নিকট কিম্বা অদূৰ ভৱিষ্যতৰ জীৱনটোৱে কোন দিশে বাট পোনাব তাক জানিবলৈ বহুতো মানুহে ইচ্ছা ব্যক্ত কৰে। অনেকজনে এই কথাও জানিব বিচাৰে যে ইহ সংসাৰত তেওঁৰ চাউলমুঠি আৰু কিমানদিনলৈ লিখা আছে। মুখ্যতঃ তাৰবাবেই বহুতে জ্যোতিষীৰ কাষ চাপে। কিন্তু এতিয়াৰেপৰা কোনে কিমানদিন বাচি থাকিব তাক জানিবলৈ হ’লে জ্যোতিষীৰ ওচৰলৈ যোৱাৰ সলনি পৰীক্ষাগাৰলৈ বুলি বাট পোনালেই হৈ যাব। কিয়নো বৃটেইনৰ লেংকেষ্টাৰ ইউনিভাৰ্ছিটীৰ গৱেষকদ্বয় আনেট ষ্টেনফানোৱেস্কা আৰু পিটাৰ মেক্ক্লিনটোকে এনে এবিধ উপকৰণ উদ্ভাৱন কৰি উলিয়াবলৈ সক্ষম হৈছে যাৰ দ্বাৰা এই কথা কোৱাটো সম্ভৱ হৈ উঠিব যে ব্যক্তি বিশেষ আৰু কিমান দিনলৈ এই দুনিয়াৰ আলহী হৈ থাকিব। ‘ডেথ টেষ্ট’ শীৰ্ষক এই পৰীক্ষণত ঘড়ীৰ আকাৰৰ এবিধ উপকৰণৰপৰা নিৰ্গত লেজাৰ ৰশ্মি শৰীৰৰ ওপৰত পেলোৱা হয়। ইয়াৰ দ্বাৰা এই কথা জনাটো সম্ভৱ হৈ উঠে যে বয়সৰ লগে লগে আমাৰ শৰীৰটো কিদৰে নষ্ট হৈ গৈ আছে। দৰাচলতে ‘ডেথ টেষ্ট’ৰ সহায়ত মানুহৰ এণ্ডোথেটিকেল কোষসমূহ বিশ্লেষণ কৰা হয়। এয়া ধমনীত উপলব্ধ আটাইতকৈ সূক্ষ্ম কোষ। মানুহৰ শৰীৰত কোনো জটিল অৱস্থাই দেখা দিয়া মাত্ৰেই এই কোষবোৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। এই কোষত হোৱা স্পন্দন বিশ্লেষণ কৰিয়ে গণনা কৰি উলিওৱাটো সম্ভৱ হ’ব যে ব্যক্তি বিশেষ আৰু কিমান দিনলৈ জীয়াই থাকিব। গৱেষকদ্বয়ৰ মতে এই টেষ্টৰ দ্বাৰা কৰ্কট আৰু ডিমেনচিয়াৰ দৰে ৰোগো আগতীয়াকৈ ধৰা পেলোৱাটো সম্ভৱ হৈ উঠিব।
উৎসঃ দৈনিক অসম
শেহতীয়া উন্নীতকৰণ: : 6/27/2020