অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

টোপনিৰ পৰাও ক্ষতি হ’ব পাৰে

টোপনিৰ পৰাও ক্ষতি হ’ব পাৰে

বহুতেই বন্ধৰ দিনত বেছিকৈ শুবলৈ ভাল পায়। কোনো কোনোৱে আকৌ কোনো কাৰণ নোহোৱাকৈয়ে দীঘলীয়া সময় বিছনাত থাকি ভাল পায়। বেছি টোপনিয়ে মানুহক নিস্ক্রিয় কৰি তোলে। সম্প্রতি এক গৱেষণাত এই তথ্য পোহৰলৈ আহিছে৷ ইয়াত দেখা পোৱা গৈছে যে, অতিৰিক্ত টোপনি বা এলেহুৱাভাৱে বহি থকাটো শৰীৰ আৰু মনৰ বাৰে মাৰাত্মক ক্ষতিকাৰক। কেৱল সেয়াই নহয়, ই ধূম্ৰপান বা মদ্যপানৰ দৰেই ক্ষতিকাৰক৷ আনকি অতিৰিক্ত টোপনিয়ে আপোনাক মৃত্যুৰ কাষলৈ ঠেলি দিব পাৰে। অষ্ট্রেলিয়াৰ ছেক্স ইন্সষ্টিটিউটে ৪৫ বছৰৰ উৰ্ধৰ প্ৰায় দুই লাখ ত্ৰিশ হাজাৰ লোকক সামৰি এই গৱেষণাটি চলায়। এইসকল মানুহৰ জীৱন-যাপনত যিমানবোৰ বেয়া অভ্যাস আছে তাৰ তথ্য লোৱা হৈছিল। ইয়াৰ মাজত একেবাৰে কাম নকৰা আৰু ৯ ঘণ্টাতকৈ বেছি শোৱা মানুহক তালিকাবদ্ধ কৰা হৈছিল। আৰু আনবোৰ বেয়া অভ্যাসৰ ভিতৰত আছিল ধূম্ৰপান, মাদকদ্ৰব্য সেৱন, অস্বাস্থ্যকৰ খাদ্য গ্রহণ। ছবছৰৰ পাচত এটি ৰিপ'ৰ্টত দেখা গ’ল যে, এনে বেয়া অভ্যাসত জড়িতসকলৰ প্রায় ১৬,০০০ৰ মৃত্যু হৈছে। গৱেষণাত অংশগ্রহণকাৰীসকলৰ মাজত যিয়ে কেতিয়াও দৈহিক পৰিশ্ৰমেৰে গাৰ ঘাম বাহিৰ কৰা নাছিল তেওঁলোকৰ মৃত্যুৰ সম্ভাৱনা অন্যৰ তুলনাত ১.৬ গুণ বেছি। ন্যূনতম কাম বুলিলে সাধাৰণতে সপ্তাহত অন্ততঃ ১৫০ মিনিট পর্যন্ত গধুৰ বা পাতল কামৰ কথা বুজোৱা হয়। তদুপৰি কাম নকৰি শুই থকা লোকৰহে মৃত্যুৰ আশংকা বেছি। আৰু ইয়াৰ লগত যদি ধূম্ৰপান বা মাদকদ্রব্য যোগ হয় তেন্তে অকাল মৃত্যুৰ আশংকা আৰু বৃদ্ধি পায়। চিডনী বিশ্ববিদ্যালয়ৰ চিডনী স্কুল অব পাব্লিক হেলথৰ বিষয়া তথা সংশ্লিষ্ট গৱেষণাৰ প্ৰধান মেলোডি ডিঙে জনায় যে, চৰম এলাহ ভাব আৰু টোপনিৰ লগত আয়ুস কমি অহাৰ বিষয়টো জড়িত৷ যিসকলে বিশেষ লৰচৰ নকৰি শুই শুই সময় পাৰ কৰে তেওঁলোকৰ শাৰীৰিক অৱস্থা আন ব্যক্তিৰ তুলনাত বেছি বেয়া হয়।

উৎস: সাদিন ফিচাৰ্ছ।

শেহতীয়া উন্নীতকৰণ: : 11/1/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate