অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

পিগমেণ্টেচন আঁতৰাব পাৰি

পিগমেণ্টেচন আঁতৰাব পাৰি

আজিৰ দিনত প্ৰতিগৰাকী মহিলাৰ মুখত পিগমেণ্টেচন হোৱা দেখা গৈছে। যাৰ বাবে তেওঁলোক হতাশাত ভুগিছে। এনে মহিলাসকলে প্ৰথমে মুখৰ দাগ ঢাকি ৰখাৰ বাবে কনচিলাৰ ব্যৱহাৰ কৰিব লাগে। যাক ফুল কাভাৰেজ কনচিলাৰ বুলিও কোৱা হয়। এনে কনচিলাৰে টেটুও ঢাকি ৰাখিব পাৰে। ই ছালক বহু সময় ধৰি সতেজ কৰি ৰাখে। ই পানীমুক্ত হয়। গতিকে ঘাম, আৰ্দ্ৰতাযুক্ত বতৰ, বৰষুণতো উটি যোৱাৰ সম্ভাৱনা নাথাকে। ইয়াৰ উপৰি ছাল উজ্জ্বল কৰি ৰখাৰ এনহেনচাৰ পোৱা যায়, সেয়া ব্যৱহাৰ কৰিব পাৰে। আলট্ৰা এইচ ডি ফাউণ্ডেচন পোৱা যায়। ই ছালক সতেজ কৰি পিগমেণ্টেচন ঢাকি ৰখাত সহায় কৰে। পিগমেণ্টেচন সদায় আনৰ চকুত নপৰাৰ বাবে ঢাকি থ’লে আনে আঙুলিয়াবলৈ সুবিধা নাপায় আৰু মনটোও হেঁচাত ভুগিব নালাগে।

ক্ৰীম কনচিলাৰ যিয়ে ছালক উজ্জ্বল আৰু পিগমেণ্টেচন ঢাকি ৰখাত সহায় কৰে। শুকান আৰু বয়সিয়াল ছালৰ বাবে উত্তম। ইয়াক ব্যৱহাৰ কৰি ছালত সমানকৈ লগাই দিলে, ছালখন সতেজ আৰু দাগবিহীন হোৱা দেখা যায়। ইয়াৰ ভিন্ন ৰঙৰ পোৱা যায়। ছালৰ ৰং অনুযায়ী ইয়াক লগাব লাগে। ইয়াৰ উপৰি মিহি ব্ৰাছৰ দ্বাৰা মিলাই দিলে, মুখৰ দাগ দেখা নাযায়।

সাধাৰণতে ফ্ৰিকলছ ঢকাৰ বাবে বৰ অসুবিধা। ইয়াক ঢাকি ৰখাৰ বাবে নোমছিদ্ৰসমূহ সৰু কৰি ছাল মিহি কৰি ৰখাত সহায় কৰে। ইয়াক ফ্ৰিকলছ ঢাকনি বুলি কোৱা হয়। ফাউণ্ডেচন সদায় ছালৰ লগত মিলি যোৱাকৈ প্ৰকৃত ছালত প্ৰকৃত ৰং ব্যৱহাৰ কৰিব লাগে।

পিগমেণ্টেচন, ক্লোজমা, ক’লা দাগ, গৰ্ভৱতী হোৱাৰ সময়ত হোৱা দাগ, মেলাজমা, বয়সৰ দাগ, শালমইনাৰ দাগ, ৰ’দে পোৰা দাগ ইত্যাদি যিয়েই নহওক, আমি ছালত থকাটো নিবিচাৰো। আমি ছালত ব্যৱহাৰ কৰা লোচন, ক্ৰীম আদি আলফা হাইড্ৰোক্সী, লেকটিক এচিড, চাইট্ৰিক এচিড, ছেলিচাইলিক এচিড থকা সামগ্ৰী ব্যৱহাৰ কৰিব লাগে। এনে সামগ্ৰী ব্যৱহাৰ কৰি ৰ’দত ওলাব নালাগে। ইয়াৰ ওপৰত উক্ত ব্যক্ত কৰা কনচিলাৰ, ফাউণ্ডেচন ব্যৱহাৰ কৰিব লাগে।

ছালত থকা দাগৰ বাবে আমি কেতিয়াও হতাশাত ভুগিব নালাগে। মানসিক হেঁচাও ল’ব নালাগে। মুখখন পৰিষ্কাৰ কৰি সদায় এছ পি এফ ৩০ ব্যৱহাৰ কৰিব লাগে। সদায় ছালখন ক্লিনিজিং, টনিং ব্যৱহাৰ কৰাৰ পাছতহে লগাব। দুপৰীয়াৰ ভাগত পুনৰ মুখখন ধুই স্প্ৰেযুক্ত ছানস্কীন বা এছ পি এফ ছানস্কীন লগাব। আদিৰ দিনত ফাউণ্ডেচন, কনচিলাৰ, লোচন, মইশ্বৰাইজাৰ এছ পি এফযুক্ত পোৱা যায়।

পিগমেণ্টেচন থকাসকলে হাইড্ৰাছিং ফাউণ্ডেচন লগাই তাৰ ওপৰত মিনাৰেল পাউডাৰ লগাব পাৰে। ই ছালক সুৰক্ষা দিয়ে। ড্ৰামব্ৰেণ্ড ফাউণ্ডেচনও সাধাৰণতে বয়সিয়াল মহিলা, বয়সৰ দাগ, পিগমেণ্টেচন, ফ্ৰিক্লচ আদিৰ বাবে উত্তম। ই সচেতন ছালকো কোনো ধৰণৰ ক্ষতি নকৰে। ই ছালৰ কোষৰ ভিতৰলৈও সোমাব নোৱাৰে। শালমইনাৰ বাবে উত্তম। পনীয়া, পাউডাৰযুক্ত, মেটযুক্তও পোৱা যায়।

পনীয়া ফাউণ্ডেচনৰ দ্বাৰা ছালৰ দাগসমূহ ঢাকিব নোৱাৰি। তাৰবাবে পানীমুক্ত আৰু তৈলযুক্ত ফাউণ্ডেচনৰ প্ৰয়োজন হয়।

পিগমেণ্টেচনৰ যত্নঃ

 

প্ৰতিদিনে ছালত ৰাসায়নিক সামগ্ৰী ব্যৱহাৰ কৰাতকৈ প্ৰাকৃতিক সামগ্ৰী ব্যৱহাৰ কৰিব কৰিব। ই ছালক স্বাস্থ্যৱান কৰি ৰাখিব। ৰাতি শোৱাৰ আগেয়ে মুখখন পৰিষ্কাৰ কৰি কেশৰ এচিকুট, কুমকুমডি অইল আধা চাহচামুচ, হালধিৰ গুড়ি বা ৰস দুই টোপাল বা এচিকুট, ছালকুঁৱৰীৰ জুলীয়া ভাগ এচামুচ ভালদৰে মিহলাই আধাঘণ্টাৰ বাবে লগাব। নিতৌ দুবাৰকৈও লগাব পাৰে।

দেহৰ বাবে মৌ, চন্দনৰ পাউডাৰ, হালধিৰ পাউডাৰত কমলাৰ ৰস মিহলাই লগাব। ই ছালক মিহি কৰি দাগবিহীন কৰে।

আঙুৰৰ গুটি, কমলাৰ বাকলি পেষ্ট কৰি দৈৰ লগত লগাব। আঙুৰৰ গুটিয়ে ছালৰ পৰা ট’ক্সিন আঁতৰায়। ইয়াত মিনাৰেল, আইৰন, কেলচিয়াম আৰু পটাচিয়াম থাকে।

মানিমুনি পাতৰ ৰসত জিংচেং বা জিংচেং চাহ মিহলাই ৰাতি লগাই থ’ব।

দৈ আৰু আলুৰ ৰস সমানে মিহলাই নিতৌ লগাব। ই ছালক ভাল কৰে। ছালকুঁৱৰী, মিথি, পদিনা, কমলাৰ বাকলিৰ পেষ্ট কৰি গা ধোৱাৰ আগেয়ে লগাব।

ক্লিনিকেলী মাইক্ৰ’ড্ৰামাবেচন কৰিব। বহুতো ট্ৰিটমেণ্ট কৰিব পাৰি।

এমুঠি মিঠি, জিৰা এচামুচ, এজইন আধা চামুচ সিজাই চাহৰ দৰে মৌ মিহলাই খাব।

ৰসাল ফল যেনে তৰমুজ, প্লাম খাব। নাৰিকলৰ পানী, ডালিমৰ ৰস নিতৌ খাব। ই শৰীৰৰ ট’ক্সিন পৰিষ্কাৰ কৰে।

সদায় গৰম পানী চাহৰ দৰে খাব। প্ৰায় দুই বটল খাব। সময়মতে ঘড়ীৰ কাঁটা চাই খাদ্য খাব আৰু শুব।

মইজিচষ্টাই আমাৰ তেজ পৰিষ্কাৰ কৰে। নিয়মিত খাব। ৰ’দৰ পৰা আঁতৰত থাকিব। মেডিটেচন হেঁচা দূৰ কৰাৰ বাবে নিয়মিত কৰিব। আসন কৰি মনক স্থিৰ কৰি ৰাখিব। জ’জ’বা (Jojoba oil) তেল আৰু এপৰিকট অইল সমানে মিহলাই লগাব।

এইদৰে কৰিলে ছালৰ পৰা দাগসমূহ কমি যাব। আৰু আনে মুখত থকা দাগৰ কথাও গম নাপাব।

(উৎসঃ অসম বাণী, ভানু শৰ্মা, ফোনঃ ৯৮৬৪০-১৬৬৪৩)।

শেহতীয়া উন্নীতকৰণ: : 2/8/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate