কিছুমান মানুহৰ চুলি খুব বেছি তেলেতীয়া। আন কিছুমান মানুহৰ চুলি খুব বেছি শুকান। তেলেতীয়া আৰু শুকান হোৱাৰ কাৰণ যেনেকৈ বেলেগ বেলেগ, ঠিক তেনেকৈ তাৰ প্ৰতিকাৰো বেলেগ বেলেগ। এজন চিকিৎসকে কৈছে যে চুলি তেলেতীয়া হোৱাৰ এক লাখৰ পৰা ডেৰ লাখ পৰ্যন্ত কাৰণ থাকিব পাৰে। অৰ্থাৎ মানুহৰ মূৰত চুলিৰ সংখ্যা যিমান, চুলি তেলেতীয়া হোৱাৰ কাৰণো প্ৰায় সিমানেই। ধুনীয়া হৈ থাকিব খোজা মানুহবোৰে তেলেতীয়া চুলি নিশ্চয় ভাল নাপায়। শুদ্ধ শ্বেম্পু ব্যৱহাৰ কৰাটোৱেই হ’ল চুলি স্বাভাৱিক কৰি ৰখাৰ স্বাভাৱিক উপায়। শুদ্ধ শ্বেম্পু বুলি কৈ ইয়াকে বুজাব খোজা হৈছে যে বেলেগ বেলেগ মানুহৰ চুলিৰ প্ৰকৃতি অনুযায়ী শ্বেম্পু বেলেগ বেলেগ হ’ব পাৰে। তেলেতীয়া চুলিৰ মানুহে শ্বেম্পু কিনোতে শ্বেম্পুৰ লেবেলত ডীপ ক্লীনিং শব্দ দুটা আছে নে নাই চাই ল’ব লাগে। অৰ্থাৎ ডীপ ক্লীনিঙৰ ক্ষমতা থকা শ্বেম্পুহে তেলেতীয়া চুলিত ব্যৱহাৰ কৰা উচিত। দ্বিতীয়তে, যিবোৰ শ্বেম্পু দেখিবলৈ পানীৰ নিচিনা পৰিষ্কাৰ সেইবোৰ শ্বেম্পুৱে চুলিৰ তেল সহজে ধুই উটুৱাই দিব পাৰে। তেনেকুৱা শ্বেম্পু বিচাৰি পোৱাৰ পিছত প্ৰতিদিনেই চুলিত শ্বেম্পু ব্যৱহাৰ কৰিব পাৰি। প্ৰতিদিনেই ব্যৱহাৰ কৰিব লাগে বুলি সেইবোৰ শ্বেম্পুত লিখাই থাকে। শ্বেম্পুৰে মূৰটো ধোৱাৰ পাঁচ মিনিটৰ আগতে চুলিত শ্বেম্পু লগাব লাগে। শ্বেম্পুৰে চুলি ধোৱাৰ পিছত এক মগ পানীত এটা নেমুটেঙাৰ ৰস চেপি লৈ সেই পানীৰে চুলিখিনি ধুই দিলে তেলেতীয়া ভাবটো সম্পূৰ্ণভাৱে নোহোৱা হৈ যায়।
উৎসঃ জিএনআৰচি স্বাস্থ্য আলোচনী
শেহতীয়া উন্নীতকৰণ: : 3/11/2020