অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

থলুৱা আহাৰহে দেহৰ বাবে অধিক উপযোগী

থলুৱা আহাৰহে দেহৰ বাবে অধিক উপযোগী



আমাৰ শৰীৰটো বৰ্তাই ৰাখিবলৈ জন্মৰে পৰা মৃত্যুলৈকে আহাৰ খোৱাটো অপৰিহাৰ্য্য । সেয়ে ভাতেই হওক ৰুটিয়েই হওক বা কিবা নহয় কিবা খাও ।
আমি দেখো পৃথিৱীৰ য'তে ততে বা যিকোনো জলবায়ুত যিকোনো শস্য মৎস্য ,উদ্ভিদ ,বনদ্ৰব্য আদি পোৱা নাযায় বা পালেও সোৱাদ আৰু গুণগত মান দন্ডৰ তাৰতম্য থাকে । তাৰোপৰি একে জাতৰ বীজ -পুলি আদি দূই ভিন ভিন অঞ্চলত ৰোপন কৰিলে সোৱাদ আৰু গুনাগুণ ভিন্ন হয় । পৰীক্ষামুলক ভাবে ৰাসায়নিক বিশ্লেষন কৰি চালেও ভিন ভিন তথ্য পোৱা যায় । উদাহৰন স্বৰুপে একে জাতৰ ঘৃতকুমাৰী(Aleoveera)ভাৰতৰ বিভিন্ন ৰাজ্যত গুণ বেলেগ :তেনেকৈ সকলো আহাৰৰ সামগ্ৰী ,ফল,ঔষধী গছ লতাদিৰ ক্ষেত্ৰতো একে ।
আজিকালি ইঠাইৰ আহাৰ্য্য বস্তু সিঠাইলৈ,বহি ৰাজ্য বা বিশ্বৰ ইকোণৰ বস্তু সিকোণলৈ অনা নিয়া হয় যদিও মানুহ বা যিকোনো জীৱৰ বাবে গুনাগুণৰ ক্ষেত্ৰত সম্পুৰ্ন উপযোগী নহয় ॥
ইয়ৰ মুলতে পৃথিৱীৰ কোনো ঠাইৰে জলবায়ু , পৰিৱেশ আৰু জীৱৰ শাৰীৰিক গঠন , ৰোগাদিৰ প্ৰতি্ৰোধ ক্ষমতা একে নহয় । সেইমতে খোৱাৰ ৰুচীবোধ,চলন ফুৰন ,ধৰন কৰন আদিও ভিন ভিন।
আচৰিত কথা সৃষ্টি আৰু পালনকৰ্তা ওপৰ ৱালাই জীৱ আৰু উদ্ভিদ আদিক এনেকৈ স্থাপন কৰিছে যে নিজৰ পৰিৱেশ আৰু জলবায়ুত ওপজা গছ লতা ফল শস্য ফল আদিৰ লগতহে
সামঞ্জস্য থাকে আৰু সেই অঞ্চলৰ জীৱৰ বাবেহে অধিক উপযোগী ॥
আজিকালি আমাৰ বেচিভাগেই স্বইচ্ছাই হওক বা বাধ্যতামুলক ভাৱেই হওক বা নিৰুপায় হৈয়ে হওক থলুৱা আহাৰৰ সামগ্ৰী খোৱা বাদ দিব ধৰিছে । দুৰৈৰ পৰা অহা বহিঃৰাজ্যৰ ৰাসায়নিক বিষতুল্য শস্য ,মৎস্য, ফল , চাউল আদিয়ে ক্ষতিসাধন হয় বুলি জানিও অধিক দামত তৃপ্তিৰে খাইছো । নিজৰ অঞ্চলৰ পাচলি পোক লগা বুলি নাখাই চালানি ৰাসা:কীটনাশক বিষাক্ত পাচলী খাও , নিজৰ ৰাজ্যতে উভৈনদী পুস্তিগুণ থকা সৰু সৰু মাছ নাখাই ডাঙৰ মুৰৰ বিষাক্ত ফৰমেলীন মিহলোৱা চালানী মাছ খাও , ব্ৰইলাৰ খাও , আৰু কত কি খাও যিবোৰে আমাৰ দেহ ঘুণীয়া কৰাই নহয় দিনক দিনে দুৰাৰোগ্য বেমাৰত অকাল মৃত্যুও হোৱা দেখিছোহি । অসমৰ বতৰৰ ফল আম, জাম , লেটেকু পনিয়ল, মধুৰিআম ,আতলচ , বেল , ৰবাৱ নাখাই অধিক দামত আপেল আঙুৰ খাইছো ।
চৰকাৰে বছৰে বৃক্ষৰোপন দিৱস পাতি কোটি কোটি বৃক্ষৰোপন কৰে । আমি দেখো ১০ ভাগৰ ১ অংশও চৰাই চিৰিকতি,জীৱ বা মানুহে খাব পৰা ফলৰ গছ নোৰোৱে । অসংখ্য পিতনীত বিজ্ঞান সন্মতভাবে মীন পালন কৰিব পাৰে । কিন্তু সদিচ্চা নাই । দাইল , মচলা , আলু ,পিয়াজ ,নহৰু অসমতো হয় কিন্তু আমি নকৰো । আনকি ভগৱানৰ শৰাইত আগবঢ়োৱা মাহপ্ৰসাদৰ বুট মগু খিনিও বহিঃৰাজ্যৰ পৰাহে আশা কৰো ।
বন্ধু বান্ধবী তথা অসমৰ প্ৰতি পৰিয়ালৈ অনুৰোধ -আপোনালোকে থলুৱা বা নিজৰ অঞ্চলৰ আহাৰৰ সামগ্ৰী খোৱাৰ প্ৰতি আগ্ৰহান্বিত হওক । নিজৰ থলুৱা চাউল খাওক,পাচলী খাওক ,থলুৱা মাছ মাংস খাওক ,থলুৱা বতৰৰ ফল খাওক । সেয়াহে আমাৰ পৰিৱেশ ,জলবায়ু আৰু শৰীৰৰ উপযোগী পুস্তিকৰ আৰু উত্তম খাদ্য ।

লেখক: যতীন দাস

উৎস: স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ

 

শেহতীয়া উন্নীতকৰণ: : 1/18/2019



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate