অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

প্ৰখৰ উত্তাপত ল’ব লগা সাৱধানতা

প্ৰখৰ উত্তাপত ল’ব লগা সাৱধানতা

গ্ৰীষ্মকালত সময়ত প্ৰখৰ উত্তাপ আৰু লগতে বিদ্যুৎ কৰ্তনে মানুহক গৰমে জুৰুলা কৰে। গৰমৰ লগত যুঁজিবলৈ আমাৰ শৰীৰে বিভিন্ন প্ৰকাৰে চেষ্টা চলায়। আমাৰ ছালৰ তলত থকা তেজৰ কণিকাবোৰে অতিপাত গৰমত বিস্তাৰিত হয় আৰু খৰকৈ তেজৰ সঞ্চাৰণ ঘটে। ফলত আমাৰ শৰীৰটো ঘামত তিতি যায়। এইদৰে শৰীৰৰ পৰা উত্তাপ বাহিৰলৈ ওলাই যোৱাৰ বাবে শৰীৰটো শীতল হয়। কিন্তু বাহিৰৰ উত্তাপ যদি শৰীৰৰ তাপতকৈ অধিক হয়, তেতিয়া এই পদ্ধতিটো সূচাৰুৰূপে কাম নকৰা হয়। বাহিৰৰ আদ্ৰৰ্তা শতকৰা ৬০ শতাংশতকৈও বেছি হয়, তেতিয়া শৰীৰৰ ঘাম গ্ৰন্থিৰ পৰা ওলোৱা ঘাম বাষ্পিকৰণ নহয়। তেতিয়া শৰীৰৰ ঘামখিনি আমাৰ শৰীৰৰ ছালৰ ওপৰত আৱৰণ হৈ থাকিব আৰু আমাৰ ভিতৰৰ উত্তাপ বাহিৰলৈ ওলাই অহাত বাধা প্ৰদান কৰিব। তদুপৰি বিদ্যুৎ কৰ্তনৰ সময়ত ফেন বা আন শীত-তাপ নিয়ন্ত্ৰিত যন্ত্ৰ বন্ধ থকাৰ ফলত ইয়াৰ প্ৰভাৱ বেছিকৈ পৰিব।

এই সময়ছোৱাত আমি কঁপাহী কাপোৰেহে পৰিধান কৰা উচিত। পলিষ্টাৰ মিশ্ৰিত কাপোৰ হ’লে ইয়াত ৬০ শতাংশ কঁপাহী সূতা আৰু ৪০ শতাংশ পলিষ্টাৰ সূতা থকা বাঞ্ছনীয়। নহ’লে শৰীৰৰ পৰা ঘাম নিৰ্গত হোৱাত বাধাৰ সৃষ্টি হ’ব।

চাৰি-পাঁচ বছৰৰ সৰু ল’ৰা-ছোৱালীৰ পৰিপক্ক ঘামগ্ৰন্থি নথকাৰ বাবে আৰু ৭০ বছৰৰ ওপৰৰ যিকোনো মানুহৰে ঘাম গ্ৰন্থিবোৰ দুৰ্বল হোৱাৰ বাবে তীখৰ তাপে এইসকলক অইনবোৰৰ তুলনাত বেছি ক্ষতিসাধন কৰা দেখা যায়। সেয়েহে সকলো বয়সৰ মানুহে এই সময়ছোৱাত পানী, তৰমুজ, নাৰিকলৰ পানী আদি পৰ্য্যাপ্ত পৰিমাণে সেৱন কৰিব লাগে। কিন্তু ক’লড ড্ৰিংকছ, চাহ-কফি আদিয়ে আমাৰ শৰীৰৰ ভিতৰৰ জুলীয়া পদাৰ্থটো সংকুচিত কৰে অৰ্থাৎ শৰীৰত পানী কমাই দিয়ে।

আমি ব্যায়াম কৰাৰ আগেয়ে দুগিলাছমান পানী খোৱা উচিত। কাৰণ ই আমাৰ শৰীৰৰ ভিতৰত পানী সন্তুলিত কৰি ৰাখিব। একেলগে কেইবা ঘন্টামান প্ৰখৰ ৰ’দত থাকিলে পানীৰ পৰিমাণ কমি শৰীৰটো অংশ বিশেষে শিৰামুৰিও ধৰিব পাৰে বা মুহুৰ্ততে মূৰ্চাও যাব পাৰে। তদুপৰি পেটৰ অসুখ আদিও হোৱা দেখা যায়। বিশেষকৈ ভৰিৰ শিৰামূৰি বেছিকৈ হোৱা দেখা যায়। উদাহৰণস্বৰূপে আপুনি যদি প্ৰখৰ ৰ’দত একেৰাহে বহু সময় খোজকাঢ়ে শৰীৰত পানী কমি যাব আৰু দেখিব এটা সময়ত হাত-ভৰিবোৰ টানি ধৰিব। মালিচ কৰিলে সাময়িকভাৱে আৰাম দিব পাৰে। আন কিছুমানৰ চোকা ৰ’দত অতিকৈ মূৰৰ কামোৰণি আৰু বমি হোৱা দেখা যায়। এনে ৰোগীক ততাতৈয়াকৈ ঠাণ্ডা ঠাইলৈ নিব লাগে। পাৰিলে শীত-তাপ নিয়ন্ত্ৰিত কোঠালৈ নিব পাৰিলে ভাল আৰু লগতে নেমুৰ নিমখীয়া চৰবট বা মাখন গাখীৰ খুৱাব পাৰিলে ৰোগী সোনকালে সুস্থ হৈ উঠিব।

হিটষ্ট্ৰ’কৰ পৰা হাত সাৰিবলৈ কেইটামান উপায় তলত আলোচনা কৰা হ’ল-

  • কপাহী কাপোৰৰ পাতল ৰঙৰ ঢিলা পোছাক পৰিধান কৰিব।
  • প্ৰখৰ ৰ’দত পাৰিলে বাহিৰলৈ নোযোৱাতোৱেই ভাল। কিন্তু অগত্য যাব লাগিলে ছাতিটো নিবলৈ নাপাহৰিব।
  • পুৱা আৰু গধূলি সময়ত ব্যায়াম কৰাৰ অভ্যাস কৰিব লাগে। যদিহে দুপৰীয়া ব্যায়াম কৰিবলগীয়া হয়, তেনেহ’লে ইয়াৰ ৪৫ মিনিটমান আগেয়ে পানী বা পনীয়া বস্তু খাই শৰীৰটো সন্তুলিত কৰি ল’ব লাগে।
  • ব্যায়াম কৰাৰ বাবে শৰীৰৰ পৰা কিমান পৰিমাণৰ জুলীয়া পদাৰ্থ হ্ৰাস হৈছে তাৰ পৰিমাণ জানিবলৈ ব্যায়াম কৰাৰ আগেয়ে আৰু পিছত নিজৰ ওজন লোৱা উচিত।

লেখিকা: অপৰাজিতা ভূঞা, দৈনিক অসম।

শেহতীয়া উন্নীতকৰণ: : 7/18/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate