অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

নিয়মীয়াকৈ তিতা খাওক আৰু ৰোগৰ পৰা বাচি থাকক

নিয়মীয়াকৈ তিতা খাওক আৰু ৰোগৰ পৰা বাচি থাকক

তিতাৰ একো গুণ নাই বুলি নহুতৰে এটা ধাৰণা আছে। কিন্তু প্ৰকৃততে এই ধাৰণা ভুল। নিয়মিয়াকৈ আহাৰৰ লগত তিতা সেৱন কৰা ব্যক্তিসকলৰ স্বাস্থ্য তিতা নোখোৱা ব্যক্তিসকলৰ তুলনাত যথেষ্ট ভাল। মানৱ শৰীৰক তিতাই বিভিন্ন ৰোগৰ স্ংক্ৰমণো প্ৰতিৰোধ কৰি ৰাখে। সেই কথা কোৱাই বাহুল্য। স্বাস্থ্য সতেজ আৰু সজীৱ কৰি ৰাখিবৰ বাবে শৰীৰৰ অংগ-প্ৰত্যংগবোৰক ভিটামিন, কেলচিয়াম, প্ৰোটিন, চৰ্বি, আয়ৰণ, ফছফৰাছ আৰু এণ্টিঅক্সিডেণ্টৰ প্ৰয়োজন হয়। মানৱ অংগক প্ৰয়োজন হোৱা এই সকলোবোৰ উপাদান তিতাৰ মাজত পোৱা যায়।

কেৰেলা, বন-কেৰেলা, ভাত-কেৰেলা, নিম পাত, মৰাপাট, হেলচি শাক, ব্ৰাহ্মী, মেথিশাক আদি শাকবোৰক তিতা জাতীয় খাদ্যৰ তালিকাত ৰাখিব পাৰি।

কেইবিধমান তিতা পাচলি আৰু শাকত থকা খাদ্যগুণ

বনকেৰেলা

এনাৰ্জি ৬০ গ্ৰাম, প্ৰোটিন ২.১ গ্ৰাম, ফেট ১ গ্ৰাম, কাৰ্বোহাইড্ৰেট ১০.৭ গ্ৰাম, কেলচিয়াম ২৩ মি:গ্ৰা:, ফচফৰাচ ৩৮ মি:গ্ৰা:, আয়ৰণ ২ মি:গ্ৰা:, কেৰোটিন ১২৬ মাইক্ৰো গ্ৰাম, ভিটামিন ‘চি’ ৯৬ মি:গ্ৰা:।

কেৰেলা

এনাৰ্জী ২০ গ্ৰা:, প্ৰোটিন ১.৬ গ্ৰাম, ফেট ২ গ্ৰাম, কাৰ্বোহাইড্ৰেট ৪.২ গ্ৰাম, কেলেচিয়াম ২০ মি:গ্ৰা:, ফচফৰাচ ৭০ মি: গ্ৰা:, আয়ৰণ ০.৬১ মি:গ্ৰা:।

নিমপাত

প্ৰোটিন ১১.৬ গ্ৰাম, ফেট ৩ গ্ৰা:, কাৰ্বোহাইড্ৰেট ২১.২ গ্ৰাম, এনাৰ্জি ১৬৮ গ্ৰাম, কেলচিয়াম ১৩০ মি:গ্ৰা:, ফচফৰাচ ১৯০ মি:গ্ৰা:, আয়ৰণ ২৫.৩ মি:গ্ৰা:।

তিতাৰ অস্ংখ্য গুণ। তিতা গৰমৰ দিনত নিয়মীয়াকৈ সেৱন কৰিলে মানৱ শৰীৰেবিভিন্ন ৰোগ প্ৰতিৰোধ কৰাৰ ক্ষমতা লাভ কৰে আৰু শৰীৰটো সুস্থ হৈ থাকে।

গৰমৰ দিনত ছালৰ বিভিন্ন সমস্যাত ভুগিলে নিমপাত খাওক।নিমপাতত এণ্টি এলাৰ্জি বা জীৱাণুনাশক গুণ আছে আৰু খাদ্যৰ যোগেদি শৰীৰে এই গুণবোৰ আহ্ৰণ কৰি ছালৰ সমস্যা নাইকীয়া কৰে।

সৰু আই আৰু মাজু আই হ’লে নিমপাতৰ সহায় ল’ব পাৰি। নিমপাতে এণ্টিচেপ্তিক হিচাপেও কাম কৰে। পেটত গেচ হোৱা ৰোগত ভুগিলে সৰু জাতৰ কেৰেলা আৰু সৰু জাতৰ ডাঙৰ জতৰ কেৰেলা নিয়মীয়াকৈ খাই চাওকচোন।  কেইদিনমানতে আৰাম পাব।

বহুমুত্ৰ ৰোগত ভোগা ৰোগীয়ে তেজৰ শৰ্কৰা নিয়ন্ত্ৰণৰ বাবে কেৰেলা আৰু সৰু জাতৰ কেৰেলা নিয়মীয়াকৈ খোৱা উচিত। কেৰেলা খাই থাকিলে কেন্সাৰৰ সম্ভাৱনাও নাইকীয়া অয়।

বাইপাছ চাৰ্জাৰী বা অন্য কোনো ৰোগৰ বাবে দীৰ্ঘদীন ধৰি এণ্টিবায়োটিক ঔষধ সেৱন কৰিলে মুখৰ স্বাদ নাইকীয়া হয়। এনে অৱস্থাত কেৰেলা, নিমপাত, বনকেৰেলাই মুখৰ স্বাদ ঘুৰাই অনাত সহায় কৰে।

নিমপাতত আয়ৰণ বেছি পৰিমাণে থাকে, সেয়ে এনিমিয়া ৰোগৰ বাবে নিমপাত উপকাৰী।

মেথিশাক

প্ৰোটিন ৪.৪ গ্ৰাম, ফেট ০.৯ গ্ৰাম, কাৰ্বোহাইড্ৰেট ৬ গ্ৰাম, কেলৰি ৪৯ গ্ৰাম, কেলচিয়াম ৩৯৫ মি:গ্ৰা:, ফচফৰাচ ৫১ মি:গ্ৰা:, আয়ৰণ ১.৯ মি:গ্ৰা:, কেৰোটিন ২৩৪০ মাইক্ৰো গ্ৰাম, ভিটামিন ‘চি’ ৫২।

মেথি

প্ৰোটিন ২৬.২ গ্ৰাম, ফেট ৫.৮ গ্ৰাম, কৰ্বোহাইড্ৰেট ৪৪ গ্ৰম, কেলৰি ৩৩৩গ্ৰাম, কেলচিয়াম ১৬০ মি:গ্ৰা:, ফচফৰাচ ৩৭০ মি:গ্ৰা:, আয়ৰণ ৬.৬ মি:গ্ৰা:, কেৰোটিন ৯৬ মাইক্ৰোগ্ৰাম।

মেথি আৰু মেথিশাক বহু গুণেৰে ভৰপূৰ। এইবিলাকে ভালেমান ৰোগৰ উপশম ঘটাব পাৰে।

শাকে লিভাৰ আৰু জণ্ডিচ ৰোগৰ পৰা মানৱ শৰীৰক ৰক্ষা কৰে।

গৰমৰ দিনত হোৱা অৰুচি জনিত ৰোগৰ বাবেও শাক সুফল দায়ক।

মেথি গুটি আৰু মেথি শাকত প্ৰোটিন বেছি থকাৰ বাবে মাতৃ দুগ্ধৰ পৰিমাণ বৃদ্ধি হয়।

  • মেলেৰিয়া, জণ্ডিচ আৰু বাত ৰোগৰ বাবে মেথি গুটি আৰু মেথিশাক সুফল দায়ক।
  • তেজৰ শৰ্কৰা নিয়ন্ত্ৰণৰ বাবেও মেথি শাক উপকাৰী।

কলেষ্টেৰল কমাবৰ বাবেও মেথি গুটি আৰু মেথি শাক দুয়োটাই ব্যৱহাৰ কৰিব পাৰি।

মেথিশাকে অৰুচি কমায় আৰু ভোক বঢ়ায়। শৰীৰৰ দুৰ্বলতা হ্ৰাস কৰাতো মেথি গুটি আৰু মেথিশাকে সহায় কৰে।

হেলচি শাক

হেলচি শাককো তিতা জাতীয় শাকৰ শাৰীতে ৰাখিব পাৰি। বিভিন্ন ৰোগ প্ৰতিৰোধত হেলচি শাক অতুলনীয়। উদাহৰণস্বৰুপে লিভাৰৰ অসুখত হেলচি শাক বৰ উপকাৰী।

  • মাজু আই আৰু সৰু আইৰ প্ৰতিষেধক হিচাপে হেলচি শাকৰ ৰস ব্যৱহাৰ কৰিব পাৰি।
  • এলাৰ্জি হ’লে বা শৰীৰত চকলা বান্ধিলে হেলচি শাক পিহি তাৰ ৰস খালে উপকাৰ পোৱা যায়।
  • গৰমৰ দিনত সৰু আই আৰু মাজু আইৰ প্ৰকোপ বাঢ়ে। তাৰোপৰি এলাৰ্জি জাতীয় সমস্যাও থাকে। এই সকলোবোৰ সমস্যাৰ পৰা হাত সাৰি থাকি ছালখনক সুস্থ কৰি ৰাখিবৰ বাবে তিতা জাতীয় খাদ্যৰ বিকল্প নাই। তিতা জাতীয় খাদ্যবোৰে এণ্টি এলাৰ্জিক ৰুপে কাম কৰে। সেয়ে মন কৰিবলগীয়া কথাটো হ’ল যে বছৰৰ সকলো সময়তে তিতা খালেও গৰমৰ দিনত তিতা খালে যি উপকাৰ পোৱা যায়, সেই উপকাৰ বছৰৰ অন্য সময়ত পোৱা নাযায়।
    • এই তিতা জাতীয় খাদ্যবিলাকত ফেট আৰু কেলৰীৰ পৰিমাণ কম থাকে। কোনো কোনো জাতীয় তিতা খাদ্যত কেলৰিৰ পৰিমাণ কম থাকে বা নেথাকেই। শৰীৰত জমা হোৱা অতিৰিক্ত কেলৰি চৰ্বি ৰুপত সঞ্চিত হৈ থাকে আৰু অত্যধিক চৰ্বিয়ে মানুহৰ কৰ্মক্ষমতা হ্ৰাস কৰে। চৰ্বিবিহীন শৰীৰৰ কৰ্মক্ষমতা বাঢ়ে। বেছি পৰিশ্ৰমতো ভাগৰ নালাগে।

অতিৰিক্ত ফেট বা চৰ্বিয়ে হৃদৰোগ আৰু উচ্চ ৰক্তচাপ জাতীয় অসুখৰ সৃষ্টি কৰে। ফেট বা চৰ্বিৰ যোগেদি তেজত কলেষ্টেৰল বৃদ্ধি হৈ হৃদৰোগৰ সৃষ্টি কৰিব পাৰে। তিতা জাতীয় খাদ্যত চৰ্বিৰ পৰিমাণ কম থকাৰ বাবে এইবোৰ ৰোগ হোৱাৰ সম্ভাৱনা কমি থাকে। তিতা কেৰেলা আৰু মেথিশাকত ভিটামিন ‘চি’ থকাৰ বাবে পাকস্থলীৰ কেন্সাৰৰ ৰোগ প্ৰতিৰোধ কৰি ৰাখে।

তিতাজাতীয় খাদ্যত যথেষ্ট পৰিমাণে আয়ৰণ থাকে। আয়ৰণ হ’ল স্বাস্থ্য সুৰক্ষিত কৰি ৰখাৰ অন্যতম উপাদান। মানৱ শৰীৰত তেজ প্ৰস্তুতকৰণ আৰু শক্তি বৃদ্ধিৰ বাবে আয়ৰণৰ দৰকাৰ হয়। ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ বাবেও আয়ৰণৰ প্ৰয়োজন হয়। কেন্সাৰৰ প্ৰতিৰোধ আৰু হাৰ্ট সুস্থ কৰি ৰখাৰ দৰে শৰীৰৰ কিছুমান গুৰুত্বপূৰ্ণ কামৰ বাবেও আয়ৰণৰ প্ৰয়োজন হয়। স্নায়ু দুৰ্বলতা, স্থুলতা আৰু অৱসাদ ইত্যাদি আয়ৰণৰ অভাৱৰ ফলত হোৱা কিছুমান উপসৰ্গ।

মানৱ শৰীৰৰ হাড়বোৰ শক্তিশালী আৰু কাৰ্যক্ষম কৰি ৰাখিবৰ বাবে কেলচিয়ামৰ প্ৰয়োজন। কেলচিয়ামে তেজৰ গোট মৰা বা ডকা বন্ধা গুণ বৃদ্ধি কৰে। দেহত কেলচিয়ামৰ পৰিমাণ কম হ’লে ৰিউমেটিক আৰ্থ্ৰাইটিছ আৰু অনিদ্ৰাৰ দৰে ৰোগ হোৱাৰ সম্ভাৱনা থাকে। তিতাজাতীয় শাক-পাচলিবোৰত যথেষ্ট পৰিমাণে কেলচিয়াম থাকে। দাঁতবোৰ শক্তিশালী কৰি ৰাখিবৰ কাৰণেও কেলচিয়ামৰ দৰকাৰ হয়। এনে ধৰণৰ শাক পাচলিবোৰত বিটাকেৰোটিন, ভিটামিন চি, এণ্টি অক্সিডেণ্ট আদি থকাৰ বাবে ৰোগ প্ৰতিৰোধক শক্তি বৃদ্ধি পোৱাৰ লগতে বিভিন্ন ৰোগৰ বীজাণুৰ স্ংক্ৰমণ প্ৰতিৰোধ কৰিব পাৰে।

সকলো ধৰণৰ ৰোগীয়ে তিতাজাতীয় খাদ্য খাব পাৰে। দৈনন্দিন জীৱনত খোৱা খাদ্য ভাত-দাইল, মাছ-মাংস, গাখীৰ, শাক-পাচলি, ফলমূল ইত্যাদি সকলোবোৰৰ লগতেই তিতা খাব পাৰি। যিকোনো খাদ্য খোৱাৰ আগতে প্ৰথমে তিতা খাই ল’ব লাগে। অৱশ্যে তিতা খোৱাৰ সময়ত এটা কথা মনত ৰখা উচিত যে তিতা শাক-পাচলি সদায় কম পৰিমাণেহে খোৱা উচিত।

সাধাৰণতে এটা ধাৰণা প্ৰচলিত আছে যে ৰাতি তিতা খাব নেপায়। এই ধাৰণা একেবাৰে ভুল। দিনটোৰ যিকোনো সময়তে তিতা খাব পাৰি। ভাট-ৰুটি জাতীয় খাদ্যৰ লগতে তিতা খাবই পাৰি। আনকি পুৱা খালী পেটতো সৰু জাতৰ তিতাকেৰেলাৰ কেঁচা ৰস খাব পাৰি। খাওঁতে তিতা লাগে বাবে বহুতে তিতা পাচলি তেলত ভাজি মুখৰোচক কৰি খায়। কিন্তু সুস্থ মানুহ, ৰোগী সকলোৱে তিতা পাচলি বা তিতা কেৰেলা সিদ্ধ কৰি খোৱাটোহে ভাল।সিদ্ধ তিতা কেৰেলা খালে বেছি উপকাৰ পোৱা যায়। অৱশ্যে তিতা কেৰেলা ভাজি খালেও ইয়াৰ খাদ্য গুণ নষ্ট নহয়। কিন্তু ভাজোতে ব্যৱহাৰ কৰা তেলেহে আপোনাৰ শৰীৰৰ অপকাৰ কৰিব পাৰে।

দৈনন্দিন খাদ্যৰ তালিকাত গাখীৰ বা দৈ জাতীয় খাদ্য থাকিলে, প্ৰথমে তিতা খাই ল’ব। পেটৰ যিকোনো ৰোগ থাকিলেও তিতা খাব পাৰি, কিন্তু ইয়াক তেলত ভাজি নেখাব। কাৰণ ভজা তিতা কেৰেলা হজম নহ’ব পাৰে। ল’ৰা-ছোৱালীকো তিতা খাবলৈ দিব পাৰি। সৰুৰে পৰা তিতা খোৱা অভ্যাস কৰালে ছালৰ ৰোগ হোৱাৰ সম্ভাৱনা নেথাকে।

কেৱল তিতা খালেই যে এইবিলাক ৰোগ হ’ব নোৱাৰে, তাৰ নিশ্চয়তা দিব নোৱাৰি। কিন্তু এটা কথা ঠিক যে তিতা খালে এনেবিলাক ৰোগ হোৱাৰ সম্ভাৱনা হ্ৰাস পায়।

ডা: প্ৰতিভা অধিকাৰী, স্বাস্থ্য আৰু দীৰ্ঘ জীৱন।

শেহতীয়া উন্নীতকৰণ: : 4/28/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate