অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

দৃষ্টিহীনৰ বাবে সুখবৰ

দৃষ্টিহীনৰ বাবে সুখবৰ

দৃষ্টিহীনতা এক শাৰীৰিক প্ৰত্যাহ্বান। এই প্ৰত্যাহ্বানৰ দৃঢ়তাৰে মুখামুখি হ’বৰ বাবে দৃষ্টিহীন সকল যথেষ্ট মানসিক শক্তিৰ অধিকাৰী হোৱাটো প্ৰয়োজন। দৃষ্টিহীনতাৰ সমস্যা দূৰ কৰাৰ বাবে আৰু দৃষ্টিহীন লোকৰ সমস্যা হ্ৰাস কৰাৰ বাবে বিজ্ঞানী সকলে নিৰলস গৱেষণা চলাই আছে। এনে গৱেষণাবোৰৰ ফলাফল এতিয়া লৈকে ইতিবাচক আৰু আশা ব্যঞ্জক। এই ক্ষেত্ৰত বিজ্ঞানী সকলে লাভ কৰা শেহতীয়া কিছু সফলতাৰ আভাস দিব বিচাৰিছো আমাৰ এই লেখাত।

চিকিৎসা বিজ্ঞানৰ শেহতীয়া এক চমক হ’ল ‘জিন থেৰাপি’ (Gene therapy)। জিন থেৰাপি প্ৰয়োগ কৰি কেতবোৰ জটিল ৰোগৰ পৰা ৰোগীক আৰোগ্য কৰাৰ পথত অগ্ৰসৰ হৈছে বিজ্ঞানী সকল। অলপতে মূৰফিলডছ চকু চিকিৎসালয়ৰ বিশেষজ্ঞ সকলে অন্ধতা দূৰ কৰাৰ বাবেও জিন থেৰাপি প্ৰয়োগ কৰি সফলতা লাভ কৰিছে। এই বিশেষজ্ঞ সকলে পৰীক্ষা মূলক ভাৱে ১২ জন কম বয়সীয়া চকুৰ ৰোগীৰ ওপৰত এই জিন থেৰাপি প্ৰয়োগ কৰে। তাৰ আগতে তেওঁলোকে কুকুৰৰ ওপৰত উক্ত থেৰাপি প্ৰয়োগ কৰি সফলতা লাভ কৰিছিল। বিশেষজ্ঞ সকলে যি ১২ জন ৰোগীৰ ওপৰত এই পৰীক্ষা চলাইছিল, তেওঁলোক ‘লেবাৰ্ছ ক’নজেনাইটেল এম’ৰ’ছিছ বা ‘এল চি এ’ (Laber’s congenital ameurosis-LCA) নামৰ জিন জনিত চকুৰ ৰোগত আক্ৰান্ত। উল্লেখ্য যে চকুৰ এই জন্মগত সমস্যাটো বয়স বঢ়াৰ লগে লগে ক্ৰমাৎ গুৰুতৰ হৈ পৰে। ‘আৰ পি ই ৬৫’ নামৰ এবিধ জিনত থকা ক্ৰুটিৰ বাবেই এল চি এৰ উদ্ৰেক হয়; এই ক্ৰুটিপূৰ্ণ জিনে চকুৰ পাছ অংশৰ ৰেটিনাত থকা পোহৰ সংবেদনশীল কোষ সমষ্টিৰ তৰপক সুচাৰু ৰুপে কাম কৰাত বাধা দিয়ে। ৰেটিনাত থকা এই পোহৰ সংবেদনশীল কোষ সমষ্টিয়ে বাহিৰৰ পৰা যোৱা পোহৰৰ ৰশ্মি সমূহ চিনাক্ত কৰে। কিন্ত এল চি এত আক্ৰান্ত ব্যক্তিৰ উক্ত পোহৰ সংবেদনশীল কোষবোৰ নষ্ট হৈ যায় বাবে তেওঁলোকে চকুৰে ভালদৰে নেদেখে। মূৰফিলডছ চকু চিকিৎসালয়ৰ উক্ত পৰীক্ষা যি ১২ জন ৰোগীৰ ওপৰত কৰা হৈছিল, তাৰে এজন আছিল ১৩ বছৰীয়া ৰৰ্বাট জনছন। জিন থেৰাপি প্ৰয়োগৰ আগলৈকে ৰৰ্বাটে দিনৰ ভাগত কেৱল বস্তুৰ অবয়ব ৰেখাৰ দৰে মনিব পাৰিছিল আৰু নিশাৰ ভাগত সামান্য ভাৱেহে দেখা পাইছিল।

মূৰফিলড্‌ছ চকু চিকিৎসালয়ৰ উক্ত জিন থেৰাপিৰ পৰীক্ষাত ৰোগী ১২ জনৰ চকুৰ পাছফালে ইন্কজেকশ্যন প্ৰয়োগৰ সহায়ত জিন প্ৰতিস্থাপন কৰা হৈছে। প্ৰতিস্থাপনৰ বাবে প্ৰয়োগ কৰা জিনক ৰেটিনাৰ পোহৰ সংবেদনশীল কোষ সমষ্টিৰ স্তনলৈ লৈ যোৱাৰ বাবে বাহক হিচাপে অপকাৰ নকৰা ভাইৰাছ বা ‘ভেক্টৰ’ ব্যৱহাৰ কৰিছিল বিশেষজ্ঞ সকলে। বিশেষজ্ঞ সকলৰ এই নতুন জিন থেৰাপি চকুৰ ৰোগৰ চিকিৎসাৰ ক্ষেত্ৰত কিমান দূৰ ফলপ্ৰসূ হ’ব সেই সম্পৰ্কে এতিয়াই ঠাৱৰ কৰিব পৰা হোৱা নাই যদিও এইটো আশা কৰা হৈছে যে বংশগত কাৰণত দৃষ্টিশক্তিৰ সমস্যাত ভোগা ব্যক্তিৰ চকুৰ চিকিৎসাৰ ক্ষেত্ৰত এই জিন থেৰাপিয়ে সুফল দিব। উল্লেখ্য যে এতিয়ালৈ এল চি এ ৰোগৰ চিকিৎসাৰ বাবে বিশেষ কোনো ফলপ্ৰসূ চিকিৎসা পদ্ধতি ওলোৱা নাই। সম্প্ৰতি পৰীক্ষা-নিৰীক্ষাৰ স্তৰত থকা উক্ত জিন প্ৰতিস্থাপন পদ্ধতি ফলপ্ৰসূ হ’লে, কেৱল এল চি এ ৰোগেই নহয়, আন কেতবোৰ চকুৰ ৰোগৰ চিকিৎসাও সহজসাধ্য হৈ পৰিব বুলি আশা কৰিব পাৰি।

বিজ্ঞানী তথা চকুৰ ৰোগৰ বিশেষজ্ঞ সকলে অন্ধতা নিবাৰণ আৰু প্ৰতিৰোধৰ উপায় উদ্ভাৱনৰ বাবে গৱেষণাত মনোনিৱেশ কৰাৰ সময়তে আন একাংশ বিজ্ঞানীয়ে আকৌ অন্ধ লোকৰ সমস্যা হ্ৰাস কৰাৰ কৌশলৰ সন্ধান কৰিছে। ২০০৪ চনত জাপানৰ কিয়’ট’ ইনষ্টিটিউট অব্‌ টেক্‌ন’লজীৰ গৱেষক সকলে এক ‘ইলেক্ট্ৰ’নিক চকু’ উদ্ভাৱন কৰিছিল। এই ‘ইলেক্ট্ৰনিক চকু’ত এটা কেমেৰা আৰু সৰু কম্পিউটাৰ থাকে- যি অন্ধ লোকক ৰাস্তা পাৰ হোৱাৰ সময়ত বাটৰুৱা, ট্ৰেফিক লাইট আদিৰ সম্ভেদ দিব পাৰে। আনহাতে, যোৱা বছৰ হংকঙৰ এদল বিজ্ঞানীয়ে অন্ধ লোকৰ বাবে উচ্চ প্ৰযুক্তিৰ চছমা আৰু জোতা উদ্ভাৱন কৰিছে। এই চছমা আৰু জোতাই অন্ধ লোকক বাট-পথৰ বাধ-বিঘিনি নিৰ্বিঘ্নে পাৰ হোৱাত সহায় কৰিব। হংকঙৰ অধ্যাপক হি জুফাঙে বিকশিত কৰা ‘ইলেক্ট্ৰ’নিক বেট ইয়েৰ্ছ’ ছ’নিক গ্লাছৰ ওপৰত ভিত্তি কৰি এই সঁজুলিবোৰ তৈয়াৰ কৰা হৈছে। এই চছমা আৰু জোতাত আছে বিল্ট-ইন কম্পিউটাৰ – ই নিচেই ওচৰৰ যিকোনো বস্তু প্ৰতিধ্বনিৰ জৰিয়তে চিনাক্ত কৰি পিন্ধি থকা জনক কম্পনৰ জৰিয়তে সতৰ্ক কৰি দিব পাৰে। চছমা আৰু জোতাৰ পৰা আলট্ৰাছ’নিক তৰংগ ওলাই যায় আৰু সেই বাবে উভতি অহাৰ পিছত এটা ৰিচিভাৰে সেইবোৰ ধৰে। কোনো বাধাৰ সন্মুখীন হ’লেই উক্ত জোতাবোৰ কঁপি উঠে আৰু বাধা যিমানেই ওচৰ চাপি আহে, সিমানেই এই কম্পন বৃদ্ধি পায়। এই জোতা বোৰত ব্যৱহৃত ‘গ্ল’বেল পজিশ্যনিং ছিষ্টেম’ৰ জৰিয়তে পিন্ধোতা জনে তেওঁ ক’ত আছে আৰু ক’লৈ গৈ আছে, সেই কথা জানিব পাৰে। এইদৰে খটখটী, পথৰ গাঁত প্ৰভৃতি বিভিন্ন বাধা পাঁচ চেণ্টি মিটাৰ দূৰত্বৰ ভিতৰত বিচাৰি উলিয়াবলৈ জোতাবোৰ সক্ষম। অৱশ্যে উক্ত জোতা আৰু চছমাৰ ব্যৱহাৰিক উপযোগিতা কিমান, সেয়া অনাগত দিনবোৰত লক্ষণীয় হ’ব।

বিজ্ঞানী তথা চকুৰ ৰোগৰ চিকিৎসক সকলে অন্ধতা নিবাৰণৰ উপায় উদ্ভাৱনৰ বাবে যি ব্যাপক গেৱেষণা-অধ্যয়ন চলাই আছে, তাৰ ফল স্বৰুপে এদিন হয়তো যিকোনো কাৰণতে হোৱা অন্ধতা নিৰাময় যোগ্য হৈ উঠিব, ইয়াৰ ইংগিত পোৱা গৈছে কৰ্ণিয়া ট্ৰেন্‌ছপ্লাণ্ট, এম্‌নিঅ’টিক মেম্‌ব্ৰেন ট্ৰেন্ছপ্লাণ্ট, লেছিক লেজাৰ পদ্ধতি আদি চকুৰ ৰোগৰ বিস্ময়কৰ  চিকিৎসা পদ্ধতি উদ্ভাৱনৰ পৰা। অৱশ্যে নিকট ভৱিষ্যতেই অন্ধতা সম্পূৰ্ণ নিৰাময় যোগ্য হৈ উঠিব বুলি আশা কৰিব নোৱাৰি। গতিকে চকুক ৰোগব্যাধি আৰু আঘাতৰ পৰা যথা সম্ভৱ আঁতৰাই ৰাখি তথা চকুৰ যথোপযুক্ত আদৰ-যত্ন লৈ দৃষ্টিশক্তি সদায় অটুট ৰাখিবলৈ চেষ্টা কৰা উচিত। অন্ধ লোক সকলেও হতাশ নহৈ অন্ধতাক প্ৰত্যাহ্বান হিচাপে গ্ৰহণ কৰি ইতিবাচক মানসিকতাৰে জীৱন পথত অগ্ৰসৰ হ’লে তেওঁলোকৰ জীৱন নিশ্চয় সুন্দৰ, সাৰ্থক আৰু উপভোগ্য হৈ পৰিব।

লেখক: অমল ভাগৱতী, স্বাস্থ্য আৰু দীৰ্ঘ জীৱন

শেহতীয়া উন্নীতকৰণ: : 7/2/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate