হৃদৰোগৰ দৰে প্ৰাণনাশী ৰোগৰ আশংকা ধূলিময় বতাহে বঢ়ায়। ধূলিয়ে কৰা শ্বাস-প্ৰশ্বাসজনিত সমস্যাৰ বাবে ৰক্তসঞ্চাৰণতন্ত্ৰ তথা হৃদযন্ত্ৰত অধিক হেঁচা পৰে, যিয়ে মুৰকত গুৰুতৰ অসুবিধাৰো জন্ম দিয়াৰ পাৰে। ধূলিময় পৰিৱেশত অধিক সময় কটোৱা যিকোনো ব্যক্তিয়েই এনেবোৰ স্বাস্থ্যজনিত সমস্যাত ভুগিব পাৰে যদিও ইতিমধ্যেই কোনো শ্বাস-প্ৰশ্বাসৰ ৰোগ হৃদৰোগত ভুগি থকা অথবা ধুম্ৰপায়ীসকলৰ ক্ষেত্ৰত গুৰুতৰ আৰু দীৰ্ঘকালীনভাৱে আক্ৰান্ত হোৱাৰ আশংকা বেছি।
ধূলিকণা বায়ুমণ্ডলৰ এবিধ মুখ্য প্ৰদূষক। প্ৰদূষক বুলিলে আমি এনে এবিধ পদাৰ্থকে বুজো যিবিধ পদাৰ্থ পৰিৱেশত সোমাই পৰিলে মানুহৰ (বা সামগ্ৰিকভাৱে জীৱ-জগতৰ) স্বাস্থ্যত অনাকাংক্ষিত তথা নেতিবাচক প্ৰভাৱ পৰে। যিবোৰ গোটা বা জুলীয়া পদাৰ্থ নিজৰ ক্ষুদ্ৰাকৃতি আৰু কম ভৰৰ গুণত বায়ুমণ্ডলত ওপঙি থাকিব পাৰে, সেইবোৰকে কণিকা বোলা হয়। ধূলি কণিকাসমূহ খালী চকুৰে মণিব পৰাৰ পৰা মণিব নোৱাৰালৈকে ভিন্ন আকৃতিৰ হ’ব পাৰে। তুলনামূলকভাৱে ডাঙৰ আকৃতিৰ ধূলিকণাসমূহ বতাহত বেছি সময় ওপঙি থাকিব বা বেছি দূৰলৈ ভ্ৰমিব নোৱাৰে বাবে সাধাৰণতে উৎসৰ ওচৰতে পৰি ৰয়। ঘৰৰ আচবাব বা গাড়ী-মটৰ আদিত যি ধুলিৰ তৰপ পাঁও, সেয়া এনে ডাঙৰ আকৃতিৰ ধূলিৰ তৰপ। এনে ধূলিকণাবোৰ গিলা গ’লেও কোনো বিশেষ অনিষ্ট নহয়। আনহাতে, আকৃতিত যিমানে সৰু হ’ব ধূলিকণাবোৰ সিমানে বতাহত বেছি সময় থাকিব তথা বেছি দূৰলৈ ভ্ৰমণ কৰিব পাৰিব। খালি চকুৰে মণিব নোৱাৰা সৰু ধূলিকণাবোৰ উশাহত হাওঁফাওঁৰ গভীৰতা অংশলৈ প্ৰৱেশ কৰি বিভিন্ন স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি কৰে। অতি ক্ষুদ্ৰাকৃতিৰ কণিকাবোৰ তেজৰ লগত মিহলি হৈয়ো যাব পাৰে।
প্ৰাকৃতিকভাৱে মাটি, শিল আদিৰ পৰা ধূলিৰ উৎপত্তি হয় আৰু ইয়াত উদ্ভিদজাত পদাৰ্থ, ফুলৰ ৰেণু, অণুজীৱ, জীৱ-জন্তুৰ ছালৰ মৃত কোষ আদি সংযুক্ত হৈ থাকে। উদ্যোগ আদি মানুহৰ কিছুমান কাৰ্য্যৰ দ্বাৰা বিশেষকৈ চহৰাঞ্চলত কৃত্ৰিমভাৱে ধূলিৰ সৃষ্টি হয়। ধূলিকণাৰ প্ৰকৃতি, আকৃতি, বতাহত থকা ধূলিকণাৰ পৰিমাণ আৰু কিমান সময় এনে ধূলিময় বতাহৰ সংস্পৰ্শত থকা হয়-এনেবোৰ কাৰকৰ ওপৰত মানুহৰ স্বাস্থ্যৰ ওপৰত ই কিমান বিৰূপ প্ৰভাৱ পেলাব সেয়া নিৰ্ভৰ কৰে। ধূলিময় বতাহে কৰা স্বাস্থ্যজনিত সমস্যাৰ ভিতৰত চকুৰ বিভিন্ন সমস্যা যেনে-খজুৱতি, ৰঙা পৰা আৰু পানী ওলোৱা, বিভিন্ন মাত্ৰাৰ কাহ, হাঁচি, জ্বৰ, শ্বাস-প্ৰশ্বাসজনিত বিভিন্ন সমস্যা যেনে-এজমা আদি, ছাল ৰঙা পৰা বা খজুৱতি আৰু এলাৰ্জীজনিত সমস্যা আদিয়ে প্ৰধান।
এলাৰ্জীজনিত সমস্যাত ভুগি থকাসকলৰ বাবে ধূলিময় বতাহ এক প্ৰকাৰৰ ত্ৰাসৰে কাৰণ বুলিব পাৰি। বতাহ বলিবলৈ ধৰা শুকান এই সময়ছোৱাত বিভিন্ন উদ্ভিদজাত ৰেণু বায়ুমণ্ডলত সিচঁৰিত হৈ পৰে। বতৰ অধিক শুকান হৈ পৰাৰ লগে লগে বতাহত ধূলিৰ ৰূপত উটি ভাহি ফুৰা এই ৰেণুবোৰৰ সংখ্যাও বাঢ়িবলৈ ধৰে আৰু এলাৰ্জীৰ এটা উৎস হৈ পৰে। প্ৰকৃতিগত এই ৰেণুবোৰৰ উপৰি বৰ্দ্ধিত যান্ত্ৰিকতা তথা তথাকথিত আধুনিকতাৰ ফলত কৃত্ৰিমভাৱে সৃষ্ট ধূলিৰ প্ৰদূষণৰ হেতুকে পূৰ্বৰ কোনো ধৰণৰ এলাৰ্জী নাথাকিলেও ছাল, নাক, চকু আদিত অস্বস্তিকৰ অনুভূতিৰ উদ্ৰেক ঘটায়। যিসকলৰ এলাৰ্জীৰ সমস্যা আছে, তেওঁলোকৰ এনে ধূলি আদিৰ প্ৰতি শৰীৰৰ স্বাভাৱিক যি প্ৰতিক্ৰিয়া, সেয়া অস্বাভাৱিকভাৱে উচ্চ মাত্ৰাৰ হ’ব পাৰে। বতাহত গছ-গছনিৰ ৰেণু আৰু প্ৰদূষণৰ মাত্ৰা বঢ়াৰ লগে লগে এলাৰ্জীৰ কিছুমান লক্ষণ যেনে- নাক সোপা মাৰি ধৰা, নাকেৰে পানী বৈ থকা, হাঁচি অহা, তালু অংশৰ খজুৱতি বা অস্বস্তি তথা চকু ৰঙা পৰা, চকুৰ খজুৱতি উঠা আৰু পানী বৈ থকা আদি সঘনাই আৰু উল্লেখনীয়ভাৱে হ’বলৈ ধৰে। এজমা তথা শ্বাসতন্ত্ৰৰ এলাৰ্জীৰ সমস্যা থকাসকলৰ উশাহ চুটি হোৱা, বুকু হেঁচা মাৰি ধৰা যেন লগা, উশাহ-নিশাহত শব্দ হোৱা, কাঁহ উঠা আদি সমস্যাৰ সন্মুখীন হয়। ধূলিৰ বাবে দেখা দিয়া এনেবোৰ এলাৰ্জীজনিত অসুবিধাসমূহ বৰষুণ নোহোৱালৈকে একে থাকে বা বেছি হৈ গৈ থাকিব পাৰে। বৰষুণ আৰম্ভ হোৱাৰ লগে লগে বতাহৰ পৰা ধুলিবোৰ আতৰি যোৱা বাবে এনে সমস্যাবোৰৰ উপশম ঘটিবলৈ ধৰে। নিয়মীয়াকৈ বৰষুণ দিয়া আৰম্ভ হ’লে এনে সমস্যাসমূহ প্ৰায় সম্পূৰ্ণৰূপেই নোহোৱা হয়। অৱশ্যে মাজে মাজে বৰষুণ, মাজে মাজে শুকান-এনে হেন্দোলিত পৰিৱেশত এলাৰ্জীৰ সমস্যা অধিক গুৰুতৰ হোৱাহে দেখা যায়। এনে পৰিৱেশত এলাৰ্জীজনিত সমস্যাসমূহৰ পৰা কিছু সকাহ পোৱাৰ বাবে ঘৰুৱাভাৱে কিছু ব্যৱস্থা গ্ৰহণ কৰিব পৰা যায়। প্ৰথমতে, যদিহে নাক বন্ধ হোৱা বা পানী বৈ অহা লক্ষণে দেখা দিয়ে, তেন্তে পানীত অকণমান নিমখ গুলি লৈ সেই নিমখ মিহলি পানী নাকত প্ৰয়োগ কৰিলে এলাৰ্জী থাককেই বা নাথাকক, অস্বস্তিৰ পৰা যথেষ্ট সকাহ পোৱা যায়। নিমখ গোলা পানীয়ে নাকৰ শ্লেষ্মা আৱৰণৰ শুস্কতা আঁতৰায় আৰু আৰ্দ্ৰ কৰি তোলে। চকু ৰঙা পৰা বা খজুওৱাৰ বাবে পানীৰে চকুযুৰি ধুই থাকিলে চকুৰ উপৰিভাগৰ শুস্কতা আঁতৰাৰ উপৰি এলাৰ্জীকাৰক ধূলিকণাবোৰ ধুই নি চকুৰ সংস্পৰ্শলৈ অহাটো ৰোধ হয়। বাহিৰলৈ ওলাওতে মূৰত ওৰণি বা বহলকৈ ঢাকি ধৰা টুপি, নাক আৰু মুখত ‘মাস্ক’ আৰু চকুযুৰি ভালকৈ আৱৰাকৈ ছানগ্লাছ পৰিধান কৰা উচিত। বাহিৰৰ পৰা আহি, বিশেষকৈ শিশুসকলৰ ক্ষেত্ৰত, পিন্ধি থকা কাপোৰ সলাব লাগে; কিয়নো বাহিৰত পিন্ধা কাপোৰ আদিত স্বাভাৱিকতেই অসংখ্য ধূলিকণা আদি লাগি থকাটো সম্ভৱ। বাহিৰলৈ ওলাওঁতে পিন্ধা কাপোৰ পিন্ধি ৰাতি শুৱাৰ বাবে নিশা প্ৰশ্বাসজনিত সমস্যাৰ মুখামুখি হোৱা দেখা যায়। বতাহ বেছিকৈ বলিব ধৰা কেইদিন পৰাপক্ষত বাহিৰ নোলোৱাকৈ ঘৰৰ ভিতৰতে সোমাই থকাই ভাল- বিশেষকৈ যিসকলৰ পূৰ্বে এলাৰ্জীজনিত শ্বাস-প্ৰশ্বাসৰ গুৰুতৰ অসুবিধা হোৱাৰ অভিলেখ আছে। চোতাল বা ঘৰ সৰাৰ সময়ত গামোচা জাতীয় কাপোৰেৰে নাক আৰু মুখ আৱৰি ল’ব লাগে। চিকিৎসকৰ সৈতে পৰামৰ্শ কৰি এন্টিহিষ্টামিনিক বা ষ্টেৰয়ড শ্ৰেণীৰ উপযুক্ত ঔষধ ঘৰতে লগাৰ সময়ত পোৱাকৈ ৰাখিব লাগে-কিয়নো, এনে অসুবিধাসমূহ প্ৰায়ে মাজৰাতি বেছি হোৱা দেখা যায়।
শুকান ধূলিময় বতাহে নসিকাপথ শুস্ক কৰি তোলে আৰু স্বাভাৱিকভাৱেই টেটু আৰু হাওঁফাওঁত অস্বস্তিকৰ অনুভূতি হয়। বতাহত ধূলিকণাৰ আধিক্যই এনে অস্বস্তিকৰ অনুভূতি আৰু বেছি কৰি তোলে। ফলত কোনো ভাইৰাছজনিত বা বেক্টেৰিয়াজনিত সংক্ৰমণ নোহোৱাকৈয়ে কাহ উঠা পৰিলক্ষিত হয়। ডিঙিৰ এনে পীড়া প্ৰতিৰোধ আৰু নিৰাময়ৰ বাবে কুহুমীয়া গৰম পানীত অকণমান নিমখ গুলি লৈ কৰা কুলিকুলি আটাইতকৈ ফলপ্ৰসু আৰু দ্ৰুত প্ৰতিষেধক ব্যৱস্থা হিচাপে তাহানিৰ পৰা এতিয়ালৈকে পৰিগণিত হৈ আহিছে। নিমখে একপ্ৰকাৰৰ বীজাণুনাশকৰ দৰে কাম কৰাৰ উপৰি প্ৰদাহৰ ফলত ফুলি উঠা ডিঙিৰ ভিতৰভাগৰ শ্লেষ্মা আৱৰণৰ পৰা কিছু পৰিমাণে পানী উলিয়াই অনাত সহায় কৰা হেতু ফুলাটো কমে। ই ফ্লেগ্মা নামৰ বগা-হালধীয়া পদাৰ্থভাগ বাহিৰ হোৱাত সহায়ক হয়। কুলিকুলিৰ বাবে এগিলাচ সহ্য কৰিব পৰা কুহুমীয়া গৰম পানীত আধা চামুচ নিমখ গুলি ল’ব লাগে। দিনটোত চাৰি বাৰ মানকৈ কুলিকুলি কৰি পানীখিনি মুখৰ পৰা পেলাই দিব লাগে। নিমখৰ সলনি খোৱা ছোডাও ব্যৱহাৰ কৰিব পৰা যায়। ডিঙিৰ চাৰিওকাষে গামোচা বা তেনেকুৱা কপাহী কাপোৰ এখন অনবৰতে মেৰিয়াই ৰাখিলে সোনকালে সকাহ পোৱা যায়। ধূলিৰ সৈতে আহিব পৰা ভাইৰাছ প্ৰতিৰোধ কৰাৰ বাবে খাদ্যপ্ৰাণ গ যুক্ত ফল-মূল যেনে-কমলা টেঙা আদি প্ৰচুৰ পৰিমাণে খোৱা উচিত।
মাইগ্ৰেইনজনিত মূৰৰ বিষৰ সমস্যা ধূলিময় শুকান বতাহৰ বাবে বেছি হ’ব পাৰে। শুকান পৰিৱেশ আৰু বলি থকা ধূলিময় বতাহৰ বাবে চুলিৰ গুৰিৰ ছাল অংশৰ আৰ্দ্ৰতা সোনকালে কমি যোৱা বাবে মূৰৰ খজুৱতি হয়, চুলি শুকান আৰু থুনুকা হয় আৰু ফলত চুলি সৰাৰ হাৰ বেছি হয়। ইয়াৰ পৰা হাত সাৰিবলৈ মূৰত উপযুক্ত কোনো তেল নিয়মীয়াকৈ ঘঁহিলে সুফল পোৱা যায়। চুলি ঘনাই কটাব লাগে। পানী প্ৰচুৰ পৰিমাণে খাব লাগে। চুলিত শ্বেম্পু খুব ঘনাই কৰিব নালাগে। কঢ়া, সংশ্লেষিত শ্বেম্পুতকৈ নৰম, জৈৱিক বা প্ৰাকৃতিক শ্বেম্পু ব্যৱহাৰ কৰাহে উচিত।
ধূলিময় শুকান বতাহৰ বাবে খাদ্যনলী আৰু পৰিপাকতন্ত্ৰয়ো বিভিন্ন ধৰণে আমনি কৰিব পাৰে। এনেবোৰ পৰিপাকজনিত অসুবিধাৰ ভিতৰত অভোক-অভোক লগা, অৰুচি ভাৱ, উগাৰ আহি থকা, পেট গৰ্গৰাই থকা আৰু ফুলি থকা যেন লগা, বমি বা পেটৰ বিভিন্ন মাত্ৰাৰ বিষ আদি উল্লেখ কৰিব পাৰি। পৰিৱৰ্তিত পৰিৱেশে পাকস্থলীৰ অম্ল-পৰিৱেশতো আনিব পৰা সম্ভাব্য পৰিৱৰ্তনৰ বাবে এনে হ’ব পাৰে। অম্লতাৰ পৰিৱৰ্তনে পাকস্থলী অথবা খাদ্যনলীৰ ঘাৰ আশংকা বৃদ্ধি কৰিব পাৰে। এনেবোৰ সমস্যাৰ পৰা সকাহৰ বাবে পানী সঘনাই খাই থাকিব লাগে আৰু খোৱাপানীৰ পৰিমাণ বঢ়াই গৈ থাকিব লাগে। সহজে হজম হোৱা বা জুলীয়া আহাৰ, ফল-মূল আদি সৰহকৈ খাব লাগে।
হৃদৰোগৰ দৰে প্ৰাণনাশী ৰোগৰ আশংকা ধূলিময় বতাহে বঢ়ায়। ধূলিয়ে কৰা শ্বাস-প্ৰশ্বাসজনিত সমস্যাৰ বাবে ৰক্তসঞ্চাৰণতন্ত্ৰ তথা হৃদযন্ত্ৰত অধিক হেঁচা পৰে, যিয়ে মূৰকত গুৰুতৰ অসুবিধাৰো জন্ম দিয়াব পাৰে।
ধূলিময় পৰিৱেশত অধিক সময় কটোৱা যিকোনো ব্যক্তিয়েই এনেবোৰ স্বাস্থ্যজনিত সমস্যাত ভুগিব পাৰে যদিও ইতিমধ্যেই কোনো শ্বাস-প্ৰশ্বাসৰ ৰোগ বা হৃদৰোগত ভুগি থকা অথবা ধুম্ৰপায়ীসকলৰ ক্ষেত্ৰত গুৰুতৰ আৰু দীৰ্ঘকালীনভাৱে আক্ৰান্ত হোৱাৰ আশংকা বেছি। কেঁচুৱা, কম বয়সীয়া শিশু আৰু বয়োজ্যেষ্ঠসকলৰ ক্ষেত্ৰত আশংকা অধিক হয়। ব্যক্তিগত পৰ্য্যায়ত সম্ভাব্য সাৱধানতা গ্ৰহণৰ উপৰি সামূহিক পৰ্য্যায়ত বতাহত ধূলিকণাৰ মাত্ৰা নিয়ন্ত্ৰণৰ বাবে ব্যৱস্থা গ্ৰহণৰ প্ৰয়োজনীয়তা আছে। আমেৰিকা, বৃটেইন, অষ্ট্ৰেলিয়া আৰু ইউৰোপীয় দেশসমূহে ইতিমধ্যে এই দিশত ব্যৱস্থা গ্ৰহণ কৰিছে। বিশেষকৈ অষ্ট্ৰেলিয়াৰ দৰে দেশত এনে ব্যৱস্থা খুবেই কঠোৰ।
লিখক: ডা: ৰমেন কুমাৰ কাকতি, দৈনিক অসম।
শেহতীয়া উন্নীতকৰণ: : 3/29/2020
এৰবিক ব্যায়াম
অতিভোজনৰ ফলত হ’ব পৰা বিপদৰ বিষয়ে আলোচনা কৰা হৈছে।
অপকাৰী চৰ্বীৰ পৰা হাত সাৰিবলৈ
আহাৰ আৰু স্বাস্থ্য