অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

দাঁতৰ সৌন্দৰ্য ৰক্ষাৰ লগতে সৌন্দৰ্য বৰ্ধনতো সহায় কৰে টুথপেষ্টে

দাঁতৰ সৌন্দৰ্য ৰক্ষাৰ লগতে সৌন্দৰ্য বৰ্ধনতো সহায় কৰে টুথপেষ্টে

 

টুথপেষ্টৰ নাম শুনিলেই প্ৰতিজন মানুহৰে মনলৈ নিজৰ দাঁতবোৰ বগা হৈ জিলিকি উঠাৰ কথা আহে।যি টুথপেষ্টৰ ব্যৱহাৰ আপুনি সৰুৰে পৰাই কেৱল দাঁত পৰিষ্কাৰ কৰাৰ বাবে পুৱাতে ব্যৱহাৰ কৰা দেখি আহিছে,-সেই টুথপেষ্ট  আকৌ আপোনাৰ সৌন্দৰ্য বৃদ্ধিৰ ক্ষেত্ৰতো যে ব্যৱহাৰ কৰিব পাৰি, সেই কথা আপুনি কেতিয়াবা ভাবি চাইছেনে?আপোনাৰ মুখত দেখা দিয়া ব্ৰণ বা ব্ৰণ শুকাই গৈ ক্ষুদ্ৰ ক্ষুদ্ৰ ক’লা দাগৰ সমস্যা সমাধানত টুথপেষ্ট ব্যৱহাৰ কৰিব পাৰি।লগতে মুখৰ উজ্জ্বলতা বৃদ্ধিৰ কামতো  টুথপেষ্ট ব্যৱহাৰ কৰিব পাৰি।এই বিষয়ে এই চুটি প্ৰবন্ধটিত থুলমুলকৈ আলোচনা কৰা হৈছে।

আপোনাৰ ছালখনৰ যিমানেই যত্ন নলওক লাগে,ছালখনত এটাৰ পিছত আন এটা সমস্যাই দেখা দিবই।কিন্তু আপোনাৰ পৰিচিত  টুথপেষ্টত এনে কিছুমান দৰকাৰী উপাদান থাকে,যিবিলাকে ছালখনৰ বিবিধ সমস্যা ত্ৎক্ষণাত সমাধান কৰিব পাৰে।পুৱা প্ৰথমতে শৌচাচাৰ কৰি,গা-পা ধুই আপোনাৰ ছালখনৰ যতনৰ বাবে সাজু হওক।প্ৰথমতে আপোনাৰ ছালখনৰ বাবে উপযুক্ত টুথপেষ্ট নিৰ্বাচন কৰাটো অতি প্ৰয়োজনীয়।মুখত ওলোৱা ব্ৰণৰ কাৰণে বগা ৰঙৰ টুথপেষ্ট বাছি লোৱাটো সঠিক বুলি মানি লোৱা হৈছে।কিন্তু সেউজীয়া ৰঙা বা নীলা ৰঙৰ  টুথপেষ্ট ছালত প্ৰয়োগ কৰাৰ কথা কেতিয়াও নাভাবিব।প্ৰকৃততে ট্ৰাইক্লোচিন,বেকিং চৌডা আৰু হাইড্ৰোজেন পেৰোক্সাইডৰ দৰে উপাদানে ব্ৰণ বা ব্ৰণৰ দাগ নিৰ্মুল কৰাত সহায় কৰে।এনেধৰণৰ উপকাৰী উপাদানবোৰ কেৱল বগা ৰঙৰ টুথপেষ্টতহে নিহিত থাকে।

কেৱল দাঁতবোৰ বগা কৰি তুলিবৰ কাৰণে ব্যৱহাৰ কৰিব পৰা বহুকেইবিধ টুথপেষ্ট বজাৰত পোৱা যায়।এনেধৰণৰ টুথপেষ্টত কৃত্ৰিম ব্লিচযুক্ত উপাদান থাকে।এনেধৰণৰ টুথপেষ্ট মুখত সানিলে ছালখন পুৰি যাব পাৰে।এনেধৰণৰ টুথপেষ্ট মুখত সানিলে মুখখনত গভীৰ দাগ পৰি যাব পাৰে।যিসকল ব্যক্তি বা মহিলাৰ ছালত বেছি মাত্ৰাত মেলানিন থাকে,তেনে ছালৰ বাবে এই ধৰণৰ টুথপেষ্ট বেছি প্ৰতিক্ৰিয়াশীল।

বেছিভাগ  টুথপেষ্টতে দাঁতৰ ওপৰত পৰা দাগৰ তৰপটো আঁতৰাবৰ কাৰণে ফ্লোৰাইড ব্যৱহাৰ কৰা হয়।এইবিধ  টুথপেষ্টৰ সহায়ত দাঁতৰ আলুৰ কেইবাটাও ৰোগ নিৰাময় হয়।সেয়ে যিবিলাক টুথপেষ্টত কম ফ্লোৰাইড থাকে,সেইবিলাক ব্যৱহাৰ কৰিলে ছালত কমকৈ জ্ব্লা-পোৰা কৰে।

টুথপেষ্ট ব্যৱহাৰ কৰাৰ আগতে আপোনাৰ মুখমণ্ডল ভালদৰে পানীৰে ধুই লওক।কাৰণ ছালত  টুথপেষ্ট ব্যৱহাৰ কৰাৰ আগতে আপোনাৰ শৰীৰৰ ছালখন সম্পুৰ্ণ পৰিষ্কাৰ হোৱা উচিত।আপুনি এটা কথা নিশ্চিত হৈ লওক যে আপোনাৰ মুখত অতিৰিক্ত তেল বা মলি একেবাৰে নাথাকে।

এতিয়া আপোনাৰ টুথপেষ্টৰ টিউবটোৰ পৰা অকণমান পেষ্ট উলিয়াই লওক।যদি আপোনাৰ মুখত ব্ৰণ কমাছে,তেনেহ’লে পেষ্ট কমকৈ উলিয়াব আৰু যদি ব্ৰণ বেছিকৈ আছে,তেনেহ’লে পেষ্ট বেছিকৈ উলিয়াব।

ব্ৰণৰ ওপৰত পেষ্ট লগোৱাৰ সময়ত এটা কথাৰ প্ৰতি চকু ৰাখিব যাতে ব্ৰণৰ ওপৰত কম পৰিমাণেহে পেষ্টৰ প্ৰলেপ পৰে।ব্ৰণৰ ওপৰত পোনপটীয়াকৈ পেষ্টৰ প্ৰলেপ লগাব আৰু ইয়াৰ প্ৰতিক্ৰিয়া দুই এদিনৰ ভিতৰতে দেখিবলৈ পাব।এই পেষ্ট ব্ৰণ বা শালমইনাৰ ওপৰত ১৫ ৰ পৰা ২০ মিনিট সময় লগাই ৰাখিব আৰু পিছত কেৱল পৰিষ্কাৰ পানীৰে ধুই পেলাব।

যদি আপোনাৰ মুখত ব্ৰণ শুকাই গৈ সৰু সৰু ক’লা দাগ ৰৈ গৈছে,তেনেহ’লেও আপুনি টুথপেষ্ট লগাব পাৰে।কেৱল ক’লা দাগ পৰা অংশতহে যেন টুথপেষ্ট সানে,তাৰ প্ৰতি লক্ষ্য ৰাখিব।

ক’লা পৰা অংশত টুথপেষ্ট লগাবলগা হ’লে আপুনি টুথপেষ্ট,নিমখ আৰু পদিনা পাত বটা পেষ্ট অলপ মিহলাই এটা মিশ্ৰণ প্ৰস্তুত কৰি ল’ব লাগিব।এই তিনিওটা দ্ৰব্য খুব ভালদৰে মিহলাই লওক।এতিয়া এই মিশ্ৰণটো য’ত ক’লা দাগ বেছিকৈ পৰিছে,সেই অংশৰ ওপৰত লগাই লওক।এই মিশ্ৰণটো লগোৱাৰ পাঁচ মিনিট সময়ৰ পিছত লাহে লাহে সেই অংশত মালিচ কৰক আৰু পিছত পানীৰে ধুই পেলাওক।

আপুনি টুথপেষ্ট ব্যৱহাৰ কৰি মুখৰ ছালত পৰা যিকোনো ক’লা বা মুগা দাগ নাইকিয়া কৰিব  পাৰে।সেইবাবে ৰাতি শোৱাৰ আগতে টুথপেষ্টৰ এটা দাঠ লেপ দাগ থকা অংশত সানি থওক আৰু পিছদিনা ৰাতিপুৱা ধুই পেলাওক।প্ৰতিদিনে এই প্ৰক্ৰিয়া নিয়মীয়াকৈ কৰি থাকিলে মুখৰ দাগ সোনকালেই শেষ হৈ যাব।

চুলিৰ পৰিচৰ্যাতো টুথপেষ্টৰ ব্যৱহাৰ উপকাৰী বুলি প্ৰমাণিত হৈছে।এই ক্ষেত্ৰত জেলৰ দৰে টুথপেষ্টৰ সহায় ল’ব লাগে।জেল জাতীয় টুথপেষ্ট পানীত মিহলাই হেয়াৰ জেলৰুপে ব্যৱহাৰ কৰিব পাৰে।এই জেল ব্যৱহাৰ কৰিবলৈকো সহজ।

মুখমণ্ডলৰ উপৰি আপোনাৰ নখৰ সৌন্দৰ্য বৃদ্ধি কৰাটোও আজিকালি বেছ গুৰুত্বপুৰ্ণ কামৰুপে পৰিগণিত হৈছে।মুখ আৰু ছালৰ দাগ পৰিষ্কাৰ নকৰিলে সৌন্দৰ্য ম্লান পৰে,তেনেকৈ নখ লেতেৰা হ’লেও হাত দুখনৰ সৌন্দৰ্য হ্ৰাস পায়।চাবোনেৰে ধুলে নখবোৰ উজ্জ্বলকৈ পৰিষ্কাৰ হৈ নুঠে।কিন্তু টুথপেষ্টেৰে ঘঁহি দিলে নখবোৰ উজ্জ্বল আৰু পৰিষ্কাৰ হৈ উঠে।টুথপেষ্টেৰে নখ চফা কৰিলে নখত লগা হালধীয়া দাগ বা আন যিকোনো দাগ পৰিষ্কাৰ হৈ পৰে।ইয়াৰ উপৰিও আপোনাৰ নখবোৰ শক্তিশালী হৈ পৰে।

এটা কথা সঁচা যে কেৱল  সৌন্দৰ্য ৰক্ষাই সকলো কামৰ ঊৰ্ধত নহয়।কেতিয়াবা আপোনাৰ গাৰ পৰা ওলোৱা দুৰ্গন্ধয়ো আপোনাক অস্বস্তিত পেলাব পাৰে।আহাৰ প্ৰস্তুত কৰাৰ সময়ত নহৰু,পিয়াঁজ আৰু আদাসহ অন্যান্য মছলাৰ গোন্ধ আপোনাৰ গাত লাগি ধৰে আৰু মানুহৰ মাজত বহি থাকিলে মানুহে সেই গন্ধত অসুবিধা পাব পাৰে।এনে অৱস্থা হ’লে আপুনি আপোনাৰ গাৰ গোন্ধ আঁতৰাবলৈ টুথপেষ্ট ব্যৱহাৰ কৰিব পাৰে।অকণমান টুথপেষ্ট উলিয়াই স্ক্ৰাবাৰত লগাই আপোনাৰ শৰীৰৰ সেই অংশবোৰ ঘঁহি দিয়ক,য’ৰ পৰা দুৰ্গন্ধবোৰ ওলায় বুলি আপুনি নিশ্চিত হৈছে ।

উৎস:স্বাস্থ্য আৰু দীৰ্ঘজীৱন

শেহতীয়া উন্নীতকৰণ: : 12/1/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate