আহাৰৰ দ্বাৰা আমাৰ শৰীৰৰ দুটা প্ৰধান কাৰ্য সংঘটিত হয়। প্ৰথম হ’ল শৰীৰৰ অংগসমূহক গতি প্ৰদান কৰিবলৈ শক্তি যোগান ধৰা আৰু দ্বিতীয় হ’ল শৰীৰত হোৱা ক্ষতি পূৰণ কৰা। আহাৰৰ দ্বাৰা প্ৰাপ্ত হোৱা শক্তিক কেলৰি এককৰ দ্বাৰা জোখা হয়।
শৰীৰৰ কাৰণে নিৰামিষ আহাৰ উত্তম। যোগ সাহিত্যত সুষম আহাৰৰ বিষয়ে এনেধৰণে উল্লেখ আছে-তৈত্তিৰীয় উপনিষদ অনুসাৰে অন্নই হৈছে ব্ৰক্ষ্ম। প্ৰাণীৰ উৎপত্তি অন্নৰ পৰাই হয় আৰু অন্নৰ দ্বাৰাই জীৱিত হৈ থাকে। সেয়ে অন্নক কোনো প্ৰকাৰে নিন্দা কৰিব নাপায়। অন্নক ভগৱানৰ প্ৰসাদ বুলি গ্ৰহণ কৰিব লাগে।
ছন্দোগ্য উপনিষদৰ মতে অন্নত স্থুলভাগৰ মল, মধ্যভাগৰ পৰা শৰীৰ আৰু সূক্ষ্ম ভাগৰ পৰা মন তৈয়াৰ হয়। এই ধাৰণাৰে বিকশিত ৰূপ ভগৱৎগীতাত বিভিন্ন বৰ্গীকৰণ কৰা হৈছে। একাগ্ৰতা ভাৱনা-চিন্তাৰ উদাৰতাক সঙ্কীৰ্ণতা, ধ্যানৰ গুণলাভ, জ্ঞান, আত্মদৰ্শনৰ যোগ্যতা লাভ আদি সকলো বিষয় আহাৰৰ ওপৰতে নিৰ্ভৰ কৰে। মানুহে যেনেকুৱা আহাৰ খায় মন আৰু শৰীৰো তেনেকুৱা হৈ পৰে। সাত্বিক আহাৰৰ পৰা স্থিতপ্ৰজ্ঞতা আহে, ৰাজসিক আহাৰ গ্ৰহণ কৰিলে মন চঞ্চল, উত্তেজিত আৰু অস্থিৰ হৈ পৰে। তামসিক আহাৰ খোৱাসকল মানসিক বিকাৰগ্ৰস্ত, এলেহুৱা আৰু হিতাহিত জ্ঞানশূণ্য হৈ পৰে। (২৯ প্ৰদীধিকা ১:৫৮-৬৩)
প্ৰকৃতাৰ্থত সাত্বিক বৃত্তি আৰু সুসংহত জীৱন ধাৰণ কৰিবলৈ আকাংক্ষা কৰাসকলে নিৰামিষ আৰু সাত্বিক আহাৰ গ্ৰহণ কৰাটো পছন্দ কৰে। নিৰামিষ আহাৰৰ দ্বাৰা মানুহে দীৰ্ঘায়ু হয়, শক্তি বৃদ্ধি হয় আৰু দয়া, মৰম আদি মানৱীয় গুণসমূহৰ উত্তৰোত্তৰ বৃদ্ধি হৈ থাকে। নিৰামিষ আহাৰ ৰসযুক্ত, স্নিগ্ধ, সুস্বাদু হয় আৰু এনে আহাৰে হৃদযন্ত্ৰক পুষ্টি সাধন কৰে।
নিৰামিষ আহাৰৰ আন এটা প্ৰধান গুণ হ’ল যে ই আঁহযুক্ত হোৱাৰ কাৰণে কোষ্ঠ পৰিষ্কাৰ কৰাত সহায় কৰে। নিৰামিষ আহাৰৰ দ্বাৰা কোষ্ঠকাঠিন্য নহয়। মানৱ শৰীৰত যিমানবোৰ ৰোগ হয় তাৰ বেছিভাগেই এই কোষ্ঠকাঠিন্য বা অৰ্থাৎ শৌচ খোলোচা নোহোৱাৰ কাৰণেই হয়। কোষ্ঠকাঠিন্য হ’লে মলত্যাগ কৰিবৰ সময়ত জোৰ দিয়াৰ ফলত মুননেন্দ্ৰিয়ৰ ওপৰত বেছি হেঁচা পৰে। ফলত কাম উত্তেজনা বৃদ্ধি পায়, বীৰ্য ক্ষয় হয়।
প্ৰাণীৰ পুষ্টি সাধনৰ দৃষ্টিৰে আমৃতসম আহাৰ হৈছে ফল-মূল, চালাদ, গজালি ওলোৱা শস্য, বুট-মগু আদি জীৱনদায়ক। তামসিক আহাৰ হৈছে উত্তেজক, নিচাযুক্ত তেলত ভজা, জলকীয়া মছলাযুক্ত চাহ কফি নহৰু পিয়াজ, বাহীবস্তু, গেলা বা দুৰ্গন্ধযুক্ত আদি ৰাজসিক আহাৰৰ ভিতৰত গৰম, উগ্ৰ বেছি নিমখ-মছলাযুক্ত, তেল-ঘিউ আদি পৰে; কিন্তু আহাৰ নিৰামিষ হ’লেও উদৰ ভৰ্তি কৰি খাব নালাগে। মানুহ মিতাহাৰী হোৱা বাঞ্ছনীয়। ভোক লাগিলে পেটৰ আধা অংশ ভোজৰ দ্বাৰা, চাৰি ভাগৰ এভাগ পানীৰ দ্বাৰা আৰু বাকী থকা চাৰিভাগৰ এভাগ বায়ু চলাচলৰ কাৰণে খালি কৰি ৰাখিব লাগে। (২৯ প্ৰদীপিকা ১:৫৭) ইয়াৰ দ্বাৰা মানুহ নিৰোগী হৈ দীৰ্ঘজীৱন লাভ কৰিব পাৰে।
নিৰামিষ হোৱাৰ লগতে আহাৰ পবিত্ৰ হোৱা প্ৰয়োজন। আহাৰ গ্ৰহণ কৰাৰ আগতে প্ৰাৰ্থনা কৰি ল’লে মন পাতল আৰু উত্তেজনাশূণ্য হৈ পৰে। শৰীৰত পাচক ৰসৰ নি:সৰণ নিয়মীয়া হৈ পৰে। ফলত গ্ৰহণ কৰা আহাৰ সুকলমে জীন যায়।
নিৰামিষ আহাৰ গ্ৰহণ কৰোতাসকলে আহাৰ তালিকাত গাখীৰ বা দৈ সন্নিৱিষ্ট কৰি লোৱা দৰকাৰ। কাৰণ শৰীৰৰ কাৰণে প্ৰ’টিনৰ অৰ্থাৎ খাদ্যপ্ৰাণৰ আৱশ্যকতা আছে। খাদ্যপ্ৰাণৰ দ্বাৰা কোশিকা নিৰ্মাণ আৰু শক্তিপ্ৰাপ্ত হয়।
নিৰামিষ আহাৰ সহজপ্ৰাচ্য। সহজে হজম হোৱাৰ কাৰণে ইয়াৰ দ্বাৰা শৰীৰৰ উপকাৰ হয়। আনহাতে আমিষ আহাৰ পৰিপাক কৰোতে পৰিপাক যন্ত্ৰৰ পৰিশ্ৰম বেছি হয়। পাচনক্ৰিয়াৰ শৰীৰত যথেষ্ট পৰিমাণে অম্ল তৈয়াৰ হয়। গতিকে আহাৰত অম্ল আৰু খাৰক ১:৪ অনুপাতত নিৰূপণ কৰা হৈছে। তেজত থকা খাৰ অলপমানো যদি কমকৈ হয়, তেনেহ’লে কোষকলাবিলাকত অম্ল জমা হ’বলৈ ধৰে আৰু তাৰ ফলত বদহজমী, মূৰৰ বিষ, মানসিক উত্তেজনা, হাড়ৰ গাঁঠিত বিষ, ৰক্তচাপ, ছালৰ ৰোগ আদিয়ে দেখা দিয়ে। সেয়েহে বেছি টেঙা আহাৰক তামসিক আহাৰৰ শ্ৰেণীত ধৰা হৈছে। শক্তিৰ দিশৰ পৰা চাবলৈ গ’লেও নিৰামিষভোজীৰ শক্তি আমিষভোজী হাতী, গড় বা ম’হ, জিৰাফ এটাৰ শক্তি বাঘ সিংহতকৈ বেছি। বাঘ-সিংহৰ চোকা দাঁত বা নখ আছে কাৰণেহে নিৰামিষভোজীক খাদ্য ৰূপে ল’ব পাৰে। নিৰামিষভোজীৰ মঙহ খাই পৰোক্ষভাৱে মাংসহাৰী জীৱই উদ্ভিদত থকা শক্তিকে গ্ৰহণ কৰি জীয়াই থাকে।
আজি সংসাৰত নিৰামিষ আহাৰৰ চাহিদা বৃদ্ধি হৈছে। ইউৰোপ, আমেৰিকা আদি দেশতো নিৰামিষ আহাৰৰ উপকাৰিতা বুজি পাই নিৰামিষ ভোজীৰ সংখ্যা নিৰন্তৰ বৃদ্ধি পাইছে। প্ৰকৃততে সুস্থ-সবল হৈ শান্তিৰে দীৰ্ঘজীৱন লাভ কৰিবলৈ হ’লে মানুহ নিৰামিষভোজীহে হোৱা প্ৰয়োজন।
লিখক: যোগসাধক দেৱজিৎ শৰ্মা, স্বাস্থ্য আৰু দীৰ্ঘজীৱন।
শেহতীয়া উন্নীতকৰণ: : 3/18/2020
আহাৰ আৰু বনৌষধিৰে আমাৰ স্বাস্থ্য
কোমোৰা আৰু ইয়াৰ বিশেষ গুণাগুণৰ বিষয়ে ইয়াত দিয়া হৈছ...
আহাৰ আৰু স্বাস্থ্য
অসমীয়া আহাৰ-পানী