অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

প্ৰশ্ন আৰু উত্তৰ :

 

মগজুৰ কেন্সাৰৰ বিভিন্ন স্তৰত বিষয়ে কওকচোন?

মগজুৰ কেন্সাৰৰ ধৰণ ৰোগটোৰ বিভিন্ন স্তৰৰ ওপৰত নিৰ্ভৰ কৰে। এই বিষয়ে চাৰিটা ভাগত বিভিন্ন স্তৰ ব্যাখ্যা কৰিব পাৰি।

এষ্ট্ৰোচাইট’মা:

এষ্ট্ৰ’চাই কোষৰ পৰা ওলোৱা কেন্সাৰ।

অ’লিগোডেনড্ৰ’গ্লিওমা:

কেন্দ্ৰীয় স্নায়ুতন্ত্ৰত হোৱা এক বিশেষ ধৰণৰ কেন্সাৰ।

এপেনডাইম’মা:

এপেনডাইম’মাল কোষৰ পৰা ওলোৱা কেন্সাৰ।

মেডিলিউব্লাষ্ট’মা:

অণুমস্তিষ্কত দেখা দিয়া এবিধ কৰ্কটীয় টিউমাৰ। সচৰাচৰ শিশুৰ ক্ষেত্ৰত এই ৰোগ হোৱা দেখা যায়। অৱশ্যে উৎপত্তিৰ কাৰণ এতিয়াও সঠিকভাৱে নিৰূপণ হোৱা নাই।

ব্ৰেইন ষতেম গ্লিঅ’মা:

মগজুৰ নিম্নাংশৰ পৰা উদ্ভৱ হোৱা কেন্সাৰ। নিৰাময় অসম্ভৱ।

মগজুৰ আৱৰণৰ পৰা ওলোৱা কেন্সাৰ। সাধাৰণতে ১০ শতাংশ মানুহ এইবিধ কেন্সাৰত ভোগে। ওপৰত উল্লেখ কৰা ব্ৰেইন কেন্সাৰবোৰৰ ভিতৰত সবাতোকৈ মাৰাত্মক কেন্সাৰৰ ভিতৰত আছে- অনাপ্লাষ্টিক, এষ্ট্ৰ’চাইট’মা, গ্লিঅ’ব্লাষ্টমা, মাল্টিফ’মা, মেদুল’ব্লাষ্টমা ইত্যাদী।

এনে ব্ৰেইন কেন্সাৰৰ ৰোগীক সকলো ধৰণৰ চিকিৎসা প্ৰদানৰ পিছতো আয়ুস একৰ পৰা ৫ বছৰৰ আশা কৰিব নোৱাৰি।

ব্ৰেইন কেন্সাৰ কিয় হয় ?

এই বিষয়ে এতিয়াও গৱেষণা চলি আছে। সঠিক উত্তৰ দিব পৰা হোৱা নাই। কিন্তু কিছুমান সম্ভাৱনা থকা কাৰকৰ বিষয়ে জানিব পৰা গৈছে। সেইবোৰ হৈছে- ৰঞ্জন ৰশ্মিৰ পাৰ্শ্বক্ৰিয়া, বংশানুক্ৰমিক মগজুৰ কেন্সাৰ বহু বিৰল অৱস্থাত হোৱা দেখা যায়।

ইয়াৰ বাহিৰেও মগজুৰ কেন্সাৰৰ কিছুমান লক্ষণ শৰীৰত পৰিসফুট হয়। সেইবোৰ হৈছে-

১)মূৰৰ বিষ হৈ খুব কম সময়ৰ ভিতৰতে বিষৰ প্ৰকোপ বাঢ়ি অসহ্যকৰ হয়।

২)বমি হোৱা বা বমিৰ ভাব হোৱা।

৩)মাত-কথাৰ পৰিৱৰ্তন হোৱা।

৪)খোজ কঢ়াত ভাৰসাম্য হেৰুওৱা।

৫)মানসিক ভাৰসাম্য হেৰুওৱা।

৬)স্মৰনশক্তি হ্ৰাস হোৱা।

৭)মৃগী ৰোগৰ দৰে লক্ষণ।

৮)শৰীৰৰ কোনো অংশ দুৰ্বল হোৱা।

সাধাৰণতে দেখা যায় ব্ৰেইন কেন্সাৰ হোৱা ৰোগীৰ শৰীৰত দ্ৰুততম পৰিৱৰ্তন ঘটে। তিনি-চাৰি সপ্তাহৰ ভিতৰত আক্ৰান্ত লোকজন দুৰ্বল হৈ পৰে।

মগজুৰ কেন্সাৰ হৈছে বুলি জানিব পৰাৰ উপায় আছেনে ?

কম্পিউটাৰাইজড টোমোগ্ৰাফী স্কেন, অৰ্থাৎ যিটোক আমি চিটি স্কেন বুলি কওঁ, ইয়াৰ সহায়ত মগজুক সূক্ষ্মভাৱে নিৰীক্ষণ কৰা হয় আৰু মগজুৰ টিউমাৰ আছে নে নাই জানিব পৰা যায়।

কিন্তু ব্ৰেইন টিউমাৰ কেন্সাৰ হয় নে নহয় তাক সঠিককৈ ক’ব পৰা নাযায়।

এম আৰ আই স্কেনৰ জৰিয়তেও প্ৰযুক্তিবিদ্যাৰ সহায়ত ব্ৰেইন কেন্সাৰ হয় নে নহয় সেই বিষয়ে শতকৰা ৭০-৮০ ভাগ শুদ্ধকৈ ক’ব পৰা যায়।

ব্ৰেইন বায়’পসীৰ জৰিয়তে মগজুৰ কেন্সাৰৰ বিষয়ে ১০০ শতাংশ নিশ্চিতভাৱে ধৰা পেলাব পাৰি আৰু কেন্সাৰ কোন পৰ্যায়ত আছে সেই কথাও নিৰ্ণয় কৰিব পাৰি। ব্ৰেইন বায়’পসী সাধাৰণতে দুই ধৰণে কৰিব পাৰি।

অস্ত্ৰোপচাৰ কৰি টিউমাৰ উলিয়াই বা খোলাত ক্ষুদ্ৰ ছেদ কৰি নামমাত্ৰ অংশ বাহিৰলৈ উলিয়াই আনি পৰীক্ষা কৰি জানিব পাৰি। এনে পৰীক্ষাত ৰোগীক সাধাৰণতে সংজ্ঞাহীন কৰা নহয়।

মগজুৰ কেন্সাৰৰ চিকিৎসা আছেনে?

মগজুৰ কেন্সাৰৰ প্ৰধান প্ৰাথমিক চিকিৎসা হৈছে অস্ত্ৰোপচাৰ, ৰেডিঅ’থেৰাপী, কেম’থেৰাপী আৰু জিন থেৰাপী।

মগজুৰ অস্ত্ৰোপচাৰ:

মগজুৰ কেন্সাৰৰ চিকিৎসাৰ ভিতৰত অস্ত্ৰোপচাৰেই মুখ্য চিকিৎসা। এই চিকিৎসাত শল্য চিকিৎসকগৰাকীয়ে অনুবীক্ষণ যন্ত্ৰ ব্যৱহাৰ কৰি মগজুৰ কেন্সাৰৰ কোষবোৰ মগজুৰ পৰা আঁতৰ কৰে। ইয়াক কোৱা কয় মাইক্ৰ’স্ক’পিক নিউৰ’ছাৰ্জাৰী। কোনো সময়ত এম আৰ আইৰ সহায় লৈ কেন্সাৰৰ কোষবোৰ সম্পূৰ্ণভাৱে আঁতৰোৱা হয়।

মগজুৰ কোষবোৰ বহুত জটিল আকাৰত সজ্জিত থাকে। বহু সময়ত কেন্সাৰৰ কোষ আৰু স্বাভাৱিক কোষৰ মাজত বিশেষ পাৰ্থক্য নাথাকে। মগজুৰ কেন্সাৰৰ কোষবোৰ উলিয়াই দিলে ৰোগী বিকলাংগ বা চিৰদিনৰ বাবে সংজ্ঞাহীন হ’ব পাৰে। সেয়ে আংশিক কেন্সাৰৰ কোষবোৰহে আঁতৰোৱা হয় আৰু দ্বিতীয় তৰপৰ চিকিৎসা ৰেডিঅ’, কেম’থেৰাপী প্ৰদান কৰা হয়।

মগজুৰ অস্ত্ৰোপচাৰ এক জটিল কাৰ্য। কিন্তু আধুনিক প্ৰযুক্তিবিদ্যাৰ সহায়ত ইয়াক সফল মাত্ৰাত কৰিব পৰা হৈছে।

ৰেডিঅ’থেৰাপী:

অস্ত্ৰোপচাৰৰ সময়ত মগজুৰ কেন্সাৰ কোষবোৰ ১০০ শতাংশ উলিয়াই আনিব পৰা নাযায়। সেয়েহে কিছুদিনৰ পিছত অৱশিষ্ট কেন্সাৰৰ কোসবোৰ পুনৰ বৰ্ধন হৈ সমগ্ৰ মগজুতে বিয়পিব পাৰে। সেয়েহে মগজুৰ শক্তিশালী ৰঞ্জন ৰশ্মিৰ সহায়ত এনে কেন্সাৰকোষক নিয়ন্ত্ৰণ কৰা হয়। ৰেডিঅ’থেৰাপী বুলি এই চিকিৎসাক জনা যায়। ৰেডিঅ’পেথীৰ বাবে মগজুৰ কেন্সাৰ কোষৰ লগতে স্বাভাৱিক কোসবোৰতো পাৰ্শ্বক্ৰিয়া পৰে বাবে ৰোগী অতি দুৰ্বল হৈ পৰে।

কেম’থেৰাপী:

ব্ৰেইন কেন্সাৰত দুই ধৰণৰ কেম’থেৰাপী ব্যৱহাৰ কৰা হয়।

ক)মুখেৰে খাব পৰা ঔষধ,

খ)শৰীৰত দিব পৰা ঔষধ।

সদ্যহতে ব্যৱহাৰ কৰা মগজুৰ কেম’থেৰাপীৰ ভিতৰত আছে টাইমজ’লামাইড, নিয়ট্ৰ’চৰিয়া ড্ৰাগছ ইত্যাদি।

জেনেটিক থেৰাপী:

এই চিকিৎসা এতিয়াও গৱেষণাৰত অৱস্থাতে আছে। ইয়াৰ সহায়ত মগজুৰ কেন্সাৰ কোসক নিয়ন্ত্ৰণ কৰা জিনক মেৰামতি কৰা প্ৰয়াস কৰা হয়। অদূৰ ভৱিষ্যতে এই চিকিৎসাৰ সুফল লাভ কৰাৰ বিষয়ে আশা কৰিব পাৰি।

ওপৰৰ আলোচনাৰ দ্বাৰা ব্যৱহৃত সকলো চিকিৎসাৰ পিছতো ১-৫ শতাংশ ব্ৰেইন কেন্সাৰ সম্পূৰ্ণ নিৰাময় কৰিব পৰা গৈছে। অৱশ্যে মাৰাত্মক কেন্সাৰ হিচাপে চিহ্নিত ৰোগীও দীৰ্ঘকাল জীয়াই থকাৰ উদাহৰণ আছে।

সেয়েহে ব্ৰেইন কেন্সাৰত প্ৰদান কৰা বা বৰ্তমান উপলব্ধ সকলো চিকিৎসাৰ সুবিধা সকলো ৰোগীকে দিয়া উচিত। বৈজ্ঞানিক উপায়েৰে কোনো আক্ৰান্ত লোকে ১০০ শতাংশ শুদ্ধকৈ কিমান নিৰাময় হয় সেই কথাটো ক’ব পৰা অৱস্থাত উপনীত হোৱা নাই। সেয়েহে এনে মাৰাত্মক আক্ৰান্ত ৰোগীয়েও স্বাভাৱিক আয়ুস উপভোগ কৰাৰ প্ৰমাণ আছে। অদূৰ ভৱিষ্যতে এই ৰোগৰ উন্নত চিকিৎসা উপলব্ধ হোৱাৰ আশা কৰিব পাৰি।

উৎস: স্বাস্থ্য আৰু দীৰ্ঘজীৱন(ডাঃ নিতু কুমাৰ দাস)

শেহতীয়া উন্নীতকৰণ: : 6/29/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate