অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

প্ৰাকৃতিক উপায়েৰে সৌন্দৰ্য চৰ্চা কৰক

প্ৰাকৃতিক উপায়েৰে সৌন্দৰ্য চৰ্চা কৰক

 

Everybody wants to be beautiful’ প্ৰতিজন ব্যক্তিয়েই সুন্দৰ হৈ থাকি ভাল পায়। সেয়েহে সৌন্দৰ্য চর্চা বা ৰূপ চর্চা আমাৰ জীৱনৰ অবিচ্ছেদ্য অংগ। বিশেষকৈ মহিলা সকলে ছাল, চুলিৰ যত্ন লৈ নিজকে সজাই পৰাই ধুনীয়া কৰি ৰাখিবলৈ চেষ্টা কৰে। পুৰুষ সকলো এইক্ষেত্ৰত সচেতন। প্রাচীন কালৰে পৰা স্বাস্থ্য চৰ্চাৰ লগতে সৌন্দৰ্য চৰ্চাও চলি আহিছে। হালধি, তুলসী, নিম, চন্দন, মাটি মাহ, ঔটেঙাৰ বীজ, তিয়ঁহ, বিলাহী আদি বিভিন্ন প্ৰাকৃতিক উপদানেৰে সৌন্দৰ্য্য চর্চা কৰা হৈছিল। বিশেষকৈ আমাৰ সমাজৰ বিয়া সমূহত দৰা-কইনাক ‘মাহ হালধীৰে নোওৱা’ প্ৰথাটো পৰম্পৰাগত ভাবে চলি আহিছে। ভাৰতৰ অন্য ঠাইৰ বিয়া সমূহৰ ‘হলদি’ ‘মেহেন্দি’ অনুষ্ঠান তেনে সৌন্দৰ্য্য চর্চাৰ উদাহৰণ। বহাগৰ বিহুৰ দোমাহীৰ দিনা গৰুক নোৱাই সকলোৱে মাহ হালধীৰে গা ধোৱাৰ নীতি নিয়ম পৰম্পৰাগত ভাৱে চলি আহিছে।বৰ্তমান যুগত বিভিন্ন কোম্পানীৰ প্ৰসাধন সামগ্ৰীৰ উদ্ভাৱন হৈছে যদিও এতিয়াও প্ৰাকৃতিক উপায়েৰে কৰা সৌন্দৰ্য্য চর্চা ম্লান পৰি যোৱা নাই।কৃত্ৰিম সামগ্ৰীৰ ব্যৱহাৰতকৈ ভেষজ সামগ্ৰীৰ ব্যৱহাৰৰ ওপৰত বেছি গুৰুত্ব দিয়া পৰিলক্ষিত হৈছে। বিভিন্ন আয়ুৰ্বেদিক আৰু ভেষজ বা হাৰ্বেল প্ৰসাধন সামগ্ৰীয়ে এতিয়াও বজাৰ দখল কৰি আছে। আমি প্ৰত্যেকেই প্ৰাকৃতিক উপায়েৰে ঘৰতেই আমাৰ ছাল, চুলিৰ যত্ন লৈ সুন্দৰ হৈ থাকিব পাৰো। আজি ছাল চুলিৰ যতনৰ বাবে কেইটিমান দিহা আগবঢ়াইছোঁ।

ছালৰ সুস্বাস্থ্যৰ বাবে ক্লিনজিঙ, টনিঙ আৰু মইশ্চাৰাইজিঙ খুৱেই দৰকাৰী। কিন্তু ছালৰ প্ৰকাৰ(তৈলাক্ত, শুকান আৰু মিশ্রিত) অনুসৰি বেলেগ বেলেগ সামগ্ৰী ব্যৱহাৰ কৰিব লাগে। নহলে হিতে বিপৰীত হব পাৰে।

(১)প্ৰাকৃতিক_ক্লিনজাৰ (Natural cleanser)

(তৈলাক্ত ছালৰ বাবে)

ক)২ চামুচ মৌৰ লগত কেইটোপাল মান নেমুৰ ৰস মিহলি কৰি মুখত লগাই দুই মিনিট মান ৰাখক। তাৰ পিছত পানীৰে ধুই পেলাওক।

(শুকান ছালৰ বাবে)

ক)মৌৰ লগত গাখীৰ অলপ দি একেদৰে ব্যৱহাৰ কৰক।

খ)বেচনৰ লগত গাখীৰ আৰু হালধি দি একেদৰে ব্যৱহাৰ কৰক।

(২) টনাৰ( Toner)

(তৈলাক্ত ছালৰ বাবে)

তিয়ঁহৰ ৰস থকা টনাৰ ব্যৱহাৰ কৰক।

(শুকান ছালৰ বাবে)

গোলাপ জল থকা টনাৰ ব্যৱহাৰ কৰক।

(৩)ফেচ_পেক
(তৈলাক্ত ছালৰ বাবে)

ক) বেচনৰ লগত দৈ মিহলাই লৈ মুখত 15 মিনিট সানি থওক। তাৰ পিছত ধুই পেলাওক।

খ) মূলতানি মাটিৰ লগত গোলাপ জল আৰু নেমুৰ ৰস মিহলি কৰি একেদৰে ব্যৱহাৰ কৰক।

(শুকান ছালৰ বাবে)

ক) মূলতানি মাটিৰ লগত মৌ আৰু পানী দি পেক বনাই 15 মিনিট লগাওঁক।

খ) পিঠাগুড়ি এচামুছ অটচ( oats) এচামুছ, দু চামুচ মৌ মিহলাই পেক লগাঁওক।

ওপৰত দিয়া দিহা সমূহৰ উপৰিও ছালৰ কিছুমান সৰু সুৰা সমস্যাৰ দিহা তলত উল্লেখ কৰা হৈছে।

(১) চানবাৰ্ণ(sun burn)

ক)তিয়ঁহ এটা পিচি ৰস উলিয়াই লৈ তাৰ লগত অলপ গাখীৰ মিহলাই ফ্ৰীজত কিছু সময় ৰাখি থওক। তাৰ পিছত কঁপাহেৰে মুখত লগাই ১০ মিনিট মান সময় লগাই ধুই পেলাওক।

খ)তিয়ঁহ এটা আৰু এটা বিলাহীৰ ৰস উলিয়াই একেদৰে ব্যৱহাৰ কৰক।

গ)এল’ ভেৰা এডোখৰৰ সাহ খিনি উলিয়াই তাৰ লগত অলপ তিয়ঁহৰ ৰস মিহলাই একেদৰে ব্যৱহাৰ কৰক।

(২)ডাৰ্ক চাৰকল( dark circle) প্ৰায় বোৰ মানুহে এই সমস্যাত ভোগে। চকুৰ গুৰি কলা পৰি দেখিবলৈ বেয়া হৈ পৰে। দুটামান সহজ উপায় ব্যৱহাৰ কৰি এই সমস্যা নোহোৱা
কৰিব পাৰি।

ক)আলু এটা একেবাৰে পাতল পাতল কৈ কাটি চকুৰ পতাত লগাই ১৫ মিনিট ওপৰ মুৱাকৈ শুই থাকক। তাৰ পিছত ধুই পেলাওক।

(খ)তিয়ঁহ এটা পাতলকৈ কাটি একেদৰে ব্যৱহাৰ কৰক।

(৩)হোৱাইট হেডছ আৰু ব্লেক হেডছৰ বাবে:

ক) পিঠাগুড়ি, অতচ আৰু মৌ মিহলাই মুখত ঘূৰণীয়াকৈ অলপ সময় মালিচ কৰক আৰু তাৰ পিছত ধুই পেলাওক।

খ) বিলাহী এটা দুটুকুৰা কৰি অলপ চেনী দি মুখত ঘূৰণীয়া কৈ মালিচ কৰক কিছু সময়। তাৰ পিছত পানীৰে ধুই পেলাওক।

(৪)পিম্পলছ বা শালমনৰ বাবে নিমপাত কেইটামান, তুলসী পাত কেইটামান পিচি মূলতানি মাটিৰ লগত মিহলাই পেক তৈয়াৰ কৰি ব্যৱহাৰ কৰক। সুফল পাব।

নিজকে ধুনীয়া কৰি ৰাখিবলৈ সৌন্দৰ্য্য চর্চাৰ লগতে সঠিক খাদ্যভাসৰ প্ৰয়োজন। ছাল চুলিৰ সুস্বাস্থ্যৰ বাবে কেইটামান টিপছ হল:-

ক) প্ৰচুৰ পৰিমাণে পানী খাওক যাতে শৰীৰৰ অলাগতিয়াল বৰ্জিত পদাৰ্থ সমূহ ওলাই যাব পাৰে। লগতে ফলমূলৰ ৰস, নেমুৰ চৰবত, ডাবৰ পানী আদিও খাওক।

খ)সেউজীয়া শাকপাঁচলি, ৰঙীন ফলমূল( যেনে ডালিম, কমলা, অমিতা, তৰমুজ,) ,দৈ, আলমণ্ড, মটৰ আদি মাহজাতীয় খাদ্য, অতচ( oats), ৰঙীন পাচলি যেনে বিত, গাজৰ আদি খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিব লাগে । ৰঙীন খাদ্য বস্তুত প্ৰচুৰ পৰিমাণে ভিটামিন, এন্তি অক্সিডেন্ট, ফ্লেভনৈডছ( flavonoids) থাকে যি স্বাস্থ্যৰ বাৱে খুৱেই উপকাৰী।

গ)টোপনি ক্ষতি নকৰিব। সুস্বাস্থ্যৰ বাবে সুনিদ্ৰাৰ প্ৰয়োজন।’ sleep, drink water and treat your skin’।

ঘ)ফাষ্ট ফুড, চদা, শীতল পানীয়, বেছি জ্বলা মছলা তেল যুক্ত খাদ্য, অত্যাধিক মিঠা খাদ্য, ময়দাৰ পৰা বনোৱা ব্যঞ্জন আদি খোৱাৰ পৰা যিমান পাৰে আঁতৰি থকাই ভাল।

ঙ) শিলিখা, আমলখি, পদিনা, নিমপাত,তুলসী পাত আদি আপোনাৰ খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰক। এইবোৰে শৰীৰৰ অলাগতিয়াল বৰ্জিত পদাৰ্থ সমূহ উলিয়াওৱাত সহায় কৰে( body detox)।

বি: দ্ৰ:- ছালৰ প্ৰকাৰ অনুযায়ী সামগ্ৰী ব্যৱহাৰ কৰাটো নিত্যান্তই বাঞ্চনীয়। কিছুমান ব্যক্তিৰ ছালত ভেষজ সামগ্ৰী ব্যৱহাৰ কৰিলে এলাৰ্জি হয়। তেওঁলোকে যেন অলপ চাই চিটি প্ৰসাধন সামগ্ৰী ব্যৱহাৰ কৰে যেন। যাৰ ছালত যি বস্তুৱে মানে সেয়াহে ব্যৱহাৰ কৰা উচিত।

লেখিকা: ডাঃ ৰেইনী দেৱী (আয়ুৰ্বেদিক চিকিৎসক)

ফোন নং 7399114617

 

 

 

শেহতীয়া উন্নীতকৰণ: : 10/30/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate