অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ঠাণ্ডাত ৰক্তচাপ নিয়ন্ত্ৰণত ৰাখক

ঠাণ্ডাত ৰক্তচাপ নিয়ন্ত্ৰণত ৰাখক

 

তাপমাত্ৰা কম হোৱা বাবে শৰীৰৰ ধমনীসমুহ ঠাণ্ডা দিনত সংকুচিত হয়।উচ্চ আৰু নিম্ন ৰক্তচাপ এনে বতৰত বৃদ্ধি পায়।সেয়েহে ছ’ডিয়াম বা লৱণৰ ব্যৱহাৰ কমকৈ কৰিব।প্ৰত্যেক দিনাই ব্যায়াম কৰিব।বতৰ পৰিৱৰ্তনৰ লগে লগে বিভিন্ন সমস্যাৰ উদ্ভৱ হয়।শ্বাস-প্ৰশ্বাসৰআসুখ থকা ব্যক্তিৰ লগতে ৰক্তচাপৰ সমস্যা থকা ব্যক্তি আটাইতকৈ বেছি সমস্যাত ভোগে।ৰক্তচাপৰ সমস্যা থকা ব্যক্তি হৃদৰোগতো আক্ৰান্ত হ’ব পাৰে।কিন্তু আহাৰৰ জৰিয়তে হৃদৰোগৰ পৰাও বাচি থাকিব পাৰে।এনে বতৰত ঘাম নি:সৰণ নহয় আৰু নিমখৰ স্তৰ বৃদ্ধি পায়।ফলত ৰক্তচাপ নিজে নিজে বৃদ্ধি পায়।এনেক্ষেত্ৰত যদি হৃদৰোগীয়ে ব্যায়াম নকৰে তেতিয়া স্বাস্থ্য অধিক বেয়া হয়।ব্ৰেইন ষ্ট্ৰোকৰ আশংকাত বাঢ়ে।ধমনী সংকুচিত হোৱাৰ ফলত তেজ গোট মাৰিব পাৰে।এনে অৱস্থাত হৃদৰোগীয়ে তেলযুক্ত আহাৰ একেবাৰে বৰ্জন কৰা উচিত।উচ্চ ৰক্তচাপৰ লক্ষণসমুহ আৰম্ভণিতে দেখা নাযায় আৰু যেতিয়া হাৰ্ট এটেক হোৱাৰ পৰ্যায় পাইগৈ তেতিয়াহে গম পোৱা যায়।সেয়েহে ইয়াক ছাইলেণ্ট কিলাৰ বুলিও কোৱা হয়।উচ্চ ৰক্তচাপৰ লক্ষণসমুহ আন সমস্যা যেনে মুৰৰ বিষ,দৃষ্টিশক্তিৰ সমস্যা,মুৰ ঘুৰোৱা আদিৰ লগত জড়িত।কিন্তু এই লক্ষণসমুহেই উচ্চ ৰক্তচাপৰ বাবে দায়ী নহয়।সাধাৰণতে হাৰ্ট এটেক,কিডনী বিকল আদিৰ লক্ষণসমুহৰ প্ৰতি মানুহে গুৰুত্ব নিদিয়ে আৰু লাহে লাহে ভৰিৰ সিৰালৈকে বিয়পি যায়।ৰক্তচাপ যেতিয়া ১২০ এমএমতকৈ বৃদ্ধি পায়,তেতিয়া উচ্চ ৰক্তচাপৰ সমস্যা হয়।১২০ ৰ পৰা ১৪০ এমএমলৈকে বেছি হানিদায়ক নহয়।কিন্তু যেতিয়া ১৫৯ এমএম বা তাতকৈ বেছি হয় তেতিয়া হাইপাৰটেনচন বুলি কোৱা হয়।এই স্থিতি ভয়াৱহ আৰু সেয়েহে সময় থাকোঁতেই ইয়াক নিয়ন্ত্ৰণ কৰা উচিত।

উচ্চ ৰক্তচাপৰ আহাৰ: উচ্চ ৰক্তচাপৰ ৰোগীয়ে শীতত আহাৰ গ্ৰহণৰ ক্ষেত্ৰত সজাগ হ’ব লাগে।আহাৰত সজীৱ ফল,সেউজীয়া শাক-পাচলি,ঘেহুঁ আদিৰ খাদ্য খাব লাগে।কলেষ্টেৰলহীন গাখীৰো খাব পাৰে,ৰঙা মাংস,মিঠাই বা চেনিযুক্ত আহাৰ বৰ্জনীয়।

নিম্ন ৰক্তচাপ:নিম্ন ৰক্তচাপৰ সমস্যা শীতত বৃদ্ধি পায়।কাৰণ শীতৰ বাবে তেজৰ চলাচল কমে।আৰু মগজু,কিডনী আৰু হৃদপিণ্ডই পৰ্যাপ্ত অক্সিজেন নাপায়।ৰক্তচাপ ৮০ এমএমতকৈ কম হ’লে নিম্ন ৰক্তচাপ বোলা হয়।৬০ বা ৫০ এমএমতকৈ কম ৰক্তচাপৰ স্তৰ হ’লে হাইপাৰটেনচন হোৱা বুলি কোৱা হয়।

আহাৰ:নিম্ন ৰক্তচাপত আক্ৰান্ত লোকে ভিন ভিন ধৰণৰ ফল,শাক,পাচলি,মাছ আদি খাব পাৰে।একেবাৰে খোৱাতকৈ কম কমকৈ বহুবাৰ খাব পাৰে।ৰক্ত চাপৰ সমস্যা থাকিলে নিয়মীয়াকৈ পৰীক্ষা কৰাব আৰু অকণমান সমস্যা অনুভৱ কৰিলেই চিকিৎসকৰ কাষ চাপক।

উৎস:দেওবৰীয়া সুকন্যা

 

শেহতীয়া উন্নীতকৰণ: : 11/29/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate