পোহৰৰ উৎসৱ দীপাৱলী। গাঁৱে-ভূঞে, চহৰে-নগৰে প্ৰতিঘৰৰ পদূলিত চাকি জ্বলিব। চৌদিশে ফটকা ফুটিব, আতচবাজী হ’ব। মাজে-মাজে কলগছ, ৰকেট আৰু হিলৈ আদি ফুটিব। মাটিৰ চাকি, নানা ৰং-বিৰঙৰ বিজুলী চাকি, ৰং-বিৰঙৰ মমবাতি আৰু আতচবাজীৰ পোহৰে অমাৱস্যাৰ ঘোৰ আন্ধাৰ আঁতৰাই জগত পোহৰাই আমালৈ লৈ আহিব অফুৰন্ত আনন্দ আৰু সুখানুভূতি। সাৱধানতা অৱলম্বন কৰি দীপাৱলী উদযাপন কৰিলে। দীপাৱলীৰ পোহৰ আৰু আনন্দই আমাৰ জীৱন উজলাই তুলিব। কিন্তু অলপ অসাৱধান হ’লেই ই আমাৰ জীৱনলৈ নানা স্বাস্থ্যজনিত আৰু সামাজিক সমস্যা মাতি আনি জীৱন নিৰানন্দৰে ভৰাই তুলিব পাৰে। অগ্নিদগ্ধ হোৱা, এলাৰ্জি হোৱা, চকুৰ সমস্যা সৃষ্টি হোৱা, ছালৰ সমস্যা হোৱা, শব্দ প্ৰদূষণ আৰু পাৰিপাৰ্শ্বিক প্ৰদূষণ আদি হৈ নানা স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি কৰিব পাৰে। তদুপৰি দীপাৱলীৰ সময়ত বহু লোকে ৰাগিয়াল দ্ৰব্য (বিশেষকৈ সুৰা) পান কৰাৰ ফলত নানা সামাজিক সমস্যাৰ সৃষ্টি হয়। অলপ সাৱধানতা অৱলম্বন কৰিলেই আমি এনে সমস্যাবোৰ এৰাই চলি এক নিৰাপদ শুভ দীপাৱলী উদ্যাপন কৰিব পাৰো।
অগ্নিৰ স্ফুলিংগ, ফটকাৰ টুকুৰা আদি পৰি চকুত আঘাত কৰিব পাৰে। এইবোৰ পৰিলে চকু মোহাৰিব নালাগে। ভালদৰে পানীৰে ধুই চিকিৎসকৰ সহায় ল’ব লাগে। নহ’লে পিচলৈ ই চকুত ঘা কৰি মানুহক অন্ধ কৰিব পাৰে। ফট্কা, ফুলজাৰি আদি চুই চকু চুলে চকুৰ সংক্ৰমণ হ’ব পাৰে। চকুত আতচবাজীৰ ধোঁৱা, ৰাসায়নিক পদাৰ্থ আদি পৰি চকুৰ এলাৰ্জি সৃষ্টি কৰিব পাৰে। কনজাংটিভাইটিছ ৰোগৰ সৃষ্টি হ’ব পাৰে। সেইবাবে ফট্কা, ফুলজাৰি আদি হাতেৰে চোৱাৰ পিছত হাত ধুইহে চকু চুব লাগে। চকুত এইবোৰ পৰিলে প্ৰচুৰ পানী মাৰি চকু ধুব লাগে। চকুত যাতে কোনো পদাৰ্থ পৰিব নোৱাৰে, তাৰ বাবে চছমা পৰিধান কৰিব লাগে, চকুৰ এলাৰ্জি বা যিকোনো আঘাত হ’লেই চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে।
দীপাৱলীৰ ফট্কা, ফুলজাৰি আদিৰ ৰাসায়নিক পদাৰ্থই ছাল, চুলি, শ্বাসতন্ত্ৰ, খাদ্যতন্ত্ৰ আদিৰ এলাৰ্জি সৃষ্টি কৰিব পাৰে। এইবোৰত থকা ৰাসায়নিক পদাৰ্থৰ বাবে ছালৰ খজুৱতি, ছাল ৰঙা পৰা, ফুলি উঠা আদি সমস্যাৰ সৃষ্টি হ’ব পাৰে। চুলিৰ গুৰিত খজুৱতি হৈ চুলি সৰিব পাৰে। উশাহ-নিশাহ লোৱাত কষ্ট পাব পাৰে। সেয়েহে এইবোৰ চুই গা আৰু মূৰ চুই থাকিব নালাগে। এইবোৰ চুলে হাত ধুইহে খাদ্য খাব লাগে। নহ’লে খাদ্যতন্ত্ৰৰ এলাৰ্জি আৰু সংক্ৰমণ হৈ বমি, পাইখানা, পেটফুলা, পেটৰ বিষ আদি সমস্যাৰ সৃষ্টি হ’ব পাৰে। মাস্ক পিন্ধি ফট্কা আদি ফুটালে নাক, শ্বাসতন্ত্ৰ আদিৰ এলাৰ্জি কম হয়। শ্বাসতন্ত্ৰৰ সমস্যা থকা আৰু এলাৰ্জিৰ সমস্যা থকা ব্যক্তিয়ে এইবোৰ ফুটাব নালাগে। ফুটুকা ফুটোৱা হোৱাৰ পিচত ভালদৰে স্নান কৰি শৰীৰ পৰিষ্কাৰ কৰিব লাগে।
ফট্কা আৰু হিলৈৰ কাণ তালমৰা শব্দই শব্দ প্ৰদূষণ কৰে। শব্দ প্ৰদূষণে ব্যক্তিৰ শ্ৰৱণশক্তিত ব্যাঘাত জন্মায়। আনকি অতিমাত্ৰা শব্দই কৰ্ণৰ পৰ্দা ফটাই চিৰদিনৰ বাবে ব্যক্তিক কাণেৰে নুশুনা কৰিব পাৰে। শ্ৰৱণশক্তিত ব্যাঘাত জন্মোৱাৰ উপৰি দীপাৱলীৰ শব্দ প্ৰদূষণে ব্যক্তিৰ টোপনিত ব্যাঘাত জন্মোৱা, মূৰৰ বিষ সৃষ্টি কৰা, উচ্চ ৰক্তচাপ সৃষ্টি কৰা, হৃদযন্ত্ৰৰ ৰোগ কৰা, মানসিক ৰোগ সৃষ্টি কৰা, গৰ্ভৱতী মাতৃৰ কেঁচুৱাৰ ওজন হ্ৰাস কৰা, গৰ্ভপাত কৰোৱা, সময়তকৈ আগতে প্ৰসৱ হোৱা, ল’ৰা-ছোৱালীৰ মনোযোগ কমোৱা আৰু ব্যক্তিক খিংখিঙিয়া কৰা আদি নানা সমস্যাৰ সৃষ্টি কৰে। সেইবাবে কমশব্দ ফট্কা ফুটাব লাগে। ফট্কা ফুটাওঁতে কাণত কপাহ দি কাণৰ ফুটা বন্ধ কৰি ল’ব লাগে। বন্ধ ঠাইত নুফুটাই মুকলি ঠাইত ফুটাব লাগে।
দীপাৱলীৰ আনন্দৰ মাজতে অনেকজন অগ্নিদগ্ধ হোৱা দেখা যায়। আমাৰ দেশত বছৰি সংঘটিত হোৱা জুয়ে পোৰা দুৰ্ঘটনাবোৰৰ ভিতৰত ১০-১২ শতাংশ হ’ল দীপাৱলীত সংঘটিত হোৱা দুৰ্ঘটনা। এনে দুৰ্ঘটনাৰ বলি হোৱা সৰহভাগেই শিশু হোৱা দেখা যায়। কেতিয়াবা মজিয়া বা মাটিত জ্বলোৱা চাকিৰ জুয়ে ক’ব নোৱাৰাকৈয়ে পিন্ধা কাপোৰত জুই লগায়। সেয়েহে চাকি মজিয়াত নজ্বলাই ওখ ঠাইত জ্বলাব লাগে। ফট্কাৰ পৰা ছিটিকি অহা স্ফুলিংগই বহুতকে অগ্নিদগ্ধ কৰে। বহু সময়ত ফট্কাৰ পৰা ছিটিকি অহা স্ফুলিংগই বহুতকে অগ্নিদগ্ধ কৰে। বহু সময়ত ফট্কা হাতত ফুটি আমাক অগ্নিদগ্ধ কৰিব পাৰে। ফট্কা ফুটুৱা ঠাইৰ ওচৰত পানী ৰাখিব লাগে। কিবা কাৰণত গাত জুই লাগিলে, জুই নুমাবলৈ অগ্নিদগ্ধ মানুহজনৰ গাত পানী মাৰিব লাগে। পানী দূৰৈৰ পৰা মাৰিলে পানী মৰা মানুহজনৰ গাত জুই লাগিব নোৱাৰে আৰু অগ্নিদগ্ধ ব্যক্তিজনৰ গাৰ কাপোৰবোৰ তিতি জুই সোনকালে নুমোৱাত সহায় কৰে। তদুপৰি পানীয়ে বাৰ্নৰ উত্তাপ কমায় আৰু জ্বলন কমায়। জ্বলা ঠাইত যথেষ্ট পানী ঢালিব লাগে আৰু পাৰিলে ঠাইখিনি কিছু সময় পানীত ডুবাই ৰাখিব লাগে। পানী নাপালে অগ্নিদগ্ধ ব্যক্তিজনে মাটিত বাগৰি জুই নুমুৱাব লাগে। দৌৰা দৌৰি কৰিলে বতাহ লাগি জুই বেছিকৈ জ্বলে। গাত কম্বল আদি ঢাকি দিব নালাগে। জুয়ে পোৰাৰ উপৰি ইলেক্ট্ৰিকেল আৰু ৰাসায়নিক বাৰ্ন অধিক হোৱা দেখা যায়। অলপ পুৰিলে প্ৰাথমিক চিকিৎসা কৰি পোৰা ঠাইখিনি চাফা কৰি বাৰ্নল লগাব লাগে। পোৰা ঠাইখিনি খোলাকৈ ৰাখিব লাগে। যিকোনো পদাৰ্থ পোৰা ঠাইখিনিত লগাব নালাগে। কাৰণ পিচলৈ ই সংক্ৰমণ ঘটাব পাৰে। বেছি পুৰিলে চিকিৎসকৰ ওচৰলৈ গৈ চিকিৎসা কৰাব লাগে।
দীপাৱলীৰ ফট্কাৰ উচ্চ শব্দ, অতিমাত্ৰা ধোঁৱা, পোহৰ আৰু ৰাসায়নিক পদাৰ্থই বায়ুমণ্ডল প্ৰদূষিত কৰি পৰিৱেশৰ ভাৰসাম্যতা ধ্বংস কৰে। গছ-লতা, চৰাই-চিৰিকতি আৰু অন্য প্ৰাণীৰ দৈনন্দিন জীৱন যাত্ৰাত ব্যাঘাত জন্মায়। অবাবত বহুতো পোক-পতংগ, চৰাই-চিৰিকতি আদি জুই অথবা ফট্কাত পৰি মৰে। প্ৰকৃতিৰ প্ৰচুৰ ক্ষতি হয়। বহু সময়ত দীপাৱলীৰ জুয়ে ঘৰ-বাসস্থান আদিও পুৰি শেষ কৰে। সপ্তাহজুৰি ফট্কা ফুটাই আনন্দ কৰি পৰিৱেশ বিনষ্ট কৰাতকৈ এদিনীয়াতকৈ সীমিত সময়ৰ বাবে দীপাৱলী পালন কৰিলে এনে সমস্যা বহু পৰিমাণে কমাব পাৰি।
লিখক: ডা: ধৰ্মকান্ত কুম্ভকাৰ, সম্ভাৰ।
শেহতীয়া উন্নীতকৰণ: : 4/24/2020
আঘোনৰ উৎসৱ মহোহো
অসমৰ বসন্ত উৎসৱ
অসমৰ কৃষ্টি-সংস্কৃতিৰ বৰপথাৰত দক্ষিণ কামৰূপৰ ভেলদি...
অসমীয়া সাহিত্যৰ বুৰঞ্জী