অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

নিৰামিষ ভোজন

নিৰামিষ ভোজন

সমগ্ৰ বিশ্বতে আহাৰ গ্ৰহণকাৰীক দুটা ভাগত বিভক্ত কৰিব পাৰি-আমিষভোজী আৰু নিৰামিষভোজী। নিৰামিষভোজীৰ ইংৰাজী শব্দ হ’ল- Vegetarian  আৰু ১৮৪৭ চনত এই শব্দটো প্ৰয়োগ কৰিছিল ইউৰোপৰ The Vegetarian Society of United Kingdom -এ। আমি ভবাৰ দৰে এই শব্দটো Vegetable  ৰ পৰা অহা নাই। শব্দটো আহিছে লেটিন ভাষাৰ পৰাহে।

ইতিহাসৰ পাত লুটিয়াই চালে দেখা যায় যে বহু দাৰ্শনিক আৰু ধৰ্মপ্ৰাণ ব্যক্তিয়ে মাংস গ্ৰহণ বাদ দিছিল আৰু এনে ব্যক্তিসকলেই হ’ল  ।অৰ্থাৎ নিৰামিষভোজী।

সাধাৰণতে নিৰামিষভোজীক আকৌ কেইবাটাও ভাগত বিভক্ত কৰিব পাৰি। ভেগানছ (Vegans), লেক্ট’ ভেজিটেৰিয়ানছ (Lacto Vegetarians) অভ’ ভেজিটেৰিয়ানছ ( Ovo Vegetarians) আৰু লেক্ট’-অভ’ ভেজিটেৰিয়ানছ (Lacto- Ovo Vegetarians)। ভেগানসকল সম্পুৰ্ণ নিৰামিষভোজী। তেওঁলোকে কোনো প্ৰাণীৰ মাংস অথবা মাংসেৰে উৎপাদিত খাদ্য গ্ৰহণ নকৰে। লেক্ট’ ভেজিটেৰিয়ানসকলে কেৱল গাখীৰ আৰু গাখীৰৰ পৰা উৎপাদিত খাদ্যহে খায়। অভ’ ভেজিটেৰিয়ানে কণী খায়। আনহাতে লেক্ট’-অভ’ ভেজিটেৰিয়ানে কণী খায়। আনহাতে লেক্ট’-অভ’ ভেজিটেৰিয়ানে অকল মাছহে খায়।

বহুতে ভবাৰ দৰে নিৰামিষভোজীয়ে মাংস গ্ৰহণ নকৰে বাবেই প্ৰ’টিনৰ অভাৱত ভোগে। কথাসাৰ সঁচা নহয়। মাংসত উপলব্ধ প্ৰ’টিনৰ দৰে সেউজীয়া শাক-পাচলিৰ পৰাও একে পৰিমাণৰ প্ৰ’টিন পোৱা যায়। গৱেষকে গৱেষণাত পাইছে যে গাখীৰত উপলব্ধ সেউজীয়া শাক-পাচলিত কোনোগুণে কম নহয়। সেইদৰে ছয়াবিন, বাদাম আদিতো যথেষ্ট প্ৰ’টিন পোৱা যায়।

মাংস সৰহকৈ খালে দেহত বিষাক্ত পদাৰ্থৰ সৃষ্টি হয় আৰু এই বিসাক্ত পদাৰ্থ নিয়মিতভাৱে দেহৰ পৰা নিৰ্গত নহ’লে গা- মন ভাল নালাগে।

গৱেষকৰ মতে শাক-পাচলি, ফল-মুল , বাদাম, চোকোৰা নুগুচোৱা শস্য, মটৰ, বীন আদিৰ প্ৰ’টিন তুলনামুলকভাৱে মাংসতকৈ কম। সেইদৰে চৰ্বিৰ পৰিমাণো কম বাবে ৰক্তৰ কলেষ্টেৰলৰ পৰিমাণ নিম্নভাগত থাকে আৰু এনে খাদ্যই হৃদযন্ত্ৰৰ বিভিন্ন ৰোগ, আনকি হাওঁফাওঁৰ কেন্সাৰ আৰু স্তন কেন্সাৰৰ আশংকা হ্ৰাস কৰে। তৃতীয়বিধ উপকাৰী পুষ্টিদ্ৰব্য হ’ল- নিৰামিষ ভোজনত উপলব্ধ উচ্চমান বিশিষ্ট আঁহযুক্ত পদাৰ্থ, যিয়ে পৰিপাক প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰি কোষ্ঠকাঠিন্যত ভোগা ৰোগীক আৰোপ্য কৰে। ফলত বহু ৰোগৰ পৰা নিৰাপদে থাকে।

নিৰামিষভোজীৰ ভোজন প্ৰকৃততে বিজ্ঞানসন্মত প্ৰক্ৰিয়াৰে চলে। দৈহিক, মানসিক আৰু আধ্যাত্মিক বিকাশৰ বাবে নিৰামিষ ভোজন অতি প্ৰয়োজন। দেখা গৈছে যে বহু ভাৰতীয় সাঁতোৰবিদ, খেলুৱৈ, মল্লযোদ্ধা নিৰামিষভোজী।

১৯৯৪ চনত British Medical Journal ত প্ৰকাশিত তথ্য অনুসৰি নিৰামিষভোজীৰ ৪০ শতাংশতকৈ কমসংখ্যক লোকেহে কেন্সাৰ ৰোগত আক্ৰান্ত হয়। সেইদৰে হাৰ্টৰ ৰোগতো ভোগা ৰোগীৰ সংখ্যা কম। দেহৰ ৰক্তৰ কলেষ্টেৰলৰ পৰিমাণো নিম্নস্তৰত ৰয়।

আন এদল গৱেষকৰ মতে নিৰামিষভোজীৰ কমসংখ্যকেহে কেতিয়াবা গলব্লাডাৰ ষ্ট’ন আৰু ভাৰ্টিকুলাৰ (Verticular) ৰোগত আক্ৰান্ত হয়। অৱশ্যে সফল নিৰামিষভোজীয়ে হৃদবাহিকা ৰোগৰ পৰা যে বাচি থাকে সেয়াও নহয়। আন এটা তথ্য মতে ব্ৰিটেইনত থকা এছিয়া মহাদেশৰ নিৰামিষভোজী লোক হাৰ্টৰ ৰোগত কম পৰিমাণেহে ভোগে।

বিশেষজ্ঞৰ মতে নিৰামিষ ভোজন সুস্বাস্থ্যৰ বাবে অতি উত্তম। কিন্তু আমি কিমানজনে আমিষ ভোজনৰ প্ৰতি লালায়িত নোহোৱাকৈ থাকো?

লেখক: ড: পৱিত্ৰ কুমাৰ পাটোৱাৰী( জি এনআৰচি স্বাস্থ্য)

শেহতীয়া উন্নীতকৰণ: : 9/8/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate