অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

টিটেনাছ প্ৰতিৰোধ

টিটেনাছ প্ৰতিৰোধ

 

ক্লষ্টিয়াম টিটেনাই নামৰ গ্ৰাম পজিটিভ বেক্টেৰিয়াবিধে টিটেনাছ বা ধনুষ্টংকাৰ ৰোগ সৃসটি কৰে।এইবিধ বেক্টেৰিয়া দুই ধৰণে পোৱা যায়-স্প’ৰ বা জীৱবীজ আৰু সক্ৰিয় কোষ।সক্ৰিয় কোষবোৰে বংশবৃদ্ধি কৰিব পাৰে।স্প’ৰ বা জীৱবীজবোৰ মুলত:মাটি,ধুলি জন্তুৰ মল অথবা বিভিন্ন সঁজুলি আদিত লাগি থাকিব পাৰে।এই স্প’ৰ বা জীৱবীজবোৰ অতি কষ্টসহিষ্ণু বাবে বহু বছৰলৈ জীয়াই থাকিব পাৰে।অত্যাধিক উত্তাপো এইবোৰে সহ্য কৰিব পাৰে বাবে ইহঁতে সহজতে ধ্বংস নহয়।আনকি গৰম কৰিলেও সঁজুলিত লাগি থকা এই স্প’ৰবোৰে ধ্বংস নহ’ব পাৰে।মানুহৰ দেহত থকা ঘা অথবা কটা অংশত এই বেক্টেৰিয়াবিধৰ স্প’ৰ বা জীৱবীজবোৰ লগাৰ পিছতে এইবোৰ অংকুৰিত হৈ সক্ৰিয় বেক্টেৰিয়া কোষত পৰিণত হৈ বংশবৃদ্ধি কৰে।যিকোনো ধৰণৰ ক্ষত বা ফুটা অংশৰে (যেনে-নখৰ আঁচোৰ ,কাঠ-বাঁহৰ চোঁচে আঁচোৰা ,হুলে বিন্ধা ,ছাল এৰি যোৱা,ফোঁহা ,পোকে কামোৰা,পোৰা আদি ধৰণৰ ছালৰ যিকোনো কটা অংশ মানুহৰ দেহত এই স্প’ৰ বা জীৱবীজ সোমাব পাৰে।অস্ত্ৰোপচাৰ আৰু প্ৰসৱৰ সময়ত আৰু নিচাযুক্ত দ্ৰব্য (ড্ৰাগছ )সেৱন (বেজীৰে ড্ৰাগছ গ্ৰহণ কৰা অংশ )কৰাৰ সময়তো সঁজুলিবোৰত যদি এই স্প’ৰ লাগি থাকে ,তেন্তে এই স্প’ৰ বা জীৱবীজবিধ টিটেনাছ প্ৰতিষেধক নোলোৱা বা পৰৱৰ্তী টিটেনাছ প্ৰতিষেধক বুষ্টাৰ ড’জ নোলোৱা মানুহৰ শৰীৰত সোমাব পাৰে।সক্ৰিয় বেক্টেৰিয়াৰ কোষবোৰে টিটান’লাইচিন আৰু টিটান’স্পাছমিন নামৰ দুবিধ বিষাক্ত দ্ৰব্য (একজ’টক্সিন)বিস্তাৰিত কৰে।টিটান’লাইচিনৰ কাৰ্যকাৰিতাৰ বিষয়ে সম্পুৰ্ণকৈ এতিয়াও জানিব পৰা হোৱা নাই,কিন্তু টিটান’স্পছমিনে মানুহৰ মাংসপেশীবোৰৰ ওপৰত ক্ষতিকাৰক প্ৰভাৱ পেলাই টিটেনাছ ৰোগ সৃষ্টি কৰে।

টিটেনাছ ৰোগ সাধাৰণতে চাৰি ধৰণে দেখা দিব পাৰে।(ক)সাৰ্বজনীন টিটেনাছে দেহৰ কংকাল সম্বন্ধীয় সকলো মাংসপেশীৰে ক্ষতি কৰিব পাৰে।চাৰিও ধৰণৰ টিটেনাছৰ এইবিধ টিটেনাছ সাধাৰণতে বেছিকৈ হোৱা দেখা যায় আৰু ই বৰ তীব্ৰ ৰুপ ধাৰণ কৰে।এইবিধ টিটেনাছ হোৱা ব্যক্তিৰ প্ৰথমে খিংখিঙীয়া ভাব,মাংসপেশীৰ বিষ ,দুৰ্বলতা ,খাদ্য গিলোতে অসুবিধা হোৱা আদি লক্ষণ দেখায়।চোবোৱা কাৰ্যত ব্যৱহাৰ হোৱা কোঁৱাৰিৰ মাংসপেশীবোৰৰ শিৰামুৰি ধৰাৰ ফলত ট্ৰিছমাছ বা কোঁৱাৰিৰ লৰাব নোৱাৰা অৱস্থা হয়।শৰীৰৰ আন আন মাংসপেশীৰ সিৰামুৰি ধৰাটো ক্ৰমান্বয়ে বৃদ্ধি পাবলৈ ধৰে।লাহে লাহে পিঠিখন বেঁকা ভাজ লোৱা ধৰণৰ হ’ব পাৰে।ইয়াৰ ফলত হাড় ভগাৰ লগতে যোৰাবোৰ এৰি যোৱাৰ সম্ভাৱনা থাকে।কণ্ঠনলী আৰু শ্বাস-প্ৰশ্বাসৰ লগত জড়িত মাংসপেশীৰ সিৰামুৰি ধৰিলে এনে ৰোগীৰ অৱস্থা সাংঘিতকভাৱে জটিল হৈ পৰে আৰু ৰোগী মৃত্যুমুখত পৰা দেখা যায়।(খ)স্থানীয় টিটেনাছে স্ংক্ৰমিত হোৱা ঘাডোখৰৰ ওচৰে-পাজৰে থকা মাংশপেশীবোৰৰ ক্ষতি কৰে।(গ)চেফালিক টিটেনাছে প্ৰাথমিকভাৱে মুৰ বা কাণত সংক্ৰমণ হোৱাৰ পিছত দ্ৰুত গতিত (এদিন বা দুদিনৰ ভিতৰত)মুখমণ্ডলৰ এটা বা একাধিক টিছুক ক্ষতি কৰে।এইবিধ টিটেনাছৰ বেলিকা দাঁতৰ কোঁৱাৰি লৰাব নোৱাৰা হোৱাৰ উপৰি মুখমণ্ডলৰ কমেও এবিধ মাংসপেশী দুৰ্বল হৈ পৰে।ইয়াৰ ভিতৰত তিনিভাগৰ দুই অংশৰ ক্ষেত্ৰত সাৰ্বজনীন টিটেনাছলৈ পৰিৱৰ্তিত হয়।(ঘ)নৱজাতক টিটেনাছে সাৰ্বজনীন টিটেনাছৰ দৰেই।কেৱল এই ধৰণৰ টিটেনাছে এমাহতকৈ কম বয়সৰ কেঁচুৱাৰ মাজত দেখা যায়।এনে ক্ষেত্ৰত কেঁচুৱা অনবৰতে অস্থিৰ হৈ থাকে।ভালদৰে গাখীৰ চুপিব নোৱাৰে আৰু গিলোতেও কষ্ট পায়।উন্নত দেশবোৰত এই ৰোগ বিফল।

টিটেনাছ সক্ৰিয় আৰু কাৰ্যকৰীভাৱে প্ৰতিষেধক প্ৰয়োগেৰে সম্পুৰ্ণভাৱে প্ৰতিৰোধ কৰিব পাৰি।১৯২০ চনত আৱিষ্কাৰ হোৱা টিটেনাছ টক্স’ইড আজিলৈকে প্ৰমাণিত নিৰাপদ প্ৰতিষেধক।টিটেনাছ টক্স’ইডত নিষ্ক্ৰিয় টিটেনাছ বিষ থাকে।ৰাসায়নিক পদাৰ্থ বা তাপ প্ৰয়োগ কৰি ইয়াৰ বিষাক্ততা কম কৰি পেলোৱা হয়।কিন্তু এণ্টিজেমৰ ক্ষমতা ঠিকে ৰখা হয়।টিটেনাছে টক্স’ইড এককভাৱে (TT)অথবা ডিফথেৰিয়া ,হুপিংকাহ আৰু টিটেনাছ টক্স’ইড একেলগে (DPT)আৰু কম পৰিমাণে ডিফথেৰিয়া টক্স’ইডৰ লগতো (Td)পোৱা যায়।প্ৰাথমিক প্ৰতিষেধক হিচাপে কেঁচুৱাক ৬ সপ্তাহ,১০ সপ্তাহ আৰু ১৪ সপ্তাহ বয়সত এটাকৈ মুঠ তিনিটা DPT ভেকচিনৰ বেজী দিব লাগে।ইয়াৰ পিছত শিশুৰ ডেৰ বছৰ বয়সত প্ৰথম DPT বুষ্টাৰ আৰু পাঁচ বছৰ বয়সত দ্বিতীয় DPT বুষ্টাৰ ভেকচিনৰ বেজী দিব লাগে।শিশুৰ দহ বছৰ বয়স আৰু ষোল্ল বছৰ বয়সত ক্ৰমান্বয়ে তৃতীয় আৰু চতুৰ্থ TT বুষ্টাৰ ভেকচিনৰ বেজী দিব লাগে।ইয়াৰ পিছত প্ৰতি ১০ বছৰৰ অন্তৰে অন্তৰে TT বুষ্টাৰ ড’জ দিব লাগে যাতে শৰীৰত প্ৰতিৰোধক বিষনাশকৰ পৰিমাণ নিশ্চিত কৰিব পৰা যায়।শৰীৰত আঘাত নহ’লে ,যদিহে টিটেনাছে ভেকচিন লোৱা নাথাকে তেন্তে আঘাতৰ ৭২ ঘণ্টাৰ ভিতৰত TT ল’ব লাগে।TT বয়স্ক  আৰু শিশুসকলক প্ৰতিষেধক হিচাপে প্ৰদান কৰা হয়।গৰ্ভৱতী মহিলাক গৰ্ভাৱস্থাত অতি কমেও দুটা TT বেজী দিব লাগে।ইয়াৰ এটা গৰ্ভধাৰণৰ প্ৰথম তিনি মাহত আৰু আনটো গৰ্ভধাৰণৰ শেষৰ পিনে দিব লাগে।TT প্ৰতিষেধক দিয়াৰ পিছত এণ্টিব’ডিবোৰে প্লেচেণ্টাৰ মাধ্যমেৰে কেঁচুৱাৰ ভ্ৰুণলৈ গৈ কেঁচুৱাক নৱজাতক টিটেনাছৰপৰা ৰক্ষা কৰাৰ উপৰি মাতৃক প্ৰসৱৰ সময়ত টিটেনাছ হোৱাৰ পৰা ৰক্ষা কৰে।আজিকালি ৫০ বছৰ আৰু তাতোকৈ বেছি বয়সৰ লোকসকলক TT প্ৰতিৰোধক দিয়াৰ বাবে পৰামৰ্শ দিয়া হয়।কাৰণ,যোৱা কেইবছৰ-মানৰ পৰা এই বয়সৰ লোকসকলৰ মাজত বেছিকৈ টিটেনাছ হোৱাটো পৰিলক্ষিত হৈছে।যিসকল লোকৰ ক্ষেত্ৰত টিটেনাছ প্ৰতিষেধক অতি প্ৰয়োজন,সেইসকল হ’ল-যিসকলে প্ৰথম বুষ্টাৰ  ড’জ সম্পুৰ্ণ কৰিছে নে নাই সন্দেহ থাকে,গৰম আৰু আৰ্দ্ৰ পৰিৱেশৰ দেশ ভ্ৰমণ কৰিলে ধুলি –মাটি আৰু সাৰৰ লগতে বেছি সময় কটোৱা কৃষক,যাৰ কৰ্মক্ষেত্ৰত সাধাৰণতে কঁটা বা চোঁচৰা খোৱাৰ সম্ভাৱনা বেছি,যিসকল গৰ্ভৱতী মহিলাই প্ৰতিষেধক লোৱা নাই বা ড’জ সম্পুৰ্ণ কৰা নাই আৰু যিসকলৰ প্ৰসৱ অপৰিষ্কাৰ পৰিৱেশত হৈছে।

লেখক:ডা:ধৰ্মকান্ত কুম্ভকাৰ (দৈনিক অসম)

শেহতীয়া উন্নীতকৰণ: : 1/20/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate