অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

তিনিটা সৰু কথা

তিনিটা সৰু কথা

আহক আজি মাত্ৰ তিনিটা সৰু কথা জানি লওঁক। হয়তো ই আপোনাক কিবা সহায়ো কৰিব পাৰে।

আজি এটা কথা জানি থওঁক যে সিজোঁৱা বিলাহীৰ কেঞ্চাৰ প্ৰতিৰোধ কৰাৰ ক্ষমতা কেচাঁ বিলাহীতকৈ বেচি।ইহঁতৰ দুয়োটা অৱস্থাতেই molecule lycopene উপস্থিত থাকে ,কিন্ত্ত গৰম কৰিলে বিলাহীত ইয়াৰ ৰাসায়নিক গঠন সলনি হয় আৰু ই শৰীৰত এই ক্ষেত্ৰত বেচি ভালকৈ কাম কৰে।সেয়ে সপ্তাহত অন্তঃত ১/২ কাপ সিজোঁৱা বিলাহী খাব লাগে। ষ্ট্ৰবেৰী(strawberries)ত থকা antioxidants য়ে কেঞ্চাৰৰ সৈতে যূজিঁবলৈ শৰীৰক সহায় কৰে।গতিকে এই ফল মাজে-মাজে খাব পাৰিলে ভাল।

 

যিসকলৰ uric acid অৰ problem থাকে তেওঁ পূৱা-গধূলি পানী বেচিকৈ খাব।ই শৰীৰত জমা হোৱা এচিদ খিনিক প্ৰসাৱ দ্বাৰা বাহিৰ কৰি দি শৰীৰৰক এই সমস্যাৰ পৰা কিছু সকাহ দি থাকিব।

প্ৰতি ১০০ গ্ৰাম ষ্ট্ৰবেৰীৰ খাদ্যাংশত নিহিত থকা পৌষ্ঠিক গুণাগুণ (Nutritional value):-

কাৰ্বহাইড্ৰেট:-৭.৬৮ গ্ৰাঃ, চেনি:- ৪.৮৯ গ্ৰাঃ, আহঁ:- ২ গ্ৰাঃ, চৰ্বি:- ০.৩ গ্ৰাঃ, প্ৰটিন:-০.৬৭ গ্ৰাঃ, থায়মিন:-০.০২৪ মিঃগ্ৰাঃ, ৰিব’ফ্লেভিন(বি.২):-০.০২২ মিঃগ্ৰাঃ, নায়েচিন(বি.৩):-০.৩৮৬ মিঃগ্ৰাঃ, পেন্ট’থেনিক অম্ল:-০.১২৫ মিঃগ্ৰাঃ, ভিটামিন বি.৬:- ০.০৪৭ মিঃগ্ৰাঃ, ভিটিমিন চি:-৫৮.৮মিঃগ্ৰাঃ, ভিটামিন ই:-০.২৯ মিঃগ্ৰাঃ, ভিটামিন কে:-২.২ μg, ফলেট(বি.৯) ২৪ μg, স্যলিন:-৫.৭মিঃগ্ৰাঃ, লোহা:-০.৪১ মিঃগ্ৰাঃ, মেগনেচিয়াম:-১৩ মিঃগ্ৰাঃ, মেঙ্গানিজ:-০.৩৮৬ মিঃগ্ৰাঃ, ফচফৰাচ:-২৪ মিঃগ্ৰাঃ, পটাচিয়াম:-১৫৩ মিঃগ্ৰাঃ, ছডিয়াম:-১মিঃগ্ৰাঃ, দস্তা:-০.১৪ মিঃগ্ৰাঃ।

(এনেইতো ষ্ট্ৰবেৰী দেখিবলৈ যিমান ভাল খাবলৈ সিমান সোৱাদ লগা নহয়। কিন্ত্ত ইয়াৰ পৌষ্ঠিক গুণাগুণলৈ চাই, ই শৰীৰৰ বাবে অতি উপকাৰী। সেয়ে পাৰিলে ইয়াক মাজে-মাজে খাব লাগে। ইয়াক আজিকালি প্ৰায়বোৰ চহৰৰ বজাৰতে পোৱা যাই

লিখক: ইমৰান হুছেইন

শেহতীয়া উন্নীতকৰণ: : 4/8/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate