অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

তৃতীয় পেষক দাঁত

তৃতীয় পেষক দাঁত

পেষক দাঁত সমুহ পূৰ: পেষক দাঁতৰ পিচফালে ওলায়| এজন ব্যক্তিৰ মুখগহ্বৰত সৰ্বমুঠ বাৰটা পেষক দাঁত গজে| বাৰটা পেষক দাঁতৰ ঊৰ্ধ আৰু নিম্ন প্ৰতিটো হনুতে মুঠ ছটাকৈ থাকে, তিনিটা সোঁফালে আৰু তিনিটা বাওঁফালে| পেষক দাঁতসমুহৰ নামকৰণ প্ৰথম, দ্বিতীয় আৰু তৃতীয় বুলি ধৰা হয়| তৃতীয় পেষক দাঁতটো জনসাধাৰণৰ মাজত ‘জ্ঞান দাঁত’ বুলি অভিহিত| এজন ব্যক্তিৰ জ্ঞানৰ বিকাশৰ লগত এই দাঁতটোৰ সম্পৰ্ক কি সঠিক ভাৱে জনা নাযায়| কিন্তু জ্ঞান দাঁতটোৰ ওলোৱাৰ সময় (১৮-২৫ বছৰ) ত এজন ব্যক্তিয়ে পৰিপক্কতা লাভ কৰে বুলি গণ্য কৰা হয়| অৱশ্যে বহু ক্ষেত্ৰত এই দাঁতটো ওলোৱাৰ সময়ৰ ব্যতিক্ৰমো পৰিলক্ষিত হয়| কেতিয়াবা আকৌ এই জ্ঞান দাঁতকেইটা জন্মগত ভাৱেই গঠন নহয়| বহু সময়ত এইটোও দৃষ্টিগোচৰ হয় যে জ্ঞান দাঁত গঠন হৈছে সঁচা, কিন্তু দাঁতৰ আলু, হাড় আৰু কাষৰ দাঁতৰ দ্বাৰা বাধাগ্ৰস্ত হৈ মুখগহ্বৰত ওলাব নোৱাৰে| তেনেক্ষেত্ৰত এই জ্ঞান দাঁতটোক ইমপেক্টেড বুলি কোৱা হয়|

জ্ঞান দাঁত এটা ইমপেক্টেড হোৱাৰ মুলতে দুটা কাৰণ হ’ব পাৰে, সেইকেইটা হ’ল জ্ঞান দাঁতটো ওলাই আহিবৰ কাৰণে হনুত জাগাৰ অভাৱ নাইবা হনুৰ লগত দাঁতটোৰ গাঁথনিক সম্বন্ধৰ অমিল| জ্ঞান দাঁতটোৰ কাৰণে দ্বিতীয় পেষক দাঁতৰ পিচফালে হনুত জাগাৰ অভাৱৰ কাৰণটো সঠিক ভাৱে বুজিব পৰা নাযায়| তথাপি তলত উল্লেখ কৰা কাৰণসমুহে আগবঢ়োৱা যুক্তিৰ যুক্তিযুক্ততা বিবেচনা কৰা হয়|

হনুৰ আকাৰ গঠনত আমি খোৱা বস্তু চোবাওঁতে ব্যৱহৃত হোৱা মাংসপেশীৰ প্ৰভাৱ অভুতপুৰ্ব| এই মাংসপেশী সমুহে হনুৰ গঠন আৰু আকাৰ বৃদ্ধিত অৰিহণা যোগায়| আধুনিক যুগত প্ৰচলিত নৰম খাদ্যবস্তুৰ কাৰণে ওপৰত উল্লেখিত মাংসপেশীৰ অনুশীলন বহু পৰিমাণে কমি আহিছে, ফলত হনুৰ আকাৰ আগৰ আদিম মানুহৰ তুলনাত সৰু হৈ আহিছে| আনহাতে দাঁতৰ আকাৰৰ ক্ষেত্ৰত আদিম মানুহ আৰু আধুনিক মানুহৰ পাৰ্থক্য নাই| সেইকাৰণে তৃতীয় পেষক দাঁতটো খাপ খাই পৰাকৈ হনুত জাগাৰ অভাৱ হয়|

খাদ্যবস্তুৰ প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰি আমাৰ দাঁতসমুহৰ ক্ষয় হয়| খাদ্যবস্তু টান আৰু খহটা প্ৰকৃতিৰ হ’লে দাঁতসমুহৰ খাদ্য চবোৱাৰ উপৰিভাগ আৰু একে হনুৰ কাষৰ দাঁতসমুহৰ গাতে লাগি থকা উপৰিভাগৰ ক্ষয়ৰ পৰিমাণ বৃদ্ধি হয়| ফলত দাঁত সমুহ প্ৰকৃতিগত ভাৱে সম্মুখৰ মধ্যৱৰ্তী ৰেখাৰ ফালে গতি কৰে আৰু ঊৰ্ধ আৰু নিম্ন হনুৰ আৰ্চৰ সম্পুৰ্ণ দৈৰ্ঘ্য হ্ৰাস পায়| ফলত হনুত পিচৰফালে জাগা প্ৰাপ্তব্য হয়| আনহাতে বৰ্তমান যুগত মানুহে নৰম খাদ্য গ্ৰহণ কৰাৰ কাৰণে দাঁতৰ প্ৰক্সিমেল ছাৰফেচৰ ক্ষয় কম হয়, ফলত দাঁতবিলাক সম্মুখৰ ফালে গতি কৰাৰ সম্ভাৱনাও কমি যায়| সেইকাৰণে দ্বিতীয় পেষক দাঁতৰ পিচফালে জ্ঞান দাঁতটো সঠিক ভাৱে খাপ খাই পৰাকৈ হনুত জাগাৰ অভাৱ হয়| খহটা আৰু টান খাদ্যবস্তু গ্ৰহণ কৰা কাৰণে আদিম যুগৰ মানুহবিলাকৰ দাঁতবোৰ ভাগিছিল, আনকি কিছুমান দাঁত সম্পুৰ্ণ ৰুপে ওলায়ো পৰিছিল| যেতিয়া হনুত এটা দাঁত ভাগে বা সৰে, সেই দাঁতৰ পিচফালে অৱস্থিত দাঁতসমুহ হনুৰ ওপৰতে সম্মুখৰ ফালে গতি কৰে| এই কাৰ্যৰ কাৰণেও হনুত জ্ঞান দাঁতৰ কাৰণে প্ৰচুৰ পৰিমাণৰ জাগাৰ সৃষ্টি হয়| আজিকালি তুলনামুলক ভাৱে নৰম খাদ্য গ্ৰহণৰ কাৰণে দাঁত ভগাটো বা সৰি যোৱাটো কমি গৈছে| ফলত মুখগহ্বৰত সবাতোকৈ শেষত গজিব লগা জ্ঞান দাঁতৰ কাৰণে জাগাৰ অভাৱ পৰিলক্ষিত হয়|

যি কাৰণতেই নহওক, দ্বিতীয় পেষক দাঁতৰ পিচফালে হনুত জ্ঞান দাঁত খাপ খাই পৰাকৈ জাগাৰ অভাৱৰ হেতুকে এই দাঁতকেইটা প্ৰায় ৬৪% ব্যক্তিৰে মুখগহ্বৰত ওলোৱাত বাধাগ্ৰস্ত হয়| এই বাধাগ্ৰস্ত ইমপেক্টেড তৃতীয় পষেক দাঁতটো সৰাই দিয়া সম্পৰ্কত বেলেগ বেলেগ ধৰণৰ মতবাদ আছে| যুক্তি দৰ্শোৱা হয় যে যিবিলাক দাঁত সম্পুৰ্ণ ৰুপে সিহঁতৰ নিজৰ ঠাইতে হাড়ৰ ভিতৰত সোমাই থাকে, সেইবিলাক দাঁতে সাধাৰণতে অনিষ্ট নকৰে| কিন্তু জ্ঞান দাঁত এটা আংশিকভাৱে মুখগহ্বৰত ওলাই অহাৰ পিচৰে পৰা বিভিন্ন ধৰণৰ অসুবিধাৰ সৃষ্টি কৰিব পাৰে| সেই অসুবিধা সমুহ হৈছে-

অসম্পুৰ্ণ ভাৱে ওলোৱা দাঁত এটাৰ চাৰিওফালে মুখৰ লালটি তথা সূক্ষ্ম জীৱাণু আৰু খাদ্য বস্তু জমা হোৱাৰ ফলত জ্ঞান দাঁতটো নাইবা কাষৰ দাঁতকেইটা ডেণ্টেল কেৰিজৰ দ্বাৰা আক্ৰান্ত হোৱাৰ সম্ভাৱনা থাকে|

আংশিক ভাৱে মুখগহ্বৰত ওলোৱা জ্ঞান দাঁতৰ চাৰিওকাষে সূক্ষ্ম জীৱাণু সমুহ জমা হৈ দাঁতটোৰ চাৰিওকাষৰ কোমল ক’লা অংশত প্ৰদাহৰ সৃষ্টি কৰে| এনে ধৰণৰ প্ৰদাহক দন্ত চিকিৎসা বিদ্যাত পেৰিক’ৰ’নাইটিছ বোলা হয়| পেৰিক’ৰ’নাইটিছ হ’লে এজন ৰোগীৰ মুখখন ফুলি উঠে, বিষ হয়, মুখৰ পৰা দুৰ্গন্ধ নিৰ্গত হয় আৰু মুখখন খোলাত অসমৰ্থ হয়| এনেক্ষেত্ৰত কেতিয়াব ৰোগ সঞ্চাৰণ মুখগহ্বৰতে সীমিত নাথাকি ডিঙিৰ ফালেও বিস্তৃত হৈ পৰে| এনেধৰণৰ ৰোগ সঞ্চাৰন বাৰে বাৰে কিছুদিনৰ মুৰে মুৰে হৈ থকা পৰিলক্ষিত হয়|

আংশিক ভাৱে ওলোৱা বা মুখৰ ভিতৰত ওলাবলৈ যত্ন কৰি থকা জ্ঞান দাঁতে কাষৰ দাঁতত হেঁচা প্ৰয়োগ কৰি থকাৰ ফলত কেতিয়াবা কাষৰ দাঁতত বিষ আৰু ডেণ্টেল কেৰিজ হয়|

কেতিয়াবা জ্ঞান দাঁতৰ চাৰিওকাষৰ নৰম ক’লা ভাগত তৰল পদাৰ্থৰে ভৰা বেগৰ নিচিনা বেমাৰ হোৱা দেখা যায়| ইয়াক চিকিৎসা বিজ্ঞানত চিষ্ট বুলি কোৱা হয়| এনেধৰণৰ চিষ্টৰ কাৰণে হাড়ৰ ভিতৰভাগ নষ্ট হয়, হনুৰ আকাৰ বৃদ্ধি আৰু কাষৰ দাঁতৰ অৱস্থানৰ সাল-সলনি ঘটে| এই চিষ্টৰ ভিতৰত কেতিয়াবা কেতিয়াবা টিউমাৰ হোৱা দেখাও দেখা যায়| এনেধৰণৰ টিউমাৰৰ পৰা অজানিতে হনুৰ হাড় ভগাও বহুক্ষেত্ৰত পৰিলক্ষিত হয়| কৃত্ৰিম দাঁত ব্যৱহাৰ কৰা ব্যক্তি এজনৰ কৃত্ৰিম দাঁতেৰে সজ্জিত প্লেটৰ তলত জ্ঞান দাঁত ওলালে তমোময় বিৰক্তি বা ৰমৰমণিৰ সৃষ্টি কৰে| তদুপৰি কৃত্ৰিম দাঁত ব্যৱহাৰ কৰাৰ পিচত ইমপেক্টেড জ্ঞান দাঁত সৰাব লগা হ’লে দাঁতযোৰা খাপ খাই পৰাত ব্যাঘাত জন্মে, ফলত কৃত্ৰিম দাঁতযোৰা নতুনকৈ বনাব লগাত পৰে|

অৰ্থদন্তিক চিকিৎসাৰ দ্বাৰা বেৰিয়া দাঁত শুধৰণিৰ সময়তো কেতিয়াবা আংশিক বা সম্পুৰ্ণ ৰুপে ইমপেক্টেড জ্ঞান দাঁতে বাধা প্ৰদান কৰে|

মুঠৰ ওপৰত ইমপেক্টেড জ্ঞান দাঁতে অসুবিধা দিয়াটো প্ৰায় নিশ্চিত| সেয়ে জ্ঞান দাঁতটোৰ পৰা উদ্ভৱ হ’ব পৰা সম্ভাব্য অসুবিধাৰ মাত্ৰা এক্স-ৰেৰ দ্বাৰা নিৰুপণ কৰি সময়মতে দাঁতটো সৰাই দিয়াৰ ব্যৱস্থা কৰাটো প্ৰয়োজন|

লেখক:- ডা: স্বৰ্গজ্যোতি দাস

উৎস:-অসমীয়া প্ৰতিদিন, সম্ভাৰ

শেহতীয়া উন্নীতকৰণ: : 7/1/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate