অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

প্ৰিয়জনৰ ভৰি গোন্ধায়? প্ৰতিকাৰ আপোনাৰ হাতত!

প্ৰিয়জনৰ ভৰি গোন্ধায়? প্ৰতিকাৰ আপোনাৰ হাতত!

দূৰ্গন্ধৰ পৰা সকাহ পোৱাৰ উপায়’ – এনে এটা বিষয়ৰ প্ৰৱন্ধ এটা লিখিবলৈ লওতে মনত পৰিছে কলেজৰ হোষ্টেলীয়া দিনত ভৰিৰ মোজা গোন্ধোৱা লগৰ সমনীয়াক এনেদৰে জোকাইছিলোঁ – অই অমুক, বৰ মহ ওলাইছে’ মহ খেদা ধূপ শেষ হ’ল৷ তোৰ মোজাজোৰকে জোতাৰ বাহিৰলৈ উলিয়াই দেচোন৷ কিন্তু দৰাচলতে আমি জানোঁ – মোজাৰ দূৰ্গন্ধই মহ খেদিব নোৱাৰে, মানুহহে খেদিব পাৰিব৷

চিকিৎসকৰ চেম্বাৰলৈ অহা ৰোগীসকলৰ বহুতৰ ভৰি, বহুতৰ মুখ অতি বেয়া গোন্ধায়৷ তেওঁলোক চিকিৎসকৰ ওচৰলৈ আন আন সমস্যাৰহে সমাধানৰ পৰামৰ্শ বিচাৰি আহে৷ মূখৰ দূৰ্গন্ধ (হেলিটচচ) আৰু ভৰিৰ দূৰ্গন্ধক সহজভাবে “এক এৰাব নোৱৰা পৰিঘটনা” বুলি বহুতেই স্বীকাৰ কৰি লয়৷ অনেকেই এই দুই অৱস্থাৰ পৰা পৰিত্ৰাণ পাবলৈ সমূলি প্ৰয়াসেই নকৰে৷ নিজৰ বা পৰিয়ালৰ স্বাস্থ্যৰ বিষয়ে সচেতন লোকসকলে যতন ললে প্ৰকৃততে কিদৰে উপকৃত হব পাৰে তাকে বাখ্যা কৰাৰ উদ্দেশ্যে এই সহজ লিখনি৷ হেলিটচচৰ নিৰাময়ৰ বিষয়ে মই লিখা প্ৰৱন্ধ পঢ়ি উপকৃত হোৱা বুলি ইতিমধ্যে মই বহুজনৰ পৰা বাৰ্তা পাই সুখী হৈছোঁ৷

অতি প্ৰাচীনকালৰ পৰাই মানুহে ভৰিৰ সুৰক্ষাৰ হেতু নানা ধৰণৰ পাদূকা বা জোতা সদৃশ্য পৰিধান ব্যৱহাৰ কৰি আহিছে৷ বুৰঞ্জীৰ সমলসমূহৰ পৰা খৃষ্টপূৰ্ব ৮০০০ বছৰৰ পৰাই ভৰিত কাঠৰ বা চামৰাৰ জোতা পিন্ধাৰ প্ৰমাণ পোৱা গৈছে৷ হিন্দু, গ্ৰীক আৰু মিচৰ দেশৰ সভ্যতাত মানুহে গৃহৰ বাহিৰ হলেহে ভৰিৰ সুৰক্ষাৰ বাবে জোতাৰ ব্যৱহাৰ হোৱা বুলি অনুমান কৰা যায়৷ অৰ্থাৎ সেই সময়ত ঘৰৰ ভিতৰত মানুহে সুদা ভৰিৰেই থকাটো পচন্দ কৰিছিল৷ বুৰঞ্জীত পোৱা যায় প্ৰাচীন কালত কোনো কোনো দেশৰ যোদ্ধাসকলে, ৰাচিয়ান সৈনিকসকলে ভৰি নোগোন্ধাবলৈ জোতাৰ ভিতৰত সুগন্ধি গছৰ পাত, এঙাৰ আদি ব্যৱহাৰ কৰিছিল৷

ভৰিৰ নানা ৰোগ যেনে, কৰ্ণ(Corn), ছাল ডাঠ হোৱা (Callus) আদিৰ বিৱৰণ হিপক্ৰেটিচৰ দিনৰ পৰাই পোৱা যায়৷ আৰু আজি আমি দেখা পাওঁ যে কুৰি শতিকাৰ আৰম্ভণিত চিকিৎসা বিজ্ঞানত নবতম সংযোজন হ’ল – Podiatry (podiatric medicine) – অৰ্থাৎ ভৰিৰ ৰোগসমূহৰ মেডিকেল, চাৰ্জিকেল চিকিৎসাৰ বিভাগ৷

মানৱ সভ্যতাৰ অগ্ৰসৰ হোৱাৰ লগে লগে নানাধৰণৰ সামগ্ৰীৰে তৈয়াৰী নানাবিধ ভৰিত পিন্ধা জোতা, চেণ্ডেলজাতীয় সামগ্ৰী মানুহে ব্যৱহাৰ কৰিব ধৰিলে৷ জোতা পিন্ধা আৰামদায়ক অনুভৱ কৰাবলৈ মোজাৰ আবিস্কাৰ হ’ল৷ ১৯৭০চনৰ পৰা ঘাম শোহা আৰু ভৰিৰ দূৰ্গন্ধৰোধক মোজা, জোতা জাতীয় পৰিধান জনচন আৰু আন কোম্পানীয়ে নিৰ্মাণ কৰি ৱালমাৰ্ট জাতীয় চুপাৰ মাৰ্কেটত বিক্ৰীৰ বাবে উপলব্ধ কৰি দিছে৷

ভৰি কিয় গোন্ধায় ?

শৰীৰৰ ছালৰ অন্য অংশৰ তুলনাত বেচিকৈ, আমাৰ প্ৰতিটো ভৰিত আছে আঢ়ৈ লাখকৈ ঘাম ওলোৱা গ্ৰন্ঠি (Sweat gland)৷ ঘামৰ নিজস্ব কোনো গোন্ধ নাই৷ কিন্তু ঘামৰ গোন্ধৰ পৰিৱৰ্তন ঘটে – ধূম্ৰপাণ, মদ্যপাণ, ‘ড্ৰাগছ’ বা ঔষধিৰ সেৱনৰ দ্বাৰা নাইবা শৰীৰত নিয়মীয়া হৰমোনৰ লেভেলৰ তাৰতম্য হলে৷ কিডনি আৰু লিভাৰৰ বিকাৰ ঘটা অসুখবিলাকতো ঘামৰ একোটা নিৰ্দিষ্ট গোন্ধ ওলায়৷

কিন্তু সাধাৰণতে কোনো গোন্ধ নথকা ঘাম কিয় বেয়াকৈ গোন্ধাবলৈ লয় তাৰ কাৰণ বুজিবলৈ মুঠেই কঠিন নহয়৷ ঘামে বেক্টেৰিয়াৰ সংস্পৰ্শত আহিলেহে দূৰ্গন্ধৰ উৎপত্তি হয়৷ সেই দূৰ্গন্ধৰ প্ৰকোপ আৰু চাৰ হয় যদি তাত ভেঁকুৰো (Fungus ) মিহলি হয়৷ সাধাৰণতে ছালত উপস্থিত থকা ব্ৰেভিবেক্টেৰিয়া (Brevibacteria) আৰু প্ৰপায়নিবেক্টেৰিয়া (Proprionibacteria) -ই ছালৰ প্ৰথম তৰপটো (Stratum corneum) খাই পেলায় আৰু ফলত সংঘটিত হোৱা ৰাসায়নিক ক্ৰিয়াৰ দ্বাৰা উৎপন্ন পদাৰ্থই এমোনিয়া জাতীয় উগ্ৰ গোন্ধৰ সৃষ্টি কৰে৷

ভৰিৰ দূৰ্গন্ধ আতৰোৱাৰ কিটিপ আৰু সহজ পদ্ধতিসমূহ

হাইজিন

পৰিষ্কাৰ-পৰিচ্ছন্নতা হ’ল আটাইতকৈ জৰুৰী প্ৰাথমিক কথা৷ নখ বেচি দীঘল হবলৈ নৌ পাওতেই কাটিব৷ চেভলন বা ডেটল জাতীয় বীজাণু প্ৰতিৰোধক চাবোনেৰে খচি-খচি ভৰি ধুব৷ কেবল ফেন ওলোৱাটোৱেই যথেষ্ট নহয়৷ জিকা, ভোলৰ ছাল বা আন কোনো ব্ৰাছেৰে ভৰিৰ তলুৱা, আঙুলিৰ ফাঁক আৰু গোৰোহা ঘঁহি-পিহি চাফা কৰিব যাতে ছালৰ মৰা কোষৰ অৱশিষ্ট ভৰিৰ কোনো ঠাইত ৰৈ নাযায়৷ ভৰি এনেদৰে পৰিষ্কাৰ কৰি ধোৱা হ’লে সম্পূৰ্ণ শুকুৱাইহে মোজা পিন্ধিব লাগে৷

মোজা

ৰাবাৰ, নাইলন বা আন চিন্থেটিক মোজা বাদ দি কপাহী বা ঊণৰ মোজা পৰাপক্ষত ব্যৱহাৰ কৰিব কাৰণ এনে মোজা ঘাম শোহাত সহায়ক হয়৷ মোজা দৈনিক সলনি কৰিব আৰু সদায় শুকান মোজাহে পিন্ধিব৷ একেযোৰ মোজা দ্বিতীয়বাৰৰ বাবে পিন্ধোতে মোজাযোৰ ওলোটা কৰি কিহবাত কোবাই জোকাৰি লব যাতে মোজাৰ ভিতৰত ছালৰ কোনো মৃত কোষ ৰৈ নাযায়৷ যাৰ ভৰি গোন্ধায় তেওঁ কামৰ মাজত সংক্ষিপ্ত ছুটি পালে নিজৰ ঘমাৰ্ত মোজাযোৰ সলনি কৰি আন শুকান এযোৰ পিন্ধি লব পাৰে৷

জোতা

সকলো ধৰণৰ চিন্থেটিক জোতা বাদ দিব পাৰিলে ভাল৷ কপাহী বা চামৰাৰ জোতা পিন্ধাই ভাল৷ সম্ভৱপৰ ক্ষেত্ৰত জোতাযোৰ চাৰিওফালে বন্ধ নোহোৱা হলে ভাল, তেনেহলে কমেও বায়ু চলাচল আৰু ঘাম শুকোৱাত সহায়ক হব৷ অৱশ্যে ইউনিফৰ্মৰ জোতাৰ ক্ষেত্ৰত সেয়া সম্ভৱপৰ নহব পাৰে৷ কমেও দুযোৰ জোতা দৈনিক সলনাসলনি কৰি পিন্ধিব পাৰিলে ভাল৷ দূৰ্গন্ধ উৎপন্নকাৰী বেক্টেৰিয়াসমূহ সূৰ্যৰ ৰশ্মিত থকা আলট্ৰা ভায়লেট কিৰণৰ দ্বাৰা সহজতে বিনষ্ট হয়৷ গতিকে জোতা সময়ে সময়ে ৰ’দত দিব৷ ৰ’দত দিওতে জোতাৰ জিভা বোলা অংশটো জোতাৰ বাহিৰত উলিয়াই দিব লাগে৷

এতিয়া কেইটিমান ব্যৱহাৰিক ঘৰুৱা কিটিপৰ বিষয়ে কওঁ৷

চাহপাত, নিমখ, চ’ডা, ভিনেগাৰ, কৰ্ণফ্লাৱাৰ, বেবী পাউদাৰ, চেণ্ট, স্পিৰিট, কেষ্টৰ অইল, লং প্ৰায় প্ৰত্যেকৰ ঘৰতেই ওলাব৷ কিবা প্ৰয়োগ কৰিবলৈ টান অনুভৱ কৰাসকলে চুপাৰ মাৰ্কেটৰ পৰা নানা ধৰণৰ ফুট পাউদাৰ, ফুট স্প্ৰে, ফুট ক্ৰিম কিনি আনি ভৰিত বা জোতাত বা দুয়োটাতে প্ৰয়োগ কৰি উপকৃত হব পাৰে৷ এইবিলাকৰ ব্যৱহাৰৰ উদ্দেশ্যটো হ’ল ভৰিত বেক্টেৰিয়া আৰু ভেঁকুৰক ঘামৰ সৈতে ক্ৰিয়া কৰিবলৈ নিদিয়াকৈ ৰখা৷ স্পিৰিট, চেণ্ট, ভিনেগাৰ আদিয়ে বেক্টেৰিয়াৰ বিনাশ কৰে৷ চ’ডা অৰ্থাৎ চ’ডি বাইকাৰ্বোনেটৰ খাৰুৱা মাধ্যমত বেক্টেৰিয়া সহজে বাঢ়িব নোৱাৰে৷ এটি বা দুটি লং দুয়োপাত জোতাত দি পিন্ধিলেও বেয়া গোন্ধৰ পৰা হাত সাৰিব পাৰিব৷

অভিজ্ঞ লোকসকলে কয় দৈনিক আধা ঘন্টা সময় কুহুমীয়া গৰম নিমখীয়া পানীত নাইবা চাহপাতৰ পানীত এসপ্তাহ দৈনিক কিছুসময়ৰ বাবে ভৰি ডুবাই ৰাখিলে ভৰিৰ দূৰ্গন্ধৰ নিৰাময় হয়৷ চাহপাতত থকা টেনিক এচিড চৰ্মৰ বাবে উপকাৰী বুলি প্ৰমাণিত৷ ভিনেগাৰত সম পৰিমাণৰ স্পিৰিট (বেজী দিবলৈ ব্যৱহাৰ কৰা) মিহলাই সেই মিশ্ৰণেৰে কিছুদিন ভৰি ধুলেও দূৰ্গন্ধ আঁতৰ হব৷ কৰ্ণফ্লাৱাৰ, বেবীপাউদাৰ ঘৰত নাথাকিলে আন পাউদাৰো ভৰিত ঘঁহি, জোতাৰ ভিতৰত দি উপকৃত হব পাৰে৷ স্বাস্থ্য দূৰ্বল লোকসকলে জিংক থকা মাল্টি ভিটামিন খোৱা বাঞ্চনীয়৷ সেউজীয়া শাকপাচলি আৰু ফলমূলত জিংক থাকে৷ জিংকৰ আছে এণ্টিঅক্সিডেণ্ট তত্ব যাৰ দ্বাৰা আমাৰ শৰীৰৰ সকলো ধৰণৰ ৰোগ প্ৰতিৰোধত ই সহায়ক হয়৷ জিংকৰ অভাৱত ভৰিৰ উপৰিও সৰ্বশৰীৰৰ পৰা বেয়া গোন্ধ ওলাব পাৰে৷ ভৰিৰ দূৰ্গন্ধত ভোগা লোক সকলে সকলো ধৰণৰ শাৰীৰিক-মানসিক চাপ (Stress) পৰিহাৰ কৰি চলিব পাৰিলে বেচি ঘমাৰ্ত হোৱাৰ পৰা কিছু পৰিমাণে ৰক্ষা পৰিব৷

বেচি ঘাম ওলোৱাৰ পৰা ৰক্ষা পৰিবলৈ কদাচিত নাৰ্ভ-ডিচেকচন চাৰ্জাৰীৰো প্ৰয়োজন হব পাৰে৷

ডা০ভূপেন শইকীয়া

শেহতীয়া উন্নীতকৰণ: : 3/6/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate