস্থায়ী আৰু স্থায়ী পদ্ধতি। মহিলাৰ বাবে থকা অস্থায়ী পদ্ধতিৰ ভিতৰত আছে অৰেল কণ্ট্ৰাচেপ্তিভ পিল, ইমাৰ্জেন্সি পিল, ডায়’ফ্ৰম, মহিলাৰ কণ্ডোম, ক’পাৰটি ইত্যাদি। মহিলাৰ স্থায়ী পদ্ধতিক টিউবেকটমি বোলা হয়।

পুৰুষৰ অস্থায়ী পদ্ধতিৰ ভিতৰত কণ্ডোমেই প্ৰধান। যদিওবা পুৰুষৰ কাৰণেও অৰেল পিলচ আৰু ইনজেক্টেবল কণ্ট্ৰাচেপ্টিভৰ বহুতো পৰীক্ষণ হৈছে সেইবিলাক ইমান সফল হোৱা নাই।

আজি আমি পুৰুষৰ স্থায়ী জনসংখ্যা নিয়ন্ত্ৰণৰ প্ৰধান পদ্ধতি ভেচেকটমি (Vasectomy)-ৰ সবাতকৈ অভিনব আৰু জনপ্ৰিয় পদ্ধতি NSV (No-Scalpel Vasectomy)-ৰ বিষয়ে কিছু আলোচনা কৰিম। এই পদ্ধতিটো সৰ্বপ্ৰথমে চীন দেশত ডাঃ লী নামৰ ডাক্তৰজনে আবিষ্কাৰ কৰিছিল ১৯৭৪ চনত। লাহে লাহে পদ্ধতিটো দক্ষিণ-পূব এচিয়াৰ প্ৰায়খিনি দেশলৈ বিয়পি পৰিছিল। ভাৰতলৈ এই পদ্ধতিটো আহিছিল কিছু পলমকৈ। ১৯৯২ চনৰ শেষৰফালে দিল্লীৰ মৌলনা আজাদ মেডিকেল কলেজৰ শৈল্য চিকিৎসা বিভাগৰ অধ্যাপক ডাঃ ৰামচন্দ্ৰমূৰ্তি কাজা আৰু এজন  চিকিৎসক ডাঃ আলোক বেনাৰ্জীয়ে এই পদ্ধতিটো আয়ত্ব কৰি আহে বেংককৰ পৰা। ডাঃ আলোক বেনাৰ্জীয়ে যদিওবা ব্যক্তিগত চিকিৎসাখণ্ডত যোগদান কৰে, ডাঃ ৰামচন্দ্ৰমূৰ্তি কাজাই এই পদ্ধতিটো ভাৰতবৰ্ষ আৰু বাহিৰত প্ৰচাৰ কৰিবলৈ বহুতো অহোপুৰুষাৰ্থ প্ৰচেষ্টা কৰে। তেখেতে পুনৰ চীন দেশলৈ গৈ ডাঃ লী-ক লগ কৰি তেখেতৰ পৰা পোনপটীয়াকৈ পদ্ধতিটো খৰচি মাৰি শিকি আহে। ১৯৯২ চনৰ নবেম্বৰ মাহতে তেখেতে পোনপ্ৰথমবাৰৰ বাবে লোকনায়ক হস্পিতালতে শিবিৰ পাতে। প্ৰথম শিবিৰতেই সৰ্বসাধাৰণৰ পৰা খুব ভাল সঁহাৰি পায়। যিখন লোকনায়ক হস্পিতালত পুৰুষ পৰিয়াল কল্যান বিভাগত গোটেই বছৰত দুশ/তিনিশমান পুৰুষ বন্ধ্যাকৰণ হৈছিল ১৯৯২ চনৰ নবেম্বৰ আৰু ডিচেম্বৰ মাহতে তাতোকৈ অধিক পুৰুষ বন্ধ্যাকৰণ এই নতুন পদ্ধতিৰে কৰা হৈছিল।

এই নতুন পদ্ধতিত দুটা নতুন সজুলি ব্যৱহাৰ কৰা হয়। তাৰে এটা হ’ল Ringed Clamp বা Extra Cutaneous Vas Holding Clamp আৰু আনটো হ’ল Dissecting Forceps। পদ্ধতিটোত মূলতে তিনিটা আঙুলি ব্যৱহাৰ কৰা হয়; বুঢ়া আঙুলি, তৰ্জনী আঙুলি আৰু মধ্যমা আঙুলি। সেইকাৰণে এই পদ্ধতিক Three Finger Procedure বুলিও কোৱা হয়। ইয়াত কাটিবৰ কাৰণে কোনো Scalpel ব্যৱহাৰ নহয় কাৰণে ইয়াক No-Scalpel Vasectomy বুলি কোৱা হয়। এই পদ্ধতিৰ অস্ত্ৰোপচাৰ কৰিবৰ কাৰণে অণ্ডকোষৰ সোঁমাজতে আগফালে ওপৰৰ এক তৃতীয়াংশ আৰু তলৰ দুই তৃতীয়াংশৰ ঠাইডোখৰ দুই শতাংশ Xylocaine-ৰ বেজী দি অচেতন কৰি লোৱা হয়। দুয়োফালৰ Vas Deferens দুয়োডালৰো চাৰিওফালে প্ৰায় দুই মি:লি: কৈ দুই শতাংশ Xylocaine দিয়া হয়। প্ৰায় এক মিনিট সময়ৰ পাছত তিনিটা আঙুলিৰ সহায়ত প্ৰথমে সোঁফালৰ Vas Deferensডাল বিচাৰি উলিয়াই Ringed Clampডালেৰে তাক ধৰি ৰখা হয়। তাৰ পাছত Dissecting Forceps ডালেৰে এটা সৰু বিন্ধা কৰি সেই বিন্ধাৰে Vas Deferensডাল বাহিৰলৈ উলিয়াই অনা হয়। দুয়োটা মূৰত ২নং ৰেচমৰ সূতাৰে ভালদৰে গাঁঠি দি মাজৰ প্ৰায় এক চেণ্টিমিটাৰ অংশ কাটি পেলোৱা হয়। কোনোবা এটা মূৰ Internal Sparmatic Fascia-ৰ বাহিৰত উলিয়াই আৰু আনটো মূৰ ভিতৰত ৰাখি পুনৰ বাহিৰলৈ উলিওৱা মূৰটোৰ চাৰিওপিনে  Internal Sparmatic Fascia-ৰ সৈতে ৰেচমেৰে বান্ধি দিয়া হয়। এই পদ্ধতিক Fascial Inter Position বুলি কোৱা হয়। ইয়াৰ পাছত Vas Deferens-ৰ দুয়োটা মূৰ ৰেচমৰ সূতাকেইডাল সৰুকৈ কাটি ভিতৰলৈ এৰি দিয়া হয়। বাওঁফালৰ কাৰণেও সেই একে বিন্ধাৰেই গোটেই পদ্ধতিটো পুনৰাবৃত্তি কৰা হয়। মাত্ৰ সোঁ আৰু বাওঁফালৰ Vas Deferensকেইডাল ধৰাৰ কৌশলটোতহে অলপ পাৰ্থক্য আছে। সোঁফালৰ কাৰণেও কৰাওতাজনৰ মূৰৰফাললৈ মুখ কৰি Vas Deferensডাল ধৰিবলৈ সুবিধা হয় আৰু বাওঁফালৰ কাৰণে কৰাওতাজনৰ ভৰিৰফাললৈ মুখ কৰি Vas Deferensডাল ধৰিবলৈ সুবিধা হয়। চমুকৈ ক’বলৈ গ’লে সকলো স্থায়ী পদ্ধতিৰ ভিতৰত এই পদ্ধতিটোৱে সকলোতকৈ সহজ আৰু বিপদমুক্ত। পদ্ধতিটোত পাঁচৰ পৰা দহ মিনিট সময়ৰ প্ৰয়োজন হয়। এই পদ্ধতিটো ইমানেই সহজ যে কৰাওতাজন অহাৰ পৰা ঘূৰি যোৱালৈ আধাঘণ্টা সময়ৰ বেছি নালাগে। পদ্ধতিটোৰ পাছত সাধাৰণতে পাঁচদিনৰ কাৰণে এণ্টিবায়’টিক আৰু তিনিদিনৰ কাৰণে বিষৰ ঔষধ দিয়া হয়। তিনি মাহৰ কাৰণে অন্য কোনো জনসংখ্যা নিয়ন্ত্ৰণৰ পদ্ধতি অব্যাহত ৰাখিব লাগে। তিনি মাহৰ পাছত কৰোতাজনৰ বীৰ্য পৰীক্ষা কৰা হয়। ভাৰত চৰকাৰৰ ফালৰ পৰা এই পদ্ধতি অবলম্বন কৰাসকলক প্ৰোৎসাহন যোগাবলৈ ১১০০ টকাকৈ অনুদান আগবঢ়োৱা হয়। প্ৰোৎসাহকসকলকো ২০০ টকাকৈ অনুদান দিয়া হয়।

আজিৰ পৃথিৱীৰ প্ৰায় সকলোবোৰ দেশতে এই পদ্ধতিকেই সবাতোকৈ উত্তম আৰু নিৰাপদ পদ্ধতি বুলি নিৰ্ধাৰিত কৰা হৈছে। বৰ্তমান লোকনায়ক হস্পিতালৰ পুৰুষ পৰিয়াল কল্যান বিভাগত এই অস্ত্ৰোপচাৰৰ কাৰণে প্ৰশিক্ষণ দিয়া হয়। বৰ্তমানলৈকে এই কেন্দ্ৰত প্ৰায় বাৰটা অন্তৰাষ্ট্ৰীয় প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত কৰা হৈছে য’ত বহুতো আফ্ৰিকান দেশ তথা কানাডা আৰু তুৰ্কীৰ নিচিনা দেশৰ শৈল চিকিৎসকেও প্ৰশিক্ষণ গ্ৰহণ কৰি গৈছে। ভাৰতৰ কাৰণে প্ৰশিক্ষকৰ প্ৰশিক্ষণো এই কেন্দ্ৰতে মুখ্য প্ৰশিক্ষক ডাঃ ৰামচন্দ্ৰমূৰ্তি কাজাৰ তত্বাবধানত অনুষ্ঠিত কৰা হয়।

লিখক: ডাঃ চন্দন কুমাৰ বৰতামুলী

শেহতীয়া উন্নীতকৰণ: : 7/11/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate