পুৱাৰ ৰ’দজাক আমাৰ গাত পৰাৰ লগে লগে আমাৰ গাটো ভাল লাগি যায়। দুপৰীয়াৰ ৰ’দজাক সহ্য কৰাটো টান হৈ পৰে। তথাপি আমি নিজৰ নিজৰ কৰ্তব্যৰ খাতিৰত ঘৰৰ পৰা ওলাই যাওঁ। ৰ’দত ঘূৰি ফুৰাৰ ফলাফলৰ কথা আমি ভাবি নাচাওঁ।
গৱেষকৰ মতে, সূৰ্যৰ পৰা বিকিৰিত হৈ অহা অতি বেঙুনীয়া ৰশ্মিৰ পৰা হাত সাৰি থাকিবলৈ আমাৰ দেহৰ ছালত এবিধ ৰঞ্জকৰ সৃষ্টি হয় আৰু এই ৰঞ্জকক মেলানিন বোলে। ঘন্টাৰ পিছত ঘন্টা ধৰি প্ৰখৰ ৰ’দত ঘূৰি ফুৰিলে অথবা কৃষকে পথাৰত ব্যস্ত থাকিলে গাৰ বৰণ ক’লা পৰে। তেতিয়া আমি ‘ৰ’দে পোৰা’ বুলি কওঁ। এই ‘ৰ’দে পোৰা’ৰ পৰা দেহক বচাবলৈ দেহৰ ছালত প্ৰয়োজন সাপেক্ষে মেলানিন সৃষ্টি নহয়। ফলত অতি বেঙুনীয়া ৰশ্মিয়ে দেহৰ ছালৰ উপৰি ভাগত থকা কোষবোৰ ধ্বংস কৰি পেলায়। লগতে এবিধ বিষ পদাৰ্থৰো সৃষ্টি কৰে। এই বিষ পদাৰ্থই দেহৰ সিৰাবোৰ নষ্ট কৰে। ফলত সিৰা-কোষবোৰ ফুলি উঠে ৰঙা পৰে আৰু তাৰ পিছত সিৰা-উপসিৰাবোৰৰ অসহ্য বিষ-বেদনা আৰম্ভ হয়।
গৱেষকৰ মতে, প্ৰখৰ ৰ’দে আমাৰ দেহৰ ছালত ভয়াবহ ব্যাধি কৰ্কট ৰোগৰ সৃষ্টি কৰিব পাৰে। নিউয়ৰ্কৰ পৰা প্ৰকাশিত গৱেষণা-পত্ৰৰ সংকলন ‘Research in Photobiology’ নামৰ গ্ৰন্থত ফৰ্বছ আৰু তেওঁৰ সহযোগী কেইগৰাকীমান বিজ্ঞানীয়ে সূৰ্য্যৰ ৰশ্মিক কৰ্কট ৰোগৰ প্ৰধান উৎস বুলি অভিহিত কৰিছে। তেওঁলোকৰ মতে, অতি বেঙুনীয়া ৰশ্মিয়ে ছালৰ কোষত থকা ডি এন এ (ডি অক্সিৰিব’জ নিউক্লিক এছিড) ধ্বংস কৰে আৰু ফলত ছালত কৰ্কট ৰোগ হয়। এনে অৱস্থাত ডি এন এ পুনৰ নহ’লে অথবা গঠনত বিজুতি ঘটিলে ছালত ফোঁহা বা টিউমাৰ দেখা দিয়ে।
বিজ্ঞানীসকলে বিভিন্ন পৰীক্ষা-নিৰীক্ষা কৰি মত প্ৰকাশ কৰিছে যে মানুহৰ দেহৰ ছালত প্ৰখৰ ৰ’দৰ প্ৰভাৱত তিনি ধৰণৰ কৰ্কট ৰোগ হ’ব পাৰে। এই তিনিবিধ ছালৰ কৰ্কট হ’ল-বেছল চেল কাৰ্ছিন’মা স্কুৱামাছ চেল কাৰ্ছিন’মা আৰু মেলান’মা।
প্ৰথমবিধ ৰোগ অৰ্থাৎ বেছল চেল কাৰ্ছিন’মা ৰোগ মানুহৰ মুখমণ্ডলত দেখা দিয়ে আৰু মুখমণ্ডল দেখিবলৈ আপচু কৰে। আৰম্ভণিতেই যদি চিনাক্ত কৰি অভিজ্ঞ চিকিৎসকৰ তত্বাৱধানত চিকিৎসা কৰা হয়, তেনেহ’লে এনেবিধ মাৰাত্মক ছালৰ কৰ্কটৰ পৰা ৰোগী সুস্থ হৈ উঠাৰ সম্ভাৱনা বেছি।
দ্বিতীয়বিধ অৰ্থাৎ স্কুৱামাছ চেল কাৰ্ছিন’মা ৰোগ মানুহৰ ছালৰ অধিস্তকত হয় আৰু এনেবিধ ভয়াবহ কৰ্কট ৰোগীকো বচাব পাৰি যদিহে আদিতেই চিকিৎসকৰ হাতত ধৰা পৰে। লগে লগে বিশেষ প্ৰয়োজনীয় চিকিৎসা ল’লে ৰোগীক কম দিনৰ ভিতৰতেই কৰ্কটৰ কবলৰ পৰা ৰক্ষা কৰিব পাৰি।
তৃতীয়বিধ অৰ্থাৎ মেলান’মাৰ দ্বাৰা কেতিয়াবাহে দেহৰ ছাল আক্ৰান্ত হোৱা দেখা যায়। অৱশ্যে মেলান’মাত আক্ৰান্ত হ’লেই সৰহ সংখ্যকেই মৃত্যুক সাবটি লয়। গৱেষকৰ মতে, মেলান’মা প্ৰথমে দেহৰ উপৰি ভাগৰ ছালত আৰম্ভ হয়। লাহে লাহে দেহৰ আন আন অংশলৈকে বিস্তাৰিত হয়। সম্ভাব্য কাৰণসমূহৰ ভিতৰত দেহত থকা তিলৰ ওপৰতে অতি বেঙুনীয়া ৰশ্মিয়ে কৰা বিক্ৰিয়াৰ ফলতেই মেলান’মা কৰ্কট হয় বুলি বিশেষজ্ঞসকলে মত প্ৰকাশ কৰে। এনে কৰ্কটৰ চিনাক্তকৰণত কেতবোৰ লক্ষণ হ’ল-দেহৰ ছালত হোঁৱা জখম বা ঘা আৰু এই জখম যদি বহুদিনলৈ নুশুকায়; কাঠ আচিনা বা দেহত থকা তিলসমূহৰ আকাৰৰ পৰিৱৰ্তন অথবা ৰঙৰ পৰিৱৰ্তন অথবা অস্বাভাৱিকভাৱে তিলসমূহ ৰঙা হোৱা। এনে পৰিৱৰ্তনসমূহ চিনাক্তকৰণৰ পিছতেই উপযুক্ত কৰ্কট বিশেষজ্ঞসকলৰ দ্বাৰা চিকিৎসা কৰাব পাৰিলে মেলান’মা কেন্সাৰৰ আক্ৰমণক প্ৰতিহত কৰিব পাৰি।
সাধাৰণতে পুৱা দহ বজাৰ পৰা আবেলি তিনি বজালৈ ৰ’দ এৰাই চলিব পাৰিলে মংগল। গৱেষকৰ মতে, এই সময়খিনিৰ ৰ’দ বৰ চোকা হয় আৰু বিকিৰিত অতি বেঙুনীয়া ৰশ্মিৰো পৰিমাণ খুব বেছি হয়। তেনে ৰশ্মিৰ পৰা হাত সাৰি থাকিবলৈ মূৰত টুপী, জাপি বা ছাতি ব্যৱহাৰ কৰাটো অত্যন্ত প্ৰয়োজন। কাৰণ অতি বেঙুনীয়া ৰশ্মিৰ বিকিৰণে ছালৰ সংযোজক আৰু স্থিতিস্থাপকতা গুণসম্পন্ন কোষসমূহ ধ্বংস কৰি পেলায়। ফলত ছালত শোটোৰা পৰে আৰু শুকান চামৰা যেন হয়। কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ৰ অধ্যাপক জে বি টি পতনৰ মতে, কুৰি বছৰীয়া ডেকা এজনে যদি দহ বছৰ ধৰি নিতৌ প্ৰখৰ ৰ’দত কাম কৰি থাকে, তেওঁৰ ছালৰ গঠন আৰু বৰণ ৪০ বছৰীয়া মানুহৰ দৰে হয়।
ড: পবিত্ৰ কুমাৰ পাটোৱাৰী, কটন কলেজৰ উদ্ভিদ বিজ্ঞান বিভাগৰ অৱসৰ প্ৰাপ্ত অধ্যাপক।
শেহতীয়া উন্নীতকৰণ: : 4/23/2020
ৰ’দ
কেইটামান স্বাস্থ্য কিটিপ
জাপি
গ্ৰীষ্মত ছাললৈ লৈ আনক সজীৱতা