মহৰ্ষি পতঞ্জলিৰ অষ্টাংগ যোগ (যম, নিয়ম, আসন, প্ৰাণায়াম, প্ৰত্যাহাৰ, ধাৰণা, ধ্যান, সমাধি) ৰ অন্যতম অংগ হৈছে প্ৰাণায়াম । স্কুল অৰ্থত প্ৰাণায়াম শ্বাস-প্ৰস্বাসৰ এক ব্যায়াম বিশেষ হ’লেও প্ৰকৃতাৰ্থত শ্বাস-প্ৰ্শ্বাসৰ প্ৰণালীবদ্ধ নিয়ন্ত্ৰণ বা প্ৰাণৰ আয়ামেই হৈছে প্ৰাণায়াম । সহজ অৰ্থত উশাহ ভিতৰলৈ নিয়াটোৱেই আয়াম কৰা বা সেয়াই প্ৰাণায়াম । জন্মৰ পিছৰ পৰাই জীৱৰ স্বত:স্ফূৰ্তভাৱে প্ৰাণায়ামৰ প্ৰক্ৰিয়া আৰম্ভ হয় ।
প্ৰাণায়ামৰ দ্বাৰা হাওঁফাওঁ শক্তিশালী হয়, শৰীৰৰ ৰক্ত সঞ্চালন প্ৰক্ৰিয়া উন্নত হয়, যাৰ ফলত মানুহ নিৰোগী আৰু দীৰ্ঘজীৱী হয় । উশাহৰ দ্বাৰা পৰ্যাপ্ত অক্সিজেন দেহৰ বিভিন্ন কোষলৈ যায় আৰু ভিতৰৰ মলিনতা বাহিৰলৈ উলিয়াই আনে, যিয়ে দেহ-মন সুস্থ-সবল কৰি তোলে । অৱশ্যে বহু লোকেই গভীৰভাৱে শ্বাস-প্ৰশ্বাস লোৱাৰ ক্ষেত্ৰত অভ্যস্ত নহয়, যাৰ ফলত তেওঁলোকৰ হাঁওফাঁওৰ এক-চতুৰ্থাংশহে ব্যৱহাৰ হয়, বাকী তিনি-চতুৰ্থাংশ নিষ্ক্ৰিয় হৈ থাকে, ফলত তেওঁলোক নানা- ৰোগ ব্যাধিৰ চিকাৰ হ’বলগীয়া হয় । কিন্তু শুদ্ধ প্ৰণালীবদ্ধ প্ৰাণায়ামৰ দ্বাৰা পৰিমিত মাত্ৰাত শ্বসন কাৰ্য চলাই থাকি হাঁওফাঁওক পূৰ্ণৰুপে সক্ৰিয় কৰি তুলি নিৰোগী আৰু দীৰ্ঘজীৱী হৈ শতাধিক শৰৎ প্ৰত্যক্ষ কৰিব পাৰি । আমাৰ দেহৰ আটাইবোৰ ক্ৰিয়াই প্ৰাণ (বায়ু) ৰ স’তে প্ৰত্যক্ষ বা পৰোক্ষভাৱে জড়িত । মানুহৰ দেহত অক্সিজেনৰ সৰবৰাহৰ বাবে শ্বাস গ্ৰহণ বা উশাহ লোৱাৰ প্ৰয়োজন হয় । দেহৰ ৰক্ত কণিকাই অহৰ্নিশে দেহৰ প্ৰতিটো কোষক অক্সিজেনৰ যোগান ধৰে । মানুহৰ নাকেৰে হাঁওফাঁওলৈ যোৱা বায়ুৰ মাজতেই অক্সিজেন থাকে । ৰক্ত কণিকাই এই অক্সিজেন গ্ৰহণ কৰি কাৰ্বন-ডাই-অক্সাইড এৰি দিয়ে । প্ৰাণায়ামৰ জৰিয়তে মানুহে শৰীৰৰ প্ৰতিটো কোষকে পৰ্যাপ্ত পৰিমাণে অক্সিজেনৰ যোগান ধৰিব পাৰে । যদি আমাৰ দেহৰ প্ৰতিটো কোষেই পৰ্যাপ্ত পৰিমাণে অক্সিজেন লাভ কৰে, তেনেহ’লে সেই কোষসমূহ ৰুগ্ন হোৱাৰ সম্ভাৱনা নাথাকে । শৰীৰৰ কোষসমূহে সঠিক মাত্ৰাত অক্সিজেন পালে দেহত দুৰাৰোগ্য ৰোগে থিতাপি ল’ব নোৱাৰে ।
শুদ্ধ তথা প্ৰণালীবদ্ধ প্ৰাণায়ামৰ দ্বাৰা পৰিমিত মাত্ৰাত শ্বাস-প্ৰশ্বাস বা শ্বসন কাৰ্য চলাই থাকি হাঁওফাঁও দুটাক সম্পূৰ্ণ সক্ৰিয় কৰি তুলি নিৰোগী আৰু দীৰ্ঘজীৱী হৈ জীৱন উপভোগ কৰিব পাৰি । পৰিমিত মাত্ৰাত শ্বসন কাৰ্য চলাই থকাৰ সৰ্বশ্ৰেষ্ঠ উপায় হৈছে শুদ্ধভাৱে নিয়মিত ৰুপত প্ৰাণায়াম কৰাটো । প্ৰাচীন কালত যোগাভ্যাসী যোগীসকলে বিভিন্ন প্ৰজাতিৰ প্ৰাণী পৰ্যবেক্ষণ তথা অনুসন্ধান কৰি এই কথাটো গম পাইছিল যে যিবোৰ প্ৰজাতিৰ প্ৰাণীয়ে দ্ৰুত গতিত শ্বাস-প্ৰশ্বাস কাৰ্য সম্পাদন কৰে সেইবোৰ প্ৰজাতিৰ প্ৰাণীৰ তুলনাত ধীৰ গতিত শ্বাস-প্ৰশ্বাস সম্পাদন কৰা প্ৰজাতিৰ প্ৰাণীবোৰ দীৰ্ঘজীৱী হয় । যোগীসকলে ইয়াৰ দ্বাৰা এই সিদ্ধান্তত উপনীত হৈছিল যে যদি মানুহে নিজৰ শ্বাস-প্ৰশ্বাস বা উশাহ-নিশাহ নিয়ন্ত্ৰণ কৰিব পাৰে, তেতিয়াহ’লে নিশ্চয় তেওঁলোকে নিজৰ জীৱনকাল অনায়াসে দীঘলীয়া কৰিব পাৰে । কিয়নো, উশাহৰ সাংখ্যিক পৰিমাণৰ ওপৰতে প্ৰাণীবিলাকৰ আয়ুসৰ দীৰ্ঘতা নিৰ্ভৰ কৰে । বিভিন্ন প্ৰাণীৰ শ্বাস সংখ্যা আৰু পৰিমাণ সম্পৰ্কীয় নিম্নলিখিত তালিকাখনৰ পৰাই আমি এই কথাৰ উমান পাব পাৰো ।
প্ৰাণী |
মিনিটে প্ৰতি উশাহৰ সংখ্যা |
আয়ুস |
কাছ |
৫ (পাঁচ) |
২০০-৩০০ বছৰ পৰ্যন্ত |
হাতী |
২২ |
৮০-১০০ বছৰ |
ঘোঁৰা |
২৬ |
৪৮-৫০ বছৰ |
গাহৰি |
৩০ |
১৮-২০ বছৰ |
বান্দৰ |
৩০ |
১৭-২০ বছৰ |
পাৰ চৰাই |
৩৪ |
৭-১০ বছৰ |
শহা পহু |
৩৮ |
৭-৮ বছৰ |
এন্দুৰ |
১০০ |
২ বছৰ |
মানুহ |
১৫ |
৭০-১০০ বছৰ |
চৰাই |
৩০ |
১২-১৪ বছৰ |
গতিকে যিবিলাক প্ৰাণীয়ে যি গতিৰে উশাহ গ্ৰহন কৰে, সেই প্ৰাণীবোৰৰ আয়ুসো সেই অনুপাতে হয় । প্ৰাচীন কালত প্ৰদূষণহীন নিৰ্মল- নিকা পৰিৱেশত মানুহ যেতিয়া হৃষ্ট- পুষ্ট নিৰোগীভাৱে শতাধিক বছৰ জীয়াই আছিল, তেতিয়া তেওঁলোকৰ শ্বাস সংখ্যা মিনিটে প্ৰতি ১১/১২ আছিল । কিন্তু বৰ্তমান কালৰ প্ৰদূষিত পৰিৱেশত উশাহৰ সংখ্যা বাঢ়ি গৈ মিনিটে প্ৰতি ১৫/১৬ হোৱা বাবে তুলনামূলকভাৱে আয়ুসো কিছু কমি যোৱাটো পৰিলক্ষিত হৈছে । পশু আদিৰ ক্ষেত্ৰতো যিবোৰৰ বেছিভাগে অত্যধিক পৰিশ্ৰমৰ বাবে ফোঁপাই-জোপাই থাকে, সেইবোৰৰ ৰক্ত সঞ্চালন প্ৰক্ৰিয়া অধিক হয় বাবে শ্বাস-প্ৰশ্বাসৰ বৃদ্ধি ঘটে । ফলত এইবোৰ প্ৰাণী দীৰ্ঘজীৱী হ’ব নোৱাৰে । এইবোৰ তথ্য পৰ্যবেক্ষণ কৰিয়ে তাহানি কালত যোগীসকলে দীৰ্ঘায়ুৰ ৰহস্য উদঘাটন কৰিবলৈ সমৰ্থ হৈছিল । এই তথ্যৰ আধাৰতে প্ৰাণায়াম বিজ্ঞানৰ উদ্ভৱ তথা বিকাশ ঘটিছিল ।
প্ৰাণায়ামৰ দ্বাৰা মন স্বত: একাগ্ৰ হয় । মনৰ মাজত ভুমুকি মৰা অসৎ, অবিদ্যা তথা দুখ-ক্লেশৰুপী অন্ধকাৰ আঁতৰি যায় । প্ৰাণায়ামৰ দ্বাৰা সহজে বিভিন্ন ৰোগ-ব্যাধি নিবাৰণ কৰিব পাৰি । সোণ আদি ধাতু পুৰিলে মলি-বিকাৰ আদি আঁতৰি উজ্জ্বল হৈ পৰাৰ দৰে প্ৰাণায়ামৰ দ্বাৰাও ইন্দ্ৰিয় তথা মনৰ বিকাৰ আঁতৰি যায় । প্ৰাণায়ামৰ দ্বাৰা দীৰ্ঘ শ্বসনৰ অভ্যাসো আপোনা-আপুনি হ’ব ধৰে, যাৰ ফলস্বৰুপে নিয়মিতৰুপে প্ৰাণায়াম কৰা লোকে নিজৰ শ্বসন কাৰ্য কম পৰিমাণে কৰে কাৰণে তেওঁলোক দীৰ্ঘায়ু হয় । অকল ইমানেই নহয়, প্ৰাণায়ামৰ দ্বাৰা মন-মগজুৰ ক্ষমতা বঢ়াই স্মৰণশক্তি, বুদ্ধিৰ কুশাগ্ৰতা, দূৰদৰ্শিতা, মেধা, প্ৰজ্ঞা আদি মানসিক বৈশিষ্ট্যৰ অভিবৃদ্ধি ঘটাই সুস্থ আৰু দীৰ্ঘজীৱনৰ অধিকাৰী হৈ জীৱনৰ প্ৰকৃত আনন্দ ষোল অনাই উপভোগ কৰি নিজকে ধন্য-মান্য কৰিব পাৰি ।
লেখক :- ভুৱনেশ্বৰ ডেকা
উৎস :- জি এনআৰচি স্বাস্থ্য
আমি সুস্বাস্থ্যৱান হৈ জীয়াই থাকিবলৈ সকলো চিকিৎসা পদ্ধতিৰ প্ৰয়োজন আছে। জৰুৰীকালীন চিকিৎসা, অত্যাধুনিক অস্ত্ৰোপচাৰ, ভেকচিন, এন্টিবায়োটিক আদি কৰি বহু ক্ষেত্ৰত আমাক এলোপেথিক চিকিৎসা প্ৰয়োজন, সেইদৰেই কম খৰছী অথচ সম্পূৰ্ণ আৰোগ্য লাভৰ বাবে আয়ুৰ্বেদিক চিকিৎসা প্ৰয়োজন আছে। সৰু লৰা-ছোৱালীৰ ৰোগ আৰু অন্যান্য কিছুমান পুৰণি ৰোগৰ কাৰণে হোমিওপেথিক চিকিৎসা কম খৰছী আৰু উপযোগী। সেয়েহে ৰোগ আৰু বয়স অনুসৰি আমাক সকলো চিকিৎসা লাগিব। ইয়াৰ বাবে সকলো চিকিৎসকে সেৱাৰ মনোবৃত্তিৰে কৰ্তব্য পালন কৰা উচিত। তাৰোপৰি আমি সকলোৱে জনা উচিত কোন ৰোগৰ কাৰণে কোনটো পদ্ধতিৰ চিকিৎসা অধিক ফলপ্ৰসু। এই বিষয়ে আমি কিছু জানিলে কম খৰছতে আৰোগ্য লাভ কৰিব পাৰো ইয়াত আয়ুৰ্বেদিক চিকিৎসা সম্পৰ্কে উল্লেখ কৰিব ওলাইছো।
(১) জন্দিচ, ভাইৰেল হেপাটাইটিচ, লিভাৰৰ চিৰ'চিচ, ফেটি লিভাৰ ইত্যাদি কৰি সকলো প্ৰকাৰ যকৃত ৰোগৰ বাবে আয়ুৰ্বেদিক চিকিৎসা অধিক ফলপ্ৰসূ। সেয়েহে বৰ্তমান সময়ত সকলো দেশত যকৃত ৰোগৰ আয়ুৰ্বেদিক ঔষধৰ চাহিদা যথেষ্ট বৃদ্ধি হৈছে।
(২) কিডনী ষ্টন আয়ুৰ্বেদিক ঔষধৰ দ্বাৰা সম্পূৰ্ণ বাহিৰ হয়। সাধাৰণতে এলোপেথিক ফাৰ্মাছীত পোৱা এই ৰোগৰ ঔষধ প্ৰায় সকলো খিনি আয়ুৰ্বেদিক ঔষধ। ইয়াৰোপৰি কিডনী ফেইলাৰ ৰোগৰ ভাল আয়ুৰ্বেদিক চিকিৎসা আছে। পলিচিষ্টিক কিডনী নামৰ ৰোগত আয়ুৰ্বেদিক ঔষধ প্ৰয়োগ কৰিলে কিডনীত হোৱা সকলো প্ৰকাৰ চিষ্ট বিনা অস্ত্ৰোপচাৰে সম্পূৰ্ণ ভাল হয়।
(৩) ৬০ বছৰ বয়সত প্ৰায়বোৰ পুৰুষৰ প্ৰষ্টেট গ্ৰন্থি বাঢ়িবলৈ ধৰা ৰোগবিধক এনলাৰ্জ প্ৰষ্টেট বোলা হয়। এই ৰোগ নিৰাময়ৰ কাৰণে অস্ত্ৰোপচাৰ কৰা হয় যদিও সম্পূৰ্ণ ভাল নহয়, ৪-৫ বাৰতকৈ অধিক অস্ত্ৰোপচাৰ কৰা ৰোগীও পোৱা যায়। কিন্তু আয়ুৰ্বেদিক চিকিৎসা কৰিলে বাঢ়ি যোৱা প্ৰষ্টেট গ্ৰন্থিৰ আকাৰ দিনক দিনে কমিবলৈ ধৰে। এই দৰে ২-৪ মাহ ঔষধ খালে এই ৰোগ সম্পূৰ্ণ নিৰাময় হয়। তাৰোপৰি অস্ত্ৰোপচাৰ কৰোঁতে যিমান খৰচ হয় , তাৰ ১০%-১৫% খৰছতে আয়ুৰ্বেদিক ঔষধৰ দ্বাৰা এই ৰোগ ভাল হয়।
(৪) সন্তানহীন মহিলা সকলৰ IUI,IVF কৰিলে ৪-৫ লাখ পৰ্যন্ত টকা খৰচ হয় যদিও বহুত কম সংখ্যক মহিলাই গৰ্ভধাৰণ কৰে। এই গৰ্ভৱতী সকলৰ অধিক সংখ্যকৰ ২-৩ মাহত গৰ্ভস্ৰাৱ হয়। কিন্তু আয়ুৰ্বেদিক চিকিৎসা কৰিলে মাত্ৰ ২-৪ হেজাৰ টকা খৰচ হোৱাৰ লগতে ৮০%-৯০% গৰ্ভৱতী হয়। কিন্তু এই গৰ্ভৱতী সকলৰ গৰ্ভস্ৰাৱ হোৱাৰ সম্ভাৱনা প্ৰায়েই নাথাকে।
(৫) মহিলাৰ অস্ত্ৰোপচাৰৰ প্ৰায় ২৫% অস্ত্ৰোপচাৰ কেৱল জৰায়ু বিচ্যুতি বা Prolapsed Uterus নামৰ জৰায়ু বাহিৰলৈ ওলাই অহা ৰোগৰ কাৰণে কৰা হয়। কিন্তু আয়ুৰ্বেদিক চিকিৎসাৰ দ্বাৰা প্ৰথম আৰু দ্বিতীয় ডিগ্ৰীৰ জৰায়ু বিচ্যুতি বিনা অস্ত্ৰোপচাৰে ৮০% ভাল হয়। সন্তান জন্মৰ পিছত আয়ুৰ্বেদিক ঔষধ অশোকাৰিষ্ট আৰু দশমূলাৰিষ্ট প্ৰত্যেকৰে দুচামুচকৈ মূঠ চাৰি চামুচকৈ দিনে তিনিবাৰ দুমাহ খালে মহিলাৰ এই ৰোগ ভৱিষ্যতে হোৱাৰ সম্ভাৱনা নাথাকে। তাৰোপৰি বগাস্ৰাৱ, ৰক্তস্ৰাৱ, মাহেকীয়া গণ্ডগোল ইত্যাদি নানান ৰোগ আয়ুৰ্বেদিক চিকিৎসাত কম খৰচতে সহজেই ভাল হয়।
(৬) নাড়ীব্ৰণ বা ভগন্দৰ (Fistula) ৰোগবিধ অস্ত্ৰোপচাৰ কৰিলেও বাৰেপতি পুণৰ হয়। কিন্তু আয়ুৰ্বেদিক চিকিৎসাৰ "ক্ষাৰসূত্ৰ" নামৰ বিশেষ চিকিৎসাৰ লগতে ঔষধ খালে ৯৫% ৰোগী সম্পূৰ্ণ ভাল হয়। উল্লেখযোগ্য হে এই ক্ষাৰসূত্ৰ প্ৰশিক্ষণ ল'বলৈ বিদেশৰ পৰা বহুত শল্য চিকিৎসক আমাৰ দেশলৈ আহে। ইয়াৰোপৰি অৰ্শ বা পাইলছ ৰোগৰ বাবে আয়ুৰ্বেদিক চিকিৎসা অধিক ফলপ্ৰসু।
(৭) আয়ুৰ্বেদিক চিকিৎসা পদ্ধতিত ২০ প্ৰকাৰ মূত্ৰমেহ বা পেচাব সম্বন্ধীয় ৰোগ উল্লেখ কৰিছে। ইয়াৰ ভিতৰত প্ৰধান মধুমেহ বা ডায়েবেটিচ মেলিটাচ। অগ্ণাশয় বা পেঙ্ক্ৰিয়াচৰ বিটা কোষবোৰ মৰিযোৱাৰ পৰিপ্ৰেক্ষিতত ইনচুলিন উৎপাদন কমাৰ বাবে এই ৰোগ হয়। কিন্তু আয়ুৰ্বেদিক চিকিৎসা কৰিলে নতুনকৈ বিটাকোষ সৃষ্টি হয় আৰু এই বিটাকোষে পুণৰ স্বাভাৱিক ভাৱে ইনচুলিন উৎপাদন কৰি এই ৰোগ নিৰাময় কৰে। সেয়েহে আয়ুৰ্বেদিক চিকিৎসা কৰিলে পেঙ্ক্ৰিয়াটাইটিচ হোৱাৰ সম্ভাৱনা কমি যায়। অৱশ্যে বংশগত হলে বিটাকোষ নতুনকৈ সৃষ্টি নহয়।
(৮) নানান ধৰণৰ বাতবিষ, হৃদৰোগ, পক্ষাঘাত বা পেৰালাইচিচ, প্লীহা ৰোগ, ডেঙ্গু , হাপানী, নাৰ্ভৰ ৰোগ চাইনাচাইটিচ,চিষ্ট, সাম্য অৰ্বুদ, লিউক'ডাৰ্মা, পুৰণি পেটৰ ৰোগ , চৰ্মৰোগ ইত্যাদি অনেক ৰোগ আয়ুৰ্বেদিক চিকিৎসাত কম খৰছতে ভাল হয়।
(৯) উচ্চ ৰক্তচাপ আৰু হাৰ্ট ব্লক আয়ুৰ্বেদিক ঔষধৰ দ্বাৰা সম্পূৰ্ণ ভাল হয়। নৱক গুগুলু , কৈশোৰ গুগুলু আৰু আৰোগ্য বৰ্ধনী আদি শ্ৰোতমূক্তি আয়ুৰ্বেদিক শাস্ত্ৰীয় ঔষধ কেমাহমান চিকিৎসকৰ পৰামৰ্শ অনুসৰি ব্যৱহাৰ কৰিলে হাৰ্টব্লক ভাল হয়।
(১০) মৃগী ৰোগকে আদি কৰি নানান প্ৰকাৰ কন্ভালচন ৰোগ আৰু বাৰ্ধক্যজনিত ৰোগৰ কাৰণে আয়ুৰ্বেদিক চিকিৎসা সৰ্বোত্তম। এই ক্ষেত্ৰত "পঞ্চকৰ্ম চিকিৎসা" অধিক উপযোগী।
লেখক :- ডা:মনোজ কুমাৰ শইকীয়া
উৎস :- স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ
শেহতীয়া উন্নীতকৰণ: : 4/3/2020
আয়ুৰ্বেদিক চিকিৎসাত আৰোগ্য হয় কঁকালৰ বিষৰ বিষয়ে লি...
স্বাস্থ্যবাৰ্তাৰ বিষয়ে লিখা হৈছে ।
শাৰীৰিক আৰু মানসিক সুস্বাস্থ্যৰ বাবে আজি কেইটিমান ...
শীতৰ দিনত মুখখনো জিলিকাওক, সেই বিষয়ে লিখা হৈছে ।