অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

নিৰামিষ আহাৰৰ প্ৰয়োজনীয়তা

নিৰামিষ আহাৰৰ প্ৰয়োজনীয়তা

চমু বিৱৰণ

আমাৰ জীৱন ধাৰণ প্ৰণালীত নিৰামিষ আহাৰৰ প্ৰয়োজনীয়তা আছে। ফল-মূল, শাক-পাচলি নিৰামিষ আহাৰৰ অন্তৰ্ভূক্ত, য’ত আমাৰ দেহক আহাৰৰ সকলো দ্ৰব্য, খাদ্য গুণ, ফল-মূল, শাক-পাচলিয়ে বা ৰসে সংক্ষেপে যোগান ধৰে। আমিষ আহাৰতকৈ নিৰামিষ আহাৰৰ দ্ৰব্যগুণ বেছি।

নিৰামিষ আহাৰৰ ঔষধি গুণ

নিৰামিষ আহাৰৰ ঔষধি গুণ বহুত, য’ত এটা সুস্বাস্থ্যৰ অধিকাৰী হ’বলৈ নিৰামিষ আহাৰ অৰিহণা যোগায়। আমিষ আহাৰত যেনে-মাংসত ঔষধি গুণ কম পৰিমাণে থাকে কিন্তু গছৰ ফল-মূল, শাক-পাচলি আদিত ঔষধি গুণ বহু পৰিমাণে আছে। নিৰামিষ আহাৰবোৰ দেহৰ শক্তিবৰ্ধক আৰু ভিটামিন, যোগানকাৰী। পকা জলকীয়া, গাজৰ, সেউজীয়া শাক, ধনিয়া পাত, বীট, ব্ৰ’কলি, পালেং শাক, মূলা শাক আদিত ‘এ’ ভিটামিন পোৱা যায়। ভিটামিন ‘এ’ৰ অভাৱত শৰীৰৰ গঠনত বাধাপ্ৰাপ্ত হয়, হাড় দুৰ্বল হয়, দাঁতৰ গঠন দুৰ্বল হয় কুকুৰিকণা হয় আৰু জীৱনশক্তি কমি আহে কিন্তু কিন্তু ‘এ’ ভিটামিন থকা খাদ্যবোৰ খালে শৰীৰ গঠনত সহায় কৰে, যকৃতৰ বাবে উপকাৰী হয়, চকুৰ দৃষ্টিশক্তি বঢ়ায়, ছাল, হাওঁ-ফাঁও গলব্লাডাৰ, মূত্ৰাশয় আদিৰ কাৰ্যদক্ষতা বৃদ্ধি কৰে। তেনেকৈ ৰাজমাহ, বগা বীন, বাদাম আদি ওটি জাতীয় গোমধান, মূলাশাক, নহৰু, ধনিয়া শাক আদিত ভিটামিন ‘বি’ পোৱা যায়। ‘বি’ ভিটামিনৰ অভাৱত ভোক নলগা হয়, স্নায়ু দুৰ্বল হয়, বেৰী বেৰী ৰোগ হয়, হৃৎপিণ্ডৰ কাম কৰা শক্তি কমি যায়। কিন্তু ‘বি’ ভিটামিনযুক্ত খাদ্যবোৰে কৰ্মশক্তি, ভোগ আৰু হজম শক্তি বঢ়ায়। হৃৎপিণ্ড, যকৃতৰ কৰ্মত সহায় কৰে। ভিটামিন ‘বি২’ নামেৰে এবিধ ভিটামিন আছে, য’ত ৰঙা জলকীয়া, চাউল, মূলাশাক, পালেংশাক আদিত এই ভিটামিন পোৱা যায়। ভিটামিন ‘বি২’ৰ অভাৱত ওঁঠ ফুলে, জিভা ফুলে আৰু ফাটি যায়, চকুত পোৰণি হয়। ফটোফবিয়া অৰ্থাৎ পোহৰ চাব নোৱাৰা হয়, জলক-তবক দেখে। ভিটামিন ‘বি২’ ৰ ফলত বেমাৰ প্ৰতিৰোধ কৰিব পৰা শক্তি বাঢ়ে। ছাল, চকুৰ বাবে, যকৃৎ হৃৎপিণ্ড আদিক কৰ্মদক্ষ কৰি ৰাখে। আনহাতে মানুহৰ শৰীৰত ‘নিয়াছিন’ নামৰ ভিটামিনবিধৰ অভাৱ হ’লে ছালৰ ৰোগ হয়, স্নায়ুৰ পৰিৱৰ্তন ঘটে। পেটৰ অসুখ হয়। ‘নিয়াছিন’ ভিটামিনবিধ চাউল, চাউলৰ গুড়ি, মটৰমাহ, আলু, শাক, ফল আৰু মৌৰসত প্ৰচুৰ পৰিমাণে থাকে। যাৰ বাবে স্মৃতিশক্তি বাঢ়ে, স্নায়ুবিলাক শক্তিশালী হয়, ভোক বাঢ়ে, এড্ৰিনেল গ্লেনবোৰ সুস্থ হয়। তেনেকৈ ‘ভিটামিন ‘বি৫’ মটৰ মাহ, তেল, বন্ধাকবি, বীট, কমলা টেঙা, নেমু টেঙা, মিঠাতেল আদিত পোৱা যায়। ভিটামিন ‘বি১২’, চেৰি, ৰঙা জলকীয়া, কিচমিচ, ধনিয়া পাত, তেজপাত, মূলাশাক, সেউজীয়া জলকীয়া, ব্ৰ’কলি, গজালি মেলা মগু-বুট, নেমু টেঙা, কমলা টেঙা, ৰঙচুৱা, বন্ধাকবি, পালেংশাক, বীট আদিত পোৱা যায়। ভিটামিন ই ৰঙা চাউল, বাৰ্লি, আটা, সেউজীয়া শাক, বাকলি থকা বাদাম জাতীয় ফল আদিত পোৱা যায়। ভিটামিন ‘কে’ সেউজীয়া শাক-পাচলিত পোৱা যায়। ‘কেলচিয়াম’, তিল, সেউজীয়া শাক-পাচলি, বন্ধাকবি, বীট, ব্ৰ’কলি, মাহ আদিত পোৱা যায়। ফচফচাৰ ওটি জাতীয় বস্তু, বাকলি থকা বাদাম, ঘেঁহু, গোমধান, দাইল, উৰহী, মৌৰস আদিত পোৱা যায়। ‘পটাছিয়াম’ দাইল, বীন, উৰহী, বাদাম, ব্ৰ’কলি, নহৰু, মূলা, পালেংশাকত পোৱা যায়। ‘ছডিয়াম’ বীট, শাক, গাজৰ, ৰঙা জলকীয়া, পালেং বীট, ধনিয়াপাত বন্ধাকবি আদিত যথেষ্ট পৰিমাণে পোৱা যায়। ‘মেগনেছিয়াম’ বাদাম, বীন, তেজপাত, গাজৰ, বিলাহী আদিত পোৱা যায়। আইৰণ, তিল, সেউজীয়া শাক-পাচলি, নহৰু, পালেংশাক আৰু ‘মেংগানিজ’, তিয়হ, বীট, গাজৰ, শাক আৰু ‘মেংগানিজ’, তিয়ঁহ, বীট, গাজৰ, শাক আৰু ‘চিলিকন’ চালাড পাত, তিয়ঁহ, পালেংশাক আৰু আয়’ডিন তৰমুজ, বিলাহী, গাজৰ, কলডিল, কচুশাক, পূৰাকল, বেঙেনা, নেমুটেঙা আদিত পোৱা যায়।

গতিকে দেখা যায় ভিটামিন থকা নিৰামিষ আহাৰ উপাদানবোৰে আমাৰ দেহক বিভিন্ন ধৰণে পুষ্টি যোগান ধৰাত সহায় কৰে। নিৰামিষ আহাৰৰ গ্ৰহণৰ ফলত তথা পথ্য ভালদৰে খোৱাৰ ফলত ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায়। নিৰামিষ আহাৰে আমাক নিৰোগী কৰি ৰখাত সহায় কৰে।

লিখক: নয়নমণি শৰ্মা, সাদিন।

শেহতীয়া উন্নীতকৰণ: : 1/11/2024



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate