অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

দন্তক্ষয়

দন্তক্ষয় বা ইংৰাজীত Dental Caries এবিধ বীজাণুকৃত ৰোগ। এই  ৰোগত দাঁতত থকা খনিজাত (Inorganic) দ্ৰৱ্যৰ গঠনবোৰ ভাঙি যায় আৰু জৈৱিক(organic) দ্ৰব্যৰ নাশ হয়।আমাৰ সমাজত ইয়াক দাঁত পোকে খোৱা ৰোগ নামে  জনাজাত।

মানুহৰ দাঁত তিনি ধৰণৰ কঠিন কোষেৰে গঠিত। এনামেল (Enamel), ডেন্টিন (Dentin) আৰু চিমেন্টাম (Cementum)।এই কঠিন কোষৰ আৱৰণৰ ভিতৰত থাকে পাল্প (pulp)নামৰ এবিধ কোমল কোষ।পাল্পৰ চাৰিওফালে ডেন্টিনৰ আৱৰণ থাকে।

ডেন্টিনৰ এটা অংশক আৱৰি থাকে এনামেলে যিটো অংশক ক্ৰাউন(Crown)বুলি কোৱা হয়।আৰু আনটো অংশ যিটো চিমেন্টামে আৱৰি থাকে সেই অংশক কোৱা হয় ৰুট(Root)।ৰুট অংশটো হাঁড়ৰ ভিতৰলৈ সোমাই থাকে।

দন্তক্ষয় ৰোগৰ কাৰণটো এটা শাৰীত প্ৰকাশ কৰা  সম্ভৱ নহয় কাৰণে কিছুমান সুত্ৰৰ সহায় লোৱা হয়। ইয়াৰে সকলোতকৈ গ্ৰহণযোগ্য সূত্ৰটো হৈছে এচিডজেনিক থিঅ’ৰি (Acidogenic Theory) এইসূত্ৰ মতে মানুহৰ মুখত থকা বেক্টেৰীয়াই আমি খোৱা চেনীজাতীয় আহাৰক (Carbonhydrate)  পচাই সৃষ্টি কৰা অম্লই (Acid) প্ৰথমে দাঁতৰ খনিজাত পদাৰ্থৰে গঠিত অংশক আৰু পিছলৈ জৈৱিক অংশক নষ্ট কৰে। চুক্ৰজ (Sucrose) নামৰ কাৰ্বহাইড্ৰেট বিধ হৈছে সবাটোতকৈ অধিক দন্তক্ষয়ী। ষ্টেপ্ত’ককাচ মিউটানচ্ (Streptococcus Mutans) নামৰ বেক্টেৰীয়াবিধেই হৈছে দন্তক্ষয়ৰ মুল কাৰন।

ৰোগৰ লক্ষণ

এই ৰোগৰ আৰম্ভনীতে দাঁতৰ সবাটোতকৈ অসমান অংশত মূগাবৰণীয়া নাইবা ক’লা দাগ দেখা যায়।প্ৰথমে এই দাগ সৰু হৈ থাকে আৰু ডেণ্টিন আৱৰণৰ ফালে বিয়পাৰ লগে লগে ই বহল হৈ যায়। এই অৱস্থাত দাঁতত ঠাণ্ডা পানী নাইবা মিঠা জাতীয় আহাৰ লাগিলে সিৰসিৰণি ভাৱ হয়। লাহে লাহে যেতিয়া ৰোগ বিয়পি পাল্প অংশ চোৱেগৈ তেতিয়া দাঁতত অসহ্য বিষ  আৰম্ভ হয়।

চিকিৎসা

প্ৰাৰম্ভিক অথাৎ সিৰসিৰণি নাইবা বিষ নোহোৱা অৱস্থাত ক’লা বা মূগা বৰণীয়া অংশটো কাটি আতৰাই দিয়া হয় আৰু ৰোগনাশক দ্ৰব্যৰ দ্বাৰা সেই অংশটো ভৰাই তোলা হয়।

বিষ আৰম্ভ হ’লে সেই বিষ নিৰাময় কৰাৰ বাবে আৰু দাঁতটোৰ সুৰক্ষাৰ বাবে ঔষধৰ লগতে  R.C .T নামৰ এটি  চিকিৎসা কৰা হয়। যদিহে এই চিকিৎসাৰ দ্বাৰা দাঁতটোৰ সুৰক্ষা দিব পৰা নেযায় বুলি নিৰ্ণয় কৰা হয় তেতিয়া দাঁতটো সৰাই দিয়া হয়।

তলত উল্লিখিত প্ৰণালীৰ দ্বাৰা দন্তক্ষয় প্ৰতিৰোধ কৰিব পাৰিঃ

১/আহাৰ পৰা চুক্ৰজ নামৰ কাৰ্বহাইড্ৰেটবিধ বাদ দিয়া নাইবা কম কৰি দিয়া।

২/ক্ল’ৰহেক্সিডিন,ফ্লৰাইড আৰু এণ্টিবাইঅ’টিকৰ দ্বাৰা মুখৰ ভিতৰত থকা দন্তক্ষয়ী বীজাণুবোৰ নষ্ট কৰা।

৩/নিয়মিত আহাৰৰ পাছত ব্ৰাছ আৰু ফ্লছৰ সহায়ত দাঁত চাফা কৰা।

৪/দাঁতৰ অসমান অংশবোৰ দন্ত চিকিৎসকৰ দ্বাৰা সমান কৰি লোৱা।

৫/আঁহজাতীয় খাদ্যক আহাৰ তালিকাত অন্তৰ্ভুক্ত কৰা।

৬/ৰোগৰ প্ৰাৰম্ভিক অৱস্থাতেই দাঁতৰ সুৰক্ষা কাৰণে দন্ত চিকিৎসকৰ দ্বাৰা চিকিৎসা কৰোৱা।

লিখক: ডo দিব্যজ্যোতি পাঠক

শেহতীয়া উন্নীতকৰণ: : 4/24/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate