অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

জলা খাওঁক নিৰোগী হৈ থাকক

আমাৰ মাজৰে বহু লোকে একেবাৰে জলা খাব নোৱাৰে। কিছু লোকে আকৌ জলা নহ’লে খাদ্য গ্ৰহণ কৰিবলৈকে টান পায়। প্ৰতিজন লোকৰে মুখৰ সোৱাদ ভিন্ন ধৰণৰ হোৱাটো স্বাভাৱিক, কিন্তু যিসকলে বেছিকৈ জলা খাব পাৰে সেইসকলে শাৰিৰীকভাৱে লাভান্বিত হয়। কাৰণ জলা খাদ্যই স্বাস্থ্যৰ ওপৰত অতি বেছি ভাল প্ৰভাৱ পেলায়। শুনিবলৈ আচৰিত যেন লাগিলেও যিসকলে বেছিকৈ জলা খায়, তেনে লোকে বহুবোৰ স্বাস্থ্য সমস্যাৰ পৰা আতৰি থাকিব পাৰে।

তলত জলা গ্ৰহণৰ লাভালাভ কেইটামান উল্লেখ কৰা হ’ল:

হৃৎপিণ্ড সুস্থকৈ ৰাখে

জলা খোৱাৰ ফলত দেহৰ কাৰ্ডিঅ’ভাস্কুলাৰৰ সমস্যাবিলাক আঁতৰ ৰখাত সহায় কৰে। জলাই দেহৰ ক্ষতিকাৰক কলেষ্ট্ৰৰেলবোৰ আঁতৰ কৰাত সহায় কৰে ইয়াৰ ফলতে হৃৎপিণ্ড সুস্থ হৈ থাকে। ইয়াৰ উপৰিও জলকীয়াত থকা কেপচাইচিনত এন্টিইনফ্লেমেটৰি উপাদান আছে। যিয়ে শৰীৰৰ প্ৰদাহ দূৰ কৰি ৰখাত সহায়ক হয়।

কৰ্কট ৰোগ প্ৰতিৰোধ কৰে

গৱেষণাত দেখা গৈছে যে জলকীয়াত থকা কেপচাইচিনৰ কেন্সাৰৰ কোষ ধ্বংস কৰাৰ ক্ষমতা আছে। ইয়াৰ উপৰিও সাধাৰণ চৰ্দি কাঁহ আৰু ষ্ট্ৰোক প্ৰতিৰোধৰ ক্ষমতা আছে।

জলাযুক্ত আহাৰে শৰীৰৰ ওজন কমায়

যদিহে আপুনি শৰীৰৰ ওজন কমাবলৈ বিচাৰিছে তেন্তে খাদ্যৰ লগত জলা উপাদান গ্ৰহণ কৰক।

গৱেষণাত দেখা পোৱা গৈছে যে, জলকীয়া বা জলা খাদ্যৰ মূল উৎসত কেপচাইচিন নামৰ যৌগ থাকে, যিয়ে শৰীৰত থাৰ্মোজেনিক প্ৰতিক্ৰিয়া সৃষ্টি কৰে। এই থাৰ্মোজেনিক প্ৰতিক্ৰিয়াই দেহৰ কেলৰি ক্ষয় কৰাত বিশেষভাৱে সহায় আগবঢ়ায়।

উচ্চ ৰক্তচাপ কমাই তোলে

গৱেষণাৰ ফলত দেখা গৈছে যে জলকীয়া বা আন জলা আহাৰে তেজৰ শিৰা-উপশিৰাসমূহ নমনীয় কৰি তোলাত সহায় কৰে। ইয়াৰ ফলত উচ্চ ৰক্তচাপৰ সম্ভাৱনা কমাই ৰাখে।

খং নিয়ন্ত্ৰণত ৰাখে

যিসকলে একেবাৰেই খং নিয়ন্ত্ৰণত ৰাখিব নোৱাৰে তেওঁলোকে জলা আহাৰ খাই খং নিয়ন্ত্ৰণৰ চেষ্টা কৰিব পাৰে।

গৱেষণাত দেখা গৈছে যে জলা খাদ্যই আমাৰ দেহত চেৰোটেনিনৰ মাত্ৰা বৃদ্ধি কৰে , যিয়ে মগজু উৎফুল্লিত কৰাত সহায় কৰে। ইয়াৰ ফলত খঙো অতি সোনকালে মাৰ যায়।

উৎস: ইন্টাৰনেট।

শেহতীয়া উন্নীতকৰণ: : 3/30/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate