অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

প্ৰাকৃতিক ক্লিনজাৰ

বিৱৰণ

বহু সময় ধৰি ছালখনত মেকআপ বা প্ৰসাধন ব্যৱহাৰৰ পিচত আমি সাধাৰণতে ক্লিনজাৰেৰে সেয়া পৰিস্কাৰ কৰো| ইচ্ছা কৰিলে আমি ঘৰতে প্ৰাকৃতিক উপায়েৰে মেকআপ ক্লিনজাৰ প্ৰস্তুত কৰি ল’ব পাৰো| উদাহৰণস্বৰুপে তিয়ঁহ আৰু দৈয়েও প্ৰাকৃতিক ক্লিনজাৰৰ কাম কৰে| মন কৰিবলগীয়া যে বজাৰত উপলব্ধ মেকআপ ক্লিনজাৰৰ পৰিৱৰ্তে এনে প্ৰাকৃতিকভাৱে প্ৰস্তুত কৰা ক্লিনজাৰ ব্যৱহাৰৰ ফলত ছাল কোমল আৰু পৰিস্কাৰ হয়| তেনে কেইটামান প্ৰাকৃতিক মেকআপ ক্লিনজাৰ কেনেকৈ প্ৰস্তুত কৰিব পাৰি জানোচোন আহক-

এভ’কেড’-

এইবিধ ফলৰ পৰা উলিওৱা তেল মেকআপ ৰিম’ভাৰ হিচাপে ব্যৱহাৰ কৰিব পাৰি|কেৱল তেলৰ দ্বাৰাহে যে কৰিব পাৰি এনে নহয়, এই ফলবিধৰ দ্বাৰাও ছাল পৰিস্কাৰ কৰাৰ লগতে চকুৰ মেকআপ বা অত্যধিক মাস্কাৰা ব্যৱহাৰ কৰিলে সেয়া নিৰ্মূল কৰিব পৰা যায়|

অইল ক্লিনজাৰ-

আমি ব্যৱহাৰ কৰা কিছুমান তেলো ক্লিনজাৰ হিচাপে ব্যৱহাৰ কৰিব পাৰি| যেনে- নাৰিকল তেল আৰু জলফাই তেলৰ দ্বাৰা মুখৰ ছাল পৰিস্কাৰ কৰিব পাৰি| এনে তেলৰ দ্বাৰা মুখত ব্যৱহৃত প্ৰসাধন নিৰ্মূল কৰিব পৰা যায়| তদুপৰি প্ৰসাধনৰ উপৰি মুখত জমা হোৱা ধুলি-বালিও এই অইল ক্লিনজাৰে নিৰ্মুল কৰে|

কল-

আপোনাৰ ঘৰত যদি পকা কল থাকে তেন্তে এনে পকা কলো ক্লিনজাৰ হিচাপে ব্যৱহাৰ কৰিব পাৰে| প্ৰথমে পকা কলটো পিটিকি লব আৰু এই পেষ্ট মুখত ব্যৱহাৰ কৰিব| পাঁচ মিনিটৰ বাবে এই পেষ্ট মুখত সানিব আৰু ঘঁহি থাকিব| পিচত কুহুমীয়া গৰম পানীৰে মুখখন ধুই শুকান কাপোৰেৰে মচি পেলাব| ই মুখৰ পৰা মেকআপ নিৰ্মুল কৰাৰ লগতে ছাল কোমল আৰু সতেজ কৰি ৰাখে|

এল’ভেৰা জেল-

প্ৰাকৃতিক মেকআপ ৰিম’ভাৰ হিচাপে এল’ভেৰা অৰ্থাৎ ছালকুঁৱৰীৰ জেল অতি উপকাৰী| আপুনি ইচ্ছা কৰিলে এই ছালকুঁৱৰীৰ জেল মুখত খালীকৈ ব্যৱহাৰ কৰিব পাৰে| তদুপৰি যিসকলৰ চকুৰ গুড়ি সাধাৰণতে ফুলি উঠে বা ভাগৰুৱা যেন লাগে, তেনেক্ষেত্ৰতো এল’ভেৰা জেল উপকাৰী| এনেক্ষেত্ৰত এটুকুৰা কপাহত এল’ভেৰা জেল সানি চকুৰ গুৰিত লগাব পাৰে|

উৎস:-সম্ভাৰ

শেহতীয়া উন্নীতকৰণ: : 6/15/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate