অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

পটেটো চিপচ্‌ আৰু ৰঙা মাংস

পটেটো চিপচ্‌, ৰেডমিট বৰ্তমান বজাৰত উভৈনদী। ‘কুৰকুৰে’ জাতীয় মুখৰোচক খাদ্যও একেই, পটেটো চিপচ্‌ৰ শাৰীতে পৰে। এই বিলাক খাওতাৰ অভাৱ নাই। ল’ৰা-বুঢ়া, ডেকা সকলোৰে প্ৰিয় এনে ধৰণৰ খাদ্যত যে কিছুমান শৰীৰৰ বাবে অপকাৰী, অপ্ৰিয় খাদ্য উপাদান নিহিত হৈ আছে সেই কথা বহুতে ভাবিবই নোৱাৰে। পটেটো চিপচ্‌ৰ কথাই জানি লওঁচোন আহক।

পটেটো চিপচ্‌

আলুৰ পৰা প্ৰস্তুত কৰা চিপচ্‌ হ’ল অতি পাতল চকাল চকলকৈ কটা আলু। লগত মিহলি হৈ থাকে অধিক পৰিমাণৰ নিমখ, বিভিন্ন প্ৰকাৰৰ মছলা, গুড়ি জলকীয়া, স্নেহ পদাৰ্থ বা তেল আৰু প্ৰিজাভেটিভ বা ৰাসায়নিক সংৰক্ষক দ্ৰব্য। বৰ্তমান সমীক্ষাৰ পৰা দেখা গৈছে যে পটেটো চিপচ্‌ প্ৰস্তুত কৰা পদ্ধতি স্বাস্থ্য সন্মত আৰু সুৰক্ষিত নহয়। ডাহ যোচেফ মাৰ্কোলা নামৰ মাৰ্কিন চিকিৎসক (Author of Health Organiser. USA) মতে ‘Potato Chips are loaded with acrylamide which accurs when food is highly processed, using high temperature to cook foods. Acrylamide is carcinogenic substance. Acrylamide is formed when starchy food is backed or fried at high temperature which produces cancer causing chemicals’.

এতিয়া ডাঃ যোচেফৰ কথাৰ পৰা জনা গ’ল যে পটেটো চিপচ্‌ শৰীৰৰ বাবে সঁচাই অপকাৰী। এদিন হয়তো ইয়াৰ ভয়াৱহতা স্পষ্ট হৈ পৰিব। তেওঁৰ মতে ‘Ideally we should consume foods that are minimally processed to avoid the formation of thos toxic byproducts’. আমি খোৱা খাদ্য বিলাক যিমান কম উত্তপত কম সময় ৰন্ধা হয় সিমানেই ভাল। বেছি উত্তপত বেছি সময় ধৰি, বেছি তেল-মছলা দি মুৰমুৰীয়াকৈ ৰন্ধা বা ভজা খাদ্যত শৰীৰৰ কাৰণে বিষাক্ত দ্ৰব্য উৎপত্তি হয় আৰু তেনে খাদ্যই বিভিন্ন ৰোগৰ সৃষ্টি কৰিব পাৰে।

‘ৰেডমিট’ (ৰঙা মাংস)

গো-মাংস, গাহৰিৰ মাংস, পঠা বা খাহীৰ মাংস বা যিকোনো জন্তৰ লিভাৰ, কিড্‌নী আদিৰ মাংসকে ‘ৰেড মিট’ (Red Meat) বুলি কোৱা হয়। আৰু Processed meat বা প্ৰস্তুত কৰি থোৱা মাংসৰ ভিতৰত আছে- বেকন (Bacon), ছ’চেজ (Sausages) আৰু শীতল মাংস (Cold meat) ইত্যাদি।

ভাগ্য ভাল যে এই বিলাক পূৰ্ব প্ৰস্তুত মাংসৰ (Processed meat) চাহিদা আমাৰ সমাজত নিচেই কম। কিন্ত বিদেশত এনে ধৰণৰ মাংসৰ চাহিদা বহুগুণে বেছি। ‘ৰেড মিট’ত থাকে মাংসৰ সাৰ (Protein), স্নেহ পদাৰ্থ (Saturated fat), কলেষ্ট্ৰেৰল, লৌহ পদাৰ্থ, জিংক আদি আমাৰ শৰীৰৰ কাৰণে উপযোগী ভালেকেইবিধ উপাদান।

বৰ্তমান সমীক্ষাৰ পৰা বিজ্ঞানী সকলে ঠাৱৰ কৰিছে যে ‘ৰেড মিট’ অথবা প্ৰস্তুত কৰি পেকেটত ৰখা মাংস (Processed meat) বহুদিন ধৰি অধিক পৰিমাণে একেৰাহে ভক্ষণ কৰি থাকিলে অন্ত্ৰৰ (intestine) কৰ্কট ৰোগ হ’ব পাৰে। তাৰোপৰি মহিলাৰ এণ্ডোমেট্ৰিও’ছিছ, পুৰুষ-মহিলা উভয়ৰে হৃদৰোগ আৰু উচ্চ ৰক্তচাপ হ’ব পাৰে।

ৰেড মিট দৈনিক কিমানকৈ খালে অপকাৰ কৰিব

‘ৰেড মিট’ খোৱাৰ পৰিমাণ যদি দৈনিক ৮৫ গ্ৰামৰ বেছি হয় তেন্তে অপকাৰ হোৱাৰ সম্ভাৱনা বেছি হয়। কিন্ত প্ৰস্তুৰ কৰি পেকেটত ৰখা মাংসৰ ক্ষেত্ৰত ৫৫ গ্ৰামৰ বেছি হ’লেঅপকাৰ হ’ব।

ৰেড মিটে কেনেকৈ কৰ্কট ৰোগ কৰে

দীৰ্ঘদিন ধৰি সৰহ পৰিমাণে ৰেড মিট খাই থাকিলে কৰ্কট ৰোগ হ’ব পাৰে বুলি বিজ্ঞানী সকলে প্ৰমাণ পাইছে। ৰেড মিট খালে কেনেকৈ কৰ্কট ৰোগ হয় তাৰ বিষয়ে কেইবাটাও সূত্ৰ (Theory) আগবঢ়াইছে।

  • ডি এন এ ক্ষতিকাৰক প্ৰক্ৰিয়া : যিহেতু ৰেড মিটত অতি উচ্চ মাত্ৰাত ‘আয়ৰন’ থাকে সেয়ে এই উপাদান বিধে শৰীৰ কোষৰ ডি এন এ আয়’নাইজ কৰে। তাৰ পৰিণতিত শৰীৰত হিটাৰোচাইক্লিক এমাইনৰ সৃষ্টি হয় আৰু এই বিলাকে কেন্সাৰ সৃষ্টি কৰে।
  • অধিক পৰিমাণে ‘ৰেড মিট’ খালে অন্ত্ৰত নাইট্ৰ’জ যৌগ প্ৰস্তুত হয় আৰু এই বিলাকে অন্ত্ৰৰ কৰ্কট ৰোগ সৃটি কৰে।
  • অন্ত্ৰৰ বেৰ খন দুৰ্বল কৰি ঘাৰ সৃষ্টি কৰে আৰু সেই ঘা বিলাকে কালক্ৰমত কৰ্কট ৰোগলৈ ৰুপান্তৰিত হয়গৈ।
  • ‘ৰেড মিট’ৰ আন এটা অপকাৰ হ’ল ই বৃক্কৰ পাথৰ হোৱাত আগভাগ লয়।
  • শৰীৰৰ হৰমোনৰ পৰিৱৰ্তন ঘটায় লগতে উচ্চ ৰক্তচাপ, মধুমেহ আৰু হৃদৰোগৰ দৰে যন্ত্ৰণা দায়ক ৰোগৰ সৃষ্টি কৰে।

শেষত কওঁ যে মাংসত প্ৰ’টিন, খনিজ পদাৰ্থ, লৌহ পদাৰ্থ, জিংক ইত্যাদি ভালে কেইবিধ আমাৰ শৰীৰৰ বাবে আৱশ্যকীয় উপাদান থাকে। গতিকে কম মাত্ৰাত আৰু কিছু দিনৰ ব্যৱধানত মাংস খালে অপকাৰ নহয়। সপ্তাহত দুসাঁজ, সাঁজে প্ৰতি ৫০-৭০ গ্ৰাম মাংস হ’লে যথেষ্ট। কিন্ত ল’ৰা-ছোৱালীৰ ক্ষেত্ৰত সপ্তাহত চাৰি সাঁজ মাংস খাবলৈ দিব পাৰে। বেছি তেলেতীয়া মাংস অৱশ্যে ডাঙৰ অথবা সৰুৰ বাবেও বৰ্জনীয়।

মাংসত বাঢ়ে মাংস, ঘিউত বাঢ়ে বল, দধিত বাঢ়ে মসৃণতা, শাকত বাঢ়ে ম’ল।

লেখক: ডাঃ চাহজাহান বৰবৰা, স্বাস্থ্য আৰু দীৰ্ঘ জীৱন

শেহতীয়া উন্নীতকৰণ: : 6/28/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate