অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

তেলেতীয়া ছালৰ যতন :

তেলেতীয়া ছালৰ যতন :

 

আমাৰ ছালখন দেহৰ অন্যতম বৃহৎ অংগ। মানুহৰ মুঠ ওজনৰ চাৰিভাগৰ এভাগ হৈছে এই ছালখন। সাধাৰণতে মানুহৰ ছাল দুই প্ৰকাৰৰ-

১)শুলিযুক্ত,

২)চুলি নথকা ছাল।

নোম নথকা ছালত ঘৰ্ম গ্ৰন্থি আৰু তৈল গ্ৰন্থি নাথাকে। আৰু নোম থকা ছালত ঘৰ্ম গ্ৰন্থি আৰু গ্ৰন্থি থাকে। ছালৰ নোমৰ গুৰিতহে তৈল গ্ৰন্থি থাকে। ইয়াৰ পৰা ওলোৱ তেলেই ছাল আৰু চুলিত তেজৰ যোগান ধৰে। ঘৰ্ম গ্ৰন্থিৰ পৰা ঘাম ওলাই ছাল আৰু চুলিত পানী যোগান ধৰে।

ছালৰ স্বাস্থ্যৰ বাবে এই দুয়োবিধ অতি মূল্যৱান দ্ৰব্য। ছালৰ তেল ওলোৱা ক্ষমতা অনুসৰি তিনি ভাগত ভগাব পাৰি-

১)শুকান ছাল,

২)তৈলাক্ত বা তেলেতীয়া ছাল আৰু

৩)সাধাৰণ ছাল।

এতিয়া বেছিভাগৰে সমস্যা হয় সদায় ছালখন তেলেতীয়া হোৱা বাবে। তেলেতীয়া ছালত তৈলগ্ৰন্থিসমূহ সাংঘাটিক সক্ৰিয় হয়। তেলৰ এক আৱৰণ লাগি থাকে বাবে ছালখন জিলিকি থাকে। সামান্য ভুলতে ছালখনত গুটি ওলায়, ফলত দাগযুক্ত হয়।

আহকচোন আমি ঘৰুৱা দ্ৰব্যৰে যত্ন লওঁ। অমিতাৰ মঙহ দুচামুচ, নিম আধা চামুচ, পদিনা পাতৰ ৰস দুচামুচ, প্ৰয়োজন সাপেক্ষে গাখীৰ গাখীৰ মিলাই প্ৰলেপটো তৈয়াৰ কৰি ছালত লগাই ১৫-২০ মিনিট ৰাখি তাৰ ওপৰত গোলাপজল লগাই দুমিনিট ৰাখি লহাতেৰে মোহাৰি মোহাৰি এৰুৰাব লাগে। এই পেক লগালে ছালখন নিমজ আৰু পৰিষ্কাৰ হয়। ছালৰ ফুতাবোৰ সংকুচিত হয়।

যদি ছালখনত শালমন থাকে, তেন্তে এক চামুচ চন্দন মিলাই ল’ব। ইয়াক সপ্তাহত দুবাৰ কৰক আৰু তেলেতীয়া আৰু শালমনৰ পৰা মুক্ত হওক।

বহুতৰ আকৌ মুখত দাগো দেখা যায়। ৰ’দে পোৰাই হওক বা যিকোনো দাগ থাকিলে এক ডাঙৰ চামুচ কমলাৰ ৰসৰ লগত এক চামুচ গাখীৰ মিহলাই চালত সানি শুকাবলৈ দিয়ক। চাব দাগবোৰ বহুত পাতল হৈ গৈছে। আঙুৰো উপকাৰী তৈলাক্ত ছালৰ বাবে। বিলাহী টুকুৰা কৰি মুখত ঘঁহি দহ মিনিট ৰাখি ধুই দিয়ক, চাব ই বহুত দাগ দূৰ কৰে।

বহুতৰে আকৌ তেলেতীয়া ছালত পৰ্যাপ্ত শালমইনা দেখা যায়। দুই চামুচ মুলতানি মাটি, চাৰি চামুচ দৈৰ পানী আৰু গোলাপ জল প্ৰয়োজন মতে দি ১৫ মিনিটমান ৰাখি ধুই দিয়ক। চাব শালমইনা ভাল হৈ উঠিছে। যদি শালমইনাৰ দাগ থাকি যায়, তেতিয়া আলু পিহি ৰস উলিয়াই তাৰ লগত কেঁচা গাখীৰ মিলাই মুখত লগাব সপ্তাহটোত। দিনে ২-৩ বাৰকৈ। চাব শালমইনাৰ দাগ আঁতৰি গৈছে।

খোৱা-বোৱাৰ প্ৰতিও যত্ন ল’ব লাগে। তেলত ভজা খাদ্য, মিঠাই বেছি খাব নালাগে। সেউজীয়া শাক, অমিতা, আমলখি, কমলাটেঙা, ফল-মূল, মাছ আদি খাব পাৰে। পানীও খাব লাগে যথেষ্ট পৰিমাণে।

বেছন আৰু নেমুৰ ৰস মিলাই লেপ বনাই মুখত লগাওক অলপ সময়। ই ছালত থকা অতিৰিক্ত তেল আঁতৰাই দিব।

তিয়ঁহৰ ৰস আৰু নেমুৰ ৰস সমান পৰিমাণত মিলাই মুখত সানক সপ্তাহত ৩-৪ দিন। ই ছালৰ পৰা তেল কটাৰ লগতে উজ্জ্বলো কৰে বহুল।

ঘৰুৱা ফেচ পেক হিচাপে বিলাহী এফাল পিহি তাৰ ফলত এক চামুচ বেছন আৰু এব্ল’ভেৰা জেল মিলাই মুখত লগাই ঠাণ্ডা পানীৰে ধুই দিয়ক। চাব এই ফেচপেক মুখৰ সকলো দাগ আঁতৰাই ছালখন উজলাই তুলিছে।

বেছন তেলেতীয়া ছালখনৰ বাবে অতি কুত্তম। বেছনৰ লগত গোলাপজল মিলায়ো মুখত লগাব পাৰে। এইবোৰ যত্ন লওক আৰু এখন সুন্দৰ আৰু স্বাভাৱিক ছালৰ গৰাকী হৈ উঠক।

লেখিকা: সুস্মিতা গোস্বামী বৰঠাকুৰ(দেওবৰীয়া সুকন্যা)

শেহতীয়া উন্নীতকৰণ: : 2/6/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate