অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

পেটৰ সমস্যাত চাহ

পেটৰ সমস্যাত চাহ

পেটৰ বিষৰ পৰা পৰিত্ৰাণ পাবলৈ আপুনি একাপ চাহ পান কৰিব পাৰে। বিভিন্ন কাৰণত আমাৰ পেটৰ বিষ হ’ব পাৰে। কেতিয়াবা স্নায়ুৰ কাৰণেও পেটৰ বিষ হোৱা দেখা যায়। কেতিয়াবা আকৌ শৰীৰৰ অন্যান্য অসুখ বা খাদ্যৰ বাবেও পেটৰ বিষ হয়। কিন্তু চাহৰ এক শান্তিদায়ক প্ৰভাৱৰ বাবেও ই বোলে পেটৰ বিষৰ পৰা মুক্তি দিব পাৰে। পেটৰ বিষৰ পৰা মুক্তি পাবলৈ অৱশ্যে সঠিক চাহ পছন্দ কৰিব পৰাটো গুৰুত্বপূর্ণ কথা। এনে কিছু বিশেষ চাহেই আজি আলোচনাৰ বিষয়।

হাজাৰ হাজাৰ বছৰজুৰি এছিয়া মহাদেশত আদা ঔষধি গুণৰ বাবে বিখ্যাত। এই আদাৰে প্রস্তুত কৰা চাহ সেৱন কৰিলে আকৌ পেট বেয়া, বদহজম, বমি বমি ভাব আদি দূৰ হয়। কেমোমিল সমগ্ৰ বিশ্বতে আটাইতকৈ জনপ্রিয় ঔষধি হিচাপে পৰিচিত। ই প্ৰদাহৰোধী তথা বায়ুনাশকাৰী। সেয়ে ই পাকস্থলী ঠাণ্ডা কৰাৰ বাবে ভাল। কেমোমিলযুক্ত চাহে পেটৰ গেছ, বদহজম, পেটৰ অসুখ আদিৰ পৰা মুক্তি দিয়ে। পৰম্পৰাগতভাবেই মেন্থল পাত আৰু তেল ঔষধ হিচাপে ব্যৱহাৰ হৈ আহিছে। পাকস্থলীৰ পেশী ঠাণ্ডা কৰি পিত্তৰসৰ প্ৰবাহক উন্নত কৰাৰ মাধ্যমেৰে পেটৰ সমস্যা সমাধানত সহায় কৰে মেন্থল চাহে। তদুপৰি বমি-বমি ভাব, মহিলাৰ মাহেকীয়াৰ সময়ত হোৱা পেটৰ বিষ, গেছৰ সমস্যা বা পেটৰ অন্য যিকোনো ৰোগ নিৰাময়ত সহায় কৰে মেন্থল চাহে। বহু ঔষধিগুণযুক্ত পুডিনা চাহে বমি বমিভাব, গেছ, বদহজম, ডায়েৰিয়া, আই বি এছ পিত্তথলী ফুলি যোৱা বা পিত্তপাথৰৰ সমস্যাৰ পৰা মুক্তি দিয়ে। একেদৰে আকৌ তুলসীও এক আয়ুৰ্বেদিক ঔষধি গছ৷ ইয়াৰ পৰা প্রস্তুত কৰা চাহে পেটৰ নানান সমস্যা সমাধানত সহায় কৰে। যষ্ঠিমধুৱে আকৌ পেটৰ আলচাৰৰ পৰা সুৰক্ষা দিয়ে। আলচাৰ হ’লে পেটৰ বিষ, বদহজমৰ সমস্যা হয়। যষ্ঠিমধুৰ চাহপান কৰিলে পাকস্থলীৰ ভিতৰৰ প্ৰাচীৰত প্ৰতিৰক্ষা দিয়ে। এইবোৰৰ উপৰি পেটৰ অসুখত গ্ৰীন টীৰ প্ৰভাৱো সুদূৰপ্ৰসাৰী। পেটৰ নানান সমস্যা উপশমত ভিন্ন প্রকাৰৰ চাহে সহায় কৰিব পাৰে। সেয়ে পেটৰ অস্বস্তিৰ কাৰণ জানিলে আপুনিও এতিয়াৰে পৰা প্ৰতিকাৰক হিচাপে চাহ সেৱন কৰিব পাৰে।

উৎস: সাদিন ফিচাৰ্ছ।

শেহতীয়া উন্নীতকৰণ: : 2/6/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate