অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

জহকালিৰ নাক,কাণ, ডিঙিৰ বিভিন্ন ৰোগ আৰু প্ৰতিকাৰ

জহকালিৰ নাক,কাণ, ডিঙিৰ বিভিন্ন ৰোগ আৰু প্ৰতিকাৰ

গ্ৰীস্মকালি আকাশৰ পৰা যেন জুইৰ শিখাহে বৰেঅষে। চাৰিওপিনে পৰিৱেশ গৰম হয়। গৰমত মানুহে ছাটি ফুটি কৰিবলগীয়া হয়। ৰ’দত্ৰ ছাল পুৰি যায়। অণ্ঠ-কণ্ঠ শুকাই যায়। পানী, ফলৰ ৰস, শীতল পানীয় অনবৰতে খায়ো পিয়াহ নপলায়। লগতে আহে বৰষুণ আৰু বনপানী। জহকালি পোক-পৰ্ৱাৰ উপদ্ৰৱো বাঢ়ে। দিনত মাখি আৰু ৰাতি মহৰ উঅৎপাতে মানুহৰ জীৱনলৈ বহু ৰোগ কঢ়িয়াই আনিব পৰে। জহকালিৰ দিনকেইওটা সাৱধানেৰে নাথাকিলে সহজেই ৰোগক্ৰান্ত হ’ব পাৰে। জহকালি নাক, কান আৰু ডিঙিৰ বিভিন্ন ৰোগত মানুহ ৰুগীয়া হৈ পৰা দেখা যায়। ৰ’দত ঘুৰা-ফুৰা আৰু কাম কৰি ফুৰা মানুহৰ প্ৰায়ে ওঁঠ ফাটি যায়। কেতিয়াবা ওঠ ফাটি তেজ ওলাব পাৰে। সেয়েহে ওঠত ভেছলিন লগাই যাব লাগে। গালে-মুখেও ছানস্ক্ৰীন লোচন’ লগাব লগাব লাগে। নহ’লে ৰ’দত থকা আল্ট্ৰা ভায়’লেট ৰশ্মিৰ প্ৰভাৱত ছালৰ বিভিন্ন ৰোগ হ’ব পাৰে। গা ধুই উঠি ৰ’দত ওলাই যাবলগীয়া হ’ললে শৰীৰত ছানস্ক্ৰীন লোচন লগাব লাগে। জহকালি গৰমত প্ৰায়ে নাকৰ পৰা তেজ ওলোৱা দেখা যায়। গৰম বতাহত নাকৰ ভিতৰৰ মিউকাছ আৱৰণিখন ফাটি যায় আৰু তেজ ওলায়। সেয়েহে নাকৰ ভিতৰত ভেছলিন লগাব লাগে। বিশেষকৈ শিশুৰ ক্ষেত্ৰত ঘৰৰ পৰা ওলাই যোৱাৰ আগতে ৰাতি শোৱাৰ আগতে নাকৰ ভিতৰত পাতলকৈ ভেছলিন লগাই দিলে নাকৰ পৰা তেজ ওলোৱা ৰোধ কৰিব পাৰি।

জহকালি গৰমত গাৰ পৰা ঘাম ওলায়। গা ধোৱাও বেছি হয়। বহুতে গৰমৰ পৰা পৰিট্ৰাণ পাবলৈ পানীত সাঁতোৰে। তেতিয়া কানত পানী সোমায়। কাণত পানী সোমোৱাৰ ফলত কাণত ৰোগ স্ংক্ৰমণ হয়। কাণ বিষায়। কাণ ফুলি উঠিব পাৰে। তেতিয়া এণ্টিবায়’টিক ঔষধ প্ৰয়োগ কৰিবলগীয়া হ’ব পাৰে। সেয়েহে জহকালি কাঠৰ বা লোহাৰ মাৰীৰে কাণ খজুৱাব নালাগে। তেনে কৰিলে সহজেই কাণৰ স্ংক্ৰমণ হ’ব পাৰে।

কাণত পানী সোমালে বা তেল দিলে জহকালি প্ৰায়৩এ ভেঁকুৰজাতীয় ৰোগৰ স্ংক্ৰমযণ হোৱা দেখা যায়।সেয়েহে জহকালিকাণত তেল দিয়া উচিত নহয়। কাণ দুখন শুকান হৈজ থাকিলে সহজে ৰোগাক্ৰান্ত নহয়। জহকালি গৰমত মানুহে ছাটি-ফুটি ফুৰিবলগীয়া হয়। পিয়াহত অণ্ঠ-কণ্ঠ শুকাই যায়। তেতিয়া পানী বা ফলৰ ৰস খাবলৈ মন ব্যাকুল হয়। কিন্তু এই ক্ষেত্ৰত সাৱধান নহ’লে সহজেই ডিঙিৰ ৰোগত আক্ৰান্ত হ’ব পাৰে। গৰমত পানী বা শীতল পানীয় ঘোটঘোটকৈ পি খাব নালাগে। বৰঞ্চ মুখত কেই ছেকেণ্ডমান ৰাখি ধীৰে-সুস্থিৰে খাব লাগে। নহ’লে সহজেই টনচিলাইটিছ বা ফেৰেঞ্জাইটিছ ৰোগত ভুগিবলগীয়া হ’ব পাৰে।। তেতিয়া খোৱা-বোৱাত অসুবিধা হ’ব পাৰে। ডিঙি বিষায়। জ্বৰ উঠে। এনে পৰিস্থিতিত উপযুক্ত চিকিৎসা নহ’লে ৰোগ জটিল হ’ব পাৰে। জহকালি খোৱা-বোৱাৰ ক্ষেত্ৰত সতৰ্ক হোৱা উচিত। মুকলিকৈ খোৱা খাদ্য, ফল, ফলৰ ৰস আদিত সহজেই ৰোগৰ বীজাণু বিয়পিব পাৰে।তেনে খাদ্যৰ পৰা বিভিন্ন ৰোগ হোৱা দেখা যায়।ডিঙিৰ ৰোগ, কলেৰা, টাইফয়ড, হাগনি, যকৃতৰ ৰোগ (জণ্ডিচ) আদি সঘনাই হোৱা দেখা যায়। সেয়েহে খাদ্যৰ ক্ষেত্ৰত সতৰ্ক হোৱা উচিত। কাৰণ জহকালি সহজএই খাদ্য নষ্ট হ’ব পাৰে।

জহকালি প্ৰায়ে মানুহে জ্বৰ আৰু কাহত্ভোগাদেখা যায়। প্ৰথমে এই ৰোগবিলাক ভাইৰাছৰ আক্ৰমণৰ ফলত আৰম্ভ হয়। পিচলৈ বীজাণুৰ আক্ৰমণত নাক, ছাইনাছ, ডিঙি, ব্ৰংকাছ আৰু হাওঁফাওঁত ৰোগ স্ংক্ৰমণ হয়। জহকালি গৰমত যিমান পাৰে কম পোছাক পৰিধান কৰে।বতাহ বিচাৰি মুকলিত বহিবলৈ আৰু শুবলৈ ভাল পায়। তেতিয়া মহ আৰু অন্যান্য কীট-পত্ংগিশৰীৰত কামুৰিব পাৰে। ফলত মেলেৰিয়া, পাক্ষীজ্বৰ, চিকুণগুণীয়া, গাহৰি জ্বৰ আদি ৰোগ হ’ব পাৰে।

জহকালি সেয়েহে ৰ’দ, বৰষুণ, বানপানী, কীট-পত্ংগ আদিৰ পৰা সতৰ্ক হৈ থাকিব লাগে। নহ’লে ৰোগত আক্ৰান্ত হ’ব পাৰে। জহকালিৰ পোছাক-পৰিচ্ছদ উপযুক্ত হ’ব লাগে। গৰমত বগা ৰঙৰ কাপোৰ ভাল, কাৰণ বগা ৰঙে সূৰ্যৰ তাপ শুহি নলয় বৰঞ্চ বিচ্ছুৰিত  কৰে। তেনেদৰে ক’লা ৰঙে সূযৰতাপ শুহি লয় আৰু অধিক গৰম অনুভৱ হয়। শৰীৰক সূৰ্যৰ ৰশ্মিৰ উপকাৰী প্ৰভাৱৰ পৰা ৰক্ষা কৰিবলৈ উপযুক্ত পোছাক পিন্ধিব লাগে। শৰীৰত ছানস্ক্ৰীন লোচন লগাব লাগে আৰু ছাতি ব্যৱহাৰ কৰিব লাগে। ৰাতি শোওঁতে মহৰ পৰা পৰিত্ৰাণ পাবলৈ আঁঠুৱা ব্যৱহাৰ কৰিব লাগে।

জহকালি গৰমত ঘাম ওলায়। তেতিয়া শৰীৰত শুস্কতা সৃষ্টি হ’ব পাৰে।অৰ্থাৎ ঘামত শৰীৰৰ পৰা পানীভাগ আৰু প্ৰয়োজনীয় মিনাৰেলবোৰ, যেনে ছ’ডিয়াম, পটাছিয়াম আদি ওলাই যাবপাৰে। তেতিয়াই শৰীৰৰ শুস্কতা সৃষ্টি হয়। সেয়েহে বিশেষকৈ শিশু আৰু বৃদ্দ্গ বা ৰুগীয়া লোকৰ ক্ষেত্ৰত হ’ব্লাগে। পৰ্যাপ্ত পৰিস্কাৰ পানী খব লাগে। চেনি, ছ’ডা, নিমখ আদি মিহলি পানী খাব লাগে। ফলৰ ৰস খাব লাগে। ডাবৰ পানীও শৰীৰৰ বাবে উত্তম। কিন্তু বজৰুৱা শীতল পানীয়, চাহ, কফি আদিয়ে শৰীৰৰ শুস্কতা বৃধি কৰিব পাৰে। গ্ৰীস্ম, বৰ্ষা, শৰৎ, হেমন্ত, শীত আৰু বসন্ত- এই ছয় ঋতু আমাৰ দেশত আছে। প্ৰত্যেক ঋতু পৰিৱৰ্তনৰ সময়ত আমাৰ শৰীৰত বিভিন্ন ৰোগে দেখা দিব পাৰে। বিশেষকৈ নাক,মুখ অৰু কাণত ঋতু পৰিৱৰ্তনৰ ফলত বিভিন্ন ৰোগে দেখা দিয়ে। তাৰ ভিতৰত এলাৰ্জী আৰু ভাইৰাছজনিত ৰোগ অধিক। জহকালিৰ দিনকেইট সাৱধানেৰে চলিলে ভালদৰে উপভোগ কৰিব পাৰি। ৰ’দ বতাহ আৰু বৰষুণৰ প্ৰতি সতৰ্ক হৈও থাকিলে বিভিন্ন ৰোগৰ পৰা হাত সাৰিব থাকিব পাৰি।

ডা: বিশ্বনাথ শৰ্মা, অসমীয়া প্ৰতিদিন

শেহতীয়া উন্নীতকৰণ: : 4/27/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate