অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

টাটুৱে বিপদত পেলাব পাৰে

টাটুৱে বিপদত পেলাব পাৰে

সময়ৰ পৰিৱৰ্তনৰ লগে লগে যুৱ প্ৰজন্মই নিজকে সুন্দৰ তথা ফেশ্বনেবল দেখুৱাবলৈ বিভিন্ন অৱলম্বন কৰা দেখা যায়। বৰ্তমান শৰীৰৰ বিভিন্ন অংশত টাটু কৰোৱাটো যুৱক-যুৱতীৰ বাবে এক ফেশ্বন হৈ পৰিছে। টাটুৰ ইতিহাস অতি প্ৰাচীন। খ্ৰী: পূ: ৩৩০০ চনৰ আগেয়ে সুৰক্ষিত কৰি ৰখা মৃতদেহৰ নামাংকনত টাটু ব্যৱহাৰ কৰা হৈছিল। প্ৰথমে টাটুক চিহ্ন অৰ্থাৎ চিন হিচাপে ধৰা হৈছিল। কিন্তু আধুনিক যুগত ইয়াৰ পৰিভাষা সলনি হ’ল। এতিয়া যুৱ-যুৱতীসকলে প্ৰেমৰ চিহ্ন হিচাপে, বন্ধুত্বৰ চিন হিচাপে নাইবা নিজকে ফেশ্বনেবল দেখুৱাবলৈ সাধাৰণতে নিজৰ ঠাৰিত, বাহুত, পিঠিত, বুকুত টাটু কৰোৱায়। এই টাটুবোৰ নিজৰ পছন্দ অনুসৰি নাম, ফুল, পাত, জন্তুৰ চিত্ৰ আদি ভিন ভিন ৰঙেৰে কৰা হয়।

টাটু কৰিবলৈ কিছুমান মেচিন আছে। এই মেচিনবোৰ দেখাত চিলাই মেচিনৰ দৰে আকৃতিত সৰু। এই মেচিনৰ দুটা ভাগ থাকে। এফালে এটা সৰু বেজী থাকে, আনফালে চিয়াঁহীৰে ভৰা টিউব থাকে। ছুইচ অন কৰাৰ লগে লগে বেজীটো চিয়াঁহীৰে ভৰা টিউবৰ সহায়ত শৰীৰত বিভিন্ন আকৃতিৰ টাটু তৈয়াৰ কৰে।

কিছুমান টাটু স্থায়ী হয় আৰু কিছুমান অস্থায়ী। যদি টাটুৰ বেজীয়ে ১৬ ভাগৰ ১ ইঞ্চি বা তাতকৈ কম আছে। সেয়ে কিছুমান সাৱধানতা অৱলম্বন কৰা উচিত।

  • টাটু অভিজ্ঞতা সম্পন্ন ব্যক্তিৰ দ্বাৰাহে কৰোৱা উচিত। নহ’লে বিভিন্ন ছালৰ সমস্যাই দেখা দিব পাৰে।
  • টাটু কৰোৱাৰ আগেয়ে টাটুৰ বেজীটো বীজাণুমুক্ত হোৱা উচিত। নহ’লে টি.বি, এইচ আই ভি, হেপাইটাইটিছ বি আদি ৰোগ হোৱাৰ সম্ভাৱনা থাকে।
  • টাটু কৰোৱাৰ পিছতে ৰ’দত ওলাব নালাগে। নহ’লে টাটু কৰা অংশত জ্বলা-পোৰা কৰিব পাৰে। নাইবা ৰঙা পৰিব পাৰে।
  • টাটু কৰাৰ পিছত পুনৰ আঁতৰালে কৰোৱাৰ সময়ত পৰা খৰচ খৰচতকৈ চাৰি-পাঁচ গুণ বেছি খৰচ পৰাৰ লগতে কষ্টও বহুত বেছি হয়।
  • কেতিয়াবা টাটু কৰা ঠাইত ঘাঁ আৰু সেই স্থান ব্ৰণ হোৱাৰ দৰে ফুলি উঠিব পাৰে। কেতিয়াবা আকৌ খজুৱতী হোৱাৰ লগতে তেজো ওলায়। গতিকে টাটু কৰোৱায় আগেয়ে ভাবি-চিন্তিহে কৰিব লাগে।
  • আধুনিক যুগত টাটু কৰা চিয়াঁহীত মিহলি হৈ থকা বিভিন্ন ৰাসায়নিক পদাৰ্থই ছালৰ ক্ষতি কৰাৰ লগতে হৃদৰোগ বা তেনে ধৰণৰ মাৰাত্মক ৰোগৰ সৃষ্টি কৰিব পাৰে। সেয়ে টাটু কৰোৱাৰ পৰা আঁতৰত থকাই শ্ৰেয়।

ললিতা শৰ্মা লহকৰ

শেহতীয়া উন্নীতকৰণ: : 3/20/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate