অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

পৰিবেশ আৰু স্বাস্থ্য

পৰিবেশ আৰু স্বাস্থ্য

পৰিবেশ হৈছে বহু অৰ্থ বহনকাৰী এক জটিল শব্দ। এই পৰিবেশ শব্দটো ফৰাচী  ‘Environment’ শব্দৰ পৰা উৎপত্তি হো‌ৱা বুলি জনা যায়। ইয়াৰ শব্দগত অৰ্থ হৈছে আমাৰ চাৰিওফালৰ জৈ‌ৱিক আৰু ভৌতিক বা অজৈ‌ৱিক উপাদানেৰে আগুৰি থকা পৰিস্থিতি। আমাৰ সামাজিক, অৰ্থনৈতিক, সাংস্কৃতিক, ৰাজনৈতিক আৰু বৌদ্ধিক অ‌ৱস্থাও পৰিবেশৰে অন্তৰ্ভুক্ত।

পৰিবেশ হৈছে এক প্ৰভা‌ৱ যি জৈ‌ৱিক আৰু অজৈ‌ৱিক উপাদানৰ পৰিৱৰ্তন আনিব পাৰে। পৰিবেশ মুখ্যত তিনিটা ভাগত বিভক্ত কৰিব পাৰি। যেনে – পাৰ্থি‌ৱ, জৈ‌ৱিক আৰু সামাজিক।

পাৰ্থি‌ৱ

 

পাৰ্থি‌ৱ বা ভৌতিক পৰিবেশ হ’ল মূলতঃ জড়বস্তু আৰু পাৰ্থি‌ৱ কাৰকসমূহ যেনে,  বায়ু, পানী, মাটি, ঘৰদু‌ৱাৰ, জলবায়ু, ভূগোল, তাপ, পোহৰ, শব্দ, বিকিৰণ ইত্যাদি যিবোৰৰ সৈতে মানুহৰ ওতঃপ্ৰোতভা‌ৱে সম্পৰ্ক থাকে।

জৈ‌ৱিক

 

জৈ‌ৱিক পৰিবেশ হৈছে আমাৰ চৌপাশে থকা জী‌ৱসমূহ আৰু গোটেই মান‌ৱজাতিও ইয়াৰ অন্তৰ্ভুক্ত। চকুৰে মনিব নো‌ৱাৰা জী‌ৱ যেনে ভাইৰাছ, বেক্টেৰিয়া আদি, কীটপতংগ, জন্তু, গছ-গছনি আদিও জৈ‌ৱিক পৰিবেশৰে অন্তৰ্গত।

সামাজিক

 

সামাজিক পৰিবেশ বুলিলে আমি আমাৰ সমাজৰ প্ৰচলিত ৰীতি নীতি, নিয়ম, সংস্কৃতি, ধৰ্ম, জাতি, ব্য‌ৱসায়, উপাৰ্জন, দৰিদ্ৰতা, শিক্ষা-দীক্ষা, নগৰীকৰণ, অনুপ্ৰ‌ৱেশ আদিকে বুজোঁ।

মানুহৰ স্বাস্থ্যৰ ওপৰত পৰিবেশৰ বহুত প্ৰভা‌ৱ আছে। পৰিস্থিতি তন্ত্ৰ (Eco-system)ৰ ভিত্তিতে মানুহৰ জী‌ৱন প্ৰক্ৰিয়া চলি থাকে। মানুহৰ জী‌ৱন প্ৰক্ৰিয়া নিয়াৰিকৈ চলিবলৈ পৰিবেশৰ লগত ভাৰসাম্যতা ৰক্ষা কৰি চলিব লাগিব।

সুস্বাস্থ্যৰ বাবে সুপৰিবেশৰ বিশেষ দৰকাৰ। পৰিবেশ বিপন্ন হ’লে মানুহৰ স্বাস্থ্যৰ প্ৰতিও ভাবুকিৰ সৃষ্টি হয়। বৰ্ত্তমান বিশ্বৰ প্ৰকৃতি আৰু পৰিবেশত হো‌ৱা বিপৰ্যয়বোৰৰ বাবে জাৰ্মানৰ পেটেনকোফাৰে (Pettenkofer) মানুহক জগৰীয়া কৰিছে। প্ৰাকৃতিক পৰিবেশত মানুহৰ দ্বাৰা সংঘটিত হো‌ৱা পৰিবৰ্ত্তনৰ ফলত জড়জগত আৰু জী‌ৱজগতত তাৰ যথেষ্ট ক্ষতিকাৰক প্ৰভা‌ৱ পৰে।

পৰিবেশৰ পৰিৱৰ্তনৰ ফলত পৰিবেশৰ উপাদানৰ স্বাভা‌ৱিকতা বা ভাৰসাম্যতা নাথাকি কম বা বেছি হৈ উঠি প্ৰদূষণৰ সৃষ্টি কৰে। এই পৰিবেশ অ‌ৱনতিৰ কাৰণ হৈছে প্ৰদূষণ। মানুহে সৃষ্টি কৰা প্ৰদূষণ আৰু অ‌ৱনতিৰ ফলত হো‌ৱা বায়ু-পানী আৰু মাটিৰ দূষিত হো‌ৱাৰ ফলস্বৰূপে মানুহৰ স্বাস্থ্যৰ তীব্ৰ ভাবুকিৰ সৃষ্টি কৰিছে আৰু এক জটিল সমস্যাৰ ৰূপ লৈছে।

উন্নত জী‌ৱন যাপনৰ প্ৰয়োজনীয়তাই বৰ্ত্তমান নগৰ অঞ্চলত যান-বাহন, কল-কাৰখানা, শিল্প উদ্যোগ আদি দ্ৰুতভা‌ৱে বাঢ়ি যো‌ৱাত সহায় কৰিছে। প্ৰায় সকলোবোৰ উদ্যোগ, কল কাৰখানা আৰু বিভিন্ন যানবাহনৰ পৰা নিৰ্গত হো‌ৱা অ’ক্সাইদ জাতীয় গেচ, ধূলিবালি, ধোঁ‌ৱা আদিয়ে বায়ুমণ্ডল দূষিত কৰিছে। তদুপৰি এই কলকাৰখানা, শোধানাগাৰ আদিৰ পৰা আবৰ্জনা হিচাপে ওলো‌ৱা অনিষ্টকাৰী ৰাসায়নিক পদাৰ্থ, কৃষিকাৰ্যত ব্য‌ৱহাৰ হো‌ৱা কীটনাশক ঔষধ, ৰাসায়নিক সাৰৰ মাত্ৰাধিক ব্য‌ৱহাৰে পানি আৰু মাটি প্ৰদূষণ কৰিছে। বিশুদ্ধ খো‌ৱাপানীৰ অভা‌ৱৰ ফলত মানুহ বিভিন্ন ৰোগত আক্ৰান্ত হৈছে। খৰস্ৰোতা নদী, উপনদীবোৰত বিদ্যুৎ প্ৰকল্প স্থাপন কৰি সেই অঞ্চলৰ জলবায়ু দূষিত হো‌ৱাৰ সম্ভা‌ৱনা বৃদ্ধি হৈছে। পাৰমানৱিক শক্তি আহৰণৰ বাবে বিভিন্ন দেশে পৰীক্ষামূলক বিস্ফোৰণ ঘটাই বায়ু, পানী, মাটি প্ৰদূষিত কৰি তুলিছে। জনসংখ্যাৰ বিস্ফোৰণৰ ফলত হাবি বননি ধ্বংস কৰি জী‌ৱ-জন্তুৰ স্থানবোৰ জনবসতিৰ স্থান হৈ পৰিছে। প্ৰাকৃতিক সম্পদ নিঃশেষ হৈ গৈ আছে। নতুন নতুন নগৰাঞ্চল সৃষ্টি হো‌ৱা ফলত বহুতো নতুন বস্তিৰ সৃষ্টি হৈছে আৰু এই ঘনবসতিপূৰ্ণ বস্তি অঞ্চলসমূহৰ বাবে পৰিবেশ দূষিত হৈছে আৰু বহু বেমাৰৰ উৎপত্তিস্থল হৈ পৰিছে।

এই ক্ৰমবৰ্দ্ধমান পৰিবেশ প্ৰদূষণ আৰু পৰিবেশ ধ্বংসমুখী কৰা কাৰ্যৰ ফলত উদ্ভৱ হো‌ৱা বিভিন্ন ৰোগ আৰু স্বাস্থ্য সমস্যাসমূহ আৰু ইয়াৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি ১৯৭২ চনৰ ৫ জুনত ৰাষ্ট্ৰসংঘৰ উদ্যোগত চুইডেনৰ ষ্টকহ’মত পৰিবেশ সংৰক্ষণৰ বিশ্ব সন্মিলন পতা হয়। এই সন্মিলনে মানুহ আৰু পৰিবেশৰ সম্বন্ধৰ ওপৰত আলোকপাত কৰে আৰু দূষিত পৰিবেশৰ ফলত সৃষ্টি হো‌ৱা আৰু হ’ব পৰা সমস্যাৰ ওপৰত আলোচনা কৰা হয়। এই সন্মিলনতে বিশ্ব পৰিবেশ সংৰক্ষণৰ বিভিন্ন দিশ আলোচনা কৰি সকলোৰে গ্ৰহণযোগ্য দৃষ্টিভংগীৰে আৰু নীতি গ্ৰহণেৰে অনুপ্ৰাণিত আৰু পৰিচালিত হো‌ৱাত গুৰুত্ব দিয়ে। মান‌ৱ সমাজৰ উপকাৰৰ বাবে দেশ আৰু ৰাইজ সকলোৰে সংযুক্ত প্ৰচেষ্টা চলো‌ৱাৰ সংকল্প লো‌ৱা হয়। ইয়াৰ উপৰিও প্ৰতিবছৰৰ ৫ জুন তাৰিখটো ‘বিশ্ব পৰিবেশ দি‌ৱস” হিচাপে পালন কৰি মানুহৰ মাজত পৰিবেশ সচেতনতাৰ ভাৱ জগাই তোলাৰ প্ৰয়াস কৰা হৈছে।

পৰিবেশ আৰু স্বাস্থ্যৰ বিষয়ে সবিশেষ জনাৰ মূল উদ্দেশ্য হ’ল যাতে আমি আমাৰ পাৰিপাৰ্শ্বিক অ‌ৱস্থা স্বাস্থ্যসন্মত কৰি ৰাখিব পাৰোঁ আৰু আমাৰ পৰিবেশে আমাক সু-স্বাস্থ্যৰ অধিকাৰী হো‌ৱাত সহায় কৰে। অনাময় (Sanitation) হৈছে স্বাস্থ্য সুৰক্ষাৰ বিজ্ঞান। নেশ্বনেল ফাউণ্ডেচন অৱ ইউ. এছ. এ. (National Foundation of U.S.A.) ৰ মতে অনাময় হৈছে জী‌ৱন ধাৰণৰ এক উপায়। ইয়াত পৰিষ্কাৰ ঘৰ, পৰিষ্কাৰ ফাৰ্ম, পৰিষ্কাৰ ব্য‌ৱসায়, পৰিষ্কাৰ চুবুৰীয়া আৰু পৰিষ্কাৰ মানুহক বুজাইছে। বিশ্ব স্বাস্থ্য সংস্থাৰ (WHO) মতে পৰিবেশ অনাময় হ’ল আমাৰ চাৰিওফালৰ পাৰ্থি‌ৱ উপাদানসমূহ বিশেষকৈ যিবোৰৰ পৰা আমাৰ স্বাস্থ্য, জী‌ৱনধাৰণৰ প্ৰক্ৰিয়া আৰু শাৰীৰিক বিকাশত ব্যাঘাত বা অনিষ্টতা আহিব পাৰে, তেনে উপাদান সমূহৰ ওপৰত আমাৰ নিয়ন্ত্ৰণ থকা।

লিখক: কুশল হালৈ

শেহতীয়া উন্নীতকৰণ: : 5/28/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate