অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

পৃথিৱীত নতুন সন্ত্ৰাস 'জিকা ভাইৰাচ'

১৯৪৭চনত আফ্ৰিকা মহাদেশৰ য়ুগাণ্ডাৰ বনাঞ্চলত জিকা ভাইৰাচৰ অৱস্থিতি পোন প্ৰথমবাৰৰ বাবে ধৰা পৰে৷ এটা সময়ত আফ্ৰিকাৰ য়ুগাণ্ডা, দক্ষিন পূৱ এচিয়া আৰু প্ৰশান্ত মহাসাগৰৰ দ্বীপপুঞ্জৰ এক সীমিত অঞ্চলত সীমাবদ্ধ হৈ থকা জিকা (Zika)ভাইৰাচৰ বিষয়ে ২০১৫চনৰ মে মাহৰ পৰা বিশ্বজুৰি হৈ চৈ আৰম্ভ হোৱা পৰিলক্ষিত হব ধৰিছে৷ বিশেষকৈ যেতিয়া এই কথাটো প্ৰচাৰিত হ'ল যে জিকা ভাইৰাচৰ সংক্ৰমণৰ ফলত ব্ৰাজিলত ৪০০০শিশু ক্ষুদ্ৰ মস্তিষ্কলৈ (Microcephaly)বছৰটোৰ ভিতৰত জন্মগ্ৰহণ কৰিছে৷ ব্ৰাজিল আৰু ২৩খন আমেৰিকাৰ মহাদেশৰ ৰাষ্ট্ৰ জিকা ভাইৰাচৰ দ্বাৰা আক্ৰান্ত বুলি চিনাক্ত হৈছে৷সেই দেশ সমূহৰ নাম হ'ল- বাৰবাডচ,বলিভিয়া,ক'লম্বিয়া,ডমিনিক ৰিপাব্লিক,ইকুৱেডৰ, এল চলভাডৰ, ফ্ৰেন্স গুৱেনা, গুৱডেলুপ, গুৱেইটামালা, গুৱেনা,হাইটি, হন্দুৰাচ, মাৰ্টিনিকুই, মেস্কিকো, পানামা, পেৰাগুৱে, পৰ্টৰিকো, চেন্ট মাৰ্টিন,চুৰিনেম, ইউ এচ ভাৰ্জিন আইলেণ্ড, ভেনজুৱেলা,চেম'চা আৰু কেপ ভাৰ্ডে৷ উল্লেখযোগ্য এই আটাইকেইখন দেশ মধ্য আমেৰিকা আৰু দক্ষিণ আমেৰিকাৰ উত্তৰ দিশত অৱস্থিত৷চৰকাৰী চিকিৎসা এজেঞ্চীসমূহে সেই অঞ্চলৰ মহিলাসকলক গৰ্ভস্থ সন্তানৰ জন্মগত বিসংগতিৰ হাত হাৰিবলৈ কমেও দুবছৰলৈ গৰ্ভধাৰণ নকৰিলৈ পৰামৰ্শ দিছে৷ আনহাতে পৰাপক্ষত সেই দেশসমূহ ভ্ৰমণৰ পৰা বিৰত থাকিবলৈ, বিশেষকৈ মহিলাসকলক পৰামৰ্শ আগবঢ়োৱা হৈছে৷ভ্ৰমণ কৰি অহা মহিলাসকলকো দুবছৰলৈ গৰ্ভধাৰণৰ পৰা বিৰত থাকিবলৈ কোৱা হৈছে৷এনে সতৰ্কবাণী সুদূৰ নিউজিলেণ্ডৰ স্বাস্থ্য বিভাগেও প্ৰচাৰ কৰিছে কিয়নো আজিৰ গতিশীল যুগত সুগম যাতায়াতৰ ফলত ৰোগ এটা অঞ্চলৰ পৰা আন এটা অঞ্চললৈ অনায়াসে কঢ়িয়াই নিয়াৰ সম্ভাৱনা থাকে৷

কেনেকৈনো বিয়পে জিকা ভাইৰাচ ?

ৰোগাক্ৰান্ত ব্যক্তিক এডিচ (Aedes) মহে কামুৰি বীজানু আন সুস্থ লোকৰ দেহলৈ বিয়পায়৷ প্ৰাণী বিজ্ঞানৰ ভাষাত ভেক্টৰ(Vector) হ'ল সেইবিধ প্ৰাণী যি ৰোগৰ বীজানু এটা প্ৰাণীৰ পৰা আন এটা প্ৰাণীলৈ স্থানান্তৰিত কৰে৷এডিছ মহৰ দুটা প্ৰজাতি Aedes aegypti আৰু Aedes albopictus য়ে জিকা ভাইৰাচ, ডেংগু জ্বৰ,য়েল্ল'ফিভাৰ, চিকেনগুনিয়া, ৱেষ্ট নীল ফিভাৰ আৰু ইষ্টাৰ্ণ ইকুইন এনকেফেলাইটিচ বিয়পোৱাৰ ক্ষেত্ৰত মধ্যভোগী ভেক্টৰৰ ভূমিকা পালন কৰে৷

মহে কামোৰাৰ ওপৰিও অসুৰক্ষিত যৌন সংগম,ৰক্তদান আৰু মাতৃদেহৰ পৰা গৰ্ভস্থ সন্তানলৈ জিকা ভাইৰাচ সংক্ৰমিত হব পাৰে৷ ৰোগাক্ৰান্তৰ বীৰ্য্যত জিকা ভাইৰাচৰ উপস্থিতি দেখা যায়৷ভালকৈ পৰীক্ষণ নকৰাকৈ সংক্ৰমিত তেজ আনৰ দেহত যোগান ধৰিলে জিকা ভাইৰাচজনিত ৰোগ হব পাৰে৷কদাচিত অসুস্থ মাতৃৰ তেজৰ পৰা প্লেচেন্টাৰ মাধ্যমেৰে নৱজাতকলৈ ৰোগ বিয়পিব পাৰে৷

ইনকুবেচন পিৰিয়ড?

শৰীৰৰ ৰোগৰ বীজানু প্ৰবেশ কৰাৰ পৰা অসুখৰ লক্ষণ ফুটি উঠালৈকে লগা সময়খিনিক চিকিৎসা বিজ্ঞানৰ ভাষাত ইনকুবেচন পিৰিয়ড (Incubation period) বোলে৷জিকা ভাইৰাচে কৰা অসুখৰ ইনকুবেচন পিৰিয়ড ৩ৰ পৰা ১২ৰ দিনৰ ভিতৰত বুলি জনা গৈছে৷

ৰোগৰ লক্ষণসমূহনো কি?

পোনতেই এটা কথা কোৱা ভাল হব৷প্ৰতি ৪বা ৫জন ৰোগাক্ৰান্ত ব্যক্তিৰ ভিতৰত এজনৰ দেহতহে ৰোগৰ লক্ষণ প্ৰস্ফুটিত হয়৷সাধাৰণতে ব্যতিক্ৰম নহলে অসুখ গুৰুতৰ অৱস্থালৈ নাযায় আৰু কোনো ৰোগীৰে মৃত্যু নহয়৷জিকা সংক্ৰমিতৰ কাচিৎ গুলেন বেৰি টাইপ পেৰালাইচিচ হোৱাৰ উদাহৰণ আছে৷ সাধাৰণতে শৰীৰত দেখা দিয়া লক্ষণসমূহ হ'ল- কম মাত্ৰাত হোৱা জ্বৰ,গা-মূৰ-গাঠিৰ বিষ, ছাল ৰঙা পৰা,চকুৰ অসুখ কনজাংকটিভাইটিচ হোৱা৷ কেতিয়াবা খজুৱতি, মুখত ঘা, পেটৰ বিষ,ডায়েৰিয়া হব পাৰে৷ সাধাৰণতে এসপ্তাহমানত অসুখ নিজে নিজে শাম কাটে৷
জিকা ভাইৰাচে কৰা জটিলতা: গৰ্ভস্থ সন্তানৰ মস্তিষ্কৰ আকৃতি সৰু হোৱা আৰু সেই অনুপাতে স্নায়ুজনিত বিসংগতি,ফিট আদি হোৱা৷কিয় আৰু কেনেকৈ গৰ্ভস্থ সন্তানৰ এই বিজুতি দেখা দিয়ে- সেই কথা এতিয়াও চিকিৎসা বিজ্ঞানীসকলে ঠাৱৰ কৰিব পৰা নাই৷

বিশ্ব স্বাস্থ্য সংস্থা আৰু আমেৰিকাৰ কমিউনিকেবল ডিজিজ চেন্টাৰৰ ঘন ঘন জৰুৰী বৈঠক বহিছে জিকাৰ সংক্ৰমণ আৰু আতংক প্ৰতিহত কৰাৰ সন্ধানত৷ গৰ্ভৱতী আৰু সন্তানসম্ভৱা মাতৃৰ বাবে আতংক আৰু ত্ৰাসৰ কাৰণ হব ধৰিছে জিকা ভাইৰাচ৷

ৰোগৰ চিনাক্তকৰণ

ৰোগৰ চিনাক্তকৰণৰ সময়ত মনত ৰখা ভাল যে ডেংগু আৰু চিকেনগুনিয়া ৰোগতো এই একেই লক্ষণসমূহ দেখা দিব পাৰে৷ উচ্চমানৰ লেবৰেটৰীত ৰোগীৰ তেজৰ ইমিউনোগ্লবিন-এম, ইমিউনোগ্লবিন-জি আৰু পি চি আৰ পৰীক্ষাৰ দ্বাৰা জিকা ভাইৰাচ ৰোগ হোৱা বুলি খাটাং কৰিব পাৰি৷তেজৰ ওপৰিও গৰ্ভৱতী মহিলাৰ এমনিয়'টিক ফ্লুইডত জিকা ভাইৰাচৰ বাবে পৰীক্ষণ কৰিব পাৰি৷ গৰ্ভৱতী মহিলাৰ আলট্ৰাচাউণ্ড কৰি সন্তানৰ বিসংগতিৰ বিষয়ে অৱগত হব পাৰি৷

চিকিৎসা আৰু প্ৰতিষেধক ব্যৱস্থা

জিকা ভাইৰাচৰ চিকিৎসাৰ বাবে কোনো নিৰ্দিষ্ট ঔষধ নাই৷ ইয়াৰ কোনো ভেকচিনো মানুহৰ ক্ষেত্ৰত ব্যৱহাৰ যোগ্যকৈ আবিস্কৃত হোৱা নাই৷লক্ষণ অনুসৰি সাৱধানপূৰ্বক ঔষধ প্ৰয়োগ কৰিব লাগে৷এচপ্ৰিন,ব্ৰুফেন জাতীয় বিষ কমোৱা দৰব পৰিহাৰ কৰি চলিব লাগে৷ যথাসম্ভৱ বিশ্ৰাম লোৱাৰ ওপৰিও ৰোগীয়ে পানী আৰু জুলীয়া পদাৰ্থ যথেষ্ট পৰিমানে গ্ৰহণ কৰি ডিহাইড্ৰেচন নোহোৱাকৈ নিজকে সুৰক্ষিত ৰাখিব লাগে৷
আক্ৰান্ত দেশসমূহৰ লোকে আৰু ভ্ৰমণকাৰীসকলে মহৰ কামোৰৰ পৰা নিজকে বচাই ৰাখিব লাগে৷

ডাঃ ভূপেন শইকীয়া

শেহতীয়া উন্নীতকৰণ: : 9/13/2018



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate