অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

নাৰিকল তেলৰ উপকাৰী গুণঃ

নাৰিকল তেলৰ উপকাৰী গুণঃ

নাৰিকল তেল আমাৰ কি কি কাৰণত ব্যৱহাৰ হয় তাৰ উত্তৰত প্ৰথমেই আহে চুলিত ব্যৱহাৰৰ কথা। ইয়াৰ পাছত আহে ৰন্ধন কাৰ্যত ব্যৱহাৰৰ কথা। দক্ষিণ ভাৰতত ৰন্ধন কাৰ্যত ব্যৱহাৰ হয় নাৰিকল তেল। বহুতেই কয় নাৰিকল তেল শুকান ছালৰ বাবেও অতি উপকাৰী। ভিটামিন ‘কে’, ‘ই’ আৰু আইৰনসমৃদ্ধ নাৰিকল তেলৰ আৰু আছে অধিক গুণ। সেয়া হ’ল-

(১) ওমেগা-৩ ফেটিএচিড, ট্ৰাইগ্লিছাৰাইড আৰু অন্য দৰকাৰী উপাদানেৰে সমৃদ্ধ নাৰিকল তেলে আমাৰ থাইৰয়ড গ্ৰন্থিৰ ক্ষৰণ নিয়ন্ত্ৰিত কৰে। যাৰ ফলত শৰীৰত হৰম’নৰ ভাৰসাম্যতা অটুট থাকে।

(২) প্ৰাকৃতিক ছানস্ক্ৰীন হিচাপে কাম কৰে। ফলত ছাল ডাঠ নহয়।

(৩) নাৰিকলত থকা লৰিক এচিড আৰু কেপ্ৰিলক এচিডে শৰীৰত ইষ্টৰ কাৰ্যকাৰিতা নিয়ন্ত্ৰণ কৰে।

(৪) শৰীৰত বিপাকৰ হাৰ বৃদ্ধি কৰে। ফলত পৰিপাক ভাল হয় আৰু কোষ্ঠকাঠিন্য দূৰ হয়।

(৫) ছালৰ জ্বলা-পোৰা দূৰ কৰাৰ লগতে যিকোনো ধৰণৰ এলাৰ্জিৰ উপশম ঘটায়।

উৎস: নিয়মীয়া বাৰ্তা

শেহতীয়া উন্নীতকৰণ: : 1/16/2019



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate