অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

নিমখঃ কমাই খোৱাটোৱেই বুদ্ধিমানৰ কাম

নিমখঃ কমাই খোৱাটোৱেই বুদ্ধিমানৰ কাম

নিমখৰ মাত্ৰা সামান্য কম হলেই আমাৰ জিভাই বহু সময়ত জুতি নোপোৱা হয়। বহুতৰ ক্ষেত্ৰত দৈনিক সামান্য পৰিমাণে নিমখৰ মাত্ৰা বাঢ়ি গৈ থাকে। বহুতে আকৌ সুকীয়াকৈ কেঁচা নিমখ কাঁহীৰ দাঁতিত লৈ খোৱাৰো অভ্যাস কৰে। কিন্তু নিমখৰ মাত্ৰাধিক্যতা কোনো ফালৰ পৰাই শৰীৰৰ বাবে উপকাৰী নহয়। বহু লোকৰ ক্ষেত্ৰত নিমখে তেজৰ চাপ বৃদ্ধি কৰে। স্থায়ী ৰক্তচাপৰ সমস্যাই হাৰ্ট এটেকৰ দৰে মাৰাত্মক সমস্যাৰ সৃষ্টি কৰিব পাৰে। বিশেষকৈ ৬৫ বছৰৰ ওপৰৰ বয়সৰ ব্যক্তিৰ বাবে নিমখ অধিক ক্ষতিকাৰক।

নিমখে বৃক্ক আৰু মূত্ৰবাহী নলীৰ পাথৰ জমা হোৱা প্ৰক্ৰিয়াতো সহায় কৰে। পৰীক্ষাৰ পৰা দেখা গৈছে যে যিসকল লোকে সংৰক্ষিত খাদ্য বেছিকৈ গ্ৰহণ কৰে, বেকন বা তেনেধৰণৰ বিশেষভাৱে সংৰক্ষিত মাংস যিসকলে সঘনাই বা নিয়মীয়াকৈ খায় তেওঁলোকৰ ক্ষেত্ৰত বৃক্ক আৰু মূত্ৰতন্ত্ৰৰ পাথৰ জমা হোৱাৰ মাত্ৰা অধিক। উল্লেখ্য, সংৰক্ষিত মাংস, আচাৰ বা অন্যান্য খাদ্য দীৰ্ঘদিন ভালে ৰাখিবলৈ এইবোৰত উচ্চ মাত্ৰাত নিমখ সংযোগ কৰা হয়।

অত্যাধিক নিমখে আমাৰ শৰীৰৰ হাড়বোৰৰো যথেষ্ট ক্ষতি কৰে। খাদ্যত অধিক নিমখ থাকিলে শৰীৰত কেলছিয়াম শোষণত বাধা পৰে, বিশেষকৈ বয়সস্থসকলৰ ক্ষেত্ৰত অধিক নিমখে খাদ্যৰ পৰা কেলছিয়াম শোষণত বাধা দি অষ্টিঅ’পৰ’ছিছ অৱস্থাৰ সৃষ্টি কৰিব পাৰে। এনে অৱস্থাত সামন্য আঘাততে হাড়ভগা বা মোচোকা খোৱা অৱস্থাৰ সৃষ্টি হ’ব পাৰে। মহিলাসকলৰ ক্ষেত্ৰত এই অৱস্থাটো বেছিকৈ পৰিলক্ষিত হয়।

উৎসঃ দেওবৰীয়া খবৰ

শেহতীয়া উন্নীতকৰণ: : 6/29/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate