অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

জানিবলগীয়া কথা

গৰমৰ দিনত খাই আনন্দ পোৱা খাদ্য


  • গৰমৰ দিনত টেঙা দিয়া দাইলখন বৰ ভাল লাগে। পিছে টেঙাকণ কেনেকৈ দিব?  সৰিয়হ ফুটাই দাইলত তেল মাৰি উতল আহিলে নেমুটেঙা চেপি দিব। দেৰদেৰাই যোৱাকৈ নেমু টেঙা নিদিব। এটা জোখমতেহে দিব। নেমুটেঙা চেপি দি লৰায়ে ঢাকোন মাৰি দিব। জুইও নুমুৱাই দিব। যাতে নেমুৰ গোন্ধ থাকি যায়। ইলাচি নেমু হ’লেতো কথাই নাই।
  • নিমখ-সৰিয়হৰ তেল, সৰু সৰুকৈ কুটা পিয়াজেৰে সিজোৱা আলু ভালদৰে সানি লৈ সৰু সৰু বৰা বনাই পেলাওক| এতিয়া বহল প্লেটত সিজোৱা আলুৰ বৰবোৰ থৈ ওপৰত মিক্সিত মাৰি লোৱা দৈ জোখ মতে ঢালি দিয়ক। দৈত জোখত নিমখ আৰু চেনি দিব। গৰম তেলত কেঁচা জলকীয়া আৰু সৰিয়হ ফুটাই তাৰ ওপৰত ঢালি দি ঢাকোন মাৰি দিব। গৰমত খাই কি যে শান্তি পাব। ভাতৰ লগত খোৱাৰ উপৰি ফ্ৰীজত থৈ আবেলিও খাব পাৰে।
  • মণ্ড দাইল তিয়াই থওক। কুমলিলে মিক্সিত গুড়ি কৰি লওক। পিয়াঁজ-নহৰু মিহি মিহিকৈ কুটি দি, জোখ মতে নিমখ-হালধি দি গোটেইখিনি মিলাই লৈ বৰ ভাজি পেলাওক। এতিয়া বহল প্লেটত বৰ থৈ ওপৰত নিমখ, চেনি দি ফেটি থোৱা দৈ ঢালি দিয়ক। দৈ ঠাণ্ডা বা ফ্ৰীজত থোৱা দৈ হ’লে খাই আৰাম পাব। গৰম তেলত সৰিয়হ ফুটাই আৰু নৰসিংহ পাত সামান্য ভাজি ওপৰত ঢালি দিব পাৰে।
  • তিয়ঁহ-দৈৰ ৰায়তা ভাতৰ লগত সদায় খাব পাৰে। কল, আপেল, ডালিমত পাতলকৈ ক্রীম ঢালি ফ্ৰীজত থৈ চুইট ডিচ্‌ হিচাপে খাই আৰাম পাব।
  • ঘৰত ক’লা নিমখ সদায় ৰাখিব। নেমু চৰবত কণত পদিনা পাত দুটামান ছিঙি দি আৰু ক’লা নিমখ সামান্য মিহলাই খাই আৰাম পাব। আপেল, নাচপতি আদি কাটি তাতো ক’লা নিমখ ছটিয়াই খাই ভাল পাব।
  • দৈ সদায় ঘৰত ৰাখিব পাৰে। ডাঠ দৈ খাব লাগে বুলি কথা নাই। দৈত সৰহ পানী মিহলাই নিমখ-চেনি দি ভালদৰে ঘুটি খাই আৰাম পাব। দৈতো ক’লা নিমখ আৰু দুখিলা পদিনা পাত হাতেৰে ছিঙি দিব।
  • নেমু বা থেকেৰাৰ পাতল জোল বনাই তাত ভাজি থোৱা মাছ বা দাইলৰ বৰ দি খাব। জোলকণত সামান্য চেনি দিলে খাবলৈ সোৱাদ পাব।
  • গৰমত ফল-মূল অধিক খাব লাগে। সিজোৱা-পিটিকা আদি খাব লাগে| বৰলীয়া ধৰণৰ মাছ ফ্রাই কৰি কাঁইটবোৰ বাছি পেলাই সিজোৱা আলু অলপ আৰু কুটা পিয়াজেৰে পিটিকা কৰি খাওক| পিটিকাত সামান্য নেমু চেপি দিব।

লেখিকা: ৰাণু দাস চৌধুৰী, অসম বাণী।

সুন্দৰ হাতৰ বাবে নখৰ যতন


ছাল, চুলি, সুন্দৰ মুখমণ্ডল আদিৰ লগতে এগৰাকী মহিলাৰ হাত দুখন সুন্দৰ হোৱাটো আৱশ্যক হৈ পৰে। আনহাতে হাত দুখনৰ সৌন্দর্য নিৰ্ভৰ কৰে নখৰ সঠিক সুন্দৰ স্বাস্থ্যৰ ওপৰত। সুন্দৰ নখৰ অধিকাৰী এগৰাকীয়ে নিৰ্ভৰ কৰিব নালাগে কোনো নেইল আর্টৰ ওপৰত। পৰিস্কাৰ নখকেইটাই এগৰাকী মহিলাৰ ব্যক্তিত্ব ফুটাই তোলাত অনেক সহায় কৰে। একে সুন্দৰ নখৰ বাবে পাতল ৰঙৰ গ্ল'ছৰ প্রলেপেই যথেষ্ট। তথাপিও কেতিয়াবা কোনো বিশেষ অনুষ্ঠান আৰু পোছাক অনুসৰি কেতিয়াবা লগোৱা নেইল পলিচৰ কোটটোৱে এক বিশেষ ধৰণৰ গাম্ভীর্য প্রদান কৰে।

সাধাৰণতে ক’বলৈ গ’লে প্রায় মহিলাৰে নেইল পলিচ লগোৱা নখেই অধিক পছন্দৰ। আকৌ মাজে মাজে নেইল পলিচ সলনি কৰি থকা আৰু প্রচলিত নেইল আর্টসমূহেই আমাৰ ভাল লাগে। কিছু মহিলাই প্রতিযোৰ সাজৰ লগতে নেইল পলিচ সলনি কৰে। কিন্তু আমি এবাৰ ভাবি চাইছেনে তেনে কৰাটো আমাৰ নখৰ বাবে কিমান উপকাৰী? আমি বহুতেই ভাবিব পাৰো নখকেইটাত নো কি স্বাস্থ্যৰ কথা আছে? কিন্তু নহয়। আমাৰ শৰীৰৰ ছাল, চুলিৰ দৰে নখকো সমানে গুৰত্ব দিয়া উচিত।

আমাৰ নখবোৰ কেৰাটিন নামৰ এবিধ প্ৰ’টিনৰ লেয়াৰেৰে তৈয়াৰী। কিউটিকেল বেচত নতুন ছে’ল জন্ম হোৱাৰ লগে লগে পুৰণি চেলবোৰ টান হৈ ফিংগাৰ টিপলৈ আউটয়ার্ডলৈ গ্রো কৰে। স্বাস্থ্যৱান নখ হয় মসৃণ আৰু সুন্দৰ ৰঙৰ। সঠিক যত্নৰ অভাৱত নখ হৈ পৰে ক্ষণভংগুৰ, ডিচকালাৰ আৰু কোনো কোনো ক্ষেত্ৰত মসূণো দেখা পোৱা নাযায়। সেয়ে আমাৰ শৰীৰৰ আন আন অংগ-প্রত্যংগৰ দৰে নখৰো সঠিক যতন লোৱা উচিত।

  • সকলো সময়তে আমাৰ নখ পৰিস্কাৰ আৰ শুকানকৈ ৰাখিব লাগে। কিয়নো অধিক সময় নখ তিতা অৱস্থাত থাকিলে নখৰ ভিতৰত বেক্টেৰিয়া, ফাংগাছ হোৱাৰ সম্ভাৱনা থাকে। এইবোৰৰ পৰা ইনফেকচন হোৱাৰ সম্ভাৱনা অধিক বাঢ়ি যায়।
  • নখ কাটি ফাইলাৰ দি সুন্দৰকৈ আকাৰ দিব লাগে নখ কটাৰ আগেয়ে কুহুমীয়া গৰম পানীত হাতখন কিছুসময় তিয়াই থওক। নৰম হ’লে কাটোতেও সুবিধা হ’ব।
  • কেতিয়াবা ক’ৰবাত অলপ লাগিলেই নখ ভাঙি যায়। এনে নখ টানি নিছিঙিব। নেইল কাটাৰেৰে সমানকৈ কাটক।
  • সকলো সময়তে নেইল পলিচ নলগোৱাই ভাল। বিৰতি নোহোৱাকৈ লগাই থাকিলে নখৰ স্বাভাৱিক ৰং নষ্ট হয়। কমেও দুসপ্তাহৰ অন্তৰত নেইল পলিচ উঠাই দি এসপ্তাহমান তেনেদৰে থাকিবলৈ দিয়ক। এনে কৰিলে নখত পোহৰ তথা বাহিৰৰ বতাহ লাগি নখ ভালে থাকে।
  • দাঁতেৰে নখ কামোৰা অথবা নখৰ কিনাৰৰ মাংস কামুৰি এৰুৱা আদি বেয়া অভ্যাসবোৰ যিমান পাৰে এৰুৱাবলৈ যত্ন কৰক|
  • প্রতিদিনে নিশা বিছনালৈ যোৱাৰ আগেয়ে কিউটিকেলচসমূহ পেট্রলিয়াম জেলিৰে মাছাজ কৰিলে কিউটিকেলচসমূহ নৰম হয়।
  • কিউটিকেল পুচাৰৰ সহায়ত বাঢ়ি অহা কিউটিকেলসমূহে পিছুৱাই দিব পাৰে।
  • কিউটিকেলসমূহ ব্লেড ব্যৱহাৰ কৰি নাকাটিব বা কেতিয়াও দাঁতেৰে কামুৰি গুচাবলৈ চেষ্টা নকৰিব।
  • জাৰকালিৰ সময়ছোৱাত কিউটিকেলছৰ সমস্যাৰ পৰা হাত সাৰিবলৈ ময়শ্ব’ৰাইজাৰ লগাব লাগে আৰু গ্লিচাৰিনযুক্ত হেণ্ডক্ৰীম বাছনি কৰিব লাগে।
  • শুকান কিউটিকেলছসমূহৰ পৰা নিস্তাৰ পাবলৈ জ’জ বা অইলৰে মাছাজ কৰিব লাগে।

টিপছ— নেইল পলিচ ৰিম’ভাৰ কমকৈ ব্যৱহাৰ কৰক। অধিক ব্যৱহাৰৰ ফলত নখ শুষ্ক হয়। চাবোনেৰে হাত ধোৱাৰ পাছত যিকোনো হেণ্ডক্রীম লগাওক। চাবোনে নখত ময়শ্ব’ৰাইজাৰ নষ্ট কৰে।

লেখিকা: শ্ৰুতি জৈন, অসম বাণী।

স্বাস্থ্য শিক্ষাৰ প্ৰয়োজনীয়তা-


‘সুখ নাই, সুখ নাই ক’তো ধৰুৱাৰ,

অণু মাত্ৰ সুখ নাই চিৰ ৰুগীয়াৰ’

‘যোগ্য ভোগ্য বসুন্ধৰা”— এই পৃথিৱীখন হ’ল যোগ্যজনৰ উপভোগৰ ঠাই। ইয়াত অযোগ্যজনৰ স্থান নাই। সংসাৰত নিজকে যোগ্য কৰি ৰাখিবলৈ সুস্বাস্থ্যৰ প্রয়োজন আছে। স্বাস্থ্য অবিহনে সকলো মিছা। জীয়াই থকা দিনকেইটাত মানুহে প্রতি মুহূর্ততে সংগ্রাম কৰিবলগীয়া হয়। এই সংগ্রাম নিয়তিৰ বিৰুদ্ধে জীয়াই থকাৰ সংগ্রাম, জীৱন যুঁজত শ্রেষ্ঠত্ব প্রতিপন্ন কৰাৰ সংগ্রাম। এই সংগ্রাম অব্যাহত ৰাখিবলৈ মানুহক লাগে এটি সুস্থ সবল শৰীৰ আৰু মন।। ৰুগীয়া, দুর্বল শৰীৰেৰে এই যুঁজত অংশগ্রহণ কৰিব নোৱাৰি। সুস্থ শৰীৰেহে আমি যুঁজত অৱতীৰ্ণ হৈ সফলতা লাভ কৰিব পাৰিম। সেয়ে কোৱা হয়- ‘দেহা থাকিলেহে বেহা’।

সুস্থ শৰীৰতহে এটি সুস্থ মন থকাটো সম্ভৱ। ৰুগীয়া মানুহ এজন কেতিয়াও সুখী মনৰ গৰাকী হ’ব নোৱাৰে। যিমানেই টকা পইচাৰে চহকী নহওক কিয়, দেহটো সুস্থ নহ’লে মানুহৰ সুখ-শান্তি দূৰতে বিদূৰ হয়। শৰীৰটোক সুস্থ-সবল কৰি ৰাখিবলৈ ভালেমান নীতি-নিয়ম পালন কৰিবলগীয়া হয়। এই নীতি-নিয়ম থকা-মেলা, খোৱা-বোৱা সকলোতে প্ৰযোজ্য হয়। এনে ক্ষেত্ৰত সৰুৰে পৰাই স্বাস্থ্য ৰক্ষাৰ নিয়মসমূহ মানি চলিবলৈ শিকোৱাটো নিতান্তই প্রয়োজনীয়। ঘৰখনৰ পিতৃ-মাতৃৰ উপৰি বিদ্যালয়ৰ শিক্ষকে এই ক্ষেত্ৰত গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰিব পাৰে। ছাত্র-ছাত্ৰীৰ শাৰীৰিক স্বাস্থ্যৰ লগতে মানসিক স্বাস্থ্য অটুট ৰখাত শিক্ষকে কেতবোৰ সহপাঠ্যক্ৰমিক কাৰ্যৱলীৰ ব্যৱস্থা গ্রহণ কৰিব পাৰে।

স্বাস্থ্য ৰক্ষাৰ ক্ষেত্ৰত পৰিৱেশৰ প্ৰভাৱ অপৰিসীম। পৰিস্কাৰ-পৰিচ্ছন্নতা পৰিৱেশত থাকিলে আমি যিকোনো ৰোগৰ পৰা হাত সাৰি থাকিব পাৰো। পিন্ধা কাপোৰৰ উপৰি খোৱা-বোৱাৰ ক্ষেত্ৰতো পৰিস্কাৰ-পৰিচছন্নতাৰ প্রয়োজন। একেদৰে আমাৰ শৰীৰটোও সদায় পৰিস্কাৰ কৰি ৰখা উচিত। অপৰিস্কাৰ শৰীৰত ৰোগৰ বীজাণুৱে সহজে বাহ লয়। খোৱা আহাৰ সদায় নির্দিষ্ট সময়ত খাব লাগে। খোৱা-বোৱাত অনিয়মীয়া লোকৰ বিভিন্ন ৰোগ হোৱাৰ উপৰি শৰীৰ দুৰ্বল হৈ পৰে। তদুপৰি বিভিন্ন বেমাৰ-আজাৰৰ প্ৰাৰম্ভিক লক্ষণ, কেনেধৰণৰ অসাৱধানতাই বেমাৰ মাতি আনিব পাৰে, ৰোগ সম্পৰ্কীয় অন্ধবিশ্বাস আদিৰ বিৰুদ্ধে সজাগতা সৃষ্টি কৰিব পাৰে শিক্ষকে। এনেবোৰ কথা শিক্ষকে ছাত্র-ছাত্ৰীসকলক শিকাব লাগে। কোমলমতীয়া ছাত্ৰৰ মনত শিক্ষকৰ উপদেশে শিলৰ ৰেখাৰ দৰে প্ৰভাৱ পেলায়। তাৰেই সুযোগ গ্রহণ কৰিব লাগে শিক্ষকে।

স্থাস্থ্য ৰক্ষাৰ ক্ষেত্ৰত ব্যায়ামৰো উল্লেখযোগ্য ভূমিকা আছে। বিদ্যালয়ৰ সহপাঠ্যক্ৰমিক কাৰ্যসূচীৰ অন্তর্গত খেলা-ধূলা, ব্যায়াম, যোগাসন আদিয়ে ছাত্র-ছাত্রীক সুস্বাস্থ্য প্রদান কৰে। খেলা-ধূলা, ব্যায়ামে আমাৰ শৰীৰৰ লগতে মনকো সতেজ কৰি তোলে আৰু ই উচ্ছৃংখল মনোভাব আঁতৰাই ক্রীড়াসূলভ মানসিকতাৰ অধিকাৰী কৰি তোলে। গতিকে দেখা যায় ছাত্র-ছাত্রীৰ সুস্বাস্থ্য গঢ়ি তোলাত বিদ্যালয়ৰ শিক্ষকসকলে সহ-পাঠ্যক্ৰমিক কাৰ্য্যাৱলীসমূহ সফলভাৱে ৰূপায়ণ কৰি ছাত্র-ছাত্রীক ভৱিষ্যতৰ এজন স্বাস্থ্যৱান সুনাগৰিক হিচাপে গঢ়ি তুলিব পাৰে।

লিখক: গৌতম বৰা, অসম বাণী।

শেহতীয়া উন্নীতকৰণ: : 1/10/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate