অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

জিন, দৈহিক চৰ্বি আৰু বহুমূত্ৰঃ

জিন, দৈহিক চৰ্বি আৰু বহুমূত্ৰঃ

সম্ভৱতঃ আমাৰ সৰ্বসাধাৰণৰ মাজত স্বাস্থ্য সচেতনতাৰ অভাৱৰ হেতুকে আৰু ত্ৰুটিপূৰ্ণ জীৱন-ধাৰণ শৈলীৰ হেতুকে ভাৰতত বহুমূত্ৰ ৰোগীৰ সংখ্যা অভাৱনীয় নিৰিখত বাঢ়ি গৈছে আৰু কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ দপ্তৰৰ মন্ত্ৰী জে পি নাড্ডাই ৰাজ্যসভাত অলপতে এটা প্ৰশ্নৰ লিখিতভাৱে দিয়া উত্তৰত জনায় যে ২০১৫ চনত ভাৰতত থকা বহুমূত্ৰ ৰোগীৰ সংখ্যা হৈছে প্ৰায় ৭ কোটি। ‘আন্তৰ্জাতিক বহুমূত্ৰ ফেডাৰেচন’ৰ হিচাপ অনুযায়ী ২০-৭০ বছৰ বয়সীয়া ভাৰতীয়সকলৰ ভিতৰত ৬.৬৮ কোটি (২০১৪ চন) আৰু ৬.৯১ কোটি (২০১৫ চন) এই ৰোগত ভুগিছে। আন এটা প্ৰশ্নৰ উত্তৰত স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে জনায় যে বিশ্ববিখ্যাত লেনছেট মেডিকেল জাৰ্নালৰ তথ্য অনুযায়ী বিশ্বৰ যি তিনিখন দেশত সৰ্বাধিকসংখ্যক বহুমূত্ৰ ৰোগী আছে তাৰে ভিতৰত ভাৰত হৈছে অন্যতম। একেখন আলোচনীত প্ৰকাশিত তথ্য অনুযায়ী ১৯৮০ চনৰ পৰা ২০১৪ চনৰ ভিতৰত ভাৰতীয় নাৰীসকলৰ মাজত বহুমূত্ৰ ৰোগৰ প্ৰাদুৰ্ভাৱ ৮০ শতাংশ বাঢ়িছে।

মন্ত্ৰীগৰাকীয়ে সংসদত জনোৱা তথ্য অনুযায়ী আই চি এম আৰ (ভাৰতীয় চিকিত্সা গৱেষণা পৰিষদ) নামৰ সৰ্বভাৰতীয় চৰকাৰী অনুষ্ঠানটিৰ সৌজন্যত ইতিমধ্যে ‘আই চি এম আৰ- ইণ্ডিয়া ডায়েবেটিছ ষ্টাডী’ নামৰ এক গৱেষণা প্ৰকল্প আৰম্ভ কৰা হৈছে আৰু ইয়াৰ জৰিয়তে দেশখনৰ বিভিন্ন ৰাজ্যত এই ৰোগৰ প্ৰাদুৰ্ভাৱ সম্বন্ধে জানিবলৈ প্ৰয়াস কৰা হৈছে। তদুপৰি কেন্দ্ৰীয় চৰকাৰে ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ জৰিয়তে গ্ৰহণ কৰা ৰোগ প্ৰতিষেধকমূলক এখন অভিলাষী আঁচনিৰ জৰিয়তে এইকোইটা ৰোগ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিছে- কৰ্কট, বহুমূত্ৰ, ষ্ট্ৰোক আৰু কলিজা তথা ৰক্তবাহী নলীৰ ৰোগবোৰ। সংক্ষেপে এই আঁচনিখনৰ নাম হৈছে এন পি চি ডি চি এছ অৰ্থাত্ কৰ্কট ৰোগ, বহুমূত্ৰ, ষ্ট্ৰোক ৰোগৰ প্ৰতিষেধকমূলক আঁচনি।

এই আঁচনিখনৰ জৰিয়তে সৰ্বসাধাৰণৰ ব্যৱহাৰ-আচৰণৰ উপৰি জীৱন ধাৰণ শৈলীৰ সঠিক দিশত পৰিৱৰ্তনৰ প্ৰয়াস কৰা হৈছে। তদুপৰি আঁচনিখন সাঙুৰি লোৱা তিনিটা ৰোগত বেছিকৈ আক্ৰান্ত হোৱাৰ শংকাযুক্ত ব্যক্তিসকলক স্ক্ৰীণিঙৰ জৰিয়তে ধৰা পেলাই সেইসকলৰ আশু চিকিত্সাৰ উপৰি জটিলতাত ভুগি থকা ৰোগীসকলক উচ্চ পৰ্যায়ৰ চিকিত্সাৰ বাবে অত্যাধুনিক সা-সুবিধাসম্পন্ন হস্পিতাললৈ প্ৰেৰণ কৰাৰো সুবিধা কৰা হৈছে।

সচেতন পঢ়ুৱৈসকলৰ ভিতৰত এচাম নিশ্চয়কৈ অৱগত যে ৰাইজৰ মাজত সামগ্ৰিকভাৱে আৰু ডেকাচামৰ মাজত বিশেষভাৱে জাংকফুডৰ ক্ৰমবৰ্ধমান চাহিদাৰ হেতুকে বহুমূত্ৰ আদি বিভিন্ন ৰোগৰ প্ৰাদুৰ্ভাৱ বাঢ়িছে। ইয়াৰ বিপক্ষে চৰকাৰেও যথাবিহিত উদ্যোগ লৈছে। কেন্দ্ৰীয় বিত্ত মন্ত্ৰী অৰুণ জেটলিয়ে সংসদত দাখিল কৰা ২০১৬ চনৰ বাজেট অনুযায়ী অত্যধিক শৰ্কাৰাযুক্ত তথা বায়ুযুক্ত শীতল পানীয়ৰ ওপৰত আৰোপ কৰা শুল্কৰ মাত্ৰা বৃদ্ধি কৰা হৈছে যাতে বৰ্ধিত মূল্যৰ হেতুকে কোনো ব্যক্তিয়ে এনে দ্ৰব্য সেৱন কৰাৰ পূৰ্বে দুনাই যাতে চিন্তা কৰে। তদুপৰি মিঠা স্বাদযুক্ত বা সুগন্ধিদায়ক দ্ৰব্যবোৰৰ ওপৰত আৰোপিত শুল্কৰ মাত্ৰা অনুৰূপভাৱে ২১ শতাংশলৈ বঢ়োৱা হৈছে।

আন এক প্ৰশ্নৰ উত্তৰত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে জনায় যে ভাৰতৰ লগতে চীন আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ হৈছে তিনিখন দেশ, য’ত নেকি বিশ্বৰ সৰ্বাধিকসংখ্যক বহুমূত্ৰ ৰোগী আছে। আন্তৰ্জাতিক বহুমূত্ৰ ফেডাৰেচনে প্ৰকাশ কৰা বহুমূত্ৰ মানচিত্ৰৰ সপ্তদশতম তাঙৰণৰ তথ্য অনুযায়ী শেহতীয়াভাৱে চীনদেশত থকা বহুমূত্ৰ ৰোগীৰ সংখ্যা হৈছে ১০৯.৬ নিযুত আৰু তাৰ পাছতেই এইক্ষেত্ৰত ভাৰতৰ স্থান (৬৯.১ নিযুত)। আমেৰিকা যুক্তৰাষ্ট্ৰত থকা বহুমূত্ৰ ৰোগীৰ সংখ্যা হৈছে ২৯.৩ নিযুত।

নিৱন্ধিটিৰ পৰিশেষত কওঁ যে শিৰোনামাত উল্লিখিত তিনিওটা বিষয়েই আন্তঃসম্পৰ্কিত। ইয়াৰে প্ৰথমটি এতিয়াও চিকিত্সা বিজ্ঞানে সংশোধন বা পৰিৱৰ্তন কৰিবলৈ সক্ষম হোৱা নাই যদিও দ্বিতীয়টিৰ (দৈহিক চৰ্বিৰ) মাত্ৰা বঢ়া-টুটা কৰিব পাৰি। এই দুয়োবিধৰে আকৌ তৃতীয়টি বিষয়ৰ ওপৰত থকা প্ৰভাৱৰ হেতুকে আমি গোটেইবোৰ দিশ চালিজাৰি পুংখানুপুংখভাৱে বিবেচনা কৰিব লাগে।

লেখকঃ ডাঃ মিহিৰ কুমাৰ গোস্বামী

উৎস: অসমীয়া খবৰ

শেহতীয়া উন্নীতকৰণ: : 4/15/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate