অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ডায়েবেটিছ নিয়ন্ত্ৰণত যোগাসন :

ডায়েবেটিছ ৰোগীসকলে ৰোগটো নিয়ন্ত্ৰণত ৰাখিবলৈ নিয়মিতভাৱে ঔষধ-পাতি খাই থাকিব লগা হয়। লগতে খোৱা-বোৱাৰ ক্ষেত্ৰতো বিশেষ সাৱধানতা অৱলম্বন কৰিব লগা হয়। কিন্তু নিয়মীয়াকৈ কিছুমান বিশেষ যোগাসন-প্ৰাণায়াম কৰিলেও ডায়েবেটিছ ৰোগ নিয়ন্ত্ৰণত ৰাখিব পাৰি।

ব্যস্ততাৰ বাবে যিসকল লোকে আসন-প্ৰণায়াম আদি কৰিবলৈ বেছি সময় উলিয়াব নোৱাৰে, তেওঁলোকে দৈনিক পোন্ধৰ মিনিট সময় আসন-প্ৰাণায়াম কৰিলেই ডায়েবেটিছ নিয়ন্ত্ৰণ কৰিব পাৰে। তলত ডায়েবেটিছ নিয়ন্ত্ৰণ কৰিব পৰা পাঁচবিধ আসন-প্ৰাণায়ামৰ বিষয়ে বৰ্ণনা কৰা হ’ল।

কপালভাটি ক্ৰিয়া -

  • সুখাসনত বহিব।
  • হাত দুখন আঁঠুৰ ওপৰত থৈ চকু দুটা মুদি ল’ব।
  • নাকৰ বিন্ধাৰে বায়ু উলিয়াই দি লাহে লাহে পেটটো টান ধৰিব।
  • এইদৰে কিছুসময় দেহটো টান কৰি ৰাখিব।
  • এই ক্ৰিয়া ৪০-৫০ বাৰ অভ্যাস কৰিব।

সাৱধানতা -

  • হাৰ্টৰ সমস্যা থাকিলে,
  • হাৰ্নিয়া,
  • উচ্চ ৰক্তচাপ থাকিলে এই আসন নকৰিব।

অগ্নিসাৰ ক্ৰিয়া:

  • দুভৰি সামান্য বহলাই পোন হৈ থিয় দিব।
  • হাত দুখন আঁঠুৰ ওপৰত ৰাখি পেটটো ঢিলাই দিব।
  • উশাহ এৰি দি পেটটো যিমান পাৰে ভিতৰলৈ টানি নিব।
  • ইয়াৰ পিছত পেটটো ঢিলাই দিব।
  • এই ক্ৰিয়া যিমানবাৰ সম্ভৱ কৰিব পাৰে।

সাৱধানতা:

  • পেপটিক আলচাৰ থাকিলে,
  • ৰক্তচাপ থাকিলে,
  • হৃদৰোগ,
  • শ্লিপ ডিস্ক থাকিলে এই আসন কৰা উচিত নহয়।

পবনমুক্তাসন -

  • চিৎ হৈ শুই ল’ব।
  • এতিয়া উশাহ লাহে লাহে এৰি সোঁ ভৰিখন আঁঠুত ভাজ কৰি আগলৈ আনি বুকুত আঁঠুটো লগাই সামান্যভাৱে হেঁচি ধৰিব। এই অৱস্থাত দহ-পোন্ধৰ চেকেণ্ড থাকি স্বাভাৱিকভাৱে উশাহ-নিশাহ লৈ থাকিব।
  • এইবাৰ ভৰিখন মেলি দি বাওঁ ভৰিখন আঁঠুত ভাঁজ কৰি কোচাই আনি ন্বুকুৰত লগাই দুহাতেৰে হেঁচি ধৰিব। এই অৱস্থাত দহ-পোন্ধৰ চেকেণ্ড থাকি স্বাভাৱিকভাৱে উশাহ-নিশাহ লৈ থাকিব লাগে। এইবাৰ ভৰিখন মেলি ধৰি পাঁচ চেকেণ্ড সময় শৱাসনত বিশ্ৰাম ল’ব।
  • এতিয়া দুয়ো ভৰি অলপ ওপৰলৈ তুলি ভাঁজ লগাই বুকুত আঁঠু দুটা লগাব।
  • উশাহ এৰি দুয়ো হাতেৰে আঁঠুত ধৰি বুকুৰ ফালে জোৰকৈ হেঁচি ধৰিব। মূৰটো ওপৰলৈ তুলি আঁঠু দুটা স্পৰ্শ কৰাৰ চেষ্টা কৰিব।
  • এইদৰে যিমান সময় পাৰে থাকিব। উশাহ স্বাভাৱিক কৰি ৰাখিব।
  • ইয়াৰ পিছত পুনৰাই পূৰ্বৰ অৱস্থালৈ আহিব।

সাৱধানতা:

ডিঙিৰ বিষত ভুগি থকা লোকসকলে ডিঙি ওপৰলৈ তোলা উচিত নহয়।

ভুজংগাসন  -

  • শৰীৰ পোনকৈ ৰাখি ভৰি দুখন একেলগে কৰি উবুৰি হৈ শুই ল’ব।
  • কপালে মাটি স্পৰ্শ কৰি থাকিব।
  • হাত দুখন বুকুৰ কাষত ভাঁজ কৰি ৰাখিব।
  • উশাহ লৈ কান্ধ আৰু মুখ মণ্ডলৰ সৈতে মেৰুদণ্ড সাধ্য অনুসৰি পিচফালে বেঁকা কৰিব।
  • চকু বন্ধ কৰি ৰাখিব।
  • স্বাভাৱিকভাৱে উশাহ-নিশাহ লৈ এইদৰে যিমান সময় পাৰে থাকিব।
  • পিছত পূৰ্বৰ অৱস্থালৈ আহি শৱাসনত জিৰণি ল’ব।

সাৱধানতা:

হাৰ্নিয়া থকা লোকে এই ব্যায়াম নকৰিব।

মন্দুকাসন -

  • বজ্ৰাসনত বহি ল’ব।
  • বুঢ়া আঙুলি ভিতৰত ৰাখি হাত দুখন মুঠি মাৰি ধৰি থাকিব।
  • হাতৰ মুঠি দুটা পেটৰ কাষলৈ আনিব।
  • উশাহ এৰি পেটটো ভিতৰলৈ টানি নিব।
  • নাভিৰ কাষত হাতৰ মুঠি দুটা হেঁচি ধৰিব।
  • দুচকু মুদি মূৰটো ওপৰলৈ তুলি স্বাভাৱিকভাৱে উশাহ লৈ থাকিব।
  • যিমান সময় স্পাৰে এই আসনত থাকিব।

সাৱধানতা:

  • পিঠিৰ বিষ,
  • শ্লিপ ডিস্ক,
  • বাতবিষ থাকিলে এই আসন নকৰিব।

উৎস: স্বাস্থ্য আৰু দীৰ্ঘজীৱন

শেহতীয়া উন্নীতকৰণ: : 4/14/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate