অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

নপুংসকতাৰ সহজ চিকিৎসা

নপুংসকতাৰ সহজ চিকিৎসা

পুৰুষৰ নপুংসকতাৰ আটাইতকৈ গুৰুত্বৰ কাৰণ হ’ল- শুক্ৰাণু সঞ্চালনৰ নলীত থকা বাধা। এই বাধা নিৰাময় কৰাৰ এটা উপায় জাৰ্মান বিজ্ঞানী সকলে উদ্ভাৱন কৰিছে বুলি দাবী কৰিছে। এটা সামান্য অস্ত্ৰোপচাৰৰ যোগেদিয়ে পুৰুষৰ নপুংসকতাৰ প্ৰধান কাৰণটো আঁতৰাব পৰা যাব বুলি বিজ্ঞানীৰ দলটোৱে প্ৰকাশ কৰিছে। অণ্ডকোষৰ বন্ধ হৈ থকা ৰক্ত সৰবৰাহ কৰা নলী এক বিশেষ প্ৰযুক্তি কৌশল প্ৰয়োগ কৰি খুলি দিয়াৰ পিছত পূৰ্বৰে পৰা পিতৃ হোৱাত অক্ষম লোকেও সন্তান জন্মৰ সফলতা লাভ কৰিছে। এই সাফল্যৰ কথা অলপতে অনুষ্ঠিত হোৱা উত্তৰ আমেৰিকাৰ ‘ৰেডিওলজিকেল ছোচাইটি’ৰবাৰ্ষিক সভাত সদৰি কৰা হৈছে। অৱশ্যে বিষয়টো এতিয়াও সকলো বিজ্ঞানীয়ে গ্ৰহণ কৰা নাই কাৰণ জাৰ্মান বিজ্ঞানী সকলে বিষয়টোৰ ওপৰত নিয়ন্ত্ৰিত অধ্যয়ন সম্পূৰ্ণ কৰা নাই। কিছুমান গৱেষকে ভাৱে যে পুৰুষ সকল নপুংসক হোৱাৰ প্ৰধান কাৰণ হ’ল ‘ভেৰিকোচিল’ নামৰ ৰোগটোহে। ভেৰিকোচিল হৈছে অসংখ্য ক্ষুদ্ৰ ক্ষুদ্ৰ ৰক্তবাহী ধমনীৰ জালিকা আৰু সেই বিলাকৰ মাজেদি ৰক্ত সঞ্চালনত সমস্যাই দেখা দিয়ে। অতি কমেও ১০-১৫ শতাংশ পুৰুষেই এই সমস্যাত ভোগে। অৱশ্যে বহু ক্ষেত্ৰত এই সমস্যাই বিশেষ অসুবিধাৰ সৃষ্টি নকৰে যদিও কিছু লোকৰ ক্ষেত্ৰত ই নপুংসকতা আনিব পাৰে কাৰণ এই ক্ৰুটিপূৰ্ণ ক্ষুদ্ৰ ধমনী বিলাকে উষ্ণ ৰক্ত অণ্ডকোষলৈ সৰবৰাহ কৰে, তাৰ ফলত অণ্ডকোষৰ উত্তাপ বৃদ্ধি পায় আৰু তাৰ পৰিণতিত শুক্ৰাণুৰ সংখ্যা হ্ৰাস পায়। ইয়াৰ আগতে অধ্যয়নত জানিব পৰা গৈছিল যে, ভেৰিকোচিল হোৱা ৰক্তবাহী নলীৰ জালিকা কাটি পেলালে অৰ্ধ-নপুংসক পুৰুষৰ ক্ষমতা ঘূৰি নাহিবও পাৰে। কিন্ত এতিয়া জাৰ্মানিৰ বিজ্ঞানী সকলে আৱিষ্কাৰ কৰা প্ৰযুক্তি কৌশলটো সম্পূৰ্ণ সুফলদায়ক আৰু এনে অস্ত্ৰোপচাৰ কৰা লোক পিতৃত্ব লাভ কৰাত সম্পূৰ্ণ ৰুপে সক্ষম হবই। ‘এমবলিজেচন’ (Embolisation) নামৰ এই প্ৰযুক্তি কৌশলটোত কৰঙৰ চুকেদি এডাল সুক্ষ্ম কেথেটাৰ প্ৰবেশ কৰোৱাই ভেৰিকোচিল অংশলৈ লৈ যোৱা হয়। তাৰ পিছত এডাল অত ইসুক্ষ্ম প্লেটিনামৰ ‘কইল’ আৰু এবিধ বিশেষ ধৰণৰ তৰল পদাৰ্থ কেথেটাৰৰ মাজেদি ইনজেক্ট কৰি দিয়া হয়। এই ব্যৱস্থাই ৰুগ্ন ৰক্তবাহী ধমনীত অৱৰোধৰ সৃষ্টি কৰে আৰু অন্য এটা বিকল্প নলীয়েদি তেজৰ সৰবৰাহ আৰম্ভ হয়।

নপুংসকতা নিৰাময়ত নতুন জিন থেৰাপি

পুৰুষৰ জননাংগৰ শিথিলতা নিৰাময়ৰ কাৰণে শেহতীয়া গৱেষণাৰ যোগেদি আৱিস্কৃত হৈছে এক প্ৰকাৰৰ অভিনৱ চিকিৎসা পদ্ধতি। জননাংগৰ শিথিলতা বা উত্থান জনিত সমস্যাই হৈছে অসংখ্য পুৰুষৰ আটাইতকৈ বেছিকৈ দেখা সমস্যা। নতুন জিন থেৰাপিটোৱে এনেধৰণৰ নপুংসকতাত ভোগা বিশ্বৰ কোটি কোটি লোকক উপকাৰ কৰিব বুলি বিজ্ঞানী সকলে আশা প্ৰকাশ কৰিছে।

এই নতুন চিকিৎসা পদ্ধতিটো মানুহৰ ওপৰত প্ৰথম বাৰৰ কাৰণে প্ৰয়োগ কৰি যথেষ্ট উৎসাহ জনক ফল পোৱা গৈছে। উত্থান জনিত সমস্যাত ভোগা দুজন ৰোগীক এই চিকিৎসাৰ ঔষধ সৰ্বাধিক মাত্ৰাত প্ৰয়োগ কৰি পিছৰ ছমাহৰ বাবে সুস্থ-সবল কৰি ৰাখিব পৰা গ’ল। এই একেটা চিকিৎসা প্ৰয়োগ কৰি অতিমাত্ৰাত সক্ৰিয় মূত্ৰাশয়ৰ ৰোগ, অস্বস্তিকৰ বাৱেল ছিন্দ্ৰোম আৰু হাঁপানি আদি ৰোগো নিৰাময় কৰিব পৰা যায় বুলি গৱেষক সকলে মত প্ৰকাশ কৰিছে।

৪০ৰ পৰা ৭০ বছৰ বয়সৰ প্ৰায় শতকৰা ৫০ জন লোক আৰু ৭০ বছৰ বয়সৰ ওপৰৰ শতকৰা ৭৫ জন লোকেই উত্থান জনিত সমস্যাত ভোগে বুলি ‘মাছাচুছেটছ মেল এজিং ষ্টাডি’ নামৰ প্ৰতিষ্ঠানটোৱে এটি সমীক্ষাৰ দ্বাৰা প্ৰকাশ কৰিছে। বিশ্বৰ প্ৰায় ১৪০ নিযুত লোকে কিবা নহয় কিবা প্ৰকাৰৰ উত্থান জনিত সমস্যাত ভুগি আছে। এই সংখ্যা অহা ২০০৫ চনৰ ভিতৰত ৩০০ নিযুতলৈ বৃদ্ধি পাব বুলি প্ৰতিষ্ঠানটোৱে প্ৰকাশ কৰিছে। প্ৰায় ৫০ চতাংশ ডায়েবেটিছ ৰোগীয়েই উত্থান জনিত সমস্যাত ভোগে।

“এই নতুন থেৰাপিৰ ফলত পুৰুষ সকলে এক স্বাভাৱিক যৌন জীৱন-যাপন কৰিব পাৰিব” বুলি গৱেষক আৰ্ণলড মেলমেনে আশা প্ৰকাশ কৰিছে। তেওঁৰ মতে এতিয়ালৈকে উদ্ভাৱন হোৱা সকলো চিকিৎসা পদ্ধতিতে এই সমস্যাত ভোগা ব্যক্তিয়ে পেঅয়োজনত আগতীয়াকৈ পিল সেৱন কৰিব লগা হয় অথবা বেজি লবলগীয়া হয়। কিন্ত এই নতুন পদ্ধতিটোত তেনে ধৰণৰ চিকিৎসাৰ প্ৰয়োজন নহয় আৰু এবাৰ চিকিৎসা লোৱাৰ পিছত অতি কমেও ছমাহলৈ এই সমস্যাই দেখা নিদিয়ে। ‘এইচ মেক্সি-কে’ নামৰ এই জিন বিধে ৰোগীৰ জননাংগৰ মিহি মাংস পেশী কোষত অতিৰিক্ত অণুৰ সৃষ্টি কৰে আৰু তাৰ ফলত পটাচিয়াম আয়ন বাহিৰলৈ ওলাই যোৱাত সহায় হয়। পৰিণতিত জননাংগৰ মাংস পেশীৰ কোষ বিলাকে জিৰণি পায় আৰু উত্থানৰ কাৰণে প্ৰয়োজন হোৱা ৰক্তৰ যোগান স্বাভাৱিক ভাৱে পায়। সেয়ে সহবাসৰ বাবে উত্থান সম্পূৰ্ণ সন্তোষ জনক হৈ উঠে।

উৎস: স্বাস্থ্য আৰু দীৰ্ঘ জীৱন

শেহতীয়া উন্নীতকৰণ: : 3/9/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate