অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

নিশা উজাগৰে থাকে নেকি?

 

দিনৰ ভাগতকৈ নিশাৰ ভাগতহে পঢ়া-শুনা নাইবা কাম কৰি ভাল পায় বহু লোকে। বৰ্তমান সময়ত ছ’চিয়েল নেটৱৰ্কিং ছাইট ফেচবুক নাইবা হোৱাটছএপ আদিৰ সৈতে ব্যস্ত হৈ থকাৰ বাবেও বহুতে নিশাৰ ভাগত বহু দেৰিলৈকে শোৱাপাটীলৈ নাযায়। এনে স্বভাৱৰ ফলত আমাৰ অজ্ঞাতে শৰীৰৰ বহুত ক্ষতি হয়। আমাৰ শৰীৰৰ ভিতৰত থকা ‘বায়’লজিকেল ক্লক’ত শোৱা পৰা উঠাৰ পৰা শোৱাপাটীলৈ সকলো সময় নথিভুক্ত হৈ থাকে। অৰ্থাৎ শৰীৰক কেতিয়া কোনটো কাম কৰিবলৈ দিয়া হ’ব তাৰ মূলতে হৈছে এই জৈৱিক ঘড়ীৰ নিৰ্দেশ। যদিহে কোনো লোকে নিশা সাৰে থাকি কাম কৰি থাকে, তেতিয়াহ’লে এই ঘড়ীৰ কাম ব্যাহত হয়। ফলত শৰীৰৰ ওপৰত বিৰূপ প্ৰভাৱ পৰে। ইয়াৰ ফলতে প্ৰথমে অনিদ্ৰা ৰোগে দেখা দিয়ে। জটিল ৰোগে শৰীৰত বাহ লয়। শৰীৰৰ জৈৱিক ঘড়ীৰ ওপৰত গৱেষণা চলাই এদল মাৰ্কিন গৱেষকে জানিবলৈ দিছে যে এই ঘড়ী নিজৰ মনৰ মতে চলালে মাৰাত্মক বিপদৰ সন্মুখীন হ’ব পাৰেগ। ইয়াৰ ফলত শৰীৰত কি কি ৰোগৰ আশংকা বৃদ্ধি পায়, সেয়া তলত উল্লেখ কৰা ধৰণৰ।–

কৰ্কট -

বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰকাশিত এক প্ৰতিবেদনত এই কথা প্ৰমাণিত হৈছে যে নিশা উজাগৰে থাকিলে শৰীৰৰ বহু ক্ষতি হয়। বৃদ্ধি পায় কৰ্কটৰ শংকা।

ৰোগ প্ৰতিৰোধ ক্ষমতা হ্ৰাস:

গৱেষনাত উপলব্ধ তথ্য অনুসৰি নিশা সাৰে থকাৰ ফলত কৰ্টিজল হৰম’নৰ দৰে ষ্ট্ৰেচ হৰম’নৰ ক্ষৰণ মাৰাত্মকভাৱে বৃদ্ধি পায়। ফলত ওৰে নিশা কাম কৰাৰ ক্ষমতা জাগিলেও ৰোগ প্ৰতিৰোধ ক্ষমতা কিন্তু একেবাৰে হ্ৰাস পায়। ফলত নানা ধৰণৰ ৰোগে শৰীৰত খুব কম সময়ৰ ভিতৰতে বাহ লয়। উল্লেখ্য যে ষ্ট্ৰেচ হৰম’ন বৃদ্ধি পালে মানসিক চাপো বৃদ্ধি হ’বলৈ ধৰে, যি শৰীৰৰ পক্ষে মাৰাত্মক ক্ষতিকাৰক।

ওজন বৃদ্ধি -

নিশা উজাগৰে থকাৰ ফলত আহাৰ সঠিক মতে হজম নহয়। ফলত গেছৰ সমস্যা বৃদ্ধি পায়। ওজন বৃদ্ধি আৰম্ভ হয়। এইদৰে ওজন বৃদ্ধি হৈ থকাৰ ফলত লাহে লাহে চুগাৰ, প্ৰেচাৰ আৰু কলেষ্টেৰেলৰ সমস্যা প্ৰভৃতি ৰোগসমূহে শৰীৰত বাহ লয়। ফলত আয়ুস হ্ৰাস পায়।

গৰ্ভধাৰনৰ সমস্যা:

মাতৃত্ব লাভৰ ক্ষেত্ৰতো নেতিবাচক প্ৰভাৱ পেলাই নিশা উজাগৰে থকাৰ অভ্যাসে। একাধিক গৱেষণাত প্ৰাপ্ত তথ্য মতে, যিসকল মহিলাই নিশাৰ ভাগত কৰ্মত ব্যস্ত্ থাকিবলগীয়া হয়, সেইসকলৰ গৰ্ভধাৰণৰ ক্ষেত্ৰত নানা ধৰণৰ সমস্যাৰ সৃষ্টি হয়। সন্তানৰ ওজন কম হোৱাৰ সম্ভাৱনাও দেখা যায়।

স্মৃতিশক্তি হ্ৰাস -

নিশাৰ সময়ছোৱা মস্তিষ্কৰ বাবে আৰামৰ সময়। সেয়ে এই সময়খিনিত যদি শুবলৈ যোৱাৰ পৰিৱৰ্তে কাম-কাজত ব্যস্ত থকা যায়, তেতিয়াহ’লে লাহে লাহে মগজুৰ শক্তি হ্ৰাস পাবলৈ ধৰে। একেদৰে হাইপ’লাৰ ডিজঅৰ্ডাৰ, স্মৃতিশক্তি লোপ পোৱাকে ধৰি নানা সমস্যাই দেখা দিয়ে।

উৎস: নিয়মীয়া বাৰ্তা

শেহতীয়া উন্নীতকৰণ: : 7/27/2022



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate