অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

তেলেতীয়া ছালৰ বাবে খাদ্য আৰু প্ৰসাধন

তেলেতীয়া ছালৰ বাবে খাদ্য আৰু প্ৰসাধন

 

আমি যি খাদ্য খাওঁ, তাৰেই প্ৰতিফলন হয় আমাৰ মন আৰু শৰীৰত। সেইবাবে আমাৰ খাদ্যৰ প্ৰতি বিশেষ মনোযোগ দিব লাগে। আমি প্ৰকৃত খাদ্য(balance diet) খাই আমাৰ স্বাস্থ্য ভালে ৰাখিব পাৰো। বিশেষকৈ ছাল আৰু চুলিৰ ক্ষেত্ৰত।

যেতিয়া আমাৰ কপাল আৰু নাকৰ অংশ তেলেতীয়া হয় তেতিয়া আমাৰ খাদ্যত তেল থাকে। যেনে: আলু ভাজি। আমি যি খাওঁ সেয়া তৎক্ষণাৎ ছালত প্ৰতিফলিত হয়। প্ৰথমে তেলেতীয়া পাছলৈ শালমইনা হ’বলৈ আৰম্ভ কৰে।

আমি যদি এনে খাদ্য খাবলৈ এৰি নিদিও পাছলৈ শালমইনা শেষ হোৱাৰ নাম নলয়। হোৱাইট হেডছ, ব্লেক হেডছ, নোমচিদ্ৰ ইত্যাদি ডাঙৰ হ’বলৈ লয়। যিমানেই তেল কম খাওঁ, সিমানেই তেল নিৰ্গত হোৱাটো কমি যায়।

টেঙাজাতীয় খাদ্যত ভিটামিন ‘চি’ থাকে। ই আমাৰ শৰীৰৰ পৰা ট’ক্সিন আঁতৰোৱাত সহায় কৰে আৰু ছালৰ পৰাও তেল(অতিৰিক্ত) উলিয়াই দি স্বাস্থ্যৱান ছাললৈ ৰূপান্তৰ কৰে। ছালৰ মইশ্ব’ৰাইজাৰ ধৰি ৰখাত কমলাই সহায় কৰে।

শালমইনা শুকাই যোৱাতো সহায় কৰে কমলাই। নেমুৰ দ্বাৰা লিভাৰৰ অৱস্থা সুস্থ কৰি ছালক নিমজ আৰু মিহি কৰে।

নাৰিকলৰ পানীয়ে ছালক সতেজ আৰু উজ্জ্বল কৰে। ছালৰ পৰা দাগ, পিগমেন্টেচন, শালমইনা আদি নাশ কৰাত সহায় কৰে। নাৰিকলৰ পানীত কেলচিয়াম, মেগনেচিয়াম, পটাচিয়াম আদি থকাৰ বাবে ছাল নিমজ আৰু মিহি কৰি, নোমছিদ্ৰবোৰ সৰু কৰি বয়স কমাই ৰখাত সহায় কৰে।

ডাৰ্ক চকলেট খোৱাৰ ফলতো ছালৰ জ্বলন, শালমইনা, অতিমাত্ৰা তেল নিৰ্গত হোৱাত বাধা দিয়ে। ই ছালৰ মসৃণতা আৰু উজ্জ্বলতা বঢ়ায়।

তেলেতীয়া ছালৰ বাবে ব্ৰকলিও উত্তম। যিহেতু ইয়াত ভিটামিন ‘এ’, ‘চি’, মেগনেচিয়াম থাকে। গতিকে বহল মুখৰ নোমছিদ্ৰসমূহ সৰু কৰাত সহায় কৰে। অতিমাত্ৰা তেল নিৰ্গত হোৱাত বাধা দিয়ে। গতিকে শালমইনাও নহয়।

পালেং শাকো তেলেতীয়া ছালৰ বাবে উত্তম। ই ফাইবাৰ যুক্ত। খুব বেছি পানী খাব নোৱাৰাসকলে পালেং খালে ছালক সতেজ কৰি ৰখাত সহায় কৰে।

তিয়ঁহ মানেই পানী। প্ৰায় ৯০ শতাংশই পানী, ই ছালক সতেজ কৰি ৰাখে। শৰীৰৰ পৰা ট’ক্সিন আঁতৰোৱাত সহায় কৰে। ই এন্টি অক্সিডেন্টযুক্ত। ই শালমইনা নাশ কৰাত সহায় কৰে।

ওট’মিল, ব্ৰাউন ৰাইচ, মগু(গজালি ওলোৱা) খালে শৰীৰৰ পৰা ট’ক্সিন নাশ কৰি ছালৰ লগতে চুলিৰ অৱস্থা ভাল কৰে। এই খাদ্যই শৌচ খোলোচা কৰে।

আমাৰ সকলোৰে প্ৰিয় কল খালেও ছালৰ দাগ আঁতৰায়। কলত ভিটামিন ‘ই’, পটাছিয়াম ফচফেট থাকে। ই ছালৰ স্বাস্থ্য মিহি আৰু উজ্জ্বল কৰে।

তেনেতীয়া ছালৰ ব্যক্তিসকলে এনে খাদ্য খাব নালাগে যি ছালক অতিৰিক্ত তেলেতীয়া কৰি ৰখাত সহায় কৰে। যিমান পাৰি নোখোৱাই ভাল। চাহ, কফি আদিয়ে দেহক সতেজ কৰি ৰখাত বাধা দিয়ে। এই খাদ্যই অতিমাত্ৰা তেল নিৰ্গত হোৱাত সহায় কৰে। এই খাদ্যৰ বাবে শালমইনা বেছিকৈ হয়।

ৰঙা মাংস(গাহৰি, ছাগলী, গৰুৰ মাংস) আৰু পিজ্জা, মাখন, কেক, চীজ, পেচট্ৰি ক্ৰীম ইত্যাদি একেবাৰে খাবই নালাগে। এনে খাদ্যই তৎক্ষণাৎ ছালক তেলেতীয়া কৰি শালমইনা ওলোৱাত সহায় কৰে।

জেম, মিঠাই, চেনি, কুকিচ, ক্ৰীম, ক্ৰেকাৰ ইত্যাদি যিমানেই কম খাব সিমানেই ছালৰ অৱস্থা ভালেই থাকিব। অতিমাত্ৰা নিমখীয়া খাদ্যয়ো ছালৰ অৱস্থা বেয়া কৰে। আচাৰজাতীয়, আলুৰ চিপছ, নিমখীয়া ভজা বাদাম, শুকান মানে তৈয়াৰী চুপ ইত্যাদি খোৱাৰ পৰা বিৰত থাকিব লাগে।

নিমপাত সিজাই গ্ৰীণ টীৰ অইল দুটোপাল মিহলাই লগাব লাগে। নিমত এন্টি বেক্টেৰিয়েল সামগ্ৰী থাকে। ফলত ছালৰ পৰা অতিৰিক্ত তেল নোলায়।

এইদৰেই তেলেতীয়া ছালৰ যত্ন(বিশেষকৈ খাদ্যৰ ক্ষেত্ৰত) ল’ব। যত্ন কৰিলেহে সুন্দৰ ছালৰ অধিকাৰী হৈ থাকিব পাৰিব।

লেখিকা: ভানু শৰ্মা(অসম বাণী)

শেহতীয়া উন্নীতকৰণ: : 6/25/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate