অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

পানীয়েই জীৱন পানীয়েই মৰণ :

পানীয়েই জীৱন পানীয়েই মৰণ :

 

গৰমত মানুহে খাবলৈ বিচৰা আটাইতকৈ প্ৰয়োজনীয় পানীবিধেই হৈছে পানী। পানীকণ খাবলৈ পালেই দেহা-মন শাঁত পৰি যায়। সঁচাকৈয়ে পানীকণ সকলোৰে বাবে অমৃতস্বৰূপ। পানীয়েই জীৱন। কিন্তু পানীয়েই জীৱন বুলি কওঁতে কথাষাৰ শুদ্ধ বুলিও ক’ব নোৱাৰি।

আজিকালি পৰীক্ষা-নিৰীক্ষাৰ পাছত পোৱা গৈছে যে মানুহে জীৱনত নানা জীয়াতু ভোগা, বেমাৰ-আজাৰৰ দ্বাৰা আক্ৰান্ত হোৱাৰ কাৰণ হৈছে আমি নিশ্চিন্তমনে খোৱা দোষযুক্ত হৈ পৰা দৃশ্য আমি সঘনে দেখিবলৈ পোৱা নাই জানো? মানুহৰ জীৱন ল’বৰ বাবে পানীয়েই যেন সংহাৰ মূৰ্তি ধাৰণ কৰিব পাৰে।

আজিকালি প্ৰায় মানুহৰ পাকঘৰত পানী পৰিশোধন যন্ত্ৰ দেখা যায়। ইয়াৰ মূলমন্ত্ৰ হৈছে আলট্ৰাভায়’লেট ৰে’ৰ যোগেদি পানীক জীৱাণুমুক্ত কৰা। কিন্তু এই যন্ত্ৰৰ ক্ষেত্ৰতো বিতৰ্ক থাকিয়েই যায়। আন কথা হৈছে- এই যন্ত্ৰ ব্যৱহাৰ কৰিলে কোম্পানীৰ লোকৰ দ্বাৰা মাজে মাজে পৰীক্ষা বা ছাৰ্ভিচ কৰি থকাটো দৰকাৰ। সেইটো কৰা হয়নে?

পটাছিয়াম পাৰমাংগনেট, আয়’ডিন- এইবোৰো জীৱাণুনাশক। কিন্তু ৰং, গোন্ধ এইবোৰৰ বাবে মানুহে এইবোৰ ব্যৱহাৰ কৰা এতিয়াও বিৰল হৈয়ে আছে। অ’জন এবিধ শক্তিশালী জীৱাণুনাশক। কিন্তু বিদেশত ইয়াৰ বিদেশত ইয়াৰ ব্যৱহাৰ হ’লেও আমাৰ দেশত এতিয়াও ইয়াৰ ব্যৱহাৰ হোৱা দেখা নাযায়।

ক্ল’ৰিন ছল্যুচন পানীত পেলাই পানী পৰিশোধন কৰা খুব সহজ বাবে এই ব্যৱস্থা অতি জনপ্ৰিয়। মাত্ৰ সঠিক হিচাপে জানি প্ৰয়োগ কৰিব লাগে। টিউবৱেল বহুৱাবলৈ হ’লে নলকূপৰ গভীৰতা ১০০ৰ পৰা ২০০ ফুট হ’ব লাগে।

দমকল-কুঁৱাৰ পানীত ভয়াৱহ আৰ্ছেনিক পদাৰ্থ পোৱা যায়। সেয়েহে দমকলত আৰ্ছেনিক ৰিমুভেল ফিল্টাৰ বা আৰ্ছেনিক ৰিমুভেল ইউনিট টিউৱেল বহুওৱা উচিত। সকলোতকৈ নিৰাপদ হ’ল পানী উতলাই খোৱা।

আমাৰ তথাকথিত ভদ্ৰ সমাজত, বিয়া-বাৰুত নানা ধৰণৰ খোৱা-বোৱাৰে আপ্যায়ন কৰা হয়। কিন্তু কিমান বিশুদ্ধ পানীৰ ব্যৱস্থা থাকে, তাৰেহে উৱাদিহ পোৱা নাযায়। তদুপৰি আমাৰ সমাজত ঘৰে-পৰে, পূজা-পাৰ্বন, সকাম আদি থাকেই। ৰাজহুৱা উৎসৱ বা অনুষ্ঠানতো মাহ-প্ৰসাদৰ ব্যৱস্থা কৰা হয়। কিন্তু মাহ-প্ৰসাদ কিমান পৰিষ্কাৰ পানীৰে ধোৱা হয়, কল-আপেল কিদৰে ধোৱা হয়, কি পানী খাবলৈ দিয়া হয়, সেয়া চিন্তাৰ বিষয়। এইবোৰ দিশত আমি এতিয়া খুবেই সচেতন হ’বৰ হ’ল, ব্যৱস্থাবোৰ উন্নতি কৰিবৰ হ’ল।

পানীতেই আছে আমাৰ জীৱন, আমাৰ স্বাস্থ্য। বিশ্ব স্বাস্থ্য সংস্থাই ভাৰতত বিশুদ্ধ খোৱা পানী যোগানৰ ক্ষেত্ৰত যথেষ্ট সচেতনতা বৃদ্ধি কৰি আহিছে। দেশত যি চৰকাৰেই নাথাক, মানুহক অমৃতস্বৰূপ পানীকণ দিয়াৰ ক্ষেত্ৰত অতি আন্তৰিকতাৰে দায়ৱদ্ধ হ’ব লাগে। কাৰণ দেশৰ জনগণৰ সুস্বাস্থ্য ৰক্ষাইহে এখন দেশৰ উন্নতিৰ মূল্যায়ন কৰে।

পানীৰ ক্ষেত্ৰত ল’বলগীয়া সাৱধানতা -

ভাৰত এখন উন্নয়নশীল দেশ। সকলো দিশৰ উন্নতিৰ বাবে প্ৰচেষ্টা কৰি থাকিলেই বহু কাম বাকী ৰৈয়ে যায়। জীৱন ৰক্ষাৰ বাবে যদিও পানীয়েই মূল, তথাপি বহু কৰণীয় থাকি যায়। আণ্ডাৰগ্ৰাউণ্ড পাইপ ফুটি পাইপেৰে বোকা সোমাই খোৱা পানী দূষিত কৰা দৃশ্য আমি সদায় দেখিয়েই থাকো। গতিকে মিউনিচিপালিটীয়ে যোগান ধৰা পানী কিমান বিশুদ্ধ গম পাইছেই। গতিকে ফিল্টাৰেচন বা পানী উতলাই খোৱাটোৱেই যুগুত।

ঘৰত ৰখা ৰিজাৰ্ভাৰ বা টেংকিৰ পানী সঘনে পৰিশোধন কৰি থাকিলে ভাল। ক্ল’ৰিন দিলে জীৱাণু নাশ হয়। ১ লিটাৰ পানীক জীৱাণুমুক্ত কৰিবলৈ লাগে ০.৫ৰ পৰা ১ মিলিগ্ৰাম ক্ল’ৰিন। ব্লিচিং পাউডাৰত থাকে ২৫ শতাংশ ক্ল’ৰিন। গতিকে পানী যদি ১০০ লিটাৰ হয়, তেতিয়া পৰিশোধনৰ বাবে লাগিব প্ৰতি লিটাৰ পানীৰ বাবে ৪ মিলিগ্ৰাম ব্লিচিং পাউডাৰ। ঘৰৰ ৰিজাৰ্ভাৰ বা টেংকি চাফা ৰখা অত্যন্ত জৰুৰী। কোনো ৰাজহুৱা স্থানত প্ৰথমেই মন কৰিব তাত পানী খোৱাটো নিৰাপদ হয়নে?

অফিচ-কাছাৰী, ৰাজহুৱা প্ৰাতিষ্ঠান, যিকোনো কাৰ্যালয়, বিউটী পাৰ্লাৰ, জিম সকলোতে ৱাটাৰ পিউৰিফাইডৰ ব্যৱস্থা থাকিলেহে এইবোৰ অনুষ্ঠানৰ আধুনিক মানসিকতাৰ পৰিচয় পোৱা যায়।

এইবোৰৰ উপৰি আজিকালি সকলোৱে লগত পানীৰ বটল ৰাখে এইটোৱেই হৈছে ভাল কথা।

লেখিকা: সীমা চক্ৰৱৰ্তী(অসম বাণী)

শেহতীয়া উন্নীতকৰণ: : 1/19/2024



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate