অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ধূম্ৰপান কৰিলে হব পাৰে হাৰ্ট এটেক আৰু ষ্ট্ৰোক কেনেকৈ হয় আৰু ইয়াৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব পাৰি জানো আহক

ধূম্ৰপান কৰিলে হব পাৰে হাৰ্ট এটেক আৰু ষ্ট্ৰোক কেনেকৈ হয় আৰু ইয়াৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব পাৰি জানো আহক

 

আমি বহুতে জ্ঞাত যে ধূম্ৰপান কৰিলে হাওঁফাওঁৰ কৰ্কট ৰোগ হব পাৰে কিন্তু খুব কম সংখ্যকেহে জ্ঞাত যে ধূম্ৰপানৰ বাবে হাৰ্ট এটেক বা ষ্ট্ৰোক হোৱাৰ সম্ভাৱনাও যথেষ্ট বৃদ্ধি পায়।
যদি ধূম্ৰপান কৰা আৰু ধূম্ৰপান নকৰা দুজন লোকৰ একেলগে ষ্ট্ৰোক হয় তেন্তে ধূম্ৰপান কৰা ব্যক্তি জনৰ মৃত্যু হোৱাৰ সম্ভাৱনা ধূম্ৰপান নকৰা ব্যক্তি জনতকৈ দুগুণ বেছি হয়।

ধূম্ৰপান যিমান বেছি পৰিমাণে কৰে ষ্ট্ৰোক বা হাৰ্ট এটেক হোৱাৰ সম্ভাৱনাও সিমানেই বৃদ্ধি পায়। যদি এজন।ব্যক্তিয়ে দিনে 20 টা কৈ চিগাৰেট সেৱন কৰে তেন্তে তেওঁৰ অন্য ব্যক্তিৰ তুলনাত হাৰ্ট এটেক বা ষ্ট্ৰোক হোৱাৰ সম্ভাৱনা ছয় গুণ বেছি বৃদ্ধি পায়।

ধূম্ৰপানৰ পৰা কিদৰে ষ্ট্ৰোক বা হাৰ্ট এটেক হয় জানো আহক:

ধপাতৰ ধোঁৱাত কাৰ্বন মনক্সাইড, ফৰমেলডিহাইড, আৰছেনিক আৰু চায়েনাইডকে ধৰি প্ৰায় 7000 বিধ ৰাসায়নিক পদাৰ্থ থাকে।

ধূম্ৰপানৰ ফলত এই দ্ৰব্য সমূহ হাওঁফাওঁৰ পৰা তেজত প্ৰবেশ কৰে আৰু তেজৰ জৰিয়তে শৰীৰৰ বিভিন্ন আংগত প্ৰবেশ কৰি শৰীৰৰ কোষ সমূহ ধংস কৰে। আৰু। চিগাৰেটৰ ধোঁৱাত থকা এই ৰাসায়নিক দ্ৰব্য সমূহে শৰীৰত কৰা ক্ষতিকাৰক পৰিৱৰ্তনৰ ফলত ষ্ট্ৰোক হোৱাৰ সম্ভাৱনা বৃদ্ধি কৰে।

চিগাৰেট সেৱন কৰাৰ ফলত শৰীৰৰ কলেষ্টৰলৰ পৰিমাণৰ ওপৰত কুপ্ৰভাব পৰে। কলেষ্টৰল আমাৰ শৰীৰৰ বাবে এক প্ৰয়োজনীয় দ্ৰব্য কিন্তু ইয়াৰ অতিমাত্ৰা বৃদ্ধি পালে হাৰ্ট এটেক বা ষ্ট্ৰোক হব পাৰে।

চিগাৰেট সেৱন কৰাৰ ফলত আমাৰ শৰীৰৰ বাবে প্ৰয়োজনীয় ভাল কলেষ্টৰল (HDL)ৰ পৰিমান কমাই আৰু বেয়া কলেষ্টৰল (LDL)ৰ পৰিমান বৃদ্ধি কৰে। ভাল কলেষ্টৰল HDLৰ পৰিমাণ স্বাভাৱিকত কৈ কম আৰু বেয়া কলেষ্টৰল LDL পৰিমাণ বাঢি থাকিলে ষ্ট্ৰোক বা হাৰ্ট এটেক হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়।

চিগাৰেটৰ ধোঁৱা যেতিয়া ওশাহত লোৱা হয় তেতিয়া কৰ্বন মনক্সাইড আৰু নিকটিন হাওঁফাওঁৰ পৰা তেজত মিহলি হৈ ৰক্ত সঞ্চালনত প্ৰবেশ কৰে।

কাৰ্বন মনক্সাইডে তেজৰ অক্সিজেনৰ পৰিমাণ কমাই আৰু নিকটিনে হৃদযন্ত্ৰৰ সংকোচন প্ৰসাৰণ প্ৰক্ৰিয়া (Heart Beat) তীব্ৰ কৰি তোলে আৰু ৰক্তছাপ বৃদ্ধি কৰে। ফলত Atrial fibrillation হব পাৰে যাৰ বাবে ষ্ট্ৰোক হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়।

চিগাৰেটৰ ধোঁৱাত থকা ৰাসায়নিক দ্ৰব্য সমূহে তেজত প্ৰবেশ কৰি তেজৰ প্লেটিলেট সমূহ আলতীয়া আঠাযুক্ত কৰে যাৰ ফলত ধমনী সমূহৰ ভিতৰত সহজতে তেজ গোট মাৰিব পাৰে।

স্বাভাৱিক অৱস্থাত ধমনী বা সিৰা সমূহৰ ভিতৰত চলাচল কৰি থকা অৱস্থাত তেজ তৰল অৱস্থাত থাকে আৰু তেজ গোট নামাৰিবলৈ আমাৰ শৰীৰত হেপাৰিণ নামক দ্ৰব্য বিধ উৎপাদন হৈ থাকে।

কিন্তু চিগাৰেটৰ ধোঁৱাত থকা ৰাসায়নিক পদাৰ্থ সমূহে তেজত বেয়া কলেষ্টৰলৰ মাত্ৰা বৃদ্ধি কৰাৰ লগতে প্লেটিলেট সমূহ আলতীয়া কৰাৰ বাবে ধমনী সমূহৰ ভিতৰত তেজ সহজতে গোট মাৰি thrombus (বেয়া কলেষ্টৰল প্লেটিলেট আদি গোট মাৰি গঠন কৰা গোটমৰা তেজৰ টুকুৰা) সৃষ্টি কৰিব পাৰে আৰু এই থ্ৰম্বাছ যেতিয়া আমাৰ হৃদপিণ্ডৰ তেজ চলাচল কৰা ধমনী বন্ধ কৰে তেতিয়া সেই ধমনীৰ দ্বাৰা পোষণ হোৱা কোষ সমূহ অক্সিজেনৰ অভাৱত মৰি যায় যাক আমি Myocardial Ischemia Myocardial infarction অথবা হাৰ্ট এটেক বুলি কওঁ।

আৰু যদি এই গোট মৰা তেজৰ টুকুৰা (thrombus) ই মগজুলৈ তেজ চলাচল কৰা ধমনী বন্ধ কৰি দিয়ে, তেতিয়া সেই ধমনীৰ দ্বাৰা পোষণ হোৱা মগজুৰ কোষ সমূহ মৰি যায়, ইয়াক Ischaemic Stroke বুলি কোৱা হয়।

অৰ্থাৎ ব্লাড প্ৰেছাৰ অত্যাধিক বাঢি নেথাকিলেও চিগাৰেট সেৱনৰ বাবে ষ্ট্ৰোক (Ischaemic Stroke) হব পাৰে।

তাৰোপৰি চিগাৰেট সেৱনৰ ফলত ধমনী সমূহ ঠেক হৈ তেজ চলাচল কৰা বিন্ধাটো সৰু হৈ যায়, ইয়াক এথেৰস্কেলৰছিচ (atherosclerosis) বুলি কোৱা হয়।

আৰু ব্যক্তি গৰাকীৰ যদি উচ্চ ৰক্তচাপ আছে তেন্তে এই ধমনী সমূহ বেছি সোনকালে ঠেক আৰু কঠোৰ হৈ ৰক্তচাপ অধিক বৃদ্ধি কৰে, যাৰ ফলত ব্যক্তি জনৰ ষ্ট্ৰোক হোৱাৰ সম্ভাৱনা আৰু বৃদ্ধি পায়।

সৰু কেচুৱা বা শিশু থকা সকলে বিশেষ  সাৱধানতা লওক -

আমি প্ৰায় সকলোৱেই passive smoking অৰ্থাৎ পৰোক্ষ ধূম্ৰপানৰ দ্বাৰা ডাঙৰ ব্যক্তি এজনৰ কেনে ক্ষতি কৰে অলপ হলেও জ্ঞাত। কিন্তু সৰু শিশুৰ ক্ষেত্ৰত পৰোক্ষ ধূম্ৰপান অথবা চিগাৰেটৰ ধূৱাই অধিক ক্ষতিকাৰক হয়। শিশু সকলৰ উশাহ নলী, হাওঁফাওঁ, ৰোগ প্ৰতিৰোধ ক্ষমতা ইত্যাদি গঠন হওঁতে সময় লাগে।

তেনে ক্ষেত্ৰত এই অবয়ব সমূহ সম্পূৰ্ণ কৈ গঠন হোৱাৰ আগতেই চিগাৰেটৰ ধোঁৱাৰ পৰোক্ষ ভাবে সংস্পৰ্শলৈ আহিলে শ্বাস প্ৰশ্বাস জনিত ৰোগত আক্ৰান্ত হব পাৰে, তাৰোপৰি ১ বছৰৰ তলৰ শিশুৰ কোনো ব্যাখ্যামূলক কাৰন নোহোৱাকৈ হঠাৎ আকস্মিক মৃত্যু (Cot death or Sudden Infant Death Syndrome) হোৱাৰ সম্ভাৱনা ও বৃদ্ধি কৰে।

ধূম্ৰপানৰ কুপ্ৰভাবৰ পৰা পৰিত্ৰাণ পাবলৈ কি কৰিব?

ধূম্ৰপানৰ কুপ্ৰভাব সমূহৰ পৰা পৰিত্ৰাণ পাবলৈ একেবাৰে সহজ উপায় হৈছে ধূম্ৰপান ত্যাগ কৰা। এজন ব্যক্তিয়ে ধূম্ৰপান পৰিহাৰ কৰাৰ পিছত কেনেদৰে লাভাম্বিত হয় জানো আহক –

১)ধূম্ৰপান এৰাৰ ৮ ঘণ্টাৰ ভিতৰত তেজৰ অক্সিজেনৰ পৰিমাণ স্বাভাৱিক অৱস্থালৈ ঘূৰি আহে আৰু নিকটিন আৰু।কাৰ্বন মনক্সাইডৰ পৰিমাণ আধালৈ হ্ৰাস পায়।

২)কেৱল ৭২ ঘণ্টাৰ ভিতৰত উশাহ লবলৈ আৰাম পোৱাৰ লগতে দেহৰ শক্তি ও বৃদ্ধি পাব ধৰে।

৩)২-১২ সপ্তাহৰ ভিতৰত তেজ চলাচল উন্নত হয়।

৪)৩-৯ মাহৰ ভিতৰত উশাহৰ অসুবিধা, কাহ ইত্যাদি কমাৰ লগতে হাওঁফাওঁৰ কাৰ্য্যকৰীতা 10% বৃদ্ধি পাব।

৫)১ বছৰত হাৰ্ট এটেক হোৱাৰ সম্ভাৱনা ধূম্ৰপান কৰা ব্যক্তিৰ তুলনাত আধালৈ হ্ৰাস পাব।

৬)১০ বছৰত হাওঁফাওঁৰ কৰ্কট ৰোগ হোৱাৰ সম্ভাৱনা ধূম্ৰপান কৰা ব্যক্তিৰ তুলনাত আধালৈ হ্ৰাস পাব।

৭)15 বছৰত ষ্ট্ৰোক হোৱাৰ সম্ভাৱনা এজন কেতিয়াও ধূম্ৰপান নকৰা ব্যক্তিৰ সৈতে একে হব।

ধূম্ৰপান কেনেকৈ এৰিব -

১)ধূম্ৰপান এৰিবৰ বাবে এজন অভিজ্ঞ চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰি ঔষধৰ দ্বাৰা চিকিৎসা লব পাৰে। যিকোনো ঔষধ চিকিৎসকৰ পৰামৰ্শ অবিহনে ব্যৱহাৰ কৰিব নালাগে। এলপেথিক অথবা আয়ুৰ্বেদিক ঔষধ চিকিৎসকৰ পৰামৰ্শ মতে ব্যৱহাৰ কৰিব লাগে।

তাৰোপৰি ধূম্ৰপানৰ বাবে যদি কলেষ্টৰলৰ বিসংগতি হৈছে অথবা ৰক্তচাপ বৃদ্ধি পাইছে তাৰ বাবেও চিকিৎসকে ধূম্ৰপান পৰিহাৰ কৰা ঔষধৰ ওপৰিও আন্য বিসংগতি সমূহৰ বাবেও ঔষধ সেৱন কৰিব বাবে পৰামৰ্শ দিব পাৰে, কাৰণ ধূম্ৰপানৰ কুপ্ৰভাব নাইকিয়া হবৰ বাবে 10-15 বছৰ লাগিব পাৰে।

২) ধূম্ৰপান এৰিবৰ বাবে অন্য কিছুমান উপায় তলত দিয়া হল:

*এখন কাগজত ধূম্ৰপান কিয় কৰিব নেলাগে তাৰ কাৰণ সমূহ লিখি ৰাখিব, ধূম্ৰপানৰ পৰা আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ হব পৰা সমস্যা আৰু তাৰ লগত জড়িত আৰ্থিক ক্ষতিৰ কথা লিখি ৰাখিব আৰু ধূম্ৰপান কৰিবৰ ইচ্ছা হলে উক্ত কাগজ খন ওলাই পঢিব।

*ধূম্ৰপান ত্যাগ কৰিবৰ বাবে এটা নিৰ্দিষ্ট দিন ঠিক কৰি লব আৰু সেই দিনাৰ পৰা ধূম্ৰপান নকৰাকৈ থাকিব। মনত ৰাখিব ধূম্ৰপান ত্যাগ কৰাৰ কেৱল ১ বছৰতে ষ্ট্ৰোক হোৱাৰ সম্ভাৱনা আন্য ধূম্ৰপান কৰা ব্যক্তিৰ তুলনাত আধা হব।

*ধূম্ৰপানৰ তীব্ৰ ইচ্ছা (craving) দমন কৰিবলৈ শিকক। ধূম্ৰপান কৰিবৰ বাবে যি প্ৰবল ইচ্ছা আহে সেই ইচ্ছা কেৱল 5ৰ পৰা 10 মিনিট হে থাকে, সেই সময় খিনিত মনতো দমন কৰিবলৈ চেষ্টা কৰক অথবা অন্য কামন মনোযোগ দিব।

তাৰ বাবে কোনো বন্ধু বান্ধবৰ লগত কথা পাতক অথবা ফোন কৰক। এটা ভাল উপায় হৈছে লগত শুকান শিলিখা বা আমলখি ৰাখিব আৰু ধূম্ৰপানৰ তীব্ৰ ইচ্ছা জাগিলে শিলিখা বা আমলখি এটা খোৱাৰ অভ্যাস কৰক।

*ধনাত্মক চিন্তাধাৰা লওক আৰু নিজৰ আত্মবিশ্বাস সবল কৰক। অন্য মাদক দ্ৰব্যৰ তুলনাত ধূম্ৰপান ত্যাগ কৰিবলৈ সহজ কাৰণ ধূম্ৰপান এৰি দিলেও তাৰ পৰা হব পৰা withdrawal syndrome অৰ্থাৎ প্ৰত্যাহাৰ জনিত লক্ষণ খুব কম দেখা যায় আৰু ধূম্ৰপানৰ তীব্ৰ ইচ্ছাও খন্তেকীয়া কেৱল 5 ৰ পৰা 10 মিনিট সেই সময় খিনি সংযম হব পাৰিলে নিশ্চিতকৈ ধূম্ৰপান ত্যাগ কৰিব পৰিব।

লেখক: ডাঃ ব্ৰিঞ্চি বৰুৱা

উৎস: স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ

ফোন নং: 8011676392

শেহতীয়া উন্নীতকৰণ: : 4/28/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate