অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

পুষ্টিহীনতা নিৰাময়ত বনদৰবৰ গুণ

পুষ্টিহীনতা নিৰাময়ত বনদৰবৰ গুণ

  • তিতাকেৰেলাৰ গুটিৰ সাৰভাগ চাৰি গ্ৰাম পৰিমাণে বটি অলপ পানী মিহলাই দিনে দুবাৰকৈ খালে শৰীৰত খাদ্যপ্ৰাণ বৃদ্ধি হয়।
  • মিঠা আলু শুকুৱাই গুড়ি কৰি দুই চামুচ নিতৌ খালে পুষ্টিহীনতা ৰোগ দূৰ হয়।
  • পালেং শাকৰ তৰকাৰী কৰি কিছুদিন আহাৰৰ লগত খালে পুষ্টিহীনতা ৰোগ নাইকিয়া হয়।
  • মালভোগ কল আৰু আঠিয়া কল খালে শৰীৰৰ পুষ্টিসাধন হয়।
  • মগু দাইল এবাতি পানীত তিয়াই ৰাখি (গজালি ওলোৱা) পিচদিনা পুৱাই নিমখ, জলকীয়া সানি খালে ৰুচি বঢ়াৰ লগতে পুষ্টিহীনতা আঁতৰ হৈ দেহত শক্তি বঢ়ায়।
  • তৰমুজৰ গুটিৰ চূৰ্ণ চামুচ একাপ গাখীৰৰ লগত দিনে দুবাৰকৈ খালে এক সপ্তাহতে পুষ্টিহীনতা ৰোগ ভাল হয়।
  • গুৱামৰি এৰাতি ৰখা পানী পিচদিনা পুৱাই খালে ভোক বঢ়ায়।
  • আনাৰসৰ সৰু সৰু টুকুৰা কৰি নিমখ সানি খালে ৰুচি বাঢ়ে।
  • গোলাপ ফুলৰ পাপৰিৰে চুজিৰ হালোৱা চেনি দি প্ৰস্তুত কৰি খালে পুষ্টিহীনতা নাশ হয়।
  • খিচমিচ ২৫ গ্ৰাম, ২৫০ গ্ৰাম গাখীৰ আৰু পানী আধা লিটাৰ দি ক্কাথ তৈয়াৰ কৰি তিনি চামুচকৈ দিনে দুবাৰকৈ খালে পুষ্টিহীনতা ৰোগ দূৰ হয়।
  • আমৰাৰ ছালৰ ক্কাথ নাইবা পকা কঠালৰ ৰস দুই চামুচকৈ দিনে দুবাৰকৈ খালে শৰীৰৰ দুৰ্বলতা দূৰ হয়।
  • নেমু টেঙাৰ ৰস নাইবা চেঙেৰী টেঙাৰ ৰস দুই চামুচকৈ খালে অৰুচি নোহোৱা পাত।

উৎস: সম্ভাৰ।

শেহতীয়া উন্নীতকৰণ: : 1/22/2019



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate