অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

টেনচন কমাবলৈ সহজ উপায়

টেনচন কমাবলৈ সহজ উপায়

আজিকালি বেছিভাগ মানুহে বৃত্তিগত কাৰণত অতি ব্যস্ত হৈ থাকে| এই ব্যস্ততাৰ লগত বাঢ়ি আহে মনৰ উদ্বেগ, অস্থিৰতা- টেনচন| বিশ্ৰামত ব্যাঘাত হয়, খোৱা-বোৱাত অনিয়মিত হয়| টেনচন ৰিলিজ কৰাৰ এটি সহজ উপায় হ’ল ডায়েৰিত নিজৰ মনৰ কথাবোৰ লিখি থোৱা| দৈনিক নিয়মিত ভাৱে যোগাসন কৰি থাকিলে টেনচনে সহজতে পীড়া কৰিব নোৱাৰে| কেতিয়াবা তেনে পৰিস্থিতি উদ্ভৱ হ’লেও নিয়মিত যোগাভ্যাস কৰা লোকে টেনচনত সহজতে কাবু হৈ নপৰে| মনটোক সতেজ আৰু উদ্যমী কৰি ৰাখিবলৈ হ’লে মাজে সময়ে পৰিয়ালক লৈ বাহিৰলৈ ফুৰিবলৈ যাওক| টেনচন কমাবলৈ সহজ উপায় হ’ল আশা বেছি কৰা উচিত নহয়| নিজৰ ক্ষমতাৰ বাহিৰত কোনো আকাংক্ষা বা ইচ্ছা কৰা উচিত নহয়| যি কোনো কামকে কৰোতে খৰখেদাকৈ নকৰিব| বৃত্তিগত সাফল্যক ব্যক্তিগত প্ৰয়োজনতকৈ অধিক গুৰুত্ব দিবলৈ চেষ্টা কৰক| কোনো অন্তৰংগ বন্ধুক মনৰ কথা ক’ব পাৰিলে টেনচন বহুখিনি কমে| যাৰ এনে ধৰণৰ বন্ধু নাই মনোবিধৰ ওচৰত সমস্যাৰ কথা ক’ব পাৰে| যি মানুহে গান-বাজনা ভাল পায়, টেনচন হ’লে তেওঁলোকে গান শুনিব পাৰে অথবা সংগীত চৰ্চাও কৰিব  পাৰে| টেনচন কমোৱাৰ আন এটা সহজ উপায় হ’ল গল্প-উপন্যাস আদি পঢ়া| মানসিক সমস্যা কমাবলৈ ভাল বন্ধু-বান্ধৱৰ সংগ লৈ কথা-বতৰা পাতিব পাৰে, টিভিও চাব পাৰে| নিজৰ মন বুজি নিজে টেনচন কমাবলৈ চেষ্টা কৰক| ইয়াক অ’টো-থেৰাপি বোলা হয়|

উৎস: অসমীয়া খবৰ।

শেহতীয়া উন্নীতকৰণ: : 6/27/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate