Every human being is the author of his own health or disease...শুনিবলৈ আচহুৱা যেন লাগিলেও বুদ্ধ দেৱে কৈ যোৱা উক্তিষাৰৰ গুৰুত্ব মই প্ৰায়েই অনুভৱ কৰো ৷ চিকিৎসালয়ত অহা ৰোগীসমূহক ভালদৰে পৰ্য্যবেক্ষণ কৰিলে গম পোৱা যায় যে অধিকাংশ ৰোগীৰে ৰোগৰ সমাধান তেওঁলোকৰ নিজৰ হাততে থাকে ৷ আনহাতে নিজৰ দেহত কোনটো খাদ্য উপকাৰী বা কোনটো অপকাৰী সেয়া কেৱল ৰোগীজনেহে ভালদৰে নিৰ্ধাৰণ কৰিব পাৰে ৷ আয়ুৰ্বেদত এই ধাৰণাক ’সাত্ম্য’ বুলি কোৱা হয় ৷ যেনে ধৰক চালৰ এলাৰ্জীৰ সমস্যাত ভোগা ৰোগী এজনে চিকিৎসা কৰি হয়তো সম্পূৰ্ণ আৰোগ্য নাপাব যদিহে তেওঁৰ দেহত কোনটো কাৰণৰ (খাদ্য বা অন্য বাহ্যিক কাৰক) বাবে বেমাৰটো হৈ আছে সেয়া নিৰ্ধাৰণ কৰিব নোৱাৰে ৷ নিতৌ চিকিৎসালয়লৈ অহা জ্বৰ,ডায়েৰিয়া,ডিচেন্ট্ৰী ,গ্ৰেষ্ট্ৰাইটিছ ,খৰ খজুৱতিৰ পৰা উচ্চৰক্তচাপ, ডাইৱেটিছ আদিৰ ৰোগীসমূহে যদি কাৰনবোৰ অনুধাৱন কৰি প্ৰতিৰোধৰ ব্যৱস্থা আগতীয়াকৈ ল’ব পাৰে তেন্তে ভৱিষ্যতে হয়তো সেইবোৰ ৰোগৰ পৰা মুক্ত হৈ থাকিব পাৰে ৷ বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্যমতে যোৱা প্ৰায় দুই তিনি দশকৰ পৰা অসংক্ৰামক ৰোগে (non-communicable diseases) মহামাৰী ৰূপ ধাৰন কৰিছে ৷ বৰ্তমান বিশ্বত মেলেৰিয়া, ডেংগু, জাপানিছ এনকেফেলাইটিছ্ আদি সংক্ৰামক ৰোগসমূহৰ (communicable diseases)সমান্তৰালকৈঅসংক্ৰামকৰোগযেনেউচ্চৰক্তচাপ(Hypertension),মধুমেহ(Diabetes),মেদবহুলতা(Obesity),ষ্ট্ৰোক(stroke),হাৰ্টৰ ৰোগ, কেন্চাৰ আদি নিয়ন্ত্ৰণ কৰাটো একপ্ৰকাৰ প্ৰত্যাহ্বান হিচাপে ঠিয় দিছে ৷ এই ৰোগসমূহৰ কাৰণ সমূহ বিশ্লেষণ কৰি পাইছে যে মানুহৰ খাদ্যাভাস আৰু জীৱনশৈলীৰ পৰিৱৰ্তনে ইয়াৰ প্ৰধান কাৰণ বৈদিক যুগৰ পৰা সুষম খাদ্যাভাস আৰু সুস্হ্য জীৱনশৈলীৰ ওপৰত গুৰুত্ব দি অহা দেখা যায় ৷ প্ৰায় পাঁচ হাজাৰ বছৰ পুৰণি আয়ুৰ্বেদে ’আহাৰ’,’নিদ্ৰা’ আৰু ’বহ্মচাৰ্য্য’ ক ত্ৰি স্তম্ভ ৰ লগত ৰিজাইছে ৷ ইয়াৰ ওপৰতে মানুহৰ জীৱনৰ হিত-অহিত,সুখ-দুখ নিৰ্ভৰ কৰে ৷ আয়ুৰ্বেদত আমি খোৱা আহাৰ বা খাদ্য ৰ বৈশিষ্ট্য ,পৰিমাণ,গুনাগুন,আহাৰ খোৱা বিধি,ঋতু ভেদে আহাৰৰ প্ৰকাৰ,বিৰুদ্ধ আহাৰ আৰু অনিয়মিত খাদ্যাভাসৰ পৰা হ’ব পৰা বিভিন্ন ৰোগৰ স্পষ্ট বৰ্ণনা পোৱা যায় ৷ বেছিভাগ ৰোগতে চিকিৎসাৰ লগতে আহাৰ-বিহাৰ আৰু পথ্যাপথ্যৰ বিৱৰণ আয়ুৰ্বেদৰ সুকীয়া বৈশিষ্ট্য ৷ আয়ুৰ্বেদত উল্লিখিত আঠটা ’আহাৰ বিধি ’ সম্পূৰ্ণ বিজ্ঞানসন্মত বুলি মানি ল’ব পাৰি ৷
আহাৰৰ স্বাভাৱিক গঠন বা বৈশিষ্ট্য যেনে গুৰুপাকী(high calorie) নে লঘুপাকী(low calorie) সেয়া নিৰ্ধাৰণ কৰি গ্ৰহণ কৰিব লাগে ৷
২ ) কৰণঃ
দেহৰ বাবে উপযোগীকৈ প্ৰস্তুত কৰি খাদ্য গ্ৰহণ কৰা দৰকাৰ যাতে প্ৰস্তুত কৰোতে পুষ্টিকৰ গুণ সমূহ নষ্ট নহয় ৷
৩) সংযোগঃ
কোনো দুটা বিপৰীত ধৰ্মী খাদ্যৰ সংযোগত যাতে খাদ্যৰ বিষক্ৰিয়া নহয় সেয়া গুৰুত্ব দি খাদ্য গ্ৰহণ কৰাটো প্ৰয়োজন ৷যেনে ধৰক সম পৰিমাণৰ মৌ আৰু ঘী খোৱা ,মৌ,মাছ আৰু গাখীৰ একেলগে খোৱা ৷
৪) ৰাশিঃ
আমি খোৱা খাদ্যৰ পৰিমাণ মানুহৰ হজমশক্তি বা পাকস্থলীৰ(stomach) ৰ আয়তন অনুসৰি হোৱা দৰকাৰ ৷ সাধাৰণতে পাকস্থলীৰ এক তৃতীয়াংশ গোটা আহাৰেৰে,অন্য এক তৃতীয়াংশ জুলীয়া আহাৰেৰে আৰু বাকী এক তৃতীয়াংশ খালী ৰখা দৰকাৰ ( ত্ৰি দোষ বা বাত,পিত্ত,কফ ৰ ক্ৰিয়াৰ বাবে)
৫) দেশঃ
মানুহৰ বাসস্থান বা পৰিবেশ অনুসৰি খাদ্য গ্ৰহণ কৰাটো প্ৰয়োজন ৷ যি ঠাইত যাৰ বাসস্থান হয় সেই ঠাইৰ খাদ্য গ্ৰহণ কৰাটো সেইজন ব্যক্তিৰ বাবে উপকাৰী হয় ৷ ইয়াকে আয়ুৰ্বেদত ’দেশ সাত্ম্য’ বোলা হয় ৷
৬) কালঃ
বছৰৰ ছয়টা ঋতু বা দিনটোৰ কোনটো সময়ত কি খাদ্য খাব লাগে তাক নিৰ্ধাৰণ কৰি খাদ্য গ্ৰহণ কৰাটো দৰকাৰ যাক ’কাল সাত্ম্য’ বোলা হয় ৷
৭ ) উপযোগঃ
দেহত খাদ্যৰ প্ৰয়োজন অনুসৰি খাদ্য গ্ৰহণ কৰা প্ৰয়োজন অৰ্থাৎ কিছু সময় আগতে খোৱা খাদ্য হজম হোৱাৰ পূৰ্বে আহাৰ খোৱা অনুচিত ৷
৮) উপভোক্তাঃ
খাদ্য গ্ৰহণ কৰা ব্যক্তিজনৰ দেহৰ শক্তি বা ক্ষমতা,বয়স অনুযায়ী খাদ্য গ্ৰহণ কৰিব লাগে যাক ’ওক সাত্ম্য’ বোলা হয় ৷
বৰ্তমান যান্ত্ৰিক যুগত যন্ত্ৰৰ ব্যৱহাৰৰ ফলত মানুহৰ কষ্ট লাঘৱ হৈছে যদিও অধিক যন্ত্ৰচালিত বস্তুৰ ওপৰত নিৰ্ভৰশীল হোৱা হেতুকে শাৰীৰিক পৰিশ্ৰমৰ হ্ৰাস হৈ বিভিন্ন নতুন ৰোগে দেখা দিবলৈ আৰম্ভ কৰিছে ৷ আনহাতে ধুমপান, মদ্যপান, বায়ু প্ৰদুষণ আদিও অন্যতম কাৰণ হিচাপে পৰিগনিত হৈছে ৷ জীৱনৰ জ্ঞান সমৃদ্ধ আয়ুৰ্বেদে বহু হাজাৰ বছৰ আগতেই মধুমেহ ,অতিস্হুুলতা আদি ৰোগৰ কাৰণ আৰামপ্ৰিয় জীৱন অৰ্থাৎ শাৰীৰিক পৰিশ্ৰমৰ অভাৱত হয় বুলি ব্যাখ্যা কৰিছে ৷ আনহাতে দিনচৰ্য্যা (ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি টোপনি যোৱালৈকে কৰা কাৰ্য্য),ঋতুচৰ্য্যা( বছৰৰ ছয়টা ঋতু অনুযায়ী কৰা আহাৰ- বিহাৰ),চদবৃত্ত,স্নানাকৰ্মৰ বিধি,দন্ত মন্জন,শাৰীৰিক ব্যায়াম কৰা বিধি,মালিচৰ উপকাৰিতা আদি বৰ্ণনা কৰিছে ৷ এইবোৰ বিধিৰ সুস্বাস্হ্য ৰক্ষাত যথেষ্ট প্ৰয়োজনীয়তা আছে ৷ বিশেষকৈ আয়ুৰ্বেদৰ ’ঋতুচৰ্য্যা’ বিধি স্বাস্হ্যসন্মত যেন অনুভৱ হয় ৷ বছৰৰ ছয়টা ঋতু(গ্ৰীস্ম,বৰ্ষা,শৰৎ,হেমন্ত,শীত,বসন্ত) অনুযায়ী কৰা আহাৰ-বিহাৰ পৰ্য্যালোচনা কৰিলে দেখা যায় যে ইয়াত উল্লেখিত খাদ্যসম্ভাৰ যেনে চাউল বা আটা ময়দাৰে বনোৱা খাদ্য,দাইল,মাছ,পশু পক্ষীৰ মাংস,মৌ,গাখীৰ, ঘৃত বা তৈলৰ প্ৰয়োগ,শাক পাচলি আৰু বিভিন্ন ফলমূল আদিত পুষ্টিকৰ উপাদান সমূহ বিদ্যমান ৷
আধুনিক বিজ্ঞানৰ মতে আমি খোৱা খাদ্যত পাঁচটা উপাদান যেনে প্ৰ’টিন,কাৰ্ব্যহাইড্ৰেট,ফেট বা স্নেহ পদাৰ্থ ,ভিটামিন আৰ খনিজদ্ৰব্য থাকিলে তাক সুষম আহাৰ বোলা হয় ৷ আনহাতে এই আহাৰৰ পোৱা শক্তিৰ পৰিমাণ (যাক কেল’ৰি বোলা হয়) নিৰ্ভৰ কৰে মানুহৰ বয়স ,লিংগ ,শাৰীৰিক শ্ৰম , দেহৰ ওজন আৰু উচ্চতাৰ ওপৰত ৷ গতিকে দেখা যায় হাজাৰ হাজাৰ বছৰ আগতে ব্যাৱহাৰ কৰা খাদ্যসম্ভাৰ সুষম আহাৰ আছিল বুলি ক’ব পাৰি আৰু অষ্ট আহাৰ বিধিৰ প্ৰয়োজনীয়তা নুই কৰিব নোৱাৰি ৷
স্বাস্থ্য ৰক্ষাত সুষম খাদ্যভ্যাস আৰু সুস্থ জীৱনশৈলীৰ গুৰুত্ব সমগ্ৰ বিশ্বই মানি লৈছে ৷ ই মানুহৰ মনৰ ওপৰতো প্ৰভাৱ বিস্তাৰ কৰে ৷ মানসিক চাপ(stress) নিয়ন্ত্ৰণ কৰাতো ই যথেষ্ট সহায়ক হয় ৷ তেনে পৰিস্হিতিত আয়ুৰ্বেদৰ স্বাস্থ্যৰক্ষাৰ বিধিসমূহ প্ৰয়োগ কৰি বিভিন্ন ৰোগ প্ৰতিৰোধ কৰাত লাভৱান হ’ব পাৰি কাৰণ আয়ুৰ্বেদৰ উদ্দেশ্যই হৈছে "স্বস্হ্যস্ব স্বাস্হ্য ৰক্ষনং আতুৰস্ব বিকাৰ প্ৰশমনংস্ব " ৷
লেখক :- ড° ইন্দ্ৰভূষণ শৰ্মা
উৎস :- স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ
শেহতীয়া উন্নীতকৰণ: : 5/15/2020