অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

পকা চুলি কম সময়ৰ ভিতৰতে গুৰিৰ পৰা ক’লা কৰাৰ উপায় :

পকা চুলি কম সময়ৰ ভিতৰতে গুৰিৰ পৰা ক’লা কৰাৰ উপায় :

 

বয়স বৃদ্ধি হৈ অহাৰ লগে লগে চুলি পকিবলৈ লোৱাটো এটা স্বাভাৱিক কথা। কিন্তু আজিকালি বহু লোকৰ কম বয়সতে চুলি পকিবলৈ আৰম্ভ কৰে। অকালতে চুলি পকাটো এটা অস্বস্তিদায়ক সমস্যা।

আমাৰ চুলিৰ ক’লা ৰং মিলেৰিং নামৰ পিগমেন্টৰ উপস্থিতিৰ কাৰণে হয়। এইবিধ পিগমেন্ট উপাদান চুলিৰ কোষবিলাকত থাকে। যেতিয়া চুলিত এইবিধ ৰাসায়নিক উপাদান গঠন হোৱাটো বন্ধ হৈ পৰে, বা কমকৈ উৎপন্ন হ’বলৈ কৰে। দ্বিতীয় কাৰটো হ’ল- চুলি শ্বেম্পু বা চাবোনেৰে ধুই দিয়াৰ পিছত তেল ঘঁহিব লাগে। কিন্তু বহুতে ধুই পেলোৱা চুলিত তেল লগাবলৈ টান পায় আৰু তাৰ ফলত চুলি পকিবলৈ আৰম্ভ কৰে। বহু লোকে সঘনাই কেমিকেলযুক্ত শ্বেম্পুৰে মূৰ ধুই থাকে আৰু পকিবলৈ আৰম্ভ কৰে। বহু লোকে সঘনাই কেমিকেলযুক্ত শ্বেম্পুৰে মূৰ ধুই থাকে আৰু পকিবলৈ আৰম্ভ কৰা চুলিত ‘হেয়াৰ-ডাই’ বা ৰাসায়নিকযুক্ত চুলিৰ কলপ সঘনাই ব্যৱহাৰ কৰে। কিন্তু এইবোৰ ব্যৱস্থাৰ দ্বাৰা চুলি পকিবলৈ বন্ধ কৰিব নোৱাৰি, বৰং চুলি পকাৰ সমস্যা বেছিকৈহে বাঢ়ে।

কম বয়সত চুলি পকাৰ সমস্যা হোৱা কাৰণবিলাকৰ ভিতৰত এনিমিয়া বা ৰক্তাল্পতা এক অন্যতম কাৰণ। শৰীৰত আয়োডিনৰ অভাৱ হ’লেও চুলি পকিব পাৰে। কিছুমান ৰোগৰ বাবে নিয়মীয়াকৈ ঔষধ খাই থাকিব লগা হোৱাটোও চুলি পকাৰ এটা কাৰণ হ’ব পাৰে। একেৰাহে মানসিক চাপত দীৰ্ঘদিন ধৰি ভুগি থাকিলে চুলি অকালতে পকিব পাৰে। চুলিত প্ৰাকৃতিক উৎসৰ পৰা প্ৰস্তুত কৰা তেলৰ সলনি ৰাসায়নিক উপাদানেৰে প্ৰস্তুত কৰা ‘জেল’ আদি ব্যৱহাৰ কৰিলেও অকালতে চুলি পকিব পাৰে। এইবিলাক কাৰণত চুলি কম বয়সতে পকিবলৈ ধৰে যদিও অলপ সাৱধান হৈ এইবিলাক সমস্যা সোনকালে সাৱধান কৰিলে চুলি পকা বন্ধ কৰি ৰাখিব পাৰি। তথাপি যদি একেবাৰে চুলি পকা বন্ধ কৰিব নোৱাৰে, তেনেহ’লে এটি ঘৰুৱা দিহা পালন কৰি চুলি পকা বন্ধ কৰিব পাৰ।

ঘৰুৱা এই উপায়টোৰ কাৰণে বৰ বেছি দ্ৰব্যৰ প্ৰয়োজন নাই। মাত্ৰ আপুনি কোনো বিশ্বাসযোগ্য দোকানৰ পৰা সতেজ আৰু নতুন মেথি গুটি ২৫০ গ্ৰাম আৰু ভাল নাৰিকল তেল সংগ্ৰহ কৰি আনক। এই উপায় পালন কৰিবৰ কাৰণে আপুনি চাৰি চামুচ মেথি গুটি লৈ একাপ পানীত এৰাতি তিয়াই ৰাখক। পিছদিনা পুৱা এই গুটিবোৰ পানীৰ পৰা তুলি আনি মিক্সি বা পটাত মিহিকৈ বটি লওক। এই পেষ্টত দুচামুচ নাৰিকল তেল মিহলাই মূৰৰ চুলিত ভালদৰে ঘঁহি ঘঁহি চুলিৰ গুৰিলৈকে সানি থওক। মূৰটো এই মিশ্ৰণেৰে মালিচ কৰক। এই অৱস্থাত আধা ঘন্টালৈকে ৰওক। পিছত অলপ শুকাই গ’লে পৰিষ্কাৰ পানীৰে ধুই পেলাওক। এনেদৰে এই মিশ্ৰণ সপ্তাহত দুবাৰকৈ ব্যৱহাৰ কৰিলে এমাহৰ ভিতৰতে আপোনাৰ চুলি পকা বন্ধ হোৱা দেখিব আৰু পূৰ্বৰ পকা চুলিও লাহে লাহে ক’লা হৈ অহা দেখা পাব।

লেখক: তপন কলিতা(স্বাস্থ্য আৰু দীৰ্ঘজীৱন)

শেহতীয়া উন্নীতকৰণ: : 2/13/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate