অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

পিঠিৰ বিষ উপশমৰ উপায়

মানৱ শৰীৰৰ ৰাজহাড়ডাল কিছুমান বিশেষ কশেৰুকাৰ দ্বাৰা গঠিত । কশেৰুকাৰ মাজত গহ্বৰৰ ভিতৰত সুষমা কাণ্ড নামৰ এটি অতি প্ৰয়োজনীয় অংগ বিদ্যমান । সুষমা কাণ্ডটো সুষমাশীৰ্ষৰ পৰা আৰম্ভ কৰি মেৰুদণ্ড গহ্বৰৰ লাম্বাৰ ভাৰ্টিব্লালৈকে বিস্তৃত । এই গোটেই ৰাজহাড়ডাল তিনিটা ভাগত ভগাব পাৰি - । যেনে- ডিঙি, পিঠি আৰু কঁকাল । ইয়াৰ ভিতৰত ডিঙি আৰু কঁকাল বেছিকৈ লৰচৰ কৰি থাকিবলগীয়া হয় । সেই কাৰণে এই দুটা অংশত বিষ বেছিকৈ হোৱাৰ সম্ভাৱনা থাকে । তথাপি ডিঙি আৰু কঁকালৰ বিষক একেলগে পিঠিৰ বিষ বুলি সাধাৰণভাৱে কোৱা হয় । আচলতে বিষটো মেৰুদণ্ডৰহে বিষ ।

সাধাৰণতে ডিঙিৰ বিষক ছাৰভাইকেল ডিজিজি বুলি কোৱা হয় আৰু কঁকালৰ বিষক লাম্বাৰ ডিজিজ বুলি চিকিৎসা-বিজ্ঞানৰ ভাষাত কোৱা হয় । সাধাৰণতে পুৰুষৰ ক্ষেত্ৰত ডিঙিৰ বিষ আৰু মহিলাৰ ক্ষেত্ৰত কঁকালৰ বিষ বেছি পৰিমাণে হোৱা দেখা যায় । পিঠিৰ বিষ বা গোটেই ৰাজহাড়ৰ বিষ প্ৰধানত: দুটা কাৰণত হয় । এটা কাৰণ হ’ল স্নায়ুজনিত বিষ আৰু আনটো হ’ল অস্নায়ুজনিত বিষ । অস্নায়ুজনিত বিষটোক সাধাৰণতে বিভিন্ন বাতবিষ বুলি ধৰা হয় । কিন্তু স্নায়ুজনিত বিষটোতে আটাইতকৈ জটিল আৰু গৰিষ্ঠসংখ্যক মানুহে এইধৰনৰ বিষৰ চিকাৰ হয় ।

স্নায়ৱিক বিষ -

ৰাজহাড়ৰ বিভিন্ন বিষত ৰোগীসকলে বিভিন্ন সমস্যাৰ সন্মুখীন হোৱা দেখা যায় । ইপিনে-সিপিনে চলা-ফুৰা কৰা বা কাম-বন আদি কৰোতে বিভিন্ন সমস্যাৰ সন্মুখীন হয় । লাহে লাহে ৰোগ পুৰণি হয়, পিছলৈ পংগুত্ব আহি যাব পাৰে । সেই কাৰণে ৰাজহাড়ৰ যিকোনো বিষ দেখা দিলে স্নায়ু বিশেষজ্ঞসকলৰ লগত আলোচনা কৰি চিকিৎসাৰ ব্যৱস্থা কৰিব লাগে । এইধৰণৰ বিষবিলাক সাধাৰনতে তিনি ঠাইত হোৱা দেখা যায় । যেনে-

১) সুষমা কাণ্ড

২) হাড়

৩) মাংসপেশী

সুষমা কাণ্ড -

মানৱ শৰীৰৰ সুষমাশীৰ্ষৰ পৰা আৰম্ভ কৰি মেৰুদণ্ডৰ মাজেদি লাম্বাৰ ভৰ্টিব্ৰা বা কশেৰুকা পৰ্যন্ত বিস্তৃত । সুষমা কাণ্ড শৰীৰৰ এটি গুৰুত্বপূৰ্ণ অংশ । এই অংশত কোনো ধৰনৰ আঘাত লাগিলে বা কোনো জীৱানুৰ দ্বাৰা সংক্ৰমিত হ’লে বা টিউমাৰ হ’লে এই অংশটো ক্ষতিগ্ৰস্ত হয় আৰু যন্ত্ৰণাৰ সৃষ্টি হয় । এই ধৰণৰ বিষবিলাক স্থানভেদে বেলেগ বেলেগ হয় । তদুপৰি কশেৰুকাৰ মাজত থকা খালী ঠাইসমূহ কিবা কাৰণত কমি গ’লে ইয়াৰ মাজেদি পাৰ হৈ যোৱা বিভিন্ন স্নায়ুবিলাকৰ ওপৰত চাপ পৰে । ফলস্বৰুপে মাৰাত্মক বিষ অনুভৱ হ’ব পাৰে ।

হাড়ৰ বিষ -

কশেৰুবিলাকৰ হাড়ৰ বিষৰ পৰা ৰাজহাড়ৰ বিষ হ’ব পাৰে । হাড়ৰ বিষৰ প্ৰধান কাৰণ হৈছে সলিপডিস্ক । মেৰুদণ্ডৰ প্ৰত্যেক কশেৰুকাৰ মাজত এটিকৈ ডিম্ব থাকে । কাম-বন কৰোতে বা উঠা-বহা কৰোতে এই ডিস্কটো অলপ উঠা-নমা বা স্থানচ্যুত হ’ব পাৰে । ডিঙি বেঁকা কৰি কিতাপ পঢ়া, বেঁকা হৈ বহি বহুত দেৰিলৈ কোনো কাম কৰা বা ওখ মানুহ বহুত সময়লৈ কুঁজা হৈ বা বেঁকা হৈ থকা ব্যক্তিসকলক এইধৰণৰ বিষসমূহে আক্ৰমণ কৰিব পাৰে । ডিঙিৰ কশেৰুকাৰ স্থানচ্যুত হোৱাকে স্পণ্ডেইলাইছিছ বোলে । ইয়াৰ বাবে যি বিষ হয় সেই বিষ ক্ৰমশ : স্নায়ুবিলাকলৈ সঞ্চাৰিত হয় আৰু ফলস্বৰুপে ডিঙিৰ পৰা আৰম্ভ কৰি দুই ভৰিলৈকে সঞ্চাৰিত হয় । হাত-ভৰিৰ কাৰ্যক্ষমতা কমি যায় । ডিঙিত এই বিষ হ’লে তাক ছাৰভাইকেল স্পণ্ডেলাইটিছ বোলে । যুৱক-যুৱতীসকলৰ ক্ষেত্ৰত এংকাইলজিং স্পণ্ডেলাইটিছ অধিক পৰিমাণে হোৱা দেখা যায় ।

পেশীৰ বিষ -

পিঠি, কঁকাল আৰু ডিঙিৰ পেশীসমূহৰ কোনো ধৰণৰ অসুবিধাৰ কাৰণেও বিষ হ’ব পাৰে । পেটত টিউমাৰ, কেন্সাৰ বা মহিলাসকলৰ কোনো বিশেষ বেমাৰৰ বাবেও কঁকালৰ বিষ দেখা দিব পাৰে ।

ৰোগ বৃদ্ধিৰ কাৰণ -

ৰাজহাড়ৰ বিষ, কঁকাল বা ডিঙি য’তেই নহওক কিয় প্ৰথম অৱস্থাত বহুতেই ইয়াক অৱহেলা কৰে । খুব বেছি বিষ অনুভৱ হ’লে দৰবৰ দোকানৰ পৰা বিষৰ টেবলেট দুটামান কিনি খাই দিয়ে । প্ৰথম অৱস্থাত অলপ উপশম পায় যদিও পিছলৈ যেতিয়া বিষ নকমা হৈ যায় তেতিয়াহে চিকিৎসকৰ ওচৰলৈ লৰ মাৰে । এই সময়ৰ ভিতৰত ৰোগে বহুখিনি খোপনি পুতি লয় ।

বিষ কমাবলৈ কি কৰিব লাগে -

এইধৰণৰ সমস্যাৰ পৰা হাত সাৰি থাকিবলৈ সদায়-

১) পোন হৈ চলা-ফুৰা কৰিব লাগে ।

২) ভালদৰে বহা, শোৱা আৰু থিয় হোৱা উচিত ।

৩) কঁকালৰ বিষ আৰু পিঠিৰ বিষৰ বাবে সদায় টন অথচ মসৃণ বিছনাত শোৱা দৰকাৰ ।

৪) ওখ জোতা বা হিল থকা জোতা ব্যৱহাৰ নকৰি নৰম জোতা ব্যৱহাৰ কৰিব লাগে ।

কি কৰিব নালাগে -

১) বহু সময় ধৰি মূৰ তললৈ ৰাখি কিতাপ পঢ়া বা চিলাই আদি কৰিব নালাগে ।

২) মহিলাসকলে কঁকালৰ বিষৰ পৰা ৰেহাই পাবলৈ পেনচিল হিল বা জোতা ব্যৱহাৰ কৰিব নালাগে ।

৩) পাহাৰ বগোৱা বা নদীত গা ধোৱাৰ ক্ষেত্ৰত সতৰ্ক হোৱা প্ৰয়োজন ।

৪) যান-বাহনত একেৰাহে বহুদূৰ যাত্ৰা কৰা অনুচিত ।

৫) ওখ ব্যক্তি মিনি বাছত থিয় হৈ থকাটো অনুচিত ।

৬) ডিঙি ওখ কৰি কোনো উচ্চ অট্টালিকাত থকা ব্যক্তিৰ লগত বহু সময়লৈ কথা পতা অনুচিত ।

৭) চেলুনত চুলি-ডাঢ়ি কাটি ডিঙিটো জোৰে ঘূৰাই দিয়াটো অনুচিত ।

৮) গাড়ী চলালে গাড়ীৰ ছীট যথাসম্ভৱ টান হোৱা দৰকাৰ । স্প্ৰিং ছিষ্টেম শৰীৰৰ বাবে ভাল নহয় ।

৯) অনিভজ্ঞ ব্যক্তিৰ দ্বাৰা যোগ-ব্যায়াম, মেছেজ, আকুপাংচাৰ আদি কৰা উচিত নহয় ।

তথাপি ৰোগীসকলে অভিজ্ঞ স্নায়ু বিশেষজ্ঞৰ লগত আলোচনা কৰা উচিত । বিশেষকৈ কোনো ব্যক্তি যদি হঠাৎ চোলাৰ বুটাম লগাব নোৱাৰা হৈ যায়, খোজ কঢ়াৰ সময়ত ভৰিৰ জোতা খুলি যায়, তেতিয়া সেইসকল ৰোগী অনতিপলমে চিকিৎসকৰ ওচৰলৈ যোৱা দৰকাৰ ।

লেখক :- ডা: আশ্বৰাফুল আলম

উৎস :- জি এনআৰচি স্বাস্থ্য

শেহতীয়া উন্নীতকৰণ: : 6/27/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate