অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

নেপকিনৰ পৰা হ’ব পাৰে জৰায়ুৰ কে়ঞ্চাৰ

নেপকিনৰ পৰা হ’ব পাৰে জৰায়ুৰ কে়ঞ্চাৰ

 

ব্যৱহাৰ কৰোতে সতৰ্ক হোৱা উচিত -

আধুনিক বিশ্বত কৰ্মব্যস্থতাৰ বাবে প্ৰতি গৰাকী নাৰীৰ জীৱনসংগী স্বৰুপ হৈ পৰিছে চেনিতেৰী নেপকিন। কিন্তু আপোনি জানেনে এইন চেনিতেৰি নেপকিন যে জৰায়ু কেঞ্চাৰৰ কাৰণ হব পাৰে?
বৰ্তমান বিশ্বত প্ৰায় ৭৫ শতাংশ মহীলাই মাহেকীয়া ঋতুস্ৰাবৰ সময়ত যৌনাংগত সজুৱতী, ৰাছেচ আৰু বিষৰ সমস্যাৰ সন্মূখীন হয়। ইয়াৰ বাবে জগৰীয়া আন এক উপাদান হ’ল মেহেকীয়াৰ সময়ত ব্যৱহাৰ কৰা চেনীতেৰি নেপকিন!

আহকচোন আমি জানো- বৈজ্ঞানিক দৃষ্টিভংগীত এই চেনিতেৰী নেপকিননো কেনেকৈ তৈয়াৰ হয় আৰু ইয়াৰ কেনে ধৰনৰ ক্ষতিকাৰকৰ উপাদান থাকে?

ইউ.এচ.এনভাইৰ’নমেন্ট প্ৰটেকচন এজেন্সিৰ এক গৱেষনাত প্ৰকাশ কৰা অনুসৰি –চেনিতেৰি নেপকিন তৈয়াৰ কৰিবলৈ ডাইঅক্সিন(Dioxin) নামৰ এক প্ৰকাৰৰ কেমিকেল ব্যৱহাৰ কৰা হয়। যি পোনপটীয়াকৈ কেন্সাৰৰ বাবে জগৰীয়া আৰু লগতে জৰায়ুৰ বিভিন্ন ধৰনৰ সংক্ৰমনৰ বাবেও জগৰীয়া হয়।

U.S. Environment Protection Agency ৰ ১৯৯৬ৰ এক গৱেষনাত দেখা গৈছিল যে প্ৰতিটো চেনিতেৰী নেপকিনতেই 400 ppt Dioxin থাকে। এই ডাইঅক্সিন সন্তান ধাৰন ক্ষমতা কমোৱাৰ লগতে না না ধৰনৰ ৰোগৰ বাবে দায়ী হয়।

দীৰ্ঘ সময় ধৰি সুৰক্ষাৰ বাবে ব্যৱহাৰ কৰা চেনিতেৰী নেপকিনে মাহেকীয়াৰ স্ৰাৱত বাহিৰ হোৱা ৰক্তক জেলিত পৰিনত কৰি দিয়ে। আৰু ৫ ঘণ্টাৰ পাছত সেই সমূহত ফাংগাচ জমিবলৈ আৰম্ভ কৰি দিয়ে। আৰু চালৰ সংস্পৰ্শলৈ আ্হি চালত সংক্ৰমন হয়, খজুৱতী আৰু নানান ধৰনৰ সমস্যাই দেখা দিব পাৰে। পেডৰ তলত থকা প্লাষ্টিকৰ বাবে যেনেদৰে ৰক্ত বাহিৰ হ’ব নোৱাৰে ঠিক তেনেকৈ বায়ু চলা-চলতো বাধা প্ৰাপ্ত হয়। আৰু তেনে অৱস্থাত সহজে বেক্টেৰীয়া জমা হৈ ইয়াৰ পৰা সংক্ৰমন হ’ব পাৰে। প্ৰস্তুত প্ৰক্ৰিয়াত না না কেমিকেলেৰে ধুবলগা হয়। যাৰ ফলত পেডত থাকিযোৱা কেমিকেলে চালৰ ক্ষতি কৰিব পাৰে।

সাবধানতা -

নেপকিন যিহেতু মহিলা সকলৰ জীৱনৰ এক অপৰীহাৰ্য অংগস্বৰুপ হৈ পৰিছে। গতিকে প্ৰতি গৰাকী মহিলাই এই নেপকিন ব্যৱহাৰ কৰে বা কৰিবই লাগিব। গতিকে কিছুমান সাবধানতা অৱলম্বন কৰিলে এই নেপকিনৰ পৰা হোৱা ভয়াবহ ক্ষতিৰ পৰা মহিলা সকলে নিজকে বছাই ৰাখিবলৈ সক্ষম হ’ব।
আপোনালোকে যি কোম্পেনিৰ নেপকিন ব্যৱহাৰ নকৰক কিয় প্ৰতি ৩ ঘন্টাৰ মূৰে মূৰে নেপকিন সললি কৰক। আজিকালি কিছুমান কোম্পেনিয়ে চিন্থেতিক নেপকিন প্ৰস্তুত কৰি বজাৰত বিক্ৰী কৰা দেখা গৈছে। এই বোৰৰ ব্যৱহাৰ বৰ্জন কৰি কপাঁহৰ পৰা তৈয়াৰী নেপকিন ব্যৱহাৰ কৰক।

ডা: হৰি কান্ত দাস

উৎস: স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ

 

শেহতীয়া উন্নীতকৰণ: : 12/4/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate